মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্বাস্থ্য সুৰক্ষাত তিতাশাকৰ উপকৰণঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য সুৰক্ষাত তিতাশাকৰ উপকৰণঃ

স্বাস্থ্য সতেজ আৰু সজীৱ কৰি ৰাখিবলৈ শৰীৰৰ অংগ-প্ৰত্যংগক যিবোৰ বস্তুৰ প্ৰয়োজন

স্বাস্থ্য সতেজ আৰু সজীৱ কৰি ৰাখিবলৈ শৰীৰৰ অংগ-প্ৰত্যংগক যিবোৰ বস্তুৰ প্ৰয়োজন বেছি সেইবোৰ হ’ল ভিটামিন, প্ৰ’টিন, ফেট, কেলচিয়াম, আইৰন, ফছফৰাছ আৰু এণ্টি-অক্সিডেণ্ট। এই সকলোবোৰ পোৱা যায় তিতাজাতীয় খাদ্যবস্তুতে।

তিতাকেৰেলাঃ

সুস্থ শৰীৰ গঢ়ি তোলাৰ ক্ষেত্ৰত তিতা কেৰেলাত এনাৰ্জি ২৫ গ্ৰাম, প্ৰ’টিন ১.৬ গ্ৰাম, ফেট ২ গ্ৰাম, কাৰ্ব’হাইড্ৰেট ৪-২ গ্ৰাম, কেলচিয়াম ২০ মিলিগ্ৰাম, ফছফৰাছ ৭০ মিলিগ্ৰাম, আইৰন ০.৬১ মিলিগ্ৰাম গুণ থাকে।

বাইপাচ চাৰ্জাৰী বা তেনে কোনো ডাঙৰ অসুখ হ’লে দীৰ্ঘসময় ধৰি এণ্টিবায়’টিক খোৱাৰ ফলত মুখৰ সোৱাদ কমি যায়, তেতিয়া তিতাকেৰেলা আৰু নিমপাতে সোৱাদযুক্ত হোৱাত সহায় কৰে। ডায়েবেটিছ ৰোগীসকলেও তিতাকেৰেলা ব্যৱহাৰ কৰি ছুগাৰ কণ্ট্ৰ’ল কৰিব পাৰে।

নিমপাতঃ

সৰু সৰু ধুনীয়া পাতৰ নিম গছ সকলোৱা চিনি পায়। কফ, ক্ৰিমি, পিত্ত, বমিভাব আৰু অৰুচিৰ ক্ষেত্ৰত নিমপাত বিশেষভাৱে ব্যৱহাৰ্য। বসন্ত কালত নিমপাত খোৱা অতিকৈ প্ৰয়োজন। নিম গছৰ শিপাৰ ছাল কৃমিনাশক। সৰু ল’ৰা-ছোৱালী বা ডাঙৰৰ ক্ষেত্ৰতো কৃমিৰ উপদ্ৰৱ বাঢ়িলে নিমপাতৰ ৰস নিতৌ এবাৰকৈ ব্যৱহাৰ কৰি কৃমি নাশ কৰিব পাৰি।

নিমপাতত প্ৰ’টিন ১১.৬ গ্ৰাম, ফেট ৩ গ্ৰাম, কাৰ্ব’হাইড্ৰেট ২১.২ গ্ৰাম, এনাৰ্জি ১৫৮ গ্ৰাম, কেলচিয়াম ১৩০ মিলিগ্ৰাম, ফছফৰাছ ১৯০ মিলিগ্ৰাম, আইৰন ২৫.৩ মিলিগ্ৰাম গুণ থাকে। নিমপাতত বেছিকৈ আইৰন থাকে বাবে এনিমিয়া ৰোগীসকলে ইয়াৰ পাত খালে সহজে এই ৰোগৰ পৰা উপশম পাব পাৰে। বিশেষকৈ নিমপাতে এণ্টি এলাৰ্জি বা বীজাণুনাশক হিচাপে কাম কৰা দেখা যায়। কেৱল সেয়ে নহয় ই এণ্টি-চেপ্টিক হিচাপেও কাম কৰে।

হেলেচি শাকঃ

ইও অন্য এবিধ শাকহাৰী তিতা। হেলেচি শাকৰ মাজত আছে নানাবিধ স্বাস্থ্যকৰ গুণ। বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ইয়াক কবিৰাজী পথ্য হিচাপে মানি চলা হৈছে। যেনে লিভাৰ ডিজিজৰ ক্ষেত্ৰত হেলেচি শাক সিদ্ধ কৰি খালে উপকাৰ পোৱা যায়। এলাৰ্জি হ’লে হেলেচি শাক থেতেলিয়াই তাৰ ৰস খালে উপশম পাব পাৰি। ই এণ্টি-এলাৰ্জিৰ কাম কৰে।

বাহক তিতাঃ

তিতা শাকৰ তালিকাত বাহক তিতাক তিতাজাতীয় খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ই এবিধ সৰু উদ্ভিদ। ইয়াৰ পাতবোৰ দীঘল। ই কম দিনত ঠাইতে বিস্তাৰিত হয়। বাহকৰ ৰস তিতা কিন্তু সুগন্ধিযুক্ত। ঘৰৰ চৌহদত এই গছ থকাটো ভাল। সৰু ল’ৰা-ছোৱালীৰ হুপিং কাঁহ, দুধধাই আদি ৰোগত বাহকৰ পাতৰ ৰস দুই অনাৰ পৰা চাৰি অনালৈ খুৱাব লাগে। অতিপাত জ্বৰ উঠিলে ইয়াৰ ৰস এচামুচ খুৱাই দিলে আৰাম পোৱা যায়।

লেখক: সঞ্জীৱ কুমাৰ ডেকা

উৎসঃ নন্দিনী

2.93548387097
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top