অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য কথা :

স্বাস্থ্য কথাৰ বিষয়ে লিখা হৈছে ।

 

ভাতকেৰেলাৰ উপকাৰিতা -

ভাতকেৰেলা অসমৰ পাহাৰ-ভৈয়ামত কৃষিৰ আধাৰত উৎপাদিত এবিধ পাচলি। এই পাচলিৰ বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপ তিতাকেৰেলাৰ লগত কিছু মিলে। পিছে ইয়াৰ স্বাদ তিতাকেৰেলাৰ দৰে তিতা নহয়। ইয়াৰ গছ আৰোহী লতাজাতীয় আৰু একবৰ্ষীয়। কিন্তু মূল অংশবহুবৰ্ষী আৰু মূলৰপৰা অনুভূমিকভাৱে ইয়াৰ পোখা ওলাই নতুন নতুন গছৰ সৃষ্টি হয়।

আমাৰ ৰাজ্যত ইয়াৰ খেতি কৰাৰ উপৰি ইয়াক হাবি-বনত প্ৰাকৃতিক অৱস্থাতো পোৱা যায়। ইয়াৰ গছক দ্বিচাৰিত্ৰিক(Dioecious) কোৱা হয়। অৰ্থাৎ ইয়াৰ পুং আৰু স্ত্ৰী উদ্ভিদ পৃথকে পৃথকে পোৱা যায়। পুংসম্পন্ন উদ্ভিদত কেৱল ফুলহে ওলায়, ফল নধৰে।

ফল স্ত্ৰীসাম্পন্ন উদ্ভিদতহে পোৱা যায়। অসমৰ পৰিৱেশত ব’হাগৰ শেষৰপৰা আহিন মাহপৰ্যন্ত ইয়াৰ ফল পোৱা যায়। আমাৰ থলুৱা ফলবোৰৰ আকাৰ সাধাৰণতে সৰু। সেয়ে আমদানিকৃত ডাঙৰ আকাৰৰ ফলৰ খেতি আমাৰ ৰাজ্যত কৰিবলৈ লোৱা দেখা যায়। অসমত উপলব্ধ ভাতকেৰেলাৰ প্ৰজাতিটোক ইংৰাজীত Jeasel Gourd, Sping, Gourd বা Gourd আৰু বৈজ্ঞানিকভাৱে Momordica Dioca নামেৰে জনা যায়।

ভাতকেৰেলাৰ ফল আৰু পাত উভয়েই খোৱা উপযোগী। ই এনে এবিধ পাচলি, যাক আনকি সকলো প্ৰকাৰৰ ৰোগীয়েও নিশ্চিন্ত মনে খাব পাৰে বুলি কোৱা হয়। অৰ্থাৎ ইয়াৰ কোনো অপকাৰিতা নাই। ই যথেষ্ট পুষ্টিকাৰকো। ইয়াৰ এশ গ্ৰাম দ্ৰব্যত-

*৮৪.১ গ্ৰাম জলীয় বাষ্প,

*৭.৭ গ্ৰাম কাৰ্বোহাইড্ৰেট,

*৩.১ গ্ৰাম প্ৰ’টিন,

*৩.১ গ্ৰাম স্নেহ পদাৰ্থ,

*৩.১ গ্ৰাম ফাইবাৰ আৰু

*১.১ গ্ৰাম খনিজ লৱণ পোৱা যায়।

লগতে কম পৰিমাণে ভিটামিন বি১, বি২, বি৩, চি আৰু ভিটামিন এৰ উৎস কেৰ’টিনো পোৱা যায়। ইয়াক সিজাই, পিটাকা কৰি, ভাজি, তৰকাৰিৰ ৰূপত অথবা অন্যভাৱেও তৃপ্তিদায়ক আহাৰ কৰি খাব পৰা যায়।

ভাতকেৰেলা ঔষধি গুণসম্পন্ন বুলিও পোহৰলৈ আহিছে। ইয়াক গ্ৰহণৰ বিপৰীতে কোনো অপকাৰ নোহোৱাৰ লগতে পাচলিবিধৰ মধুমেহ ৰোগ প্ৰতিৰোধী ক্ষমতা থাকে বুলিও উল্লেখ পোৱা গৈছে। ইফালে, ই এন্টিঅক্সিডেন্ট গুণসম্পন্ন বুলি অভিহিত হোৱাৰ হেতুকে আমাৰ দেহত অক্সিজেনৰ মুক্তমূলকৰ অপক্ৰিয়াৰ পৰা ই বচাই ৰাখিব পাৰে।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)

 

ডাৰ্ক চক’লেটৰ ভূমিকা -

ভিটামিন ডিৰ অভাৱত হোৱা নানা ৰোগৰপৰা মানুহক হাত সৰাই ৰখাত ডাৰ্ক চক’লেটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শেহতীয়া এক অধ্যয়নত এই কথা পোহৰলৈ আনিছে যে ডাৰ্ক চক’লেট আৰু ক’ক বাটাৰ ভিটামিন ডিৰ ভাল উৎস। এয়া সেৱবৰদ্বাৰা মানুহে শ্বাসজনিত ৰোগ তথা হাড় দুৰ্বল হোৱাৰ বিপদ দূৰতে বিদূৰ কৰিব পাৰে। জাৰ্মানীৰ মাৰ্টিন লুথাৰ ইউনিভাৰ্ছিটীৰ গৱেষক গেব্ৰিয়েল ষ্টেংগলে অতি শেহতীয়াকৈ সম্পন্ন কৰা এক অধ্যয়নৰ আলমত এই কথা স্পষ্ট হৈছে। গৱেষকগৰাকীৰ মতে মানৱ শৰীৰৰ কাৰণে ভিটামিন ডি খুবেই প্ৰয়োজনীয়। সাধাৰণতে দুই প্ৰকাৰৰ ভিটামিন ডি থাকে- ডি২ আৰু ডি৩। ইয়াৰে ডি৩ আমাৰ ছালে সূৰ্যৰ ৰশ্মিৰ জৰিয়তে উৎপত্তি কৰে। এই উপায়ে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ৯০ শতাংশ ভিটামিন ডিৰ অভাৱ পূৰ হয় আৰু বাকী ১০ শতাংশ মাছ, কণীৰ দৰে খাদ্য খোৱাৰ জৰিয়তে শৰীৰে লাভ কৰে। শেহতীয়া অধ্যয়নৰদ্বাৰা গৱেষক ষ্টেংগলে জানিব পাৰে যে ক’ক’ আৰু ইয়াৰদ্বাৰা উৎপাদিত খাদ্য পদাৰ্থত ভিটামিন ডি২ অপৰ্যাপ্ত পৰিমাণে থাকে। গৱেষকগৰাকীৰ মতে, বহু মানুহৰ দেহত পৰ্যাপ্ত মাত্ৰাত ভিটামিন ডি নাথাকে। এইসকল লোকে শীতকালত বেছি অসুবিধা ভোগ কৰে। এইকাৰণে যে সেইকেইদিন সূৰ্যৰ ৰশ্মি পৃথিৱীত কমকৈ পৰে। সেই দিনকেইটাত ডাৰ্ক চক’লেট বাৰুকৈয়ে উপযোগী হ’ব পাৰে।

উৎস: দৈনিক অসম

 

ভিটামিন বিৰ উপকৰা -

কিশোৰ কালত মধুমেহ ৰোগত ভোগাসকলৰ কাৰণে ভিটামিন বি ছাপ্লিমেন্ট খুবেই লাভদায়ক হ’ব পাৰে। শেহতীয়াকৈ কৰা এক অধ্যয়নৰ জৰিয়তে মিচৰৰ এন শ্বেমছ ইউনিভাৰ্ছিটীৰ গৱেষক নেন্সী সমীৰ আলবাৰবেবীয়ে প্ৰকাশ কৰিছে যে কিশোৰ অৱস্থাত মধুমেহ ৰোগত আক্ৰান্ত বৃক্কৰ কাৰ্যক্ষমতা ভাল ৰখাত তথা বৃক্কৰ আনুষংগিক ৰোগ হোৱাৰপৰা বচাই ৰাখে ভিটামিন বি ছাপ্লিমেন্টে। টাইপ-১ ডায়েবেটিছত আক্ৰান্ত তথা ভিটামিন বিৰ অভাৱত ভোগা ১০০ গৰাকী ব্যক্তিৰ ওপৰত অধ্যয়ন চলাই গৱেষকগৰাকীয়ে এই কথা জানিব পাৰে যে এনে ৰোগীয়ে বৃক্ক ভালে ৰখাৰ সৰল, সুৰক্ষিত আৰু মিতব্যয়ী উপায়বিধেই হ’ল ভিটামিন বি ছাপ্লিমেন্ট গ্ৰহণ। অধ্যয়নত সামৰি লোৱা এশগৰাকী কিশোৰৰ ভিতৰত যিসকলৰ দেহত বৃক্ক ৰোগ হোৱাৰ প্ৰাৰম্ভিক লক্ষণে দেখা দিছিল তেওঁলোকক ১২ সপ্তাহলৈ ভিটামিন বি ছাপ্লিমেন্ট গ্ৰহণৰ পৰামৰ্শ দি পিছত পৰীক্ষা কৰি গৱেষকগৰাকীয়ে তেওঁলোকৰ বৃক্কৰ কাৰ্যক্ষমতা যথেষ্টখিনি ভালৰ দিশলৈ অহাৰ কথা জানিব পাৰে। তদুপৰি এইসকল কিশোৰৰ বৃক্কৰ ৰোগত ভোগাৰ আশংকাও হ্ৰাস পাইছিল।

উৎস: দৈনিক অসম

 

ওজন বৃদ্ধি নকৰে আখৰোটে -

নিয়মীয়াকৈ আখৰোট খোৱাটো স্বাস্থ্যৰ কাৰণে যে লাভদায়ক, এই কথা ন-কৈ দোহৰাৰ প্ৰয়োজন নাই। কিন্তু আখৰোটত মজুত থকা চৰ্বিৰ বাবে বহুতে এই শুষ্ক ফলবিধৰ সোৱাদ ল’বলৈ কুন্ঠাবোৰ কৰা দেখা যায়। ভয় জানোচা অনাকাংক্ষিত চৰ্বিয়ে দেহত ভিৰ কৰি নানা ৰোগলৈ বুলি বৰপীৰা পাৰি দিয়ে। কিন্তু অতি শেহতীয়াকৈ কৰা এক অধ্যয়নৰ আলমত প্ৰাপ্ত তথ্যৰ আধাৰত আমেৰিকাৰ লোমা লিণ্ডা ইউনিভাৰ্ৱহিটীৰ গৱেষক এডৱাৰ্ড বিটোকে আখৰোট খোৱাৰ ফলত মানুহ মেদবহুল হোৱাৰ আশংকাক সমূলি নিৰাধাৰ আখ্যা দিছে। প্ৰ্তিদিনে ৩০০ কেল’ৰিকৈ আখৰোট খোৱা জ্যেষ্ঠ নাগৰিকৰ ওপৰত অধ্যয়ন চলাই গৱেষকগৰাকীয়ে তেওঁলোকৰ শৰীৰত কোনোধৰণৰ নেতিবাচক প্ৰভাৱ পৰাৰ বিষয়ে জানিবলৈ সক্ষম নহ’ল। গৱেষকগৰাকীৰ মতে, কোনোধৰণৰ নেতিবাচক প্ৰভাৱ পৰাৰ বিষয়ে জানিবলৈ সক্ষম নহ’ল। গৱেষকগৰাকীৰ মতে, আখৰোটত উপলব্ধ চৰ্বিৰ বাবে মানুহৰ ওজন বাঢ়ি যাব পাৰে বুলি ভবাটো এটা ব্যাপক ভ্ৰান্ত ধাৰণা। যিহেতুকে আখৰোট খোৱাৰ ফলত ওজন বৃদ্ধি হোৱাৰ কোনো সম্ভাৱনা নাই, সেয়ে আনুষংগিক স্বাস্থ্যজনিত সমস্যা যেবে হৃদৰোগ, মধুমেহ আদিও আখৰোট খালে হোৱাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বিন্দুমাত্ৰাও আশংকা নাই বুলি প্ৰকাশ কৰিছে সহকাৰী অধ্যাকপ এডৱাৰ্ড বিটোকে।

উৎস: দৈনিক অসম

 

সম্ভাব্য ৰোগ আৰু স্মাৰ্ট ষ্টিকাৰ -

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশৰ ফলত মানুহৰ আগলৈ গৈ হ’বলগা বহু ৰোগৰ বিষয়ে এতিয়া আগতীয়াকৈ জনাটো সম্ভৱ হৈ উঠিছে। যাৰ ফলত তেনে ৰোগৰপৰা হাত সাৰি থাকিবৰ বাবে মানুহে সাৱধানতা অৱলম্বন কৰিব পৰা হৈছে। অতি শেহতীয়াকৈ অমেৰিকাৰ পডৰ্যু ইউনিভাৰ্ছিটীৰ গৱেষক ৰেমছ মাৰ্টিনেজে সহজে পিন্ধিব পৰা স্মাৰ্ট ষ্টিকাৰ উদ্ভাৱন কৰি উলিয়াইছে যিয়ে স্বাস্থ্যৰ প্ৰতি অহা ভাবুকিৰ আগতীয়া জাননী দিবলৈ সক্ষম হ’ব। গৱেষকগৰাকীৰ মতে, এয়া এক ধৰণৰ ইলেক’ট্ৰনিক ডিভাইচ যাক শৰীৰত লগাই ৰাখিব পৰা যায়। চেলুলজেৰে নিৰ্মিত এই স্মাৰ্ট ষ্টিকাৰে মানুহৰ শাৰীৰিক গতিবিধিত নজৰ ৰাখি স্বাস্থ্যলৈ আহিবপৰা বিপদৰ বিষয়ে আগতীয়াকৈ ব্যক্তিবিশেষক সজাগ কৰিব। গৱেষকগৰাকীৰ মতে, স্বাস্থ্য সচেতন ব্যক্তি মাত্ৰে এই মিতব্যয়ী স্মাৰ্ট ষ্টিকাৰৰ সহায়ত স্বাস্থ্য ভালে ৰখাৰ দিহা কৰিব পাৰে। গৱেষক ৰেমছ মাৰ্কিনেজে লগতে এই কথাও প্ৰকাশ কৰে যে চিকিৎসকসকলে এই ষ্টিকাৰৰ সহায়ত ৰোগীৰ টোপনিৰ ওপৰত নজৰ ৰাখিব পাৰিব। তদুপৰি এথলেটসকলে ব্যায়াম কৰাৰ সময়ত অথবা সাঁতোৰাৰ সময়ত নিজৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিব পাৰিব এই স্মাৰ্ট ষ্টিকাৰৰ জৰিয়তে।

উৎস: দৈনিক অসম

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top