মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সৰু সৰু মানিমুনিৰ আছে ডাঙৰ ডাঙৰ গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৰু সৰু মানিমুনিৰ আছে ডাঙৰ ডাঙৰ গুণ

সৰু সৰু মানিমুনিৰ আছে ডাঙৰ ডাঙৰ গুণৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ বহুতৰ চকুত অপতৃণ বুলি গণ্য হোৱা মানিমুনিৰ উপযোগিতাৰ তালিকাখন দেখিলে আপোনাৰ চকু কপালত উঠিব৷ অতি প্ৰাচীনকালৰ পৰাই ভাৰতবৰ্ষ আৰু চীনদেশত পৰম্পৰাগত ভাবে মানিমুনিৰ ঔষধি গুণৰ বহুল প্ৰয়োগ চলি আহিছে৷

অনুসন্ধান কৰি জানিবলৈ পোৱামতে ভাৰতবৰ্ষত বিগত ৩০০০ বছৰ আৰু চীনদেশত বিগত ২০০০ বছৰ আগৰ পৰা মানিমুনিৰ ঔষধি গুণৰ প্ৰয়োগ চলি আহিছে৷ প্ৰাচীন ভাৰতীয় চিকিৎসাশাস্ত্ৰ 'সুশ্ৰুত সংহিতা'ত মানিমুনিৰ ঔষধি গুণৰ বিস্তাৰিত বৰ্ণনা আছে৷

আনহাতে যোৱা ১৮০০চনত ফৰাচী ফাৰ্মাকোপিয়াই এই মনিমুনিৰ ঔষধি গুণক তালিকাভুক্ত কৰি স্বীকৃতি দিছে৷

শ্ৰীলংকা, থাইলেণ্ড আৰু বাংলাদেশৰ ফাৰ্মাকোপিয়াই উল্লেখ কৰা মতে ১৮৮৪ চনৰ পৰাই মানিমুনি হ'ল এবিধ গুণকাৰী প্ৰমাণিত বনৌষধি৷

*অতি প্ৰাচীনকালৰ পৰা আমাৰ দেশৰ বিভিন্ন অঞ্চলত জ্বৰ, মূৰৰ বিষ, খহু, ঘাঁ শুকোৱা, খৰ-খজুৱতিৰ ঘৰুৱা চিকিৎসাত মানিমুনি শাক ব্যৱহৃত হৈ আহিছে৷

*অৰুণাচল প্ৰদেশত মানিমুনি শাকেৰে টাইফয়েড জ্বৰৰ ঘৰুৱা চিকিৎসা কৰা হয়৷

*পশ্চিম বংগত ভঙা হাঁড়ৰ চিকিৎসাত মানিমুনি শাক প্ৰয়োগ কৰা হয়৷

*নেপালত মানিমুনি শাকেৰে হাঁপানী ৰোগীৰ চিকিৎসা কৰা হয়৷

*চীন দেশত মানিমুনিক আন বনৌষধিৰ সৈতে মিশ্ৰণ কৰি মাংশপেশীৰ নানান জটিল ৰোগৰ চিকিৎসাত প্ৰয়োগ কৰা হয়৷

সাধাৰণতে আমি দেখাত মানিমুনি দুবিধ- সৰু মানিমুনি (Hydrocotyle sibthorpioides) আৰু বৰ মানিমুনি (Hydrocotyle Asiatica )। ঔষধি গুণ উল্লেখিত এই দুয়োবিধ মানিমুনিৰে প্ৰায় একে৷

কিন্তু সৰু বিধ দৰবৰ কাৰণে বেছি উপকাৰী। বনস্পতিবিদৰ মতে বিশ্বত মানিমুনিৰ ৭৫ৰ পৰা ১০০টা ভিন্ন ভিন্ন প্ৰজাতি আছে৷

কাটাৰৰ চুপাৰমাৰ্কেটত মই বিশ্বৰ আন দেশৰ পৰা আমদানি হোৱা বৰ মানিমুনি নিজে প্ৰত্যক্ষ কৰিছোঁ।

*খুতৰা,

*মাটিকান্দুৰী,

*কচুশাক,

*লাইশাক,

*মৰীচা আৰু

*কলমৌ শাকো কাটাৰত উপলব্ধ৷

বৰ মানিমুনিক ইংৰাজীত মতা কেইটামান নাম হ'ল-

*Indian

*Pennywort,

*Water Pennywort,

*Marsh Penny,

*Thick-leaved Pennywort,

*Hydrocotyle Indien৷

ফিলিপাইনচ দেশত টাকিপ কোহল আৰু শ্ৰীলংকাত গোটো কলা নামেৰে জনা যায়৷ নেপালীসকলে কয় ঘোডটাপ্ৰে৷

*হিন্দীত (ব্ৰহ্মীবুটি),

*মিজোত (লম্বক),

*মিতেই (পেৰুক),

*বাংলাত (থানকুনি শাক),

*ওৰিয়াত (থালকুডি),

*তেলেগুত (সৰস্বতী আকু),

*কানাড়াত (অনডেলেগা),

*তামিলত (ভেল্লৰাই) আৰু

*মলয়ালমত (কুদাংগল) বোলে৷

মানিমুনিৰ শাস্ত্ৰীয় নাম- ভেকী, মণ্ডকী আৰু মূলপানী।

ইয়াৰ বৈজ্ঞানিক নাম হ'ল - Centella asiatica৷

প্ৰাপ্তিস্থল- মানিমুনি শাকৰ ঘাই বসতিস্থল দক্ষিণ পূৱ এচিয়াৰ দেশসমূহ হলেও আমেৰিকা, অষ্ট্ৰেলিয়াকে ধৰি বিশ্বৰ বিভিন্ন অঞ্চলত ই উপলব্ধ৷

ভাৰতবৰ্ষ, নেপাল, বাংলাদেশ, শ্ৰীলংকা, থাইলেণ্ড, ইন্দোনেচিয়া, চীন, ভিয়েটনাম, ফিলিপাইনচ আদি দেশত মানিমুনিৰ উৎপাদন আৰু ইয়াৰ আৱশ্যকীয় প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়৷

গছৰ বৰ্ণনা-মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গাঁঠিয়ে গাঁঠিয়ে সৰু সৰু চুলিৰ নিচিনা শিপা ওলায়৷

শিপাৰ সহায়ত লতাজোপাই মাটিত খামোচ মাৰি ধৰি থাকে। সেউজ বৰণৰ পাতৰ আকৃতি ঘূৰণীয়া বিচনিৰ দৰে নাইবা কিডনিৰ আকৃতিৰ৷

মানিমুনি সাধাৰণতে জেকা ঠাইত হয়। কিন্তু লতাজোপা ভালদৰে বিকশিত হবলৈ ৰ'দৰ প্ৰয়োজন৷ অক্টোবৰৰ পৰা মাৰ্চলৈ উদ্ভিদজোপাত পাতল হালধীয়া-বেঙুনীয়া ফুল ফুলে৷ সময়ত লতাজোপাত চেপেতা সৰু আকৃতিৰ ফল লাগে৷

পূৰঠ ফল ফাটিলে তাৰ পৰা দুটি গুটি ওলায়৷ গুটিৰ পৰাও গছ হয় নাইবা ডাল ধৰিও ইয়াৰ খেতি কৰিব পাৰি৷

ফিলপাইনচ দেশত ধান খেতিৰ মাজে মাজে মানিমুনি গজি উঠা দেখা যায়৷

কি কি তত্ব এই শাকত থাকে?

কেইবাবিধো এন্টিঅক্সিডেন্ট, ভিটামিন-চি, ভিটামিন-বি গোট আৰু ভিটামিন-ই মানিমুনি শাকত থাকে৷

*কাৰ্বোহাইড্ৰেট,

*প্ৰটিন,

*ফচফৰাচ,

*টেনিক এচিডো মানিমুনি শাকত থাকে৷

ইয়াত থকা ভেলাৰিন নামৰ তেলীয় পদাৰ্থৰ বাবেই মানিমুনিৰ গোন্ধতো ওলায়৷

ইয়াৰ পাত, গা-গছ, ফুল, গুটি প্ৰতিটো অংশই ঔষধি নিৰ্মাণত ব্যৱহৃত হয়৷

কেনেদৰে মানিমুনিৰ ঔষধি গুণে ক্ৰিয়া কৰে?

মানিমুনি শাকত থকা ৰাসায়নিক তত্বসমূহৰ গুণ হ'ল যে ইয়াৰ ফলত কোষ নিৰ্মাণত জড়িত কোলাজেনৰ পৰিমান বৃদ্ধি পায় (সেয়ে ঘাঁ সোনকালে শুকায়) আৰু ইনফ্লেমেচন কমায়, তেজৰ নলী সমূহ বহলাই তোলে (সেয়ে ভেৰিক'জ ভেইনৰ চিকিৎসাত ফলপ্ৰসু)৷

কি দৰে মানিমুনি গ্ৰহণ কৰিব পাৰি?

শাক হিচাবে আঞ্জা বনাই,ভাজি বনাই, চাটনি বা চালাড কৰি, চুপৰ দৰে নাইবা সিজাই চাহৰ দৰেও মনিমুনি সেৱন কৰিব পাৰি৷ বজাৰত শুকান মানিমুনি, মানিমুনিৰ নিৰ্মিত কেপচুল কিনিবলৈ উপলব্ধ৷

আধুনিক যুগত মানিমুনিৰ প্ৰয়োগ –

শৰীৰৰই মিউনিটি বঢ়াবলৈ মানিমুনি নি:সন্দেহে এটি অতি লাগতিয়াল বনৌষধি৷ যি কোনো টিউমাৰৰ আকৃতি হ্ৰাস কৰি কৰ্কট ৰোগৰ চিকিৎসাত মানিমুনিয়ে লাগতিয়াল ভূমিকা পালন কৰে বুলি এচাম বিজ্ঞানীয়ে দাবী কৰে৷

উপকাৰিতা –

থোৰতে কবলৈ হলে-

*এন্টিবেক্টেৰিয়েল গুণৰ হেতু ফলপ্ৰসু- কলেৰা, চালমোনেলা, চিগেলা, ই-ক'লাই, ষ্টেফাইলোকক্কাচ অৰিয়াচ আদি ৰোগৰ বিপৰীতে৷

*এন্টিভাইৰেল গুণৰ প্ৰয়োগ-হেপাটাইটিচ-বি ৰোগৰ চিকিৎসাত৷

*এন্টিপেৰাচাইটিক- চিষ্টচমিঅ'চিচৰ চিকিৎসাত৷

*কাহ, জ্বৰ, টনচিলৰ অসুখ, শ্বাসজনিত বুকুৰ ৰোগৰ চিকিৎসাত উপযোগী৷

*স্নায়ুতন্ত্ৰৰ উপকাৰিতা- মগজুৰ সতেজতা, সক্ৰিয়তা, স্মৃতিশক্তি বঢ়ায়৷ বাৰ্ধক্যজনিত এলঝেইমাৰৰ ৰোগৰ চিকিৎসাত উপযোগী৷ আয়ুস বঢ়ায়৷

*লিভাৰৰ উপযোগী৷ আভোক দূৰ কৰে৷

*চৰ্মৰোগ- চ'ৰিয়’চিচ, খৰ, খহু, খজুৱতি, এলাৰ্জি, লুপাচ আদিৰ চিকিৎসাত৷

*মহিলাৰ জৰায়ুৰ ঘাঁ, বগাস্ৰাৱৰ চিকিৎসাত৷

*মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱৰ চিকিৎসাত৷

*পুৰুষ-মহিলা উভয়ৰে যৌন ক্ষমতা বঢ়োৱাত মানিমুনি অতি উপযোগী ঔষধি৷

*পাৰ্শ্বক্ৰিয়া/ সতৰ্কবাণী – গৰ্ভৱতী মহিলা, স্তনপান কৰোৱা মাতৃ আৰু নৱজাতক শিশুক মানিমুনিৰ ব্যৱহাৰ নকৰিবলৈ কোৱা হয়৷

ড° অঞ্জন শৰ্মাই মানিমুনিৰ বিষয়ে লিখিছে -

*বেঙেনা বা অমিতাৰ লগত মানিমুনিৰ পাত দি আঞ্জা ৰান্ধি প্ৰতিদিনে এমাহ খালে হজম শক্তি বৃদ্ধি পায়।
*মানিমুনিৰ পাতৰ ৰস এচামুচ আৰু শেৱালি ফুল গছৰ পাতৰ ৰস এচামুচ মিহলাই সদায় পুৱা খালে জ্বৰ ভাল হয়।

*সামান্য পৰিমাণৰ আম গছৰ ছাল, আনাৰসৰ কেঁচা পাত, কেঁচা হালধিৰ ৰস, ৪/৫ ডাল মানিমুনি শাকৰ শিপা ভালদৰে ধুই একেলগে বটি ৰস উলিয়াই খালী পেটত খালে পেটৰ অসুখ ভাল হয়। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই পথ্য অধিক কাৰ্যকৰী।

*আধা লিটাৰ গাখীৰত ২৫০ গ্ৰাম মিছিৰি আৰু ১৭৫ গ্ৰাম মানিমুনি পাতৰ ৰস একেলগে মিহলাই প্ৰতিদিনে পুৱা এসপ্তাহলৈ খালে গেষ্ট্ৰিক ভাল হয়।

*সদায় পুৱা খালি পেটত চাৰি চামুচ মানিমুনিৰ ৰস আৰু এচামুচ মৌ মিহলাই এসপ্তাহ খালে তেজ পৰিষ্কাৰ হয়।

*যিবোৰ শিশুৱে কথা কওঁতে পলম কৰে বা অস্পষ্ট হয়, সেই ক্ষেত্ৰত এচামুচকৈ মানিমুনি পাতৰ ৰস গৰম কৰি ঠাণ্ডা হ’লে ২০/২৫ টোপাল মৌ মিহলাই ঠাণ্ডা গাখীৰৰ সতে কিছুদিন খুৱালে সমস্যা দূৰ হয়।

*মানিমুনিৰ পাত বটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হয়।

*সদায় পুৱা মানিমুনিৰ ৰস এচামুচ ৫/৬ টোপাল হালধিৰ ৰসত সামান্য চেনি আৰু মৌ মিহলাই এমাহলৈ খালে যকৃতৰ সমস্যা ভাল হয়।

ডা০ চাদিকুল ইছলামে ব্যক্ত কৰা মতে মানিমুনি শাকৰ উপকাৰিতা সমূহ হ'ল :

(১)অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে।

(২)গ্ৰহণী, কুষ্ঠ ৰোগ, পিত্ত, উচ্চ ৰক্তচাপ, স্নায়বিক দুৰ্বলতা, অনিদ্ৰা ৰোগত মনিমুনিৰ ৰস উপকাৰী।

(৩)গোধ(Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়।

(৪)মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ আতৰ হয়৷

পাঠকৰ সংযোজন -

সৰুতে আমাক গাঁৱত মাঁয়ে মানিমুনি পিচি তাৰ ৰস উলিয়াই ১/২ গিলাছ মান সম পৰিমানৰ গৰুৰ গাখীৰৰ লগত পুৱা খাবলৈ দিছিল। ই-

*মগজু তীক্ষ্ণ কৰে,

*হজম শক্তি বৃদ্ধি কৰে,

*পেটৰ বিভিন্ন ৰোগ নিৰাময় কৰে।

গুণাৰাম খনিকৰ দেৱৰ বনৌষধি বিষয়ৰ কিতাপত ইয়াক বিভিন্ন ঔষধত ব্যৱহাৰ কৰাৰ বৰ্ণনা দিছে। বিভিন্ন জীয়া মাছৰ (শ'ল, মাগুৰ, কাৱৈ, গৰৈ, শিঙৰা) লগত মানিমুনিৰ ৰস আৰু আলুৰ আঞ্জা বৰ জুতি লগা আৰু পুষ্টিকৰ।

মায়ে জনোৱা মতে বসন্ত ওলালে মানিমুনি ৰসৰ লগত মিচিৰি মিহলাই খোৱালে জ্বৰ কমে আৰু ৰোগী সোনকালে আৰোগ্য হয়৷

লেখক: ডাঃ ভূপেন শইকীয়া

 

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top