মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্বাস্থ্যবিচিত্ৰা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যবিচিত্ৰা :

স্বাস্থ্যবিচিত্ৰাৰ বিষয়ে লিখা হৈছে ।

 

কঁঠালৰ মুচিৰ ন-গুণ -

কঁঠাল এবিধ ফল যদিও ইয়াক পাচলি হিচাপে কোমল অৱস্থাত আঞ্জা ৰান্ধি খোৱা হয়। ইয়াত ভিটামিন এ, চি, থাইমিন, পটেছিয়াম, কেলচিয়াম, ৰাইব’ফ্লেভিন, আইৰন, নিয়াচিন আৰু জিংক ভৰপূৰ মাত্ৰাত পোৱা যায়। আনহাতে কঁঠালৰ মুচিৰ আঞ্জা খালে শৰীৰৰ বিভিন্ন উপকাৰত আহে। কঁঠালৰ মুচিত যথেষ্ট ভিটামিন এ থাকে। ই চকুৰ দৃষ্টিশক্তি বঢ়ায় আৰু ৱহালৰ উজ্জ্বলতা বঢ়ায়। কঁঠালৰ মুচিত কেলৰি নাথাকে বিপৰীতে পটাছিয়াম যথেষ্ট পৰিমাণে থাকে। সেয়ে ই হৃদৰোগীৰ উপযুক্ত খাদ্য। ই উচ্চ ৰক্তচাপ ৰোগীৰো পথ্য। গাঁঠিৰ বিষ কমোৱাতো ই উপাদেয় হিচাপে চিহ্নিত হৈছে। এনিমিয়া দূৰ কৰাতো কঁঠালৰ মুচিৰ আঞ্জা অতি উপাদেয়। এনিমিয়াৰ পৰা বচোৱাৰ লগতে ই ৰক্তসঞ্চালন নিয়মীয়া কৰে। আলচাৰ আৰু পাচন ক্ৰিয়াতল ভুগি থকাসকলৰ বাবে ইয়াৰ আঞ্জা ঔষধৰ দৰে। কোষ্ঠকাঠিন্য দূৰ কৰাতো কঁঠালৰ মুচিৰ আঞ্জা উপকাৰী। কঁঠালৰ মুচিক কোৱা হয় নিৰোগী আৰু পূৰ্ণ পুষ্টিৰে ভৰা পাচলি।

 

নিয়মিত খাওক জিৰা -

মচলাৰ ভিতৰত অন্যতম হ’ল জিৰা। আপোনাৰ খাদ্য তালিকাত প্ৰতিদিনে সামান্য পৰিমাণৰ জিৰা সংযোগ কৰি আপুনি পাব পাৰে বিভিন্ন শাৰীৰিক সমস্যাৰ সমাধান। জিৰাই পাচনতন্ত্ৰৰ শক্তি বঢ়ায়, পেটৰ সমস্যা নোহোৱা কৰে, গেছ, কোষ্ঠকাঠিন্য নিৰাময় কৰে, ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে, একজিমাৰ দৰে ছালৰ বিভিন্ন বেমাৰ নাশ কৰে, ই ৰক্ত শোধন কৰে, ডায়েৰীফ্যাৰ পৰা আঁতৰত ৰাখে, চৰ্দি-কাহৰ বাবে আৰামদায়ক, এচিডিটী তাৎক্ষণিকভাৱে নোহোৱা কৰে, ডায়বেটিছ ৰোগীৰ বাবেও জিৰা মহৌষধ হিচাপে চিহ্নিত হৈছে।

 

গৰমৰ বন্ধু তিয়ঁহ -

লাহে লাহে গৰম বাঢ়ি আহিছে। এই সময়ত সুস্বাস্থ্য অটুট ৰখাৰ বাবে তথা সৌন্দৰ্য ৰক্ষাৰ বাবে বন্ধু হৈ পৰে তিয়ঁহ। গৰমত গেছ, কোষ্ঠকাঠিন্য আদিৰ লগতে বদহজম হয়। তিয়ঁহে পাচনক্ৰিয়া সহজ কৰে। গ্ৰীষ্মৰ আন এক সমস্যা ডিহাইড্ৰেচনৰ পৰা মুক্ত থাকিবলৈ প্ৰতিদিনে এটাকৈ তিয়ঁহ খাব পাৰে। গৰমত ৰ’দৰ বাবে শৰীৰ ক’লা পৰা, ছালৰ বিভিন্ন ঘামচিকে ধৰি বিভিন্ন সমস্যা আহে, তিয়ঁহ নিয়মিত খালে এনে সমস্যাৰ পৰা মুক্তি পাব পাৰি।

লেখক: উৎপল কুমাৰ কলিতা(নিয়মীয়া বাৰ্তা)

3.04347826087
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top