ব্ৰাহ্মী এবিধ বহু পৰিচিত শাক জাতীয় ঔষধি উদ্ভিদ| আয়ুৰ্বেদ শাস্ত্ৰত স্মৃতিবৰ্ধক বনৌষধি হিচাপে ইয়াৰ এক বিশেষ খ্যাতি আছে| চেচুকীয়া জিপাল মাটিত এই শাক লহপহকৈ বাঢ়ি বিয়পি বহল হৈ পৰে| ই মগজুৰ বাবে মহৌষধ স্বৰুপ| ইয়াৰ বৈজ্ঞানিক নাম হৈছে-Bacopa monnieri (L) আৰু ই স্ক্ৰোফুলাৰিয়াচি গোত্ৰৰ| সোৱাদত অলপ ই তিতা-কেহা প্ৰকৃতিৰ| এই উদ্ভিদৰ আটাইবোৰ অংশই ঔষধি গুণবিশিষ্ট| ই ৰক্ত পৰিস্কাৰক, কামোদ্দীপক আৰু মৃদু বিৰেচক| স্মৃতিশক্তি, জীৱনী শক্তি বঢ়োৱাৰ উপৰি ই মৃগী, হাপানী, বাতবিষ, ৰক্তহীনতা, প্ৰস্ৰাৱৰ ৰোগ, স্নায়ুবিকাৰ, স্বৰভংগ, কাহ, চৰ্দি, মধুমেহ, ধাতু দৌৰ্বল্য, মূৰ্চ্ছা, উন্মাদৰোগ, মানসিক বিকাৰগ্ৰস্ততা, আদিকে ধৰি এশ এটা ৰোগৰ বাবে পৰম উপকাৰী|
ব্ৰাহ্মী শাকত যথেষ্ট পৰিমাণে ফছফৰাছ পোৱা যায়| সেই বাবে এইবিধ শাকে স্মৰন শক্তি বৃদ্ধি কৰে আৰু স্নায়ু সবল কৰে| স্মৃতি শক্তিৰ বৰ্দ্ধনৰ বাবে ইয়াৰ ৰস চাৰি চামুচমান এৱা গাখীৰৰ লগত মিহলাই নাইবা ঘিউত ভাজি শাক হিচাপে কিছুদিন খালে সুফল পোৱা যায়| কেঁচা হালধিৰ ৰস আৰু মৌৰ লগত ইয়াৰ চাৰি চামুচ পৰিমাণৰ ৰস নিয়মিত ভাৱে কিছুদিন সেৱন কৰিলে ৰক্তহীনতা আঁতৰি যায়| ইয়াৰ তিনি চামুচ ৰস দিনে তিনিবাৰকৈ কিছুদিন খালে প্ৰস্ৰাৱ খোলা হয় আৰু প্ৰস্ৰাৱৰ সময়ৰ পোৰণি প্ৰশমিত হয়| ইয়াক ঘিউৰে ভাজি নিয়মীয়াকৈ কিছুদিন সেৱন কৰিলে ধাতু দৌৰ্বল্য আৰু স্বৰভংগ ৰোগ আঁতৰি যায়| এচামুচ মৌৰ সৈতে ইয়াৰ ৰস দুইচামুচমান নিয়মিতভাৱে খালে হিষ্টিৰিয়া, মূৰ্চ্ছা আদি মানসিক বিকাৰ জাতীয় প্ৰশমিত হয়| ইয়াৰ পৰিমিত পৰিমাণৰ নিয়মিত সেৱনে স্নায়ৱিক দূৰ্বলতা দুৰ কৰি দৃষ্টি তথা জীৱনী শক্তি সবল কৰি তোলে| ইয়াক আলুৰ সৈতে ভাজি তিতা গুন আঁতৰাই তৃপ্তিকৰ কৰি তুলি ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰিও ইয়াৰ ঔষধি গুণ সমুহৰ সমস্ত সুফল পাব পাৰি| হাততে পোৱাকৈ চোতালৰ আগত এই বহুগুণী ব্ৰাহ্মী ৰোপণ আৰু নিয়মিত সেৱনৰ দ্বাৰা নি:সন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰি তুলিব পাৰোঁ|
উৎস:- দৈনিক অসম
লেখক:- ভুৱনেশ্বৰ ডেকা
শেহতীয়া উন্নীতকৰণ: : 7/5/2020