মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্বাস্থ্যৰ বাবে পৰম উপকাৰী বেঙেনাৰ বিষয়ে এখনি ৰচনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যৰ বাবে পৰম উপকাৰী বেঙেনাৰ বিষয়ে এখনি ৰচনা

স্বাস্থ্যৰ বাবে পৰম উপকাৰী বেঙেনাৰ বিষয়ে এখনি ৰচনা লিখা হৈছে

আমাৰ সকলোৰে পৰিচিত আৰু বহুতৰ প্ৰিয় ব্যঞ্জন বেঙেনা উদ্ভিদ বিজ্ঞানৰ মতে পাচলি নহয়, এবিধ ফলহে ৷এই বেঙেনাৰ উপকাৰী গুণসমূহৰ চৰ্চা আজি এই লিখনিৰ মাধ্যমেৰে কৰিব ওলাইছোঁ৷অসমীয়াৰ জন জীৱনত যুগ যুগৰ পৰা প্ৰচলিত "লাউ খা বেঙেনা খা ,বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু বাপেৰ সৰু,তই হ'বি বৰ গৰু" উক্তি ফাকি নুশুনা লোক হয়তো খুব কমহে আছে ৷ গৰু বিহুৰ দিনাখন গৰুক লাউ-বেঙেনা চতিয়াই, নোৱাই-ধুৱাই ন পঘা দিয়াৰপৰম্পৰা আৰু নাহৰৰ পাতত "দেৱ দেৱ মহাদেৱ নীলগ্রীৱ জটাধাৰ। বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে" এনেদৰে লিখি বেৰত গুজি দিয়া প্ৰথাৰ অন্তৰালত ৰোগ-ব্যাধি আৰু অপায় অমংগল নাশ কৰাৰ লোকবিশ্বাসে ক্ৰিয়া কৰিছিল ৷ ইয়াৰ লগতে সংলগ্ন হৈ আছে এশ এবিধ শাকেৰে ৰন্ধা আঞ্জাৰে ভাত এসাজ খোৱা, যাৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা (অৰ্থাৎ ইমিউনিটি) বঢ়াবলৈ প্ৰাকৃতিক ব্যৱস্থা লোৱা হয়। লোকবিশ্বাসমতে জাপানীসকলে নতুন বছৰৰ প্ৰথমদিনা বেঙেনা দেখা পোৱাটো শুভ লক্ষণ বুলি গণ্য কৰে ৷
বুৰঞ্জীয়ে জনোৱামতে খৃষ্টপূৰ্ব ৫৯চনত চীন দেশৰ কৃষক টং য়ুৱে (Tong Yue ) বেঙেনা খেতিৰ বিষয়ে কিছু কথা লিপিবদ্ধ কৰি থৈ গৈছিল ৷ ইয়াৰ পিছত ৫৪৪ খ্ৰীষ্টাব্দত ৰচিত চীনা কৃষি গ্ৰন্থ ‘কিমিন য়াউচা’ত বেঙেনাৰ বিষয়ে অনেক তথ্য লিখি থোৱা দেখা হৈছে ৷ সংস্কৃত সাহিত্যত তৃতীয় শতিকাৰ পৰাহে বেঙেনাৰ বৰ্ণনা পোৱা যায় ৷ ব্ৰিটিছসকলে ১৬শতিকাৰ উদ্ভিদ বিজ্ঞানৰ কিতাপত বেঙেনাৰ বিৱৰণ লিখিব আৰম্ভ কৰে ৷ ১৭৬৭চনৰ ইউৰোপৰ কৃষি সম্পৰ্কীয় লিখনিত বেঙেনাৰ কথাই পোনপ্ৰথমবাৰৰ বাবে ঠাই পায় ৷
বহু হাজাৰ বছৰৰ পৰা বেঙেনাৰ স্বাভাৱিক উৎপত্তিস্থল ভাৰতবৰ্ষ আছিল বুলিয়ে জনা যায় ৷ আজিৰ পৰা প্ৰায় ১৫০০বছৰ আগতে চীন দেশলৈ বেঙেনাৰ সঁচ ভাৰতৰ পৰা যায় ৷ পাৰস্য সাগৰৰ আৰবী ব্যৱসায়ীসকলে বেঙেনাৰ সঁচ ভূমধ্য সাগৰীয় অঞ্চল আৰু আফ্ৰিকালৈ লৈ যায় ৷ ১২শতিকাৰ আৰবী কৃষি বিষয়ৰ কিতাপত বেঙেনাৰ বিষয়ে আলোচনা পোৱা যায় ৷ ১৪শতিকাত ইটালিত বেঙেনাৰ খেতি আৰম্ভ হয় আৰু তাৰ পৰাই বেঙেনাৰ বিস্তাৰ ইউৰোপৰ আন আন দেশলৈ হয় ৷ ১৮০০চনৰ পৰাহে আমেৰিকাত বেঙেনাৰ খেতি আৰম্ভ হয় ৷

গছৰ বৰ্ণনা-

বেঙেনা হ'ল গ্ৰীষ্ম প্ৰধান অঞ্চলৰ কাঁইটীয়া জোপোহা গছ ৷ দেড়ফুটৰ পৰা ৫ফুটলৈ ওখ হব পাৰে ৷ গছৰ আয়ুস সাধাৰণতে দুবছৰ ৷ গছত ফুল আৰু ফল লাগিবলৈ ৫টা মাহ সময় লয় ৷ সাধাৰণতে মাৰ্চ মাহত খেতিয়কে বেঙেনাৰ পুলি ৰুব আৰম্ভ কৰে ৷ প্ৰজাতিভেদে গছত লগা ফলৰ (বেঙেনাৰ) ৰং,আকাৰ আৰু আকৃতি ভিন্ন ভিন্ন হব পাৰে ৷ জাঁত অনুসৰি অসমীয়াত বেঙেনা এনেধৰণৰ হব পাৰে- দীঘলীয়া বৰ বেঙেনা, ঘূৰণীয়া বেঙেনা, কণী বেঙেনা, খাৰুৱা বেঙেনা, ছাগলী শিঙিয়া বেঙেনা আদি ৷ বেচিভাগ বেঙেনাৰ বৰণ বেঙুনীয়া, কিন্তু সম্পূৰ্ণ বগা, সম্পূৰ্ণ সেউজীয়া আৰু পখৰা ৰঙৰ বেঙেনাও দেখিবলৈ পোৱা যায় ৷ আজিৰ দিনত বিশ্বত চীন দেশত বেঙেনাৰ উৎপাদন সৰ্বোচ্চ ৷ সেয়া হ'ল বছৰি ২৮৮লাখ টন ৷ ভাৰতৰ স্থান হ'ল দ্বিতীয় ৷

বেঙেনাৰ বৈজ্ঞানিক নাম- Solanum Melongena


অন্যান্য ভাষাত বেঙেনাক কি বোলে-


ইংৰাজীত – Eggplant, Brinjal, Garden egg, Guinea squash, Melongene
ফৰাচীত – Aubergine, স্পেনিচত - Berenjena
পৰ্টুগিজ ভাষাত – Beringela, চীনা ভাষাত – Qie Zi
হিন্দীত বেগন, কানাড়াত বাদানেকায়ী,তামিলত কাথিৰিকাক্কি, তেলেগুত ভেংগাকায়া, মলয়ালমত ভেৰুটিনা, বড়ো ভাষাত ফানথাৱ, ডিমাচা ভাষাত ফানথাৱ, কাৰ্বিভাষাত হিপি বোলে ৷
বংশ - Solanaceae (আন নাম হ'ল Nightshade family) - আলু, বিলাহী, কেপচিকাম, ভেকুৰি হ'ল বেঙেনাৰ সৈতে একে বংশৰ ৷ ধপাতো হ'ল এই একে বংশৰ ৷

কি কি লাগতিয়াল তত্ব বেঙেনাত অন্তৰ্নিহিত থাকে-


বেঙেনাত থাকে ৯০শতাংশ পানী, কেলৰিৰ মাত্ৰা হ'ল প্ৰতি ১০০গ্ৰামত ২৪, ডায়েটেৰী ফাইবাৰ ৩.৪গ্ৰাম, কাৰ্বোহাইড্ৰট ৫.৭ গ্ৰাম, প্ৰটিন ১গ্ৰাম, ক'লেষ্টেৰলৰ পৰিমান শূণ্য ৷ ইলেকট্ৰলাইট থাকে প'টেচিয়াম ২৩০মিলিগ্ৰাম, চ'ডিয়াম ২মিলিগ্ৰাম ৷ খনিজসমূহ হ'ল কেলিয়াম,ক'পাৰ,আইৰণ, মেংগনিজ, জিংক, মেগনেচিয়াম, ফচফৰাচ আৰু চেলেনিয়াম ৷ ভিটামিনসমূহ হ'ল ফলেট ( আন নাম বি-৯, ফলিক এচিড হ'ল ফলেটৰ পৰা নিৰ্মাণ কৰা এক ৰূপ), নিয়াচিন, পেন্টথেনিক এচিড, পাইিডক্সিন, ৰাইবোফ্লেবিন, থায়ামিন, ভিটামিন-এ, ভিটামিন-চি, ভিটামিন- ই আৰু ভিটামিন-কে ৷ বেঙেনাত এন্থোচায়ানিন নামৰ ফাইটোকেমিকেল বা ফ্লেভনইড থাকে ৷ ই পানীত ঘুলনশীল দ্ৰব্য ৷ বেঙেনাৰ ৰঙ এই এন্থোচায়ানিন পিগমেন্টৰ বাবেই হয় ৷

উপকাৰিতাৰ তালিকা-


• পাক প্ৰণালীৰ বাবে অতি লাগতিয়াল ৷ বেঙেনাৰ ডায়েটৰী ফাইবাৰে শৌচ খোলোচা হোৱাত সহায় কৰে ৷
• ওজন হ্ৰাস কৰাত সহায়ক ৷ কিয়নো বেঙেনা হ'ল কলেষ্টৰ'লবিহীন কম কেলৰিযুক্ত ডায়েটৰী ফাইবাৰ থকা খাদ্য ৷ ফাইবাৰে ভোক নিয়ন্ত্ৰণ কৰি মেদবহুলতা কমায় ৷
• কৰ্কটৰোগৰসম্ভাৱনাকমোৱাতউল্লেখযোগ্যভূমিকা লয় ৷ এন্টিঅক্সিডেন্টে শৰীৰৰ অপকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে ৷ বেঙেনাত থকা পলিফেনল, এন্থোচায়ানিন আৰু ক্লৰ'জেনিক এচিড আদি তত্বই টিউমাৰ কোষ বাঢ়িবলৈ নিদিয়ে ৷ আকৌ ভিটামিন-এৰ গুণৰ হেতুকে হাওঁফাওঁ, বক্ষ, প্ৰষ্টেট, অ'ভেৰি , মূত্ৰাশয়,মুখমণ্ডলৰ কৰ্কটৰোগৰ বিকাশত বাধা দিয়া দেখা যায় ৷
• কলোন বা বৃহৎআন্ত্ৰৰ কেন্সাৰ ৰোধত ডায়েটেৰী ফাইবাৰ উপযোগী ৷
• হাঁড শক্তিশালী কৰে আৰু ক্ষয়ৰোধ (Osteoporosis) কৰে ৷ বেঙে নাত থকা কেলচিয়াম, মেংগনিজ,মেগনেচিয়াম আৰু লৌহ পদাৰ্থই এই ক্ষেত্ৰত লাগতিয়াল ভূমিকা পালন কৰে ৷
• এনিমিয়াৰোধক - ভিটামিন-বি ১২, আইৰণ আৰু ক'পাৰৰ বাবে সেয়া সম্ভৱপৰ ৷
• স্নায়ুতন্ত্ৰ সবলীকৰণ - ফাইটোনিউট্ৰিয়েন্ট, আইৰণ আৰু ভিটামনি-কেৰ উপস্থিতিৰ বাবে তেজ চলাচল সুগম হয়, অক্সিজেন প্ৰবাহ সুচাৰুৰূপে চলি থাকে ৷
• হৃদৰোগৰ পৰা সুৰক্ষা - বেঙেনাই শৰীৰৰ বাবে উপকাৰী এইচ ডি এল কলেষ্টেৰ'ল বৃদ্ধিকৰে ৷ অপকাৰী এল ডি এল কলেষ্টেৰ'ল হ্ৰাস কৰে ৷ ভিটামিন-কে থকা বাবে তেজৰ চেকুৰা নাবান্ধে আৰু তেজৰ সঞ্চালন সুগম হয় ৷ ষ্ট্ৰোক ৰোধ কৰে ৷
• ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে - তেজৰ সুগম চলাচল হোৱা, ধমনীত চৰ্বি জমা হব নিদিয়া, অপকাৰী কলেষ্টৰ'ল কমোৱা গুণৰ বাবে সেয়া সম্ভৱপৰ ৷
• তেজৰ চুগাৰ নিয়ন্ত্ৰণত সহায়ক - কম কেলৰি,কম কাৰ্বোহাইড্ৰেট, বেচি ডায়েটেৰী ফাইবাৰৰ বাবে এয়া সম্ভৱপৰ ৷
• গৰ্ভকালত হব পৰা জেষ্টেচনেল ডায়েবেটিজ বেঙেনাই প্ৰতিৰোধ কৰে ৷
• মাতৃ গৰ্ভত হব পৰা জন্মগত বিকৃতি (যেনে ক্ষুদ্ৰ মস্তিষ্ক,স্পাইনা বাইফিডা) বেঙেনাই প্ৰতিৰোধ কৰে ৷ গৰ্ভস্থ সন্তানৰ নিয়মীয়া বিকাশত বেঙেনা হ'ল লাগতিয়াল তত্ব ৷ কিন্তু কোনো গৰ্ভৱতী মহিলাই অতি মাত্ৰাত বেঙেনা ভক্ষণ নকৰে যাতে অন্যথাই হিতে বিপৰীত হব ৷
• শৰীৰৰ ইমিউনিটি বঢ়োৱাত ভিটামিন আৰু এন্টিঅক্সিডেন্টে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷
• চকুৰ বাবে উপযোগী- চকুৰ ভিতৰৰ চাপ বাঢ়িবলৈ নিদিয়ে ফলত গ্লোক'মাৰ চিকিৎসাত সহায়ক ৷
• নিয়মীয়া বেঙেনাৰ সেৱনে চুলিৰ শ্ৰীবৃদ্ধি বঢ়ায় ৷
• ছালৰ কমনীয়তা বঢ়ায় ৷ মুখমণ্ডলত বয়সৰ আচোঁৰ পৰাত বাধা দিয়ে ৷
• কেঁচা বেঙেনা কাটি লগালে ছালত পৰা ক'লা দাগ আৰু সৰুসুৰা আচিনাই আতৰ হব পাৰে ৷
• অনিয়মীয়া মাহেকীয়া আৰু ঋতুস্ৰাৱ বন্ধ হোৱাৰ চিকিৎসাত উপযোগী ৷

সতৰ্কতা-


• কিডনি আৰু পিত্তৰ পাথৰ থকা লোকে বেঙেনা পৰিহাৰ কৰি চলিব ৷ কিয়নো বেঙেনাই অক্সালেট পাথৰৰ আকাৰ বঢ়াব পাৰে ৷
• মানসিক ৰোগৰ বাবে এন্টিডিপ্ৰেচেন্ট ঔষধ খোৱা লোকে বেঙেনা এৰই চলিব ৷ কিয়নো বেঙেনাত থকা টাইৰামিন নামৰ ৰাসায়নিকৰ সৈতে দৰবৰ সংঘাত (Drug interaction) হব ৷
• বেঙেনাত থকা নাচুনিন নামৰ ৰাসায়নিক পদাৰ্থই শৰীৰ কোষসমূহৰ পৰা লৌহ পদাৰ্থ আহৰণ কৰাৰ ক্ষমতা ৰাখে ৷ সেয়ে গুৰুতৰ ৰক্তহীনতাত ভোগা ৰোগীয়ে অধিক পৰিমানত বেঙেনা খোৱা ক্ষতিকাৰক হব পাৰে ৷
• কেন্সাৰৰ টিউমাৰ কোষ পৰীক্ষণৰ (Carcinoid Tumor Test ) ৪৷ ৫দিন আগৰ পৰাই বেঙেনা খোৱা বন্ধ ৰাখিব লাগে,নহলে ভুল ফলাফল দেখুৱাৰ সম্ভাৱনা থাকে ৷
• কোনো কোনো লোকে বেঙেনা খালে ছাল ৰঙা পৰা,খজুৱতি, ডিঙিৰ খেচখেচনি,ওকালি আদি এলাৰ্জিত ভোগে ৷সেয়া বৰ গুৰুতৰ নহয় আৰু এন্টি-এলাৰ্জিৰ দৰব খোৱালে সহজে ভাল হয় ৷
• কোনো কোনো লোকে বেঙেনা খালে এচিডিটিত ভোগে ৷
• অত্যধিক পৰিমানত বেঙেনা খালে গৰ্ভৱতী মহিলাৰ গৰ্ভপাত হব পাৰে ৷

ডা০ ভূপেন শইকীয়া
ৰচনাকাল ৭আগষ্ট ২০১৭
ঠিকনা- ডোহা, কাটাৰ
ই মেইল : drbksaikia@gmail.com
ৱাটচএপ আৰু ম'বাইল +৯৭৪৩৩৭৩৮৭২
ৱেবচাইট www.drbhupensaikia.com

2.93939393939
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top