মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্থানীয় অপৰিশোধিত খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্থানীয় অপৰিশোধিত খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী-

স্থানীয় অপৰিশোধিত খাদ্য আৰু স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে

বেৰিবেৰি ৰোগৰ কাৰণ

 

উন্নৈশ শ শতিকাৰ অন্তিমভাগত ভাৰতবৰ্ষত ‘বেৰিবেৰি’ নামৰ ৰোগবিধে ভয়ানক ৰূপ ধাৰণ কৰিছিল। কেৱল ভাৰতবৰ্ষই নহয়, চীন, জাপানকে আদি কৰি এছিয়াৰ তুলনামূলকভাৱে সমৃদ্ধিশালী দেশবোৰতো ৰোগবিধৰ প্ৰকোপ অভাৱনীয় হাৰত বাঢ়ি গৈছিল। ‘বেৰিবেৰি’য়ে খোপনি পুতিছিল প্ৰধানকৈ ‘ভাত’ক মূলখাদ্য হিচাপে ব্যৱহাৰ কৰা দেশসমূহত।

পৰবৰ্ত্তী সময়ত বিজ্ঞানী খ্ৰিষ্টিয়ান আইজেকমেনৰ যুগান্তকাৰী গৱেষণাই প্ৰমাণ কৰিলে যে ভিটামিন B1 ৰ অভাৱত এইবিধ ৰোগে দেখা দিয়ে। ভিটামিন B1 বিধ প্ৰচুৰ পৰিমাণে থাকে খহটা শস্যদানাবোৰত। অৰ্থাৎ কোনোধৰণৰ যান্ত্ৰিক বা ৰসায়নিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পৰিশোধন নকৰা শস্য, যেনে- বুটমাহ, মগুমাহ, মাহজাতীয় অন্যান্য শস্য- ৰাজমাহ,  মটৰমাহ, বিনজাতীয় শস্য আৰু চাউলত।

অপৰিশোধিত চাউলৰ ওপৰিভাগৰ তৰপত এইবিধ ভিটামিন প্ৰচুৰ পৰিমাণে থাকে। ধানবনা যান্ত্ৰিক মেচিনসমূহৰ ভাৰতবৰ্ষত আগমনৰ লগে-লগে এই দেশসমূহত পৰম্পৰাগত ঢেঁকীজাতীয় সঁজুলিৰ ব্যৱহাৰ দ্ৰুতগতিত কমি গ’ল। ফলত ভাতকেই প্ৰধান খাদ্যৰূপে গ্ৰহণ কৰা দেশসমূহৰ পৰিশোধিত বা ধানবনা মেচিনত ‘পলিচ’ কৰি বগা কৰি পেলোৱা চাউলৰ ব্যৱহাৰ হঠাৎ বাঢ়িবলৈ আৰম্ভ কৰে। ফলত, অৱশ্যম্ভাৱী ৰূপে মানুহৰ দেহাৰ বাবে অতি প্ৰয়োজনীয় ভিটামিন B1 ৰ অভাৱ হ’বলৈ আৰম্ভ কৰে। ‘বেৰিবেৰি’ ৰোগৰ প্ৰকোপৰ কাৰণ সেইবাবেই সেই সময়ত নতুনকৈ দ্ৰুত প্ৰচলন আৰম্ভ হোৱা ধানবনা কল বা মেচিন বুলি ক’লে  অত্যুক্তি কৰা নহ’ব।

স্থানীয় অপৰিশোধিত খাদ্য আৰু স্বাস্থ্যৰ উপকাৰীতা-

 

এনে প্ৰেক্ষাপটত অসম আৰু অসমীয়াৰ বাবে গৌৰৱ আৰু সুখৰ কথা এয়ে যে এই পৰিঘটনাবোৰ বহুবছৰ আগেয়েই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ জনমানসত বিজ্ঞানসন্মত সুন্দৰ খাদ্য বুট-মাহৰ প্ৰচলন কৰিছিল। মহাপুৰুষজনাই দি যোৱা সংস্কৃতি, শিক্ষা আৰু আধ্যাত্মিকতাৰ ভেটিয়ে অসমীয়াক যেন কেতিয়াও দুখীয়া আৰু দূৰ্বল কৰিব নোৱাৰে। ঢেকীত খুন্দা চাউল-চিৰাৰ আজিও অসমত প্ৰচুৰ সমাদৰ আছে আৰু এয়া আমাৰ সংস্কৃতিৰো অংগ। আজিও ঢেকীত খুন্দা চিৰা আৰু দৈ(লগত কল সানি) আমাৰ ৰাতিপুৱাৰ জলপান। সঁচাই কি সুন্দৰ জলপান। কোমল চাউলৰ কথা ন’কলোৱেইবা! প্ৰ’টিন, ভিটামিন, কাৰ্ব’হাইড্ৰেট, মিনাৰেলচ, সকলোধৰণৰ পৰিপুষ্টিৰ সমাহাৰ! আধুনিক বিজ্ঞান পুনৰ যেন আমাৰ পৰম্পৰাগত খাদ্যৰ দিশেহে যেন ধাৱমান হৈছে।

প্ৰিয় পাঠক, ৰংচঙীয়া চিপচৰ দহটকীয়া পেকেট কিনি অজানিতে আমাৰ দেহাত অপকাৰী ‘ট্ৰান্সফেট’ সুমুৱাই দিয়াৰ সলনি আমি বাৰীৰে আলু এচকল সিদ্ধ কৰি অথবা পুৰি খাব নোৱাৰোঁ জানো! একেখিনি তেলকে বাৰে বাৰে ভাজি তৈয়াৰ কৰা এনে ‘চিপচ’বোৰ প্ৰকৃততেই অখাদ্য। অধিক উষ্ণতাত বাৰম্বাৰ ভজা তেল অনেক ধৰণৰ হৃদৰোগৰো মূল কাৰণ। একেসময়তে কিন্তু এইকথাও মনত ৰখা উচিত হ’ব যে পাচলিজাতীয় তেলসমূহ মানুহৰ সু-স্বাস্থ্যৰ বাবে কিছুপৰিমাণে প্ৰয়োজনীয়। এই তেলবোৰ স্থানীয়ভাৱে ৰসায়নিক সাৰ বা কীটনাশক ব্যৱহাৰ নকৰাকৈ খেতি কৰা শস্যৰ পৰা নিষ্কাষন কৰি যদিহে ব্যৱহাৰ কৰিব পাৰোঁ- সু-স্বাস্থ্যৰ বাবে এয়া হ’ব মহৌষধ। বজাৰত পোৱা যিকোনো ধৰণৰ ‘ৰিফাইনড তেল’ বা ‘ৰিফাইনড খাদ্য’তকৈ স্থানীয় ৰিফাইন নকৰা, অপৰিশোধিত কেঁচা তেল, কেঁচা খাদ্য স্বাস্থ্যৰ বাবে বহুগুণে উপকাৰী। স্বাস্থ্য বিষয়ক আধুনিক বিজ্ঞানেও এইটোকেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে।

এইখিনিতে প্ৰশ্ন হয়, ৰিফাইনড বা পৰিশোধননো তেন্তে কিয় কৰা হয়! ইয়াৰো উত্তৰ আছে। পৰিশোধন বা অত্যাধিক পৰিশোধনে খাদ্যবস্তুবোৰ বহু অধিকদিনলৈ বেয়া বা নষ্ট নোহোৱাকৈ ৰখাৰ সামৰ্থতা প্ৰদান কৰে। দোকান বা ব্যৱসায় কেন্দ্ৰত বেছি দিনলৈ নষ্ট নোহোৱাকৈ ৰক্ষা কৰাৰ ক্ষমতা বৃদ্ধি পায়। অৰ্থাৎ Shelf-Lifeৰ শ্ৰীবৃদ্ধি ঘটে। কোম্পানীবোৰে ব্যাপক হাৰত উৎপাদন কৰি বজাৰত মুকলি কৰি খুচুৰা বজাৰলৈ প্ৰেৰণ কৰা বা ৰপ্তানি কৰি নিৰ্দিষ্ট ঠাইত খাদ্যদ্ৰব্যসমূহ গৈ পোৱা আৰু গ্ৰাহকে ক্ৰয় কৰি ব্যৱহাৰ কৰালৈকে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। খাদ্যৰ প্ৰস্তুতিৰ পাছত এনে ধৰণৰ দীৰ্ঘম্যাদীত্ব প্ৰদানৰ বাবে ৰিফাইনিং বা পৰিশোধন হৈছে এক উত্তম উপায়। পৰিশোধনৰ দ্বাৰা এইবাবেই খাদ্যৰ ব্যৱসায়ৰ ক্ষেত্ৰখন যথেষ্ট সহজ হৈ পৰে আৰু লাভৰ পৰিমাণতো বৃদ্ধি হয়। দৰাচলতেই আমি ঘৰত বা গাঁৱতেই স্থানীয়ভাৱে প্ৰস্তুত কৰা ৰিফাইন নকৰা কেঁচা তেল, ঘৰতে বনোৱা আলুৰ চিপচ, ঘৰতে শুকোৱা ফল-মূল ইত্যাদি দোকানত উপলব্ধ পৰিশোধিত(Processed) খাদ্যতকৈ বহু সোনকালে নষ্ট হয়। নষ্ট হোৱাটো আমি দেখিও থাকোঁ। এই পৰিঘটনা লাহে লাহে সংগঠিত হয়। কিন্তু আমি যদি এই সমূহ নষ্ট হ’বলৈ নিদিয়াকৈ সীমিত সময়ৰ ভিতৰত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰি ল’ব পাৰোঁ, তেন্তে ৰিফাইনত বা পৰিশোধিত খাদ্য দ্ৰব্য প্ৰয়োজনীয়তাই বা ক’ত?

সোৱাদ নহয়, মানুহক পৰিপুষ্টিৰহে প্ৰকৃতাৰ্থত প্ৰয়োজন। সোৱাদ আৰু সহজ উপলব্ধিৰ বাবে চিপচ আৰু মেগী জাতীয় খাদ্য ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আমি আমাৰ পৰম্পৰাগত জলপান, বুটমাহ ইত্যাদি ব্যৱহাৰ কৰি হৃতস্বাস্থ্য উভতাই আনি অটুট ৰাখিব পাৰোঁ। এটা সৰু উদাহৰণ দিব পাৰি। পুৱাৰ অজস্ৰ কামৰ ভৰত ঘৰৰ অকণমানি ল’ৰা-ছোৱালীক পিতৃ-মাতৃয়ে টিফিন ভৰাই দিবলৈ খাদ্য ৰান্ধিবলৈ সময় উলিয়াব নোৱাৰে, তেন্তে ‘দুই মিনিটতে ৰেডী’ বিজ্ঞাপনেৰে প্ৰচলিত ‘মেগী’ টিফিনত নিদি আগদিনাখনেই ভাবি-চিন্তি অলপ বুট-মগু-বাদাম যদি তিয়াই থয় অথবা তাৰ লগতে বাৰীৰ কল, কমলা, মৌচম্বী, লেতেকু, পনিয়ল, মধুৰী আম ইত্যাদিৰ যিকোনো এবিধৰে সৈতে দুই মিনিটৰো কম সময়ত টিফিল সাজু কৰি দিবলৈ সক্ষম হ’ব পাৰে। এনে হ’লে, ল’ৰা-ছোৱালীৰ লগতে সকলোৱে এক সুন্দৰ অভ্যাসৰ লগতে সুন্দৰ স্বাস্থ্যৰ গঠনতো প্ৰেৰণা পায়। সুন্দৰ মনে সদায়েই কৰে সুন্দৰতাৰ সন্ধান, নিৰ্মান আৰু সুন্দৰৰ আৰাধনা।

 

লেখিকা:ড° নিৰ্মলা দেৱী,ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,নাগালেণ্ড(NIT, Nagaland)

3.01960784314
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top