মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্বাস্থ্যৱান হৈ থাকিবলৈ পুৰুষে এইবিধ খাদ্য খাব লাগে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্যৱান হৈ থাকিবলৈ পুৰুষে এইবিধ খাদ্য খাব লাগে

স্বাস্থ্যৱান হৈ থাকিবলৈ পুৰুষে এইবিধ খাদ্য খাব লাগে, সেই বিষয়ে লিখা হৈছে ।

 

আজিকালি প্ৰায় সকলো লোকৰে খোৱা খাদ্যৰ গুণগত মান আৰু পৰিমাণৰ লগতে খোৱাৰ সময় একেদৰে ৰখাৰ প্ৰতি বিশেষ মনোযোগ নাইকিয়া হ’ল। পুৱাতে কামত ওলাই গ’লে ঘৰতো দিনৰ সাজ আহাৰ খোৱাৰ সময় ৰাখিব নোৱাৰে। সেয়ে ওলাই গৈ য’তে যিহকে পায়, তাকে অসময়ত হ’লেও খাব লগা হয়। ফলত আজিৰ মানুহৰ শৰীৰত যিকোনো ৰোগে আক্ৰমণ কৰে আৰু মানুহক অনাহকতে অকালতে বেমাৰী কৰি অকাল বাৰ্ধক্য নমাই আনে। অনিচ্ছা সত্বেও খাব লগা আহাৰৰ কাৰণে শৰীৰে পৰ্যাপ্ত শক্তি আহৰণ কৰিব নোৱাৰে আৰু সেয়ে শৰীৰ দুৰ্বল হৈ পৰে। দেখাত শকত-আৱত হৈ থাকিলেও বহুতো লোক ভিতৰি বৰ দুৰ্বল আৰু ৰুগ্ন হৈ থাকে। সেয়ে এনেধৰণৰ বহুতো লোক ভিতৰি বৰ দুৰ্বল আৰু ৰুগ্ন হৈ থাকে। সেয়ে এনেধৰণৰ অনিয়মৰ মাজত চলি থকা লোকসকলে নিজকে সুস্থ কৰি ৰখাৰ বাবে তলত উল্লেখ কৰা তিনিবিধ খাদ্য নিয়মীয়াকৈ সেৱন কৰক।

তিওৱা বুট -

মাহ জাতীয় শস্য মানুহৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী। সকলো প্ৰকাৰৰ মহ জাতীয় শস্যতে প্ৰচুৰ মাত্ৰাত প্ৰোটিন থাকে। লগতে অন্যান্য পুষ্টিদ্ৰব্যও থাকে। বুট মাহো তেনে এবিধ শক্তিদায়ক আৰু মানুহৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ খাদ্য। ৰাতি ভালদৰে ধুই ১০০ গ্ৰাম বুট এবাতি পানীত তিয়াই থওক। পুৱা এই বুটখিনি ফুলি থাকিব। এই বুট তিওৱা পানীৰে সৈতে পুৱা সামান্য নিমখ ছটিয়াই খাওক। বুটত প্ৰোটিনৰ লগতে ভিটামিন ‘বি-৬’ থাকে আৰু খাদ্যত শৰীৰৰ বাবে প্ৰয়োজনীয় আঁহ পোৱা দেখা যায়। পুৱাতে এনেদৰে তিওৱা বুট খাই থাকিলে শৰীৰত শক্তি বৃদ্ধি পায়।

তৰমুজ -

আজিকালি মানুহে প্ৰয়োজন অনুপাতে পানী নেখায়। ফলত শৰীৰ নিৰ্জলা হয় আৰু তাৰ পৰিণতিত ছাল কোচ খাই শোটোৰা পৰে। গাৰ ছাল শুকান হয়। সময়ত ভাল পৰিষ্কাৰ খাবলৈ নেপালেও কোনো কথা নাই। কাম-বন শেষ কৰি দিনটোৰ অন্তত ঘৰলৈ আহি বা দিনত ক’ৰবাত জিৰণি লৈ এফাল তৰমুজ খাবই লাগে। তৰমুজৰ ভিতৰ ভাগৰ অধিকাংশই সুমিষ্ট আৰু তৃপ্তিদায়ক পানীৰে ভৰপূৰ হৈ থাকে। এইবিধ ফলত পটাচিয়াম যথেষ্ট পৰিমাণে থাকে এইবিধ উপাদানে শৰীৰৰ শক্তি অটুট ৰাখে।

বন্ধা কবি -

আজিকালি বহুতো লোকৰ আহাৰৰ লগত চালাদ খোৱাটো এক অভ্যাসত পৰিণত হৈছে। কিন্তু বেছি সংখ্যক লোকেই চালাদ হিচাপে পিয়াজ, গাজৰ, বিলাহী আৰু তিয়হহে খায়। চালাদত যে বন্ধা কবিৰ কুমলীয়া পাতো খাব পাৰি, সেই কথা বহুতে নেজানেই। বন্ধা কবিৰ ভিতৰৰ কুমলীয়া পাত সৰু সৰুকৈ কুটি চালাদৰ অন্য উপকৰণৰ লগত মিহলাই খাব পাৰি। বন্ধা কবি ভাজি বা সিজাই খোৱাতকৈ কেঁচাই চালাদ হিচাপে খালে তাত থকা ভালেকেইবিধ ভিটামিন ক্ষতি নোহোৱাকৈ পোৱা যায়।

উৎস: নিয়মীয়া বাৰ্তা

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top