মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্মৃতিশক্তিবৰ্ধক বনৌষধি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্মৃতিশক্তিবৰ্ধক বনৌষধি:

স্মৃতিশক্তিবৰ্ধক বনৌষধিৰ বিষয়ে লিখা হৈছে

 

দেহৰ কাৰণে পৰিপুষ্টি যোগাব পৰা খাদ্যৰ অভাৱ ঘটিলে, বিশেষকৈ মগজুৰ কাৰণে প্ৰয়োজনীয় ফছফৰাছ লৌহ পদাৰ্থ, প্ৰটিন, খাদ্যপ্ৰাণ ‘ঘ’ আদিৰ অভাৱ হ’লে স্মৰণ হ্ৰাস হ’ব পাৰে। স্মৃতিশক্তি বৰ্ধনৰ বাবে ঘৰুৱা বনৌষধি চিকিৎসাৰ দ্বাৰা স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰি। তলত কেইবিধমান বনৌষধিৰ বিষয়ে উল্লেখ কৰা হ’ল-

ব্ৰাহ্মী:

 

ব্ৰাহ্মী শাকক ব্ৰেইন টনিক বুলিও জনা যায়। এই শাকে মগজুৰ স্মৰণ শক্তি বৃদ্ধি কৰাত আৰু স্নায়ু শক্তিশালী কৰাত সহায় কৰে। এমুঠিমান ব্ৰাহ্মী শাক গৰুৰ ঘিউৰ সৈতে ভাজি এবাৰকৈ খাব লাগে। ইয়াক নহৰুৰ লগত মিহলাই চাটনি কৰি আহাৰৰ লগত খাব পাৰি। তদুপৰি ব্ৰাহ্মী শাকৰ ৰস দুচামুচ উলিয়াই তাত ৫০ গ্ৰাম গৰুৰ গাখীৰ মিহলাই দিনে এবাৰকৈ ১০/১৫ দিন খালে মগজু আৰু স্নায়ুৰ কাৰণে অতি উপকাৰী। ব্ৰাহ্মী শাকত যথেষ্ট পৰিমাণে ফছফৰাছ পোৱা যায় বাবে ই মগজুৰ কোষ সবল কৰাত সহায় কৰে।

মানিমুনি শাক:

 

শাকৰ ৰজা মানিমুনি বুলি সকলোৱে জানে। মানিমুনি দুবিধ। সৰু মানিমুনি আৰু বৰ মানিমুনি। ঔষধত দুয়োবিধেই প্ৰয়োজন হয় যদিও সৰু মানিমুনিৰ উপকাৰিতা বেছি। প্ৰতিদিনে অন্ততঃ ১০/১২ খিলা মানিমুনিৰ পাত কেঁচাই খালে স্মৰণ শক্তি বাঢ়ে আৰু স্নায়ু সবল হয়। মানিমুনি শাকৰ ৰস খালে পেটৰ বহু ধৰণৰ বিষ ভালে হয়।

টেঙেচি টেঙা:

 

টেঙেচি টেঙা পাতত দি, ভাজি বা দাইলত দি খাব পাৰি। ইয়াক চাটনি কৰি খালেও স্মৰণ শক্তি বৃদ্ধি হয়। টেঙেচি টেঙাৰ পাতৰ ৰস উলিয়াই দুই চামুচ দিনে এবাৰকৈ ১০/১২ দিন খালে স্মৰণ শক্তি বৃদ্ধি হয়।

গোমধান:

 

গোমধানৰ দহ গ্ৰাম বীজ এৰুৱাই খুন্দি এগিলাচ পানীত সিজাই সপ্তাহত অন্ততঃ ২/৩ দিন খালে স্মৰণ শক্তি বাঢ়ে। গোমধানৰ বীজৰ গুড়ি গৰু গাখীৰৰ লগত(১০ গ্ৰাম) সিজাই খাব লাগে। গোমধানৰ গুটি জুইত পুৰি চোবাই খালেও স্মৰণ শক্তি বৃদ্ধি হয়। গোমধানৰ উপৰি পকা বেল, পচতীয়াৰ পাত গৰুৰ ঘিউত ভাজি খালে স্মৰণ শক্তি বাঢ়ে। আমলখিৰ ৰস নিয়মীয়াকৈ খাই থাকিলেও স্মৰণ শক্তি বৃদ্ধি হয়।

স্মৰণ শক্তি বৃদ্ধি কৰিব পৰা ফছফৰাছযুক্ত খাদ্যদ্ৰব্যবিলাকত প্ৰতি ১০০ গ্ৰামত ফছফৰাছৰ পৰিমাণ তলত উল্লেখ কৰা হ’ল-

মৰিচা শাক-

৭০৩ মিঃ গ্ৰাম, পূৰৈ শাক- ৪৬০ মিঃ গ্ৰাম, নহৰু- ২৭০ মিঃ গ্ৰাম, শুকান নাৰিকল- ২১০ মিঃ গ্ৰাম, ডাব নাৰিকল- ২৪০ মিঃ গ্ৰাম, ৰঙা লাউৰ পাত- ১১২ মিঃ গ্ৰাম, বিন- ১৬০ মিঃ গ্ৰাম, মহানিমৰ পাত- ১৯০ মিঃ গ্ৰাম, চজিনাৰ পাত- ১১০ মিঃ গ্ৰাম।

লেখক: উপেন দত্ত(নিয়মীয়া বাৰ্তা)

2.8275862069
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top