মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্বাস্থ্য সৰ্ম্পকীয় বিভিন্ন কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য সৰ্ম্পকীয় বিভিন্ন কথা

প্ৰচুৰ ভিটামিন ‘চি’ যুক্ত কমলা টেঙাই প্ৰতিৰোধ কৰে হৃদৰোগ-কৰ্কটঃ

 

শীতৰ ফল বুলি ক’লে কমলা টেঙাৰ কথাই প্ৰথমে মনলৈ আহে। কমলা টেঙাৰ নাম শুনাৰ লগে লগে জিভাৰ পানী পৰিবলৈ ধৰে। ৰ’দত বহি কমলা টেঙা খোৱাৰ আমেজেই বেলেগ। কম-বেছি পৰিমাণে সকলোৱে এইবিধ ফল খায়। কাৰণ ইয়াত আছে বহুতো উপাদান যিবোৰ স্বাস্থ্য ৰক্ষাৰ বাবে তেনেই প্ৰয়োজনীয়। কেলছিয়ামৰ পৰা আৰম্ভ কৰি প্ৰ’টিন, ভিটামিন আদি সকলোবোৰ উপাদানেই থাকে। তুলনামূলকভাৱে শীতৰ সকলোবোৰ ফলত ভিতৰত কমলাতেই প্ৰচুৰ পৰিমাণে প্ৰয়োজনীয় উপাদান থাকে। কমলা টেঙাত থকা ভিটামিন ‘চি’য়ে শৰীৰৰ এনজাইমসমূহ সক্ৰিয় কৰে। ভিটামিন ‘চি’ কম পৰিমাণে খালে বা শৰীৰত ইয়াৰ অভাৱ হ’লে যিকোনো ক্ষত শুকাওতে বেছি সময়ৰ প্ৰয়োজন হয়। এইবিধ ভিটামিনৰ অভাৱত ৰক্তবাহী নলীৰ পৰা ৰক্তক্ষৰণ হোৱাৰ আশংকা থাকে। এছকৰ্বিক এচিডে ফেৰিক আয়ৰনক ফেৰাছ আয়ৰনত পৰিৱৰ্তিত কৰে যিবিধ শৰীৰে সহজে গ্ৰহণ কৰিব পাৰে। অৰেঞ্জ জুছত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে যদিও তুলনামূলকভাৱে নেমুৰ পৰা প্ৰস্তুত কৰা জুছত এইবিধ ভিটামিন বেছিকৈ থাকে। যিসকল ব্যক্তিয়ে বতৰৰ ফলবিধ নিয়মীয়াকৈ খায় তেওঁলোকৰ স্কাৰ্ভিৰোগ হোৱাৰ আশংকা কম। অৱশ্যে আজিকালি এনেধৰণৰ ৰোগ বেছিকৈ হোৱা দেখা নাযায়। সম্প্ৰতি গৱেষকসকলে এইবুলি মন্তব্য আগবঢ়াইছে যে এইবিধ ফলৰ চৰ্দি-কাহ প্ৰতিৰোধী শক্তিও নিহিত আছে। ইয়াৰ উপৰি ৰক্তবাহী নলীক বিভিন্ন অসুখৰ পৰা ৰক্ষা কৰিব পৰা ক্ষমতাও আছে কমলা টেঙাৰ।

নিশা শোৱা সময়ত আমাৰ শৰীৰৰ অংগবোৰে বিশ্ৰাম লয়। যদিও সকলোবোৰ কাৰ্য স্বাভাৱিকভাৱেই সম্পাদিত হৈ থাকে তথাপি কিছুমান অংগই ইয়াৰ গতি কম কৰে। গোটেই নিশা বিশ্ৰাম লোৱা বাবে পাকস্থলীৰ পৰা হজমকাৰী এনজাইমসমূহ সক্ৰিয় হৈ নিঃসৰণ হওতে কিছু সময়ৰ প্ৰয়োজন হয়। নিশা বেছি সময় উপবাসে থকা বাবে এনজাইমসমূহ বাহিৰলৈ ওলাওতে কিছু সময় সাময়িকভাৱে বন্ধ হৈ যায়। সেয়েহে পুৱা উঠিয়ে সামান্য পৰিমাণে কমলা টেঙা খোৱাটো উপকাৰী। কমলা টেঙাৰ ভিতৰত থকা কোঁহবোৰ সৰু সৰু অংশত বিভক্ত। এই সৰু সৰু অংশক কোৱা হয় কাৰ্পেলছ। এই সৰু সৰু অংশসমূহৰ আৱৰণ সহজতে ভেদ কৰা নাযায়। প্ৰতিটো অংশতে উৎপন্ন হয় শতাধিক ৰসথলী আৰু কোষৰ সমন্বয়। কোষসমূহ তৈয়াৰ কৰা চেলুলোজ, হেমিচেলি লোজ, প্ৰপেকটিনস পেকটিন, চেনি, ফ্লেভোনয়ড এমিনো এচিড, এছকৰ্ধিক এচিড, খনিজ লৱণ আৰু অন্যান্য পুষ্টিকৰ পদাৰ্থ। ৰসৰ দ্ৰৱণীয় উপাদানসমূহ তৈয়াৰ হয় কাৰ্ব’হাইড্ৰেট, অৰ্গেনিক এচিড, ভিটামিন-চি, ভিটামিন-বি কমপ্লেক্স, খনিজ লৱণ, পেকটিন ইত্যাদিৰে। কমলা টেঙাৰ কোঁহত দুটা অংশ থাকে আৰু এই দুটা হ’ল ফ্লেভেডো বা এপিকাপ আৰু আলবোডো বা মেছোকাৰ্প। ফ্লেভেডো বা বাহিৰৰ ৰঙীন অংশ তৈয়াৰ হয় কেৰোটিনয়েড পিগমেণ্ট, ভিটামিন-চি, ভিটামিন-বি কমপ্লেক্স আৰু এছেনচিয়েল অইলেৰে। আলবেডো বা ভিতৰৰ নৰম বগা অংশ তৈয়াৰ হোৱাৰ ক্ষেত্ৰত সহায় কৰা বিভিন্ন উপাদান হ’ল চেলুলেড, দ্ৰৱণীয় কাৰ্ব’হাইড্ৰেট, পেকটিন, ফ্লেভোনয়েড, এমিনো এচিড আৰু ভিটামিন। কমলা টেঙাৰ কোঁহত পাৰ অক্সিডেজ নামৰ অক্সিডাইজিং এনজাইমবিধ প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিধ ফলৰ ভিতৰৰ গুটিত থকা লিনোনিন নামৰ যৌগবিধ খুউব তিতা সোৱাদৰ। কমলা টেঙা ঘন কমলা বৰণ হোৱাৰ আঁৰত থকা উপাদানবিধ হ’ল কেৰোটিনয়েড। কোহত যিমান কেৰোটিন থাকে তাতকৈ বেছি থাকে বাকলিত। কোনো কোনো কেৰোটিন ভিটামিন ‘এ’ থাকে। পকা টেঙাত প্ৰচুৰ পৰিমাণে ফ্লেভোনয়েড পোৱা যায়। সেইবাবে আজিকালি বিশ্বৰ বিভিন্ন প্ৰান্তত গৱেষকসকলে নতুন নতুন গৱেষণা আৰম্ভ কৰিছে কমলা টেঙাৰ ওপৰত। ৰক্তবাহী নলীৰ উপৰি সাধাৰণ পানীলগা আদি অসুখতো এইবিধ ফল উপকাৰী। কমলা টেঙাৰ ৰসৰ পৰা প্ৰস্তুত কৰা ঔষধৰ কাৰ্যকাৰিতাও বিশেষ মন কৰিবলগীয়া। আনহাতে অৰেঞ্জ অয়েল প্ৰস্তুত কৰা হয় টেঙাটোৰ বাকলিৰ পৰাহে। বাকলিত যিবোৰ সৰু সৰু নলীবিহীন গ্ৰন্থি থাকে তাৰ পৰাই তেল ওলায়। এই তেল ননড্ৰায়িং এছেনচিয়েল অয়েলত থাকে এলভিহাইট, কিটোন, অক্সাইড, এষ্টাৰ এলকহল, পেৰাফিন ইত্যাদি। এনেধৰণৰ তেল বহুলভাৱে ব্যৱহৃত হয় ফ্লেকাৰিং এজেণ্টা হিচাপে। আজিকালি বিভিন্ন ধৰণৰ খাদ্যৰ লগতে ঔষধ আদিতো এনেবোৰ উপাদান মিহলি কৰা হয়। কমলাৰ ৰসত অৰ্গেনিক এছিড থাকে, বিশেষকৈ ছাইট্ৰিক এছিড। অৱশ্যে কমলাৰ ৰসক এলকালাইন ফুড বুলিহে কোৱা হয়, কাৰণ হজমৰ সময়ত ৰসৰ অৰ্গেনিক এছিডসমূহ নষ্ট হয়। কমলা টেঙাৰ ভিতৰৰ চলিড দ্ৰৱণীয় অংশ উৎপন্ন হয় দ্ৰৱণীয় শৰ্কৰা আৰু অৰ্গেনিক এছিডেৰে। কমলা ৰসত দ্ৰৱণীয় অংশৰ ১৫ শতাংশ হ’ল ইন অৰ্গেনিক যৌগ, এমিনো এছিড, ভিটামিন ‘চি’, পেকটিন, এছেনচিয়েল অয়ল, এষ্টাৰ গ্লুক’ছাইড ইত্যাদি। প্ৰতি ১০০ গ্ৰাম কমলা ৰসত থকা বিভিন্ন উপাদানৰ পৰিমাণ হ’ল প্ৰ’টিন ০.৭ গ্ৰাম, কেলছিয়াম ২৬ মিলিগ্ৰাম, ভিটামিন-এ ১১০৪ মাইক্ৰোগ্ৰাম, ভিটামিন-চি ৩০ মিলিগ্ৰাম আৰু কেলৰি ৪৮।

প্ৰত্যেক ব্যক্তিৰে বয়সৰ লগে লগে শাৰীৰিক পৰিৱৰ্তন হ’বলৈ ধৰে। প্ৰকৃতিৰ এনে নিয়ম কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে। এনে পৰিৱৰ্তনৰ আঁৰত থাকে অক্সিডেণ্ট। অস্থায়ী অক্সিজেন অণুসমূহে ফ্ৰি ৰেডিকেল হিচাপে শৰীৰত থাকে বাবে এনেধৰণৰ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। এইবোৰে ৰক্তবাহী নলীসমূহ সংকুচিত কৰে বাবে হাৰ্ট এটেক বা ষ্ট্ৰোক হয়। শৰীৰত বয়সৰ চাপ আৰম্ভ হ’বলৈ ধৰে। এই ফ্ৰ ৰেডিকেলে ছাল আৰু শৰীৰক লাহে লাহে বাৰ্ধক্যৰ ফালে আগুৱাই নিয়ে। বয়সৰ চাপ বৃদ্ধি হয় ডি এন এ-সমূহ ভাঙি যোৱা বাবে। কেতিয়াবা কেতিয়াবা ডি এন এ ভাঙি যোৱাৰ ফলত নিৰ্দিষ্ট কোষ অৱস্থাৰ আয়ত্তৰ বাহিৰলৈ যায় আৰু সেইবাবে টিউমাৰ আদিও হ’ব পাৰে। আনকি কেঞ্চাৰ সৃষ্টিৰ আশংকাও নুই কৰিব নোৱাৰি। চকুৰ লেণ্সৰ ক্ষতি হৈ সময়ৰ আগতে ছানি পৰিব পাৰে। ভিটামিন ‘চি’ৰ এণ্টিঅক্সিডেণ্টে ফ্ৰি ৰেডিকেলসমূহৰ লগত যুঁজ দি সেইবোৰক সামান্যভাৱে স্থিৰ কৰে। ফ্ৰি ৰেডিকেলসমূহ ভিটামিন ‘চি’ৰ সংস্পৰ্শলৈ আহিলে তাৰ তথাকথিত ফ্ৰি নাথাকে আৰু সেইবাবে ক্ষতি কৰাৰ ক্ষমতাও হ্ৰাস পায়। কমলা টেঙাৰ কেৰোটিন, ভিটামিন-চি, অৰেঞ্জ অয়ল আৰু পেকটিন ছালৰ বাবে বিশেষ উপকাৰী। আনহাতে ফেচমাস্ক হিচাপে ব্যৱহাৰ কৰিলে এই উপাদানসমূহ ছালক যথাযথ সুৰক্ষা প্ৰদান কৰাৰ উপৰি উজ্জ্বলতাও বৃদ্ধি কৰে।

ভিটামিন ‘চি’ পৰোক্ষভাৱে ৰোগ প্ৰতিৰোধত সহায় কৰে। আনহাতে শৰীৰৰ শ্বেতৰক্ত কণিকাসমূহ বৃদ্ধিতো বিশেষ ভূমিকা লয়। ইয়াৰোপৰি এণ্টিব’ডিৰ লেভেলো বৃদ্ধি কৰে। এই সকলোবোৰৰ পৰা ক’ব পাৰি যে ভিটামিন ‘চি’ৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অপৰিসীম। কমলা টেঙাত থকা ভিটামিনবিধে চৰ্দি-জ্বৰ ইনফ্লুয়েঞ্জা আদি প্ৰতিৰোধ কৰে বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে। যিসকলে নিয়মীয়াকৈ দহ আউণ্স কমলা টেঙাৰ খায় তেওঁলোকৰ শৰীৰত ভিটামিন ‘চি’ৰ অভাৱ নহয়। অসুখৰ বাবে শৰীৰৰ পৰা যি পৰিমাণৰ ফ্লুইড বাহিৰ হয় সেইখিনিৰ অভাৱ নহয় যদিহে নিতৌ দহ আউণ্স কমলা ৰস খোৱা হয়। শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য আগবঢ়াইছে যে শীতৰ ফলবিধত আছে কেঞ্চাৰ প্ৰতিৰোধী শক্তি। নিতৌ খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু কমলা টেঙা অন্তৰ্ভুক্ত কৰিলে কেইবা প্ৰকাৰৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাটো সম্ভৱ হয়।

মস্তিষ্কলৈ অক্সিজেনযুক্ত তেজৰ চলাচল যদি স্বাভাৱিক হৈ নাথাকে তেতিয়াহ’লে মস্তিষ্কই স্বাভাৱিকভাৱে কাৰ্য সম্পাদনত বাধা জন্মে। চলাচলত বাধাপ্ৰাপ্ত হ’লে চেৰিব্ৰেল ষ্ট্ৰোক হোৱাৰ আশংকা বৃদ্ধি পায়। নিতৌ যদি এগিলাচ কমলা টেঙাৰ ৰস খায় তেতিয়াহ’লে ষ্ট্ৰোক হোৱাৰ আশংকা ২৫ শতাংশলৈ হ্ৰাস পাব। পটাছিয়ামে তেজত ছ’ডিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। সেইবাবে ৰক্তচাপ স্বাভাৱিক হৈ থাকে। ইয়াৰোপৰি হৃদযন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা বজাই ৰখাতো সহায়ক। পটাছিয়ামে পেশীসমূহৰ কাৰ্যক্ষমতা স্বাভাৱিক কৰি ৰাখে আৰু শৰীৰৰ তৰল পদাৰ্থসমূহৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। প্ৰতি ৮ আউণ্স কমলা ৰসত ৪২৫ মিলিগ্ৰাম পটাছিয়াম থাকে। ৰক্তসংবহন তন্ত্ৰৰ অসুখৰ উপৰি হৃদযন্ত্ৰৰ বিভিন্ন অসুখ নিয়ন্ত্ৰণতো সহায় কৰে বাবে বতৰৰ ফলবিধ নিয়মীয়াকৈ খোৱা উচিত।

কেইবাগৰাকী বিশেষজ্ঞৰ মত অনুসৰি চৰ্বি, চাছুৰেটেড ফেট, কলেষ্টেৰল আৰু ছ’ডিয়াম আদি উপাদান খাদ্য তালিকাত কম পৰিমাণে থাকিলে হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ হোৱাৰো আশংকা হ্ৰাস পায়। কমলা টেঙাৰ ৰস কেৱল চৰ্বি, কলেষ্টেৰল আৰু ছ’ডিয়ামমুক্তই নহয় ইয়াত থাকে ভিটামিন ‘চি’। এইবিধ ভিটামিনে হৃদযন্ত্ৰৰ বহুতো ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ইয়াত থকা পটাছিয়ামে শৰীৰৰ অন্যান্য পেশীৰ লগতে হৃদযন্ত্ৰৰ পেশীসমূহকো ৰক্ষা কৰে। গতিকে দেখা যায় যে যিসকলে খাদ্য তালিকাত এইবিধ ফল অন্তৰ্ভুক্ত কৰে তেওঁলোকৰ বিভিন্ন ৰোগ হোৱাৰ আশংকা হ্ৰাস পায়।

পালেং শাকে প্ৰতিৰোধ কৰে কৰ্কট ৰোগঃ

 

পালেং শাক খালে কৰ্কট ৰোগ হোৱাৰ প্ৰৱণতা বহুলাংশে হ্ৰাস পায়। কাৰণ এইবিধ শাকত থাকে এণ্টি অক্সিডেণ্ট। পালেং শাকত কেৰ’টিনয়ভ থাকে, ই দৃষ্টিশক্তি স্বাভাৱিক কৰাত সহায়ক। বতৰৰ শাকবিধত থকা উপাদানসমূহৰ ভিতৰত অন্যতম হ’ল পটাছিয়াম, কেলছিয়াম, ভিটামিন ‘চি’, বিটা কেৰোটিন, ফলিক এচিড থকাৰ উপৰি আয়ৰনো থাকে। লিপিডৰ সতে অন্ত্ৰত শোষিত হোৱা ভিটামিন ‘এ’ পালেঙত পোৱা যায়। নিয়মীয়াকৈ শাক খোৱাসকলৰ শৰীৰত এনেবোৰ উপাদানৰ অভাৱ নহয়।

পিঁয়াজ কলিৰো আছে ঔষধি গুণঃ

 

শীতত পিঁয়াজ কলিৰ আঞ্জা খোৱাৰ আমেজেই বেলেগ। সচৰাচৰ বিশেষ ৰন্ধন প্ৰণালীৰে প্ৰস্তুত কৰা পিঁয়াজ কলিৰ আঞ্জা খোৱাৰ আঁৰতো থাকে ৰোগ প্ৰতিৰোধ্য ক্ষমতা। পিঁয়াজ কলিত ৮.৯ গ্ৰাম (প্ৰতি ১০০ গ্ৰামত) কাৰ্ব’হাইড্ৰেট পোৱা যায়। ইয়াৰোপৰি কেলছিয়াম, ফছফৰাছ, আয়ৰন, কেৰোটিন, ভিটামিন ‘চি’ আদিও থাকে।

তেজ পৰিষ্কাৰ কৰাত বীটৰ ভূমিকাঃ

 

ছ’ডিয়াম, পটাছিয়াম, ক্ল’ৰিণ আদি উপাদানেৰে সমৃদ্ধ বীটে তেজ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে, বৃদ্ধিতো সহায়ক বুলি কোৱা হয়। যিসকল শিশুৱে সৰুৰে পৰা এনেধৰণৰ পাচলি খায় তেওঁলোকৰ বাঢ়নত ব্যাঘাত নজন্মে।

শাক-পাচলিৰ লগতে কিছু ভ্ৰান্ত ধাৰণা আৰু জানিবলগীয়া কথাঃ

 

বহুতে শীতৰ সময়ত ৰদত বহি টেঙা খায়। দৰাচলতে ৰ’দত বহি টেঙা খোৱাৰ আঁৰত কোনো বৈজ্ঞানিক ভিত্তি নাই। যিহেতু শীতত সকলোৱে ঠাণ্ডা অনুভৱ কৰে সেয়েহে ৰ’দত বহি শৰীৰৰ উত্তাপ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। ৰ’দত বহি টেঙা খোৱাৰ আমেজ বেলেগ আৰু সেইবাবে বহুতে এয়া পৰম্পৰা অভ্যাসত পৰিণত কৰে।

  • বেছি সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা পাচলি আদি খাব নালাগে। কিয়নো এইবোৰ ৰাসায়নিক প্ৰয়োগৰ ক্ষেত্ৰত যিবোৰ নিয়ম মানিব লাগে সেয়া পালন নকৰি নিজ ইচ্ছা মতে প্ৰয়োগ কৰাৰ ফলত ক্ষতি হৈছে খোৱা লোকৰ।
  • পালেং শাক আদি ধুই লৈহে কাটিব লাগে। প্ৰায়ভাগে শাকখিনি কাটি লৈহে ধুৱে। এনেদৰে ধোৱাৰ ফলত শাকৰ পুষ্টিমূল্য ভালেখিনি নষ্ট হয়।
  • পালে শাক, জলকীয়া, জলফাই, বন্ধাকবিৰ কোমল অংশ, বিলাহী আদি চালাড কৰি খালে বেছি পুষ্টি মূল্য লাভ কৰিব পাৰি।
  • বন্ধাকবি আদি বেছিকৈ খাব নালাগে। কিয়নো এনেধৰণৰ খাদ্য বেছিকৈ গ্ৰহণ কৰিলে ভৱিষ্যতে গঁৰল ৰোগ হোৱাৰ আশংকা থাকে।
  • পচি যোৱা কমলা টেঙা নাখাব। কিয়নো এনেধৰণৰ পচা কমলা খালে শৰীৰৰ অপকাৰ হয়।
  • বতৰৰ শাক খাব লাগে বুলিয়ে প্ৰতি সাঁজতে খাব নালাগে। তেনে কৰিলে শৌচ পাতল হ’ব পাৰে।
  • বিলাহী, জলফাই আদি ৰান্ধি আঞ্জা খোৱাতকৈ কেঁচাইহে খোৱা উচিত।
  • পিঁয়াজ কলি, ধনিয়া পাত আদি ৰান্ধি খাব পাৰি নতুবা চালাড আদিতো দি খালে উপকাৰ লাভ কৰিব পাৰি।
  • ফুলকবি, বন্ধাকবি, মূলা আদি খালে বিশেষ ক্ষতি হোৱাৰ আশংকা নাথাকে যদিও সময়ত ই গঁৰল ৰোগৰো উৎস হ’ব পাৰে। এইকেইবিধ পাচলিত গ্লুক’ছিনলেই নতুবা থায়’গ্লুক’ছাইড নামৰ এবিধ পদাৰ্থ থাকে যিয়ে গঁৰল ৰোগ সৃষ্টিত প্ৰত্যক্ষভাৱে অথবা পৰোক্ষভাৱে ভূমিকা গ্ৰহণ কৰে।
  • দীৰ্ঘদিন ধৰি এনেধৰণৰ খাদ্য খালে শৰীৰত আয়’ডিনৰ অভাৱ হয়। আয়’ডিনৰ অভাৱত শৰীৰৰ বিশেষ ক্ষতি হয়। আনহাতে গৰ্ভাৱস্থাত যদি মহিলাগৰাকীৰ শৰীৰত আয়’ডিনৰ অভাৱ হয়, তেতিয়াহ’লে গৰ্ভস্থ শিশুটিৰ শাৰীৰিক-মানসিক বিকাশত বাধা জন্মাটো নিশ্চিত।
  • বন্ধাকবি আৰু ফুলকবিত থকা ভিটামিন ‘কে’ ৰক্তক্ষৰণ বন্ধ হোৱাত সহায়ক। শৰীৰৰ পৰা তেজ ওলালে বন্ধ কৰাৰ ক্ষেত্ৰত এইবিধ ভিটামিনে বিশেষ ভূমিকা গ্ৰহণ কৰে। গৰ্ভস্থ শিশুৱে মাতৃগৰাকীৰ শৰীৰৰ পৰা এইবিধ ভিটামিন লাভ কৰে।
  • যদিহে কোনোবিধ শাক-পাচলি বা বতৰৰ ফল খালে শৰীৰৰ ক্ষতি হয় বিশেষকৈ পেটৰ সমস্যা আদিয়ে দেখা দিয়ে তেতিয়া এগৰাকী পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
  • এই সময়ত প্ৰায়ভাগ লোকৰে কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিয়ে। সেইবাবে শীতত মাছ-মাংস আদি বেছিকৈ খোৱাৰ পৰিৱৰ্তে শাক-পাচলি আদি খোৱাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিব লাগে।
  • শাক-পাচলিৰ লগতে ফল পৰিষ্কাৰ পানীত ধুব লাগে। কিয়নো মাটিত থকা ব’টুলিয়াম ট’ক্সিন এনেধৰণৰ শাক-পাচলিৰ স’তে শৰীৰত প্ৰৱেশ কৰি বিপদ ঘটাব পাৰে। প্ৰায়ভাগ লোকে ব’টুলিয়াম ট’ক্সিনৰ পৰা যে শৰীৰৰ অভাৱনীয় ক্ষতি হ’ব পাৰে সেই বিষয়ে অজ্ঞ। প্ৰকৃতিৰ বুকুত থকা এইবিধ ট’ক্সিন যাতে শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে সেইবাবে পৰিষ্কাৰ পানীত ভালদৰে ধুব লাগে।

(উৎসঃ দৈনিক অগ্ৰদূতৰ পৰিপূৰিকা, অনুলিখনঃ নয়ন কুমাৰ শৰ্ম্মা)।

3.08333333333
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top