মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্বাস্থ্যকৰ আহাৰ: কুইনোৱা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যকৰ আহাৰ: কুইনোৱা

স্বাস্থ্যকৰ আহাৰ: কুইনোৱাৰ বিষয়ে লিখা হৈছে

 

কিছুদিনৰ পৰা প্ৰ’টিনসমৃদ্ধ আৰু ঘেঁহুৰ বিকল্প খাদ্য হিচাপে কুইনোৱা নামৰ আহাৰবিধ বেছ জনপ্ৰিয় হৈ উঠিছে। কো লিউইন নামৰ আহাৰ বিশেষজ্ঞজনে কুইনোৱা কেনেকৈ ৰান্ধিব লাগে আৰু ইয়াত থকা পৰিপুষ্টিৰ বিষয়ে এই আধুনিক খাদ্যবিধৰ বিষয়ে ৰাইজক আভাস দিবলৈ চেষ্টা কৰিছে।

কুইনোৱাৰ পৰিচয়-

 

কুইনোৱা শব্দটোক ‘কিন-ৱা’ বুলিহে উচ্চাৰণ কৰা হয়। ঘেঁহুৰ বিকল্প হিচাপে এই আহাৰবিধত যথেষ্ট শ্বেতসাৰ আছে। কুইনোৱা দুই প্ৰকাৰৰ আছে-ৰঙা আৰু কিছু বগা ৰঙৰ দুয়োবিধেই ৰন্ধাৰ পিচত সামান্য তিতা হয়। কোমল হোৱাৰ লগে লগে সিহঁতৰ গাত বগা নেজৰ দৰে অংশবোৰ দেখা যায়।

দক্ষিণ আমেৰিকাত (পেৰু, চিলি আৰু বলিভিয়া) হাজাৰ বছৰজুৰি প্ৰধান আহাৰ্য হিচাপে কুইনোৱাৰ খেতি কৰি থকা হৈছে। অলপতে ইংলেণ্ড আৰু উত্তৰ আমেৰিকাত ইয়াক ঘেঁহু আৰু ধানৰ বিকল্প হিচাপে প্ৰধান আহাৰ হিচাপে তালিকাভুক্ত কৰা হৈছে। কুইনোৱাক যদিও প্ৰধান খাদ্য হিচাপে স্বীকৃতি দিয়া হৈছে, ইয়াত মূলত বীট, পালেং আদি পৰিয়ালৰ সৈতে সম্পৰ্ক আছে।

পৰিপুষ্টিৰ বিষয়ে এটি আভাস-

 

২০১৩ চনত সন্মিলিত ৰাষ্ট্ৰসংঘই কুইনোৱা বৰ্ষ উদযাপন কৰিছে, যাতে এইবিধ শস্যৰ উচ্চ মানৰ পৰিপুষ্টি সম্পৰ্কে ৰাইজ সজাগ হৈ পৰে। চাউল বা বাৰ্লিৰ তুলনাত কুইনোৱাত দুগুণ অধিক প্ৰ’টিন আছে। তদুপৰি ই কেলচিয়াম, মেগনেচিয়াম আৰু মেংগানিজৰ ভঁৰাল। কুইনোৱাত যথেষ্ট পৰিমাণৰ বি-ভিটামিন, ই-ভিটামিন আৰু আঁহজাতীয় পদাৰ্থ আছে।

ৰন্ধাৰ পিচত কুইনোৱা সোপোকা আৰু ক্ৰীমৰ দৰে হৈ পৰে যদিও ই খাবলৈ কিছু পৰিমাণে মচমচীয়াও হৈ পৰে। ৰন্ধাৰ পিচত কুইনোৱাক প্ৰাত:ভোজন, দিবা আহাৰ অথবা নৈশ আহাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। সকলো শস্যৰ ভিতৰত কুইনোৱা হৈছে এলাৰ্জিমুক্ত খাদ্য। কুইনোৱাত নবিধ উপকাৰী এমিনো এচিড থাকে।

এশ গ্ৰাম কুইনোৱাত থাকে

৩৬৮ কেলৰি, ১৪ গ্ৰাম প্ৰ’টিন, ৬ গ্ৰাম চৰ্বি, ৬৪ গ্ৰাম কাৰ্বহাইড্ৰেট, ৭ গ্ৰাম আঁহজাতীয় দ্ৰব্য।

কুইনোৱাক সিজালে ইয়াৰ গুটিটোৰ আৱৰণটোৱে ফেনৰ সৃষ্টি কৰে। চেপ’নিন্‌ বুলি কোৱা এই আৱৰণটো কিছু তিতা। সেয়েহে কুইনোৱা ৰান্ধিবৰ পৰত বৰ ভালকৈ ধুই আৱৰণবোৰক চালনীত ঘঁহি আঁতৰাই দিব লাগে। তাৰ পিচত আপুনি ভাত ৰন্ধাৰ দৰেই কুইনোৱা পানীত সিজাই ৰান্ধিব পাৰিব।

কুইনোৱা কিনিবৰ সময়ত লক্ষ্য কৰিব, যাতে কুইনোৱা থকা পেকেটটোত কোনো ফুটা নাথাকে, কাৰণ সেমেকা জলীয় বাষ্পই কুইনোৱাৰ সতেজতা হ্ৰাস কৰি পেলায়। বতাহ সোমাব নোৱাৰা পাত্ৰত কুইনোৱা ভৰাই টানকৈ সাঁফৰ মাৰি পাত্ৰটোক ঠাণ্ডা বা শীতল ঠাইত ৰাখিলে ইয়াক কেইবা মাহৰ বাবে ভালে ৰাখিব পৰা যায়।

ৰাইজৰ মাজত কুইনোৱাৰ জনপ্ৰিয়তা-

 

কুইনোৱাৰ জনপ্ৰিয়তালৈ চাই কুইনোৱাৰ বজাৰমূল্য কিছু বাঢ়িছে। স্থানীয় এণ্ডিজ ৰাইজে কুইনোৱাক কিনিব নোৱাৰাত পৰিছে। অথচ তেওঁলোকৰ মাজত অতি জনপ্ৰিয় হৈ পৰা জাংকফুডবোৰ আমদানি কৰিবলৈ কুন্ঠাবোধ নকৰে। অৱশ্যে যিবোৰ পথাৰত আন শস্যৰ খেতি কৰা হৈছিল তাত তেওঁলোকে কুইনোৱাৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ কৰ্তব্য হ’ব যে, পুষ্টিকৰ কুইনোৱাৰ খেতি কৰাৰ কাৰণে কৃষক ৰাইজক উৎসাহ দিব লাগে।

উৎস: সাদিন।

3.10344827586
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top