মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সোৱাদেৰে ভৰা কাজু :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সোৱাদেৰে ভৰা কাজু :

সোৱাদেৰে ভৰা কাজুৰ বিষয়ে লিখা হৈছে ।

 

কাজু বৰ্ষজীৱী গছ। ইয়াৰ পাত কঠালৰ পাতৰ দৰে ডাঠ। ইয়াৰ পাতৰ ৰং মুগা। ঠাৰি মঙহাল। পাতৰ পৰা এটা মিঠা সুবাস ওলায়।

কাজুৰ ৰং কেঁচা অৱস্থাত সেউজীয়া, পকিলে হালধীয়া ৰঙৰ হয়। সাধাৰণতে সমুদ্ৰৰ পাৰত কাজু গছ হয়।

দক্ষিণ ভাৰতৰ সমুদ্ৰৰ পাৰৰ স্থানসমূহৰ উপৰি তামিলনাডু, কেৰালা, গোৱা আদি ঠাইত কাজু পোৱা যায়। ভাৰতৰ বাহিৰেও আফ্ৰিকাৰ বিভিন্ন প্ৰদেশত কাজু উৎপন্ন হয়। কথিত আছে যে দক্ষিণ আমেৰিকাৰ পৰা ভাৰতলৈ কাজুৰ বীজ আনি ইয়াৰ খেতি কৰা হৈছিল।

কাজু এবিধ পুষ্টিকৰ আৰু সোৱাদযুক্ত ফল। ইয়াৰ দাম যথেষ্ট বেছি হোৱাৰ কাৰণে ইচ্ছা থাকিলেও সকলোৱে খাব নোৱাৰে। এনেয়ে খোৱাৰ উপৰি কাজু মিঠাই হিচাপে ব্যৱহাৰ কৰা হয়।

তৰকাৰিত কাজু দিলে ইয়াৰ সোৱাদ বাঢ়ে। কাজুৱে শৰীৰত ইউৰিক অম্ল উৎপন্ন হোৱাত বাধা দিয়ে।

কাজুত প্ৰ’টিন যথেষ্ট পৰিমাণে পোৱা যায়। কজুৱে স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে। কুষ্ঠ ৰোগীয়ে দৈনিক কাজু সেৱন কৰিলে সোনকালে ৰোগ নিৰাময় হয়। কাজুত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থাকে কাৰণে এনিমিয়া ৰোগত ভোগা ৰোগীয়ে সদায় গাখীৰৰ লগত কাজু খালে ৰোগ ভাল হয়।

কাজুৱে বীৰ্য বৃদ্ধিত সহায় কৰে। বীৰ্য সম্বন্ধীয় বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তিয়ে কাজুৰ চৰবত খালে ভাল ফাল পাব। অৰ্শ ৰোগীৰ বাবেও কাজু ভাল পথ্য।

কাজুৰ বাকলিৰ পৰা তৈয়াৰ কৰা তেল কুষ্ঠ ৰোগীয়ে শৰীৰত লগালে ঘাৰ ফলত হোৱা বিষ নোহোৱা হৈ আৰাম পাব।

অৱশ্যে এই তেল যথেষ্ট গৰম। গতিকে শৰীৰত লগোৱাৰ আগেয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

কাজু পুষ্টিকৰ খাদ্য যদিও বেছি পৰিমাণে খালে নাকৰ পৰা তেজ ওলাব পাৰে। অতিৰিক্ত কাজু সেৱনৰ ফলত ডায়েৰিয়া ৰোগ হ’ব পাৰে। গৰমৰ দিনত কাজু খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে। কাৰণ ই যথেষ্ট উষ্ণ ফল।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

2.88235294118
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top