মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সৰিয়হত অন্তৰ্নিহিত আশ্চৰ্য্যকৰ গুণাৱলী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৰিয়হত অন্তৰ্নিহিত আশ্চৰ্য্যকৰ গুণাৱলী

সৰিয়হত অন্তৰ্নিহিত আশ্চৰ্য্যকৰ গুণাৱলীৰ বিষয়ে লিখা হৈছে

 

Image may contain: flower, sky, cloud, mountain, nature and outdoor

 

মোৰ বাল্যকালৰ মুহূৰ্তবোৰ আছিল জীৱনৰ আটাইতকৈ মধুৰতম সময় ৷ কাশীৰ গংগা আৰু বৰুণা নৈৰ সংগমস্থলত অৱস্থিত ৰাজঘাট বেচেন্ত স্কুলত শৈশৱৰ পাঁচটা বছৰ অতিক্ৰম কৰিছিলোঁ ৷ সেই দুই পবিত্ৰ নৈৰ সংগমৰ ওচৰৰ সুবিশাল পথাৰত দূৰ-দূৰণিলৈকে, সাৰনাথ নগৰীলৈকে সৰিয়হৰ খেতি কৰা হৈছিল ৷ সুযোগ পালেই সৰিয়হৰ পথাৰৰ সেউজীয়া আৰু হালধীয়া ৰঙৰ মিশ্ৰণ মই উন্মনাহৈ অপলক নয়নেৰে চাই থাকোঁ ৷ মন-মস্তিষ্কত বহোৱা সেই ৰঙৰ ছাপ আজিও ধূসৰ হোৱা নাই ৷
জাতকৰ সাধুত এদিন পঢ়িলোঁ - এগৰাকী বাউলি মহিলাই কোলাত মৃত সন্তানক লৈ বুদ্ধদেৱক খাটনি জুৰিলেহি - তেওঁৰ সন্তানটোক জীয়াই দিব লাগে ৷ বুদ্ধদেৱে ‘এমুঠি সৰিয়হ’ পালে সন্তানটিক জীয়াই তুলিব বুলি ক'লে ৷ লগতে কলে সৰিয়হ অনা ঘৰত কিন্তু কেতিয়াও কোনো লোকৰ মৃত্য়ু হব নালাগিব ৷
'সৰিয়হৰ ডুলিতে ভূত' আদি যোজনা আৰু 'সৰিয়হ জাৰি ভূত খেদিব পাৰি' আদি লোক বিশ্বাসৰ কথা সৰুকালৰ পৰাই শুনি আহিছোঁ ৷ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলকে ধৰি আমাৰ অসমতো খৰালি কালত প্ৰচুৰ পৰিমানে সৰিয়হ খেতি হয় ৷ সৰিয়হ খেতিৰে সৃষ্টি কৰা মোহনীয়া দলিচাৰ দৃ্শ্য ফটোগ্ৰাফাৰৰ আৰু কবি-সাহিত্যিকৰ ৰচনাৰ এক উল্লেখনীয় সমল ৷
অসমীয়া গ্ৰামীণ জনজীৱনত সৰিয়হ পেৰি ওলোৱা মিঠাতেলৰ ভূমিকা অতি বিশাল ৷ মিঠাতেল অকণমান নিদিলে পিতিকাৰ জুতিয়েই নাহে ৷ পানী লগা-চৰ্দি আৰু গাৰ বিষৰ গৰম মিঠাতেলেৰে মালিশ কৰিলে উপশম ঘটে ৷ কটা ঘাঁ, নখচুকীয়া আদিত উতলাই তপত কৰা মিঠাতেল ঢালি চিকিৎসা কৰা নিজে প্ৰত্যক্ষ কৰিছোঁ ৷ 'কাণত কচু, নাকত তেল, সেই ঘৰত নাই বেজৰ মেল' বোলা প্ৰবাদ এটা যুগ যুগৰ পৰা আমাৰ অসম মুলুকত চলি আহিছে ৷ কৌতুকতো শৰীৰৰ তেজতকৈ মিঠাতেলৰ মূল্য বেচি বুলি ৰগৰ কৰা হয় ৷ আজিৰ এই স্বাস্থ্য কথাত সৰিয়হৰ বিষয়ে আমি জানিবলগীয়া কিছু লাগতিয়াল কথাৰ ওপৰত মই আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম ৷

Image may contain: coffee cup

 

বুৰঞ্জী আৰু প্ৰাচীন গ্ৰন্থত সৰিয়হৰ বিষয়ে কি তথ্য পোৱা গৈছে ?


সংস্কৃতত ৰচনা কৰা পৌৰাণিক গ্ৰন্থসমূহত আজিৰ পৰা ৫০০০বছৰ আগতেই সৰিয়হৰ উপযোগিতা কথা উল্লেখ কৰা আছে ৷ বাইবেলত ৫বাৰ সৰিয়হৰ কথা উল্লেখ আছে ৷ ইয়াক বিশ্বৰ এবিধ সৰ্বোৎকৃষ্ট বনস্পতি আখ্যা দিয়া হৈছে ৷ গ্ৰীক ভাষাত ৰচনা কৰা 'নিউ টেষ্টামেন্ট' গ্ৰন্থত স্বৰ্গলোকক সৰিয়হৰ বীজৰ সমতুল্য বোলা হৈছে ৷
আধুনিক চিকিৎসা বিজ্ঞানৰ পিতামহ হিপোক্ৰেটিচে (খৃষ্টপূৰ্ব ৪৬০– ৩৭০) সৰিয়হৰ বিভিন্ন ৰোগৰ চিকিৎসাত বহুল প্ৰয়োগ কৰিছিল ৷ নৱম শতিকাত ফৰাচী সন্ন্যাসীসকলে সৰিয়হৰ বিভিন্ন উপাদান নিৰ্মাণ কৰি আয়ৰ পথ ওলিয়াইছিল ৷ এনচাইক্লপেডিয়া ব্ৰিটেনিকাত উল্লেখ আছে - খৃষ্টপূৰ্ব ২৫০০ৰ পৰা সিন্ধু সভ্যতাত সৰিয়হ খেতিৰ প্ৰচলন আছিল ৷

Image may contain: flower, plant and nature

 

বিশ্বৰ ক'ত ক'ত সৰিয়হৰ খেতি হয় ?


সৰিয়হ হ'ল ঘাইকৈ এচিয়া মহাদেশৰ শীতকালৰ এবিধ থলুৱা খেতি ৷ কিন্তু বৰ্তমান ভাৰত, বাংলাদেশ, নেপাল, চীনদেশৰ ওপৰিও কানাডা, আৰ্জেন্টিনা, চিলি; ইউৰোপৰ ডেনমাৰ্ক, গ্ৰেট ব্ৰিটেইন, জাৰ্মানী ; উত্তৰ আফ্ৰিকাৰ ভূমধ্যসাগৰীয় অঞ্চল আদি হ'ল শীৰ্ষ সৰিয়হ উৎপাদনকাৰী ৷

সৰিয়হৰ বংশ পৰিচয় আৰু নামাৱলী


সৰিয়হৰ বৈজ্ঞানিক বা ব'টানিকেল নাম হ'ল -Brassica ৷ আকৌ সৰিয়হ হ'ল Cruciferae (Cabbage family) বংশৰ ৷ ব্ৰোকলি, বন্ধাকবি, ফুলকবি হ'ল একেটা পৰিয়ালৰে ৷ ঘাইকৈ তিনিটা প্ৰজাতিৰ সৰিয়হ আমি ব্যৱহাৰ কৰোঁ ৷ (১) ক'লা বৰণৰ সৰিয়হ : Brassica nigra -ইয়াৰ স্বাদৰ চোক আটাইতকৈ তীক্ষ্ণ (২) বগা বৰণৰ সৰিয়হ : Brassica alba - ইয়াৰ স্বাদৰ চোক মধ্যমীয়া ৷ গুটিৰ আকাৰ আন প্ৰজাতিতকৈ সামান্য ডাঙৰ ৷ (৩)মূগা বৰণৰ সৰিয়হ : Brassica juncea - এই বিধ সৰিয়হ হিমালয়ৰ পাদদেশত বেচিকৈ উৎপন্ন হয় ৷
অসমীয়াত সৰিয়হৰ আন এটা নাম হ'ল বেহাৰ ৷ খাচিয়া ভাষাত : তৰচো, কাৰ্বি : হানজং, ডিমাচা : য়াওলাই, টিৱা : পেচৰ , ইংৰাজীত Indian mustard, leaf mustard, বাংলাত: সর্ষপ, হিন্দীত: সৰসো আৰু সর্ষপ, কানাড়াত: সাৰ্ষিৱ, কাশ্মিৰীত : সর্ষফ, কোংকনীত : সাস্সম, মলয়ালমত: সর্ষপম, মণিপুৰীত: হাংগম, মাৰাঠীত: মোহৰী আৰু ৰাই, সংস্কৃতত: ৰাজিকা, তামিলত : কাটিকু, তেলেগুত: সৰ্ষাপাম, উৰ্দুত : সর্ষফ নামেৰে জনা যায় ৷

সৰিয়হ গছৰ বৰ্ণনা :


আমাৰ অসমত কাতি-আঘোন মাহত পথাৰত সৰিয়হ গুটি সিঁচি খেতিআৰম্ভ কৰে ৷ এজোপা সৰিয়হ গছ ৪৷ ৫ফুট ওখ হয় ৷ সেউজ বৰণৰ গছত উজ্বল সোণোৱালী হালধীয়া ফুল ফুলে ৷ একো একোটা চিৰাৰ ভিতৰত থকা গুটি ঘূৰণীয়া সমূহৰ প্ৰতিটো ১মিলিমিটাৰ ব্যাসৰ হয় ৷ গুটি পুৰঠ হবলৈ ৬০টা দিন লাগে ৷

কেনেকৈ সৰিয়হ ব্যৱহৃত হয় ?


সৰিয়হৰ প্ৰয়োগ এবিধ 'মছলা বিশেষ' বুলি কৈ সামৰিব নোৱাৰি ৷ আঞ্জা বা দাইলত তেল মাৰোতে পাঁচফোৰনত সৰিয়হ অপৰিহাৰ্য্য ৷ সৰিয়হৰ গুটিৰ খাৰলি, চাটনি, কাচুন্দিৰ সৈতে আপোনালোক নিশ্চয় ভালদৰে পৰিচিত ৷ বহুতে সৰিয়হ গুটি মিহলাই (লগত পাচলি দি বা নিদিয়াকৈ) ভাতো ৰান্ধে ৷ সৰিয়হৰ তেল অসমীয়াৰ পাকঘৰৰ অপৰিহাৰ্য্য সামগ্ৰী ৷ আচাৰ বনোৱাকে ধৰি আমিষ-নিৰামিষ খাদ্য তালিকাত সৰিয়হৰ ভূমিকা আপোনালোক সকলোৱে জানে ৷ সৰু সৰুকৈ কূটা মাংসৰ সৈতে ৰান্ধিলে কুমলীয়া সৰিয়হৰ শাক এবিধ স্বাদিষ্ট আৰু পুষ্টিকৰ ব্যঞ্জন ৷ বজাৰত মিঠাতেলৰ ওপৰিও সৰিয়হৰ গুটিৰ বা শুকান পাতৰ গুৰি, কেপচুল, পেষ্ট, চচ আদিও উপলব্ধ ৷

কি কি লাগতিয়াল তত্ব সৰিয়হত থাকে ?


সৰিয়হ হ'ল গুণৰ ভাণ্ডাৰ ৷ ১১গ্ৰাম ওজনৰ সৰিয়হৰ গুটিত থাকে : কেলৰি ৫২, প্ৰটিন (৩.২গ্ৰাম = ৪৬%) ,কাৰ্বহাইড্ৰেট (২.৯গ্ৰাম =২১%), ফেট (০.৩গ্ৰাম), এন্টিঅক্সিডেন্ট, ডায়েটেৰী ফাইবাৰ, বহু কেইবিধ ভিটামিন ইয়াত থাকে ৷ কলেষ্টৰেলৰ পৰিমান হ'ল শূণ্য ৷
সৰিয়হত থকা ভিটামিনসমূহ হ'ল - ফ'লেট, নিয়াচিন, পেন্টথেনিক এচিড, পাইৰিডক্সিন, ৰাইবোফ্লেভিন, থায়ামিন, ভিটামিন- এ, ভিটামিন- চি , ভিটামিন- কে, আৰু ভিটামিন-ই গামা টক'ফেৰল ৷ ইলেকট্ৰলাইট হ'ল : প'টেচিয়াম ১৬% আৰু চ'ডিয়াম ১% ৷ খনিজ তত্ব সমূহ হ'ল : কেলচিয়াম, আইৰণ,মেংগানিজ, মেজনেচিয়াম, ক'পাৰ,জিংক, ফচফৰাচ, চালফাৰ আৰু চেলেনিয়াম ৷ ফাইটো-নিউট্ৰিয়েন্ট হ'ল : কেৰটিন-বি, ক্ৰিপ্তঝেনথিন-বিটা, লিউটেন-ঝিয়াঝেনথিন ৷

সৰিয়হৰ বহুমুখী উপকাৰিতা :


• কৰ্কট ৰোগ প্ৰতিৰোধক - ২০১০নৰ 'কাৰচিনোজনেচিচ' আলচনীত প্ৰকাশিত তথ্য মতে সৰিয়হৰ বীজত থকা Allyil Isothiocyanate (AITC) নামৰ তত্বই কেন্সাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে ৷ ফাইটো-নিউট্ৰিয়েন্ট (Glucosinolates আৰু Microsinase) সমূহে কৰ্কটৰোগ প্ৰতিৰোধ কৰাত অনবদ্য ভূমিকা লয় ৷ সেয়ে পাকস্থলীৰ, মূত্ৰাশয়ৰ আৰু জৰায়ুৰ কৰ্কট ৰোগীৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ আৰম্ভ কৰা হৈছে ৷
• হাপানি ৰোগ আৰু আন শ্বাস ৰোগৰ উপশম ঘটোৱাত সহায়ক -সৰিয়হত থকা চেলেনিয়াম আৰু মেগনেচিয়ামৰ এন্টিইনফ্লেমেটৰী গুণৰ বাবে এয়া সম্ভৱপৰ ৷
• হৃদৰোগৰ পৰা সুৰক্ষা - সৰিয়হত থকা অমেগা-৩ ফেটি এচিডৰ বাবে এয়া সম্ভৱপৰ বুলি Cardiovascular Drugs and Therapy আলোচনীত প্ৰকাশ পাইছে ৷ Myocardial Infarct আৰু Cardiac Arrtythmiaৰ সম্ভাৱনা কমায় ৷
• সৰিয়হে তেজৰ কলেষ্টৰেল আৰু ট্ৰাইগ্লিচাৰাইড কমায় ৷
• মেদবহুলতা হ্ৰাস কৰাত ভূমিকা - নিয়াচিন আৰু বি-ভিটামিন গোটৰ বাবে শৰীৰৰ সক্ৰিয়তা (মেটাবলিজম) বঢ়াৰ ফলত ( Oxford Polytechnic Institute, Englandৰ প্ৰকাশিত তথ্য ৷
• মাইগ্ৰেইনৰ চিকিৎসা - অমেগা-৩ ফেটি এচিড আৰু মেগনেচিয়ামৰ বাবে এয়া সম্ভৱ ৷
• চৰ্মৰোগৰ চিকিৎসাত উপযোগী - চ'ৰিয়াচিচৰ দৰে অটো-ইমিউন ৰোগত সৰিয়হে সংক্ৰমণ হ্ৰাস কৰে (Journel of Dermatology) ৷
• চুলিৰ যতন লবলৈ ব্যৱহৃত -চুলি সৰা, অকালতে পকা,উফি হোৱা, চুলি ছুটি আদিৰ চিকিৎসাত সৰিয়হৰ তেল উপযোগী ৷
• স্নায়বিক দূৰ্বলতাৰ চিকিৎসা - ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে সেয়া সম্ভৱ ৷
• ডায়েবেটিজৰ চিকিৎসাত ভূমিকা - ইয়াৰ বাবে সৰিয়হৰ শাক অতিকৈ উপকাৰী ৷সৰিয়হৰ এন্টিঅক্সিডেন্টসমূহে চুগাৰ মেটাবলিজমত সহায় কৰে ৷
• ৰজোনিবৃতিত প্ৰয়োগ – মেগনেচিয়াম আৰু কেলচিয়ামৰ উপস্থিতিয়ে মহিলাৰ ৰজোনিবৃতিৰ সময়ত হব পৰা হাঁড়ৰ দূৰ্বলতা প্ৰতিৰোধ কৰে ৷ বিশেষকৈ সৰিয়হৰ সেউজীয়া শাক সেই সময়ত খোৱা ভাল ৷
• তেজ বিশুদ্ধকৰণ
• ড্ৰাগছৰ বিষক্ৰিয়া কমাবলৈ প্ৰয়োগ
• মদৰ অপকাৰিতা / নিচা কমাবলৈ
• দূষ্টিশক্তিৰ উন্নতি সাধন - ভিটামিন-এৰ দ্বাৰা ৷
• এন্টিফাংগেল - ৰিংৱৰ্মত লগালে উপশম পায় ৷
• বাৰ্ধক্যৰোধক - শৰীৰৰ অহিতকাৰী ফ্ৰি- ৰেডিকেল কমোৱাৰ ক্ষমতাৰ বাবে ৷
• বাত বিষৰ চিকিৎসা - চেলেনিয়াম,মেগনেচিয়ামৰ এন্টিইনফ্লেমেটৰী গুণৰ বাবে এয়া সম্ভৱপৰ ৷
• পাইলচ, শৌচ কচা আদিৰ চিকিৎসাত উপযোগী ৷
• ইমিউনিটি – এন্টিঅক্সিডেন্ট আৰু ভিটামিনে শৰীৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়ায় ৷
• উচ্চ ৰক্তচাপত - সৰিয়হত থকা তত্বসমূহে তেজৰ প্ৰবাহ সুচল ৰাখে ৷ ৰক্তনলীত চৰ্বি জমা হব নিদিয়ে ৷ ভিটমিন-ই আৰু আন এ্ৰন্টিঅক্সিডেন্টে অপকাৰী ফ্ৰি-ৰেডিকেলচৰ পৰা শৰীৰৰ মুক্ত কৰি ৰাখে ৷ সৰিয়হত থকা প'টেচিয়ামে হৃদগতি স্থিৰ ৰাখে ৷ এইদৰে বহু- মুখী ক্ৰিয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সৰিয়হ সহায়ক সিদ্ধ হৈছে ৷
• সংক্ৰমণৰোধক
• গা ধুবৰ সময়ত ছালত ঘঁহিবলৈ, দূৰ্গন্ধ বিনাশক হিচাবেও ব্যৱহৃত হয় ৷
• সুনিদ্ৰাত সহায়ক - মেগনেচিয়ামৰ উপস্থিতিত নিদ্ৰাহীনতা আতৰ হয় ৷
• জ্বৰ,চৰ্দি,বিষ আতৰাবলৈ গৰম মিঠাতেল মালিচ কৰিলেই হ'ল ৷
• ৰক্তকণিকা নিৰ্মাণত সহায়ক -আইৰণ,কপাৰ আদিয়ে এনিমিয়া আতৰ কৰে ৷
• হাঁড় শক্তিশালী কৰে – কেলচিয়াম আৰু আন খনিজৰ উপস্থিতিৰ বাবে ৷

সতৰ্কবাণী –


সৰিয়হৰ তেল বা গুটিৰ সেৱন নিয়মীয়া মাত্ৰাতহে কৰা উচিত ৷ ইয়াৰ অধিক প্ৰয়োগে কৰিব পৰা পাৰ্শ্বক্ৰিয়াসমূহ হ'ল - পাকস্থলীত গৰম অনুভৱ কৰা, গেষ্ট্ৰাইটিচ , বমি, ওকালি আদি হোৱা ৷ সংবেদনশীল ছালত মিঠাতেল সানিলে জ্বলা-পূৰা অনুভৱ আৰু পানীজ্বলা উঠিব পাৰে ৷
কিডনিৰ পাথৰৰ অসুখত ভোগালোকে মিঠাতেল কমকৈ সেৱন কৰিব ৷ মিঠাতেলত থকা অক্সলেটে কেলচিয়ামৰ মেটাবলিজমত অহিতকাৰী প্ৰভাৱ পেলাব পাৰে ৷
থাইৰইড হৰমোনৰ অসুখত ভোগা ব্যক্তিসকলে কেঁচা মিঠাতেল নাখাব ৷ কেঁচা মিঠাতেলত গৰল কৰিব পৰা তত্ব (Goitrogen ) থাকিব পাৰে ৷ মিঠাতেল তপতালে সেই অৱগুণ যায় ৷

কম বা উচিত পৰিমানত মিঠাতেল গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বাবে হিতকাৰী ৷ কিন্তু অত্যধিক মাত্ৰাৰ সেৱনে গৰ্ভপাত পৰ্য্যন্ত কৰিব পাৰে ৷

মোখনিত ইমানেই কম যে সৰিয়হ হ'ল আমাৰ বাবে প্ৰকৃতিৰ এক অমূল্য বৰদান ৷ স্বাস্থ্য ৰক্ষাত ইয়াৰ অপৰিসীম ভূমিকা পাঠকসকলে কিছু পৰিমানে হলেও অৱগত হ'ল ৷ ব্যৱসায়িক ভিত্তিত সৰিয়হ খেতি সদায় লাভজনক স্থিতিত থাকে ৷ প্ৰয়োজন মাথো অপকাৰী কীট-পতংগৰ পৰা খেতিডৰাক সুৰক্ষা দি প্ৰতিপালন কৰাৰ ৷

ডা০ ভূপেন শইকীয়া
ৰচনাকাল : ২৮জুলাই ২০১৭
ডোহা, কাটাৰৰ পৰা
ম'বাইল আৰু ৱাটচএপ +৯৭৪ ৩৩৭৩৮৭২২
Email - drbksaikia@gmail.com
বেৱচাইট www.drbhupensaikia.com

 

 

2.90625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top