মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্বাস্থ্য ৰক্ষাৰ বাবে ব্ৰুকলীৰ খেতি কৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য ৰক্ষাৰ বাবে ব্ৰুকলীৰ খেতি কৰক

কবিখেতিৰ বতৰত ফুলকবিৰ দৰে আৰু এটা শস্য অসমৰ মাটি আৰু জলবায়ুত কৰিব পাৰি

 

 

কবিখেতিৰ বতৰত ফুলকবিৰ দৰে আৰু এটা শস্য অসমৰ মাটি আৰু জলবায়ুত কৰিব পাৰি। সেইটো হৈছে ব্ৰুকলীৰ খেতি। শস্যবিধ দেখাত ফুলকবিৰ দৰে কিন্তু কবিটোৰ ৰং সেউজীয়া। ই এবিধ পুষ্টিকৰ পাচলি, কাৰণ ব্ৰুকলীত যথেষ্ট পৰিমাণে প্ৰটিন, শ্বেতসাৰ আৰু কম বেছি পৰিমাণে সকলোবিধ প্রয়োজনীয় ভিটামিন এ, বি, চি, ই আৰু খনিজ লৱণ পোৱা যায় যদিও ভিটামিন ‘এ’ৰ পৰিমাণ বেছি। ব্রুকলী খেতিৰ এটা উল্লেখনীয় দিশ হৈছে যে কবিৰ অগ্র মুকুলত থকা সেউজীয়া কবিটো কাটি অনাৰ পাছত গছত থকা প্ৰতিটো পাতৰ গুৰিয়েদি একোটা সৰু সৰু ব্রুকলীৰ উৎপাদন হয় আৰু এইবিলাক মূল কবিটো কাটি অনাৰ ২৫-৩০ দিনৰ পাছত কাটিব পৰা হয়। ফলস্বৰূপে এজোপা গছৰ পৰা গড় হিচাপে প্রায় এক কিল’গ্রাম মানকৈ কবিৰ উৎপাদন হয়। ব্ৰুকলী খেতিৰ বাবে ওখ, ৰ’দ ঘাই বালিচহীয়া সাৰুৱা মাটিৰ আৱশ্যক। যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা পলসুৱা মাটিতে এই খেতি কৰিব পাৰি। অসমৰ জলবায়ু বিশেষকৈ খৰালি কাল ব্ৰুকলী খেতিৰ বাবে উত্তম। ব্ৰুকলীৰ আগতীয়া সঁচবোৰ হৈছে আৰ্লি দেনীছ ডায়েট, দিচিক গ্ৰীনবাদ, স্পাৰটন আৰ্লি, কষ্টেল আৰু আটলাণ্টিক। এই সঁচবোৰ পুলি ৰোৱাৰ ৬-৭ সপ্তাহৰ পাছত কবি চপাব পৰা হয়। মধ্যমীয়া সঁচবোৰ হৈছে গ্রীন স্পাউটিং মিডিয়াম, আটলাণ্টিক ইত্যাদি। ইহঁতৰ কবি চপাব পৰা হয় কবি ৰোৱাৰ ৭০-৮০ দিনৰ পাছত। আৰু শেহতীয়া সঁচবোৰ হৈছে ৱালথাম ২৯, গ্রীন মাউণ্টেন, কাষ্টল আৰু আটলাণ্টিক ইত্যাদি, এই সঁচৰ পুলি ৰোপণ কৰাৰ ১০০ দিনৰ পাছত কবি চপাব পৰা হয়। ব্রুকলীৰ পুলি পুলিবাৰীত কবি, বেঙেনা, কৰি ল’ব লাগে। এবিঘা মাটিত প্রয়োজন হোৱা পুলিৰ বাবে ৭০-৯০ গ্রাম বীজৰ প্রয়োজন হয় আৰু ৭.৫ বিঘা বা এক হেক্টৰ মাটিৰ বাবে ৫০০-৬০০ গ্রাম বীজৰ প্রয়োজন হয়। ব্রুকলীৰ খেতিপথাৰত পোনে পোনে বীজ সিঁচিও কৰিব পাৰি। পথাৰত হাল-কোৰ মাৰি প্রয়োজনীয় গোবৰ সাৰ প্রয়োগ কৰাৰ ৫-৬ দিন পাছত বীজ সিঁচিব লাগে। এক হেক্টৰ বা চাৰে সাতবিঘা মাটিৰ বাবে ১-১.৫ গ্রাম বীজৰ প্রয়োজন হয়। খেতিৰ বাবে প্ৰয়োজনীয় মাটিত কেইবাবাৰো হাল-কোৰ মাৰি শেষৰ বাৰ হাল মৰাৰ আগতে বিঘাই প্রতি ১০ কুইণ্টল গোবৰ বা পচন সাৰ, ইউৰিয়া ২৫-৫০ কিঃ গ্রাঃ, একক ছুপাৰ ফছফেট ৫০-৭০ কিঃগ্ৰাঃ, মিউৰেট অব পটাছ ৮-১২ কিঃ গ্রাঃ আৰু এক কিল’গ্রাম বৰাক্স সাৰ প্রয়োগ কৰিব লাগে। পাছত হাল মাৰি সাৰখিনি মিহলাই মৈয়াই দি ৫-৬ দিনৰ পাছত পুলি ৰোপণ কৰিব লাগে। শস্যৰ পথাৰত সম্পূর্ণ ভাগ গোবৰ, আধা ভাগ ইউৰিয়া সাৰ (১২-২৫ কিঃ গ্রাঃ) সম্পূর্ণ ভাগ ছুপাৰ ফছফেট আৰু মিউৰেট অব পটাছৰ লগত বৰাক্স সাৰ প্রয়োগ কৰি, বাকী থকা আধাভাগ ইউৰিয়া সাৰ পথাৰত পুলি ৰোৱাৰ এমাহৰ পাছত পুলিৰ চাৰিওফালে লোৰ কৰি বা দুটা শাৰীৰ মাজৰ ঠাইডোখৰত সাৰ প্রয়োগ কৰি মাটি জাপি দিব লাগে। পথাৰত পুলি ৰোৱাৰ পৰা ১০ দিন মানলৈ আবেলি এবাৰ পাতলীয়া পানী যোগান ধৰাতো আৱশ্যক যাতে পুলিটো সোনকালে সজাল ধৰে। পাছত প্রতি ১০-১২ দিনৰ ব্যৱধানত খৰাং বতৰত পানীৰ যোগান ধৰিব লাগে। শস্য ডৰাত এমাহৰ অন্তৰত এবাৰ বন-বাত নিৰাব লাগে। পুলি ৰোৱাৰ এমাহৰ পাছত বাকী থকা আধাভাগ ইউৰিয়া সাৰ প্রয়োগ কৰি পাছত গুৰিত মাটি চপাই দিয়া উচিত। শস্যডৰা পোক আৰু বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ নিয়মিতভাৱে শস্যডৰা চোৱা-চিতা কৰি থাকিব লাগে যাতে শস্যৰ অনিষ্টকাৰী পোক বা বেমাৰে আক্রমণ কৰিলে লগে লগে তাৰ প্রতিকাৰৰ ব্যৱস্থা কৰিব পৰা যায়। পাতখোৱা পোক বা পলু আৰু মোৱা পোকৰ আক্রমণ হ’লে এচামুচ মালাথিয়ান ৫০ ই চি দৰৱ তিনিলিটাৰ পানীত মিহলাই শস্যৰ পথাৰত ছটিয়াব লাগে। মাটিত থকা ভুৰ পোক, উঁই, ৰঙা পৰুৱা আদিৰ পৰা ৰক্ষা পাবৰ বাবে বিঘাই প্রতি ২.৫ কিঃগ্ৰাঃ মালাথিয়ান পাউদাৰ বা ৫ কিঃ গ্ৰাঃ সৰিয়হৰ খলিহৈ সমভাৱে প্রয়োগ কৰিব লাগে। ব্রুকলীৰ গুৰি অংশ ক’লা পৰি লাহে লাহে পাতবোৰ হালধীয়া পৰি পুলিটো মৰি যাব ধৰিলে আক্রান্ত গছৰ চাৰিওফালে মাটিত ১০০ পি পি এম শক্তিৰ ষ্টেপটোমাইচিন দৰৱৰ মিশ্রণ প্রয়োগ কৰিব লাগে। এক শতাংশ শক্তিৰ বৰডা মিশ্রণ প্রয়োগ কৰিও সুফল পাব পাৰি। আগতে ১০ মিনিট সময়ে ৪৫° উষ্ণতাত গৰম পানীত তিয়াব লাগে। শস্য চপোৱাৰ ১২-১৫ দিনৰ আগত কেতিয়াও ঔষধ প্রয়োগ কৰিব নালাগে। কবিডৰাত কবিৰ ফুলৰ কলি বিলাক থুপ খাই টান হৈ ফুলকবিৰ দৰে হৈ থকা অৱস্থাত কবিটো কাটি আনিব লাগে। কবি চপোৱাৰ পাছত গছৰ গুৰিত গোবৰ প্রয়োগ কৰি পাতলীয়াকৈ পানীৰ থকা পাতবোৰৰ গুৰিত সৰু সৰু ব্রুকলী গজি উঠে। যিবিলাক ২০-২৫ দিনৰ পাছত আকৌ চপাব পাৰি।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

 

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top