মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্মৃতিবৰ্ধক, শক্তিবৰ্ধক, ৰোগ প্ৰতিৰোধক: বৰকণাশিমলু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্মৃতিবৰ্ধক, শক্তিবৰ্ধক, ৰোগ প্ৰতিৰোধক: বৰকণাশিমলু

স্মৃতিবৰ্ধক, শক্তিবৰ্ধক, ৰোগ প্ৰতিৰোধক: বৰকণাশিমলুৰ বিষয়ে লিখা হৈছে

মানুহক দীৰ্ঘজীৱী দিব পৰা ঔষধি উদ্ভিদ হৈছে বৰকণাশিমলুবন(কণামলাই)। অকালতে আলঝাইমাৰ ৰোগত ভুগিলে, স্মৃতিশক্তি হ্ৰাস হ’লে, দৃষ্টিশক্তি কমিলে, যৌনশক্তি হ্ৰাস পালে, নিদ্ৰাহীনতাত ভুগিলে, কিডনি, ধাতু, বগাস্ৰাৱ, পেচাৱৰ, দোষ আদি ৰোগত ভুগিলে, স্নায়ৱিক দুৰ্বলতা, মগজুৰ বিকাৰ(যুৱক-যুৱতীৰ উন্মাদ ৰোগ), মূৰৰ বিষ, বাতবিষ, মাংসপেশী শুকাই যোৱা, জণ্ডিচ, মহিলাৰ মাহেকীয়া অনিয়মীয়া, মাতৃদুগ্ধ কম হোৱা, সন্তান হোৱাত বিজুতি, ঋতুশূল, মেদবহুলতা আদিত বৰকণাশিমলুবন মহৌষধ হিচাবে ব্যৱহাৰ কৰা হয়।

*ধাতুৰোগ, বগাস্ৰাৱ, স্বপ্নদোষ, মাহেকীয়া অনিয়মীয়া, বাতবিষ, স্মৃতিশক্তি হ্ৰাস হোৱা, দৃষ্টিশক্তি কমি যোৱা, হৃদৰোগ, কিডনি ৰোগ, মেধাশক্তি হ্ৰাস পোৱা আদিত বৰকণাশিমলুবনৰ কোমল আগ এমুঠি ধুই মিহিকৈ কুটি লৈ পটাত তালমিচিৰিৰ লগত মিহিকৈ বটি গাখীৰৰ দৈতে থপথপীয়াকৈ পুৱা খালী পেটত্ব প্ৰতিদিনে এবাৰকৈ খাব লাগে। ৰোগ বৃদ্ধি হ’লে বা পুৰণি ৰোগ হ’লে কমেও এমাহমান ঔষধ খাব লাগে। বৰকণাশিমলুবনৰ আগৰ ৰস শিমলুগছৰ বাকলিৰ ৰসৰ লগত মিহলাই তালমিচিৰি দি খালে বেছি উপকাৰ পোৱা যায়। ই কিডনি পাথৰ বাহিৰ কৰাত সহায় কৰে। জণ্ডিচ ৰোগ নিৰাময় কৰে। হৃদৰোগ, ধাতুৰোগ, বগাস্ৰাৱ, ডায়েবেটিচ, মাংসপেশী শুকাই যোৱা, স্মৃতিশক্তি, স্নায়ু দুৰ্বলতা, ৰক্তহীনতা, যুৱক-যুৱতীৰ উন্মাদ ৰোগ আদিত এই ঔষধ খালে নিৰাময় হয়। এইবিলাক ৰোগত বৰকণাশিমলুবন পথ্য হিচাবেও ব্যৱহাৰ কৰিলে ৰোগ সোনকালে নিৰাময় হয়। বৰকণাশিমলুবনৰ কোমল আগ দাইলত দি আৰু মাটিকাদুৰি, মানিমুনি, খুতৰা আদিৰ লগত সিজাই খাব পাৰি। ই তেজবৃদ্ধি কৰে।

*কণী, চৰ্বিযুক্ত মাংস, চেনি, আলু, ৰঙালাউ, বেঙেনা আদিয়ে ধাতু, বগাস্ৰাৱ, হৃদৰোগ, কিডনি ৰোগ আদি বৃদ্ধি কৰে। সেয়ে এনেবোৰ খাদ্য ত্যাগ কৰা উচিত। নিয়মিত অধিক ভোজনেও ৰোগ বৃদ্ধি কৰে। খাদ্য নিয়ন্ত্ৰণ কৰাৰ উপৰিও খাদ্যাভ্যাস সলনি কৰিলে ৰোগ অতি সোনকালে নিৰাময় হয়। কণী আৰু মাংসৰ পৰিৱৰ্তে মাছ, বনশাক(মাটিকাদুৰি, সৰু মানিমুনি, খুতৰা শাক, কলমৌ শাক, চেংমৰা শাক, পূৰ্ননৱা, কেঁহৰাজবন ,কণাশিমলুবন আদি) সেউজীয়া শাক পাচলি আদি খালে উপকাৰ পোৱা যায়। চেনিৰ পৰিৱৰ্তে গুৰ, তালমিচিৰি নিয়মীয়াকৈ খাব পাৰে। টেঙাৰ ভিতৰত নেমু, সৰু টেঙেচি আদি উপকাৰী।

*জণ্ডিচ, হেপাটাইটিছ, কিডনি আদি ৰোগৰ মহৌষধ বৰকণাশিমলুবন। ভাতঘিলা গছৰ বাকলিৰ ৰসৰ(ভাতখিলাৰ বাকলি থেতালি বা খুন্দি কাঁচৰ বৈয়ামৰ পানীত তিয়ালে ৰস ওলায়। ৰস দিনৰ ভাগত উলিয়াই দিনৰ ভাগতে খাব লাগে) লগতে বৰকণাশিমলুবনৰ ৰস মিহলাই সৰহকৈ তালমিচিৰি দি দিনত কেবাবাৰো খালে জণ্ডিচ, হেপাটাইটিছ ৰোগ নিৰাময় হয়। এই ঔষধ নিয়মিতভাৱে পোন্ধৰ দিনমান খাব লাগে। ৰোগ কমি গ’লে বা নিয়ন্ত্ৰণলৈ আহিলে প্ৰতিদিনে এবাৰ বা দুবাৰকৈ ঔসধ খাব লাগে। শিমলু গছৰ বাকলিৰ ৰসৰ লগত(শিমলু গছৰ বাকলি পাণৰ নিচিনাকৈ পাতলকৈ কাটি আনি কাঁচৰ বৈয়ামৰ পানীত এৰাতি তিয়ালে ৰস ওলায়) বৰকণাশিমলুবনৰ ৰস আৰু বিয়নীসাৱটাবনৰ ৰস মিহলাই তালমিচিৰি দৈ দিনে কমি আহিলে ঔষধ দিনে এবাৰকৈ কিছুদিন খোৱা উচিত।

*বহুমূত্ৰ বা ডায়েবগেটিচ ৰোগীৰ তেজত শৰ্কৰা বৃদ্ধি  হ’লে ভাতখিলা গছৰ বাকলিৰ ৰসত বৰকণাশিমলুবনৰ ৰস মিহলাই সামান্য তালমিচিৰি দি আগবেলা দুবাৰকৈ আৰু পাছবেলা শিমলু গছৰ বাকলিৰ ৰসৰ লগত বৰকণাশিমলুবনৰ ৰস মিহলাই সামান্য তালমিচিৰি দি নিয়মিত খালে ৰোগ নিৰাময় হয়। ই ডায়েবেটিচ ৰোগৰ মহৌষধ। ধাতু, বগাস্ৰাৱ ৰোগত তেজত ছুগাৰ বা চেনি বৃদ্ধি হ’লে এই ঔষধ নিয়মিত এমাহমান খালে ৰোগ নিৰাময় হয়। এই ৰোগতো পথ্য হিচাবে বৰকণাশিমলুবনৰ কোমল আগ দাইলত বা আন বনশাকত দি সিজাই নিয়মীয়াকৈ খাব লাগে। বনশাকে ডায়েবেটিচ ৰোগ নিৰাময়ত বা প্ৰতিৰোধত যথেষ্ট সহায় কৰে। এই ৰোগত পানী বেছিকৈ খোৱা উচিত। পেচাব কৰাৰ পাছত দুগিলাচ পৰিষ্কাৰ পানী খালে উপকাৰ পোৱা যায়। পানীয়ে শৰীৰৰ অলাগতীয়াল বস্তু বাহিৰ কৰে। তেজ লগঠনত আৰু খাদ্য হজম কৰাতো সহায় কৰে।

*ঋতুশূল বা চোৱাকামোৰণিত বৰকণাশিমলুবনৰ কোমল আগ, মাটিকাদুৰি, সৰু মানিমুনি আৰু কলমৌৰ আগৰ লগত বটি খালে ৰোগ নিৰাময় হয়। নিয়মিত পোন্ধৰ দিনমান ঔষধ খালেহে দীৰ্ঘদিনৰ কাৰণে নিৰাময় হয়। বৰকণাশিমলুবন, ধপাত তিতাৰ কোঁহ বা কোমল পাতৰ লগত জালুক বটি নিয়মীয়াকৈ কিছুদিন খালে ঋতুশূল নিৰাময় হয়। ৰঙা এৰাৰ কোঁহৰ লগত জালুক দি বৰকণাশিলমুবন বটি খাব পাৰি।

*ৰক্তহীনতাত ভুগিলে বৰকণাশিমলুবন কেঁহেৰাজবন, সৰু মানিমুনি, মাটিকাদুৰিৰ লগত। বৰকণাশিমলুবন আৰু কেঁহেৰাজবন একেলগে খুন্দি ৰস উলিয়াই কাঠমাছৰ(গৰৈ, কাৱৈ, মাগুৰ, শিঙি আদি) লগত সিজাই জোল কৰি খাদ্যৰ লগত খাব লাগে। কণাশিমলুবন দাইলত দি আৰু বনশাকৰ লগত(মাটিকাদুৰি, সৰু মানিমুনি, পূৰ্ণনৱা) সিজাই নিয়মিত খালেহে ৰক্তহীনতা ৰোগ ভাল হয়। ক’লাকচুৰ ঠুৰিৰ লগত সিজাই খালেও উপকাৰ পোৱা যায়।

*আভোক হ’লে, টোপনি কম হ’লে, জণ্ডিচ হ’লে, কিডনিত বিষ(কঁকালৰ ওচৰত বিষায়, পেচাব বেয়া হয়) হ’লে কণাশিমলুবন এমুঠি, বিয়নীসাৱটাবনৰ পাত এমুঠি, দুপৰটেঙাৰ পাত বাৰখিলামান একেলগে বটি ৰস উলিয়াই দিনে দুবাৰকৈ খাব লাগেগ। জণ্ডিচ ৰোগ বৃদ্ধি হ’লে ঔষধ এদিনত তিনিবাৰ খাব লাগে।

*চকুত আচিনাই হ’লে বৰকণাশিমলুবনৰ ঠাৰিৰ ৰস বা আঠা লগালে উপকাৰ পোৱা হয়।

*বৰকণাশিমলুবন শাক হিচাবে নিয়মিত খালে শৰীৰৰ বোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। সেয়ে এইবিধ বনশাকৰ খেতি কৰি নিয়মিত ব্যৱহাৰ কৰিব লাগে। ই মানুহক দীৰ্ঘ জীৱন দিয়াত নিশ্চয় সহায় কৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.13636363636
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top