অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ৰক্ষাত তামৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতা

স্বাস্থ্য ৰক্ষাত তামৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতা

আইৰনৰ পৰা হিম’গ্লবিন পৰিৱৰ্তিত হ’বলৈ কপাৰ বা তামে সহায় কৰে। তেজৰ ৰক্তকণিকাবোৰক উজ্জীৱিত কৰাতো তামে সহায় কৰে।

মানৱ শৰীৰত প্ৰায় ৭৫ মিলিগ্ৰামৰ পৰা ১৫০ মিলিগ্ৰাম কপাৰৰ প্ৰয়োজন হয়। অৱশ্যে নৱজাতকৰ বাবে ইয়াৰ পৰিমাণ বহু পৰিমাণে অধিক হ’ব লাগে।

আমাৰ যকৃত, মস্তিষ্ক, কিডনী, হৃদযন্ত্ৰ আৰু চুলিৰ বাবে তামৰ প্ৰয়োজন অধিক হ’ব লাগে। গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো কপাৰ বা তামৰ প্ৰয়োজন হয়।

মানুহৰ শৰীৰত তাম বহু এনজাইমৰ দ্বাৰা গঠন হয় আৰু কেইবিধমান তেজত থকা প্ৰ’টিনৰ দ্বাৰা ই গঠিত হয়।

আমাৰ শৰীৰত তামৰ প্ৰয়োজন কি হ’ব পাৰে, সেই বিষয়ে জানিবলৈ হ’লে প্ৰথমে ক’ব লাগিব যে আইৰনৰ পৰা হিম’গ্লবিন পৰিৱৰ্তিত হ’বলৈ কপাৰ বা তামে সহায় কৰে।

তেজৰ ৰক্তকণিকাবোৰক উজ্জীৱিত কৰাতো তামে সহায় কৰে। কিছুমান হজম কাৰক এনজাইম সৃষ্টি কৰাত তামে বিশেষ ভূমিকা লয়। ভিটামিন ‘চি’ক কাৰ্যক্ষম কৰি তোলাত তামে সহায় কৰে।

তামৰ উৎস:

কপাৰৰ প্ৰধান উৎস হ’ল- পাণ(Belet Leaves) আৰু শ্বেলফিছ(Shellfish) মানৰ মাছ। তদুপৰি-

  • তামোল,
  • বাদাম আৰু কোমল পানী(Soft Water),
  • টেপৰ পানী আদিত তামৰ পৰিমাণ যথেষ্ট বেছি থাকে।

তামৰ অভাৱত হোৱা বেমাৰবোৰ:

তামৰ অভাৱত মানুহৰ শৰীৰ দুৰ্বল হয়। হজম শক্তি কম হয়, এনিমিয়া হয়। যিবিলাক শিশু উপযুক্ত সময়ৰ পূৰ্বেই জন্মলাভ কৰে তেওঁলোকৰ শৰীৰত তামৰ অভাৱ হয়।

ফলত ডায়েৰীয়া, ৰক্তহীনতাত ভুগিব পাৰে। তদুপৰি কেঁচুৱাৰ শৰীৰৰ বৃদ্ধি নহয় আৰু ভিটামিনৰ অভাৱ ঘটে।

আথ্ৰাইটিছ ৰোগত তামৰ অভাৱ ঘটাৰ ফলত ৰোগীৰ শৰীৰৰ বিভিন্ন ঠাইত বিষ হয়, গাঁঠিয়ে গাঁঠিয়ে বিষ হোৱাত ৰোগীয়ে চলাফিৰাত কষ্ট পায়। এনে ক্ষেত্ৰত কপাৰ বৰ উপকাৰী। ই মানুহৰ শৰীৰৰ মাংসপেশীৰ বিষ কমায়।

সেয়ে কপাৰৰ গিলাচত নিৰ্মল পানী ৰাতিটো থৈ পিছদিনা খালী পেটত সেই পানী খাব লাগে। তদুপৰি কপাৰ বা তামৰ আঙঠি, ব্ৰেছলেট, খাৰু আদি পিন্ধিলে তামৰ অভাৱ গুচে।

প্ৰাচীন কালত ইজিপ্তিয়ান, স্কেণ্ডিনেঙীয়ান, ছাউথ আমেৰিকা, নৰ্থ আমেৰিকাৰ মানুহবিলাকে তামৰ খাৰু পিন্ধিছিল।

তেওঁলোকৰ মাজত বোধ হয় সেইবাবে আৰ্থ্ৰাইটিছ বা বাত বেমাৰী বহুত কম আছিল।

নৰ্থ আমেৰিকাৰ এগৰাকী চিকিৎসক ডাঃ বেৰী অ’বামাই এখন মেডিকেল জাৰ্নালত লিখিছিল- People wore copper bracalets for the relief of aches, and pains.

পেৰু দেশৰ মানুহবিলাকে কপাৰৰ আঙঠি, বালা, খাৰু বৰ্তমান সময়লৈকে পিন্ধি থকা কথা জানিব পৰা গৈছে।

তেওঁলোকে কপাৰ ব্যৱহাৰ কৰি থকাৰ ফলত আজিলৈকে কোনো বাত বেমাৰে তেওঁলোকক আক্ৰমণ কৰিব পৰা নাই বুলি দাবী কৰে।

কপাৰৰ প্ৰসিদ্ধ উৎস:

১০০ মিলিগ্ৰামত।

শাক-পাচলি

মিঃ গ্ৰাম

পাণ

২.৩২

পদুমফুলৰ শিপা

১.২২

বগামূলা

০.৪০

বিলাহী

০.১৯

আলু

০.১৬

ফুলকবি

০১৩

বেঙেনা

০১২

মেথি শাক

০১০

পিঁয়াজ

০১৮

বাদাম জাতীয় বস্তু

মিঃ গ্ৰাম

আখৰুট

১.৬৭

কাজু বাদাম

১.৬৬

শুকান নাৰিকল

১.০০

সৰিয়হৰ বীজ

০.৮৫

ফলমূল:

কমলাটেঙা

০.৫৮

ডালিম

০৩৪

লিচু

০৩০

অমিতা

০.২০

কল

০.১৬

নেমুটেঙা

০.১৭

মাটিকঁঠাল

০১৩

মধুৰি-আম

০.১৪

দাইল জাতীয়:

মচুৰ দাইল

১.৩৭

মটৰ

১.৩২

ৰাজমাহ

১.৪৫

চয়াবিন

১.৩৮

বুট মাহ

১.১৮

অৰহৰ দাইল

১.২৩

মাছ:

শিঙি মাছ

১.৪০

চিতম

০.১৭

বৰালি

০.৫১

ৰৌ মাছ

০.৪০

কাৱৈ মাছ

০.১৬

গৰৈ

০.১৭

বাত, কুহি

০.১৬

লেখক: উপেন দত্ত(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate