মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্বাস্থ্যৰ বাবে পৰম উপকাৰী বেঙেনাৰ বিষয়ে কিছু আলোচনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যৰ বাবে পৰম উপকাৰী বেঙেনাৰ বিষয়ে কিছু আলোচনা :

স্বাস্থ্যৰ বাবে পৰম উপকাৰী বেঙেনাৰ বিষয়ে কিছু আলোচনা কৰা হৈছে ।

 

কি কি লাগতিয়াল তত্ব বেঙেনাত অন্তনিৰ্হিত থাকে?

বেঙেনাত থাকে ৯০ শতাংশ পানী, কেলৰিৰ মাত্ৰা হ'ল প্ৰতি ১০০ গ্ৰামত ২৪, ডায়েটেৰী ফাইবাৰ ৩.৪ গ্ৰাম, কাৰ্বোহাইড্ৰট ৫.৭ গ্ৰাম, প্ৰটিন ১ গ্ৰাম, ক'লেষ্টেৰলৰ পৰিমান শূণ্য৷

উপকাৰিতাৰ তালিকা -

১)পাক প্ৰণালীৰ বাবে অতি লাগতিয়াল৷ বেঙেনাৰ ডায়েটৰী ফাইবাৰে শৌচ খোলোচা হোৱাত সহায় কৰে৷

২)ওজন হ্ৰাস কৰাত সহায়ক৷ কিয়নো বেঙেনা হ'ল কলেষ্টৰ'লবিহীন কম কেলৰিযুক্ত ডায়েটৰী ফাইবাৰ থকা খাদ্য৷ ফাইবাৰে ভোক নিয়ন্ত্ৰণ কৰি মেদবহুলতা কমায়৷

৩)কৰ্কটৰোগৰ সম্ভাৱনা কমোৱাত উল্লেখযোগ্য ভূমিকা লয়৷ এন্টিঅক্সিডেন্টে শৰীৰৰ অপকাৰী ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে৷ বেঙেনাত থকা পলিফেনল, এন্থোচায়ানিন আৰু ক্লৰ'জেনিক এচিড আদি তত্বই টিউমাৰ কোষ বাঢ়িবলৈ নিদিয়ে৷ আকৌ ভিটামিন-এৰ গুণৰ হেতুকে হাওঁফাওঁ, বক্ষ, প্ৰষ্টেট, অ'ভেৰি, মূত্ৰাশয়, মুখমণ্ডলৰ কৰ্কটৰোগৰ বিকাশত বাধা দিয়া দেখা যায়৷

৪)হাঁড় শক্তিশালী কৰে আৰু ক্ষয়ৰোধ(Osteoporosis) কৰে৷ বেঙেনাত থকা কেলচিয়াম, মেংগনিজ, মেগনেচিয়াম আৰু লৌহ পদাৰ্থই এই ক্ষেত্ৰত লাগতিয়াল ভূমিকা পালন কৰে৷

৫)এনিমিয়াৰোধক- ভিটামিন-বি ১২, আইৰণ আৰু ক'পাৰৰ বাবে সেয়া সম্ভৱপৰ৷

৬)স্নায়ুতন্ত্ৰ সবলীকৰণ- ফাইটোনিউট্ৰিয়েন্ট, আইৰণ আৰু ভিটামনি-কেৰ উপস্থিতিৰ বাবে তেজ চলাচল সুগম হয়, অক্সিজেন প্ৰবাহ সুচাৰুৰূপে চলি থাকে৷

৭)হৃদৰোগৰ পৰা সুৰক্ষা- বেঙেনাই শৰীৰৰ বাবে উপকাৰী এইচ ডি এল কলেষ্টেৰ'ল বৃদ্ধিকৰে৷ অপকাৰী এল ডি এল কলেষ্টেৰ'ল হ্ৰাস কৰে৷ ভিটামিন-কে থকা বাবে তেজৰ চেকুৰা নাবান্ধে আৰু তেজৰ সঞ্চালন সুগম হয়৷ ষ্ট্ৰোক ৰোধ কৰে৷


৮)ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে - তেজৰ সুগম চলাচল হোৱা, ধমনীত চৰ্বি জমা হব নিদিয়া, অপকাৰী কলেষ্টৰ'ল কমোৱা গুণৰ বাবে সেয়া সম্ভৱপৰ৷

৯)তেজৰ চুগাৰ নিয়ন্ত্ৰণত সহায়ক - কম কেলৰি, কম কাৰ্বোহাইড্ৰেট, বেচি ডায়েটেৰী ফাইবাৰৰ বাবে এয়া সম্ভৱপৰ৷

১০)মাতৃ গৰ্ভত হব পৰা জন্মগত বিকৃতি(যেনে ক্ষুদ্ৰ মস্তিষ্ক,স্পাইনা বাইফিডা) বেঙেনাই প্ৰতিৰোধ কৰে৷ গৰ্ভস্থ সন্তানৰ নিয়মীয়া বিকাশত বেঙেনা হ'ল লাগতিয়াল তত্ব৷ কিন্তু কোনো গৰ্ভৱতী মহিলাই অতি মাত্ৰাত বেঙেনা ভক্ষণ নকৰে যাতে অন্যথাই হিতে বিপৰীত হব৷

১১)চকুৰ বাবে উপযোগী- চকুৰ ভিতৰৰ চাপ বাঢ়িবলৈ নিদিয়ে ফলত গ্লোক'মাৰ চিকিৎসাত সহায়ক৷

১২)নিয়মীয়া বেঙেনাৰ সেৱনে চুলিৰ শ্ৰীবৃদ্ধি বঢ়ায়৷

১৩) ছালৰ কমনীয়তা বঢ়ায়৷ মুখমণ্ডলত বয়সৰ আচোঁৰ পৰাত বাধা দিয়ে৷

১৪) কেঁচা বেঙেনা কাটি লগালে ছালত পৰা ক'লা দাগ আৰু সৰুসুৰা আচিনাই আতৰ হব পাৰে৷

১৫) অনিয়মীয়া মাহেকীয়া আৰু ঋতুস্ৰাৱ বন্ধ হোৱাৰ চিকিৎসাত উপযোগী৷

সতৰ্কতা –


*কিডনি আৰু পিত্তৰ পাথৰ থকা লোকে বেঙেনা পৰিহাৰ কৰি চলিব৷ কিয়নো বেঙেনাই অক্সালেট পাথৰৰ আকাৰ বঢ়াব পাৰে৷

*মানসিক ৰোগৰ বাবে এন্টিডিপ্ৰেচেন্ট ঔষধ খোৱা লোকে বেঙেনা এৰাই চলিব৷ কিয়নো বেঙেনাত থকা টাইৰামিন নামৰ ৰাসায়নিকৰ সৈতে দৰবৰ সংঘাত (Drug interaction) হব৷

*বেঙেনাত থকা নাচুনিন নামৰ ৰাসায়নিক পদাৰ্থই শৰীৰ কোষসমূহৰ পৰা লৌহ পদাৰ্থ আহৰণ কৰাৰ ক্ষমতা ৰাখে৷ সেয়ে গুৰুতৰ ৰক্তহীনতাত ভোগা ৰোগীয়ে অধিক পৰিমানত বেঙেনা খোৱা ক্ষতিকাৰক হব পাৰে৷

*কেন্সাৰৰ টিউমাৰ কোষ পৰীক্ষণৰ (Carcinoid Tumor Test) ৪/৫ দিন আগৰ পৰাই বেঙেনা খোৱা বন্ধ ৰাখিব লাগে, নহলে ভুল ফলাফল দেখুৱাৰ সম্ভাৱনা থাকে৷

*কোনো কোনো লোকে বেঙেনা খালে ছাল ৰঙা পৰা, খজুৱতি, ডিঙিৰ খেচখেচনি, ওকালি আদি এলাৰ্জিত ভোগে৷ সেয়া বৰ গুৰুতৰ নহয় আৰু এন্টি-এলাৰ্জিৰ দৰব খোৱালে সহজে ভাল হয়৷

*কোনো কোনো লোকে বেঙেনা খালে এচিডিটিত ভোগে৷

*অত্যধিক পৰিমানত বেঙেনা খালে গৰ্ভৱতী মহিলাৰ গৰ্ভপাত হব পাৰে৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top