মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্বাস্থ্য ৰক্ষাত মেথি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য ৰক্ষাত মেথি

 

প্ৰায় সকলো ভাৰতীয় লোকৰ ঘৰত মেথি গুটি মচলা হিচাপে ব্যৱহৃত হয়।ৰন্ধনত ব্যৱহাৰ হোৱা পাঁচফোৰণৰ তত্ত্বকেইটা হ’ল-চফ,জিৰা,জালুক,কালজিৰা আৰু মেথি।মেথি শাকৰ পৰঠাৰ জুতি অপুৰ্ব।আজিকালি বহুতে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণৰ বাবে ঘৰুৱাভাৱে মেথি গুটিৰ গুৰি ব্যৱহাৰ কৰাৰ কথা শুনিবলৈ পোৱা যায়।এই নিবন্ধৰ যোগেদি মেথি গিটি আৰু মেথি শাকৰ উপযোগিতাৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।

মেথিৰ ব’টানিকেল নাম হ’ল-Trigonella foenum-graecum আৰু ইয়াৰ বংশাৱলী হ’ল Fabaceae (Pea family)

প্ৰাপ্তিস্থান: মেথিৰ সৰ্ববৃহৎ উৎপাদনকাৰী দেশ হ’ল ভাৰতবৰ্ষ।আকৌ ভাৰতৰ ভিতৰত ৮০ শতাংশ উৎপাদন ৰাজস্থানত হয়।আন আন মেথিৰ খেতি কৰা প্ৰদেশৰ নাম হ’ল-পঞ্জাব,হাৰিয়ানা,গুজৰাট,মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশ,মধ্যপ্ৰদেশ আৰু উত্তৰাঞ্চল।

মেথিত কি কি তত্ত্ব অন্তৰ্নিহিত থাকে?

 

১০০ গ্ৰাম মেথিৰ পাতত কেলৰি থাকে ৪৯ কিলো কেলৰি,৮৯ শতাংশ পানী,৬ শতাংশ কাৰ্বোহাইড্ৰেট,৪ শতাংশ প্ৰটিন আৰু ১ শতাংশ ফেট থাকে।ডায়েটৰী ফাইবাৰ,ভিটামিন,খনিজ আদি থাকে পৰ্যাপ্ত পৰিমাণত।

মেথিৰ বীজত থকা খনিজ সমুহ হ’ল-

 

আইৰন,ক’পাৰ,কেলচিয়াম,পটেছিয়াম,মেগনেছিয়াম,মেংগানিজ,চেলেনিয়াম,জিংক।ভিটামিনসমুহ হ’ল-থায়ামিন,ৰাইবোফ্লেবিন,ফলিক এচিড,নিয়াচিন,পাইৰিডক্সিন,ভিটামিন-এ আৰু ভিটামিন-ডি।তদুপৰি আছে এণ্টিঅক্সিডেণ্ট,ফাইটোনিউট্ৰিয়েণ্ট,চেপনিন,পেক্টিন,হেমিচেলোলুজ,টেনিন,মিউচিলেজ আদি।মেথিৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণ থকা দেখা যায়।

কি দৰে ইয়াৰ ব্যৱহাৰ হয়?

 

পৰম্পৰাগত ঔষধি হিচাপে মেথিৰ প্ৰয়োগ-খৃষ্টপুৰ্ব ১৫০০ চনৰ পৰা ইজিপ্তৰ সাঁচিপাত জাতীয় পুথিত মেথিৰ প্ৰয়োগৰ লিখিত বিৱৰণ পোৱা যায়।

ইয়াৰ উপৰি বিভিন্ন দেশত লোক চিকিৎসাত মেথিৰ প্ৰয়োগ কৰা হৈছিল-প্ৰসৱত সহায় কৰিবলৈ,মাতৃদুগ্ধৰ পৰিমাণ বঢ়াবলৈ,ঘাঁ-খহু শুকুৱাবলৈ,পেটৰ বিষ-গ্ৰহণী-আভোক আদিৰ নিৰাময়ৰ বাবে।

‘হু-লা-বা’ হ’ল মেথিৰ বীজৰ পৰা নিৰ্মিত চীনা পৰম্পৰাগত ঔষধ।ইয়াক কিডনী আৰু লিভাৰৰ অসুখ,খহু-ঘা-চৰ্মৰোগ আদিৰ চিকিৎসাত ব্যৱহৃত হৈ আহিছে।

আমাৰ দেশ ভাৰতবৰ্ষতো নানান ৰোগৰ আয়ুৰ্বেদিক চিকিৎসাত মেথিৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে।মেথিৰ বিষয়ে বিজ্ঞানীসকলে কৰা গৱেষণাৰ বিৱৰণ দেশ-বিদেশৰ জাৰ্নেলসমুহত সময়ে সময়ে প্ৰকাশিত হৈ আহিছে।

খাদ্য হিচাপে মেথিৰ ব্যৱহাৰ-মেথিৰ সৰু সৰু বীজ স্বাদিষ্ট মচলা হিচাপে সমগ্ৰ দক্ষিণ এছিয়াত ব্যৱহাৰ হয়।মেথি গুটি উতলাই চাহৰ দৰে খাব পাৰি।মেথিৰ আচাৰ বনাব পাৰি।চাটনি,আঞ্জা আৰু চম্ভাৰত পিচা মেথি গুটি দিয়া হয়।মেথি শাক কুটি লৈ ভাজি বনাই বা পৰঠা বনাই খোৱা হয়।

বিভিন্ন উপকাৰী প্ৰয়োগ-

 

*মাতৃদুগ্ধৰ পৰিমাণ মেথিৰ সেৱনে বৃদ্ধি কৰে।

*ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত মেথি অতি উপকাৰী সিদ্ধ হৈছে।নিয়মীয়া মেথিৰ সেৱনে কাৰ্বোহাইড্ৰেটৰ শোষণ বা আহৰণ কমাই দিয়ে আৰু শৰীৰৰ ভিতৰৰ ইনচুলিনৰ সক্ৰিয়তা বৃদ্ধি কৰে।HB 1Cৰ লেভেল কমোৱাত সহায়ক।

*হৃদৰোগত সম্ভাৱনা হ্ৰাস কৰে।অহিতকাৰী ক’লেষ্টৰল,এল ডি এল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ তেজৰ পৰা কমায় আৰু উপকাৰী এইচ ডি এলৰ পৰিমাণ বৃদ্ধি কৰে।

*তেজৰ নলীত চৰ্বিৰ তৰপ জমা হ’বলৈ নিদিয়ে যাৰ দ্বাৰা Atherosclerosis,Stroke ৰোধ হয়।হৃদগতি আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।

*মেদবহুলতা ৰোধ কৰে।

*চুলি অকালতে পকা আৰু সৰা ৰোধ কৰে।উফিৰ সমস্যা পিচা মেথি আৰু দৈৰ মিশ্ৰণ চুলিত সপ্তাহত ২/৩ দিন ঘঁহিলেই আঁতৰ হয়।

*শালমন,খহু,মুখৰা ঘা আদিত পিচা মেথি লগালেই সোনকালে উপশম ঘটে।

*মহিলাৰ নানাবিধ সমস্যা আৰোগ্য কৰে-অনিয়মীয়া মাহেকীয়া, বগা স্ৰাৱ,এনিমিয়া,ৰজোনি বৃত্তিৰ চিকিৎসা আদিত ফলপ্ৰসু।

*মহিলাৰ স্তনৰ বিকাশ-মেথি,চফ,মিচিৰি পিচি গাখীৰত মিহলাই খালে সৰু আকাৰৰ স্তনৰ আকাৰ বৃদ্ধি হ’বলৈ ধৰে।

*পেটৰ অসুখ গ্ৰহণী,বদহজমী,বিষ আদিৰ উপশম ঘটায়।

*শৌচ-কচা আঁতৰ কৰে।

* Anorexia Nervosa নামৰ ভোক নলগা ৰোগৰ চিকিৎসাত উপযোগী।

*কলোন,প্ৰষ্টেট আদিৰ কৰ্কটৰোগ প্ৰতিৰোধক।

*শ্বাসাৰোগ,হাপানীৰ চিকিৎসাত উপযোগী।

*চৰ্মৰ উজ্জ্বলতা বঢ়াবলৈ,বয়সৰ আঁচোৰ কমাবলৈ,মুখমণ্ডলৰ দাগ আঁতৰাবলৈ,একজিমা আদিত মেথি পিচি প্ৰলেপ লগাব লাগে।

*ডিঙিৰ বিষ আৰু কাহৰ উপশম ঘটোৱাত সহায়ক।

*গাৰ বিষ,বাতৰ বিষৰ চিকিৎসাত উপকাৰী।

*কিডনী আৰু লিভাৰক মেথিয়ে সুৰক্ষিত ৰাখে।

*পুৰুষৰ যৌন শিথিলতা আঁতৰোৱাত সহায়ক।

*চাবোন আৰু প্ৰসাধন সামগ্ৰী মেথি গুটিৰ পৰা নিৰ্মাণ হয়।

সতৰ্কতা আৰু পাৰ্শ্বক্ৰিয়া-

 

*বেছি পৰিমাণত মেথি ভক্ষণে জৰায়ুৰ সংকোচন ঘটাই গৰ্ভৱতী মহিলাৰ গৰ্ভপাত কৰাব পাৰে।

*ডায়েবেটিছৰ দৰবৰ লগতে মেথি ভক্ষণে তেজৰ শৰ্কৰাৰ পৰিমাণ যাতে অতিমাত্ৰা(Hypoglycemic state লৈ) নকমায় তালৈ সতৰ্ক হোৱা বাঞ্চনীয়।

*খালী পেটত বেছি পৰিমাণত বেছিদিনলৈ মেথি খালে এচিডিটি হ’ব পাৰে।

ঔষধ হিচাপে মেথি গুটিৰ এদিনৰ ড’জ হ’ল ১০ ৰ পৰা ৩০ গ্ৰাম।

মোখনিত মেথিৰ ঔষধি হিচাপে প্ৰয়োগ বিধিৰ বিষয়ে দুআষাৰ লিখাৰ আৱশ্যকতা বোধ কৰিলোঁ।আশা কৰোঁ কথাখিনি পঢ়িলে পাঠকৰ সকলো জিজ্ঞাসাৰ নিবাৰণ হ’ব।

কি কি দৰে মেথি গ্ৰহণ কৰিব পাৰে?

*মেথি শাক কুটি আন পাচলি যেনে বিলাহী,তিঁয়হ,পিঁয়াজ আদিৰ সৈতে মিহলাই গ্ৰহণ কৰিব পাৰে।

*মেথি গুটি পানীত ৰাতিটো তিয়াই থৈ সেই পানীখিনি আৰু ভিজোৱা গুটিকেইটা সুকীয়াকৈ খাব পাৰে।ভিজোৱা মেথি গুচি চোবাওঁতে প্ৰথম কেইদিনমান তিতিকি লাগিলেও ক্ৰমে আপুনি অভ্যস্ত হৈ পৰিলে স্বাদ ভালেই লাগিবলৈ ধৰিব।

*আকৌ তিওৱা মেথি গুটি গজালি মেলায়ো চোবাই খাব পাৰে।

*মেথি গুটি কেৰাহিত শুকানে কিছুপৰ ভাজি মিক্সিত গুৰি কৰি সেইখিনি ভাত বা আন খাদ্যৰ সৈতে মিহলাই খাব পাৰে।

*মেথি গুটি পানীত উতলাই চাহৰ দৰে দিনটোত ৩ বা ৪ পিয়লা খাব পাৰে।

*পিচা মেথি গুটিৰ গুৰি দৈৰ সৈতে মিহলাই দিনে ৩ বাৰ খাব পাৰে।

এটা কথা মনত ৰাখিব-এক চাহ চামুচত আনুমানিক ১০ গ্ৰাম মেথি গুটি ধৰে।সেই হিচাপে আপুনি দিনটোত সৰ্বোচ্চ ৩ চামুচ মেথি গুটি খাব পাৰিব।

মেদবহুলতা কমাবলৈ এমাহৰ অধিক কাল নিয়মীয়াকৈ মেথি দিনে ৩ বাৰকৈ গ্ৰহণ কৰিব লাগিব।খাদ্য সন্তুলিত মাত্ৰাত নিয়ন্ত্ৰিত কৰি ৰাখিব লাগিব।

ডায়েবেটিছ ৰোগীয়ে মেথি সেৱন কৰিলে নিজৰ তেজ সময়ে সময়ে পৰীক্ষা কৰাই ইনচুলিনৰ বা খোৱা দৰবৰ পৰিমাণ মিলাই ল’ব লাগিব।

লেখক:ডা: ভুপেন শইকীয়া (নিয়মীয়া বাৰ্তা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top