মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / হালধিৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হালধিৰ উপকাৰিতা :

হালধিৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

কৰ্কট ৰোগ প্ৰতিৰোধক - এন্টিঅক্সিডেন্টে ফ্ৰি- ৰেডিকেল বিনষ্ট কৰে৷

*টাইপ- ২ডায়েবেটিজ আৰু ইয়াৰ জটিলতাস্বৰূপে হব পৰা ৰেটিনোপেথি আৰু নিউৰোপেথি ৰোধকৰাৰ ক্ষমতাযুক্ত৷ পৰীক্ষাগাৰত হালধিক ডায়েবেটিজৰ দৰব মেটফৰ্মিনকৈ শক্তিমন্ত দেখা গৈছে৷

*ক'লেষ্টেৰল নিয়ন্ত্ৰক- দেহৰ অপকাৰী ট্ৰাইগ্লিচাৰাইড আৰু হ্ৰাস কৰে৷

*মেদবহুলতা কমায়৷

*হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে৷

*সংক্ৰমণৰোধক -এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল গুণযুক্ত৷

*ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷

*মানসিক চিন্তা, ডিপ্ৰেচন কমোৱাত ফ্লোৱেক্সটিনৰ দৰে সক্ষম৷

*স্মৃতিশক্তি বঢ়ায়৷ এলঝেইমাৰৰ দৰে ৰোগৰ চিকিৎসাত উপযোগী৷

*পাৰকিনচনিজম আদি স্নায়ুৰোগ ৰোধ কৰে৷

*বাত বিষৰ উপশম ঘটায়৷

*শৰীৰত বয়সৰ ছাপ পৰিব নিদিয়ে৷ ছাল সোতোৰা পৰা ৰোধ কৰে৷

*শালমন ভাল কৰে৷

*ছালৰ দাগ আতৰ কৰাত হালধিৰ প্ৰলেপ সহায়ক৷

*জুয়ে পুৰাৰ চিকিৎসাত উপযোগী৷ জুয়ে পুৰাৰ চিকিৎসাত প্ৰলেপ হিচাবে প্ৰয়োগ প্ৰাচীনকালৰ পৰাই চলি আহিছে৷ বাৰ্ণৰ গভীৰতা বেচি হলে ৩০০ মিলিগ্ৰাম দিনে ৩বাৰকৈ খাব লাগিব৷ Turmeric বা Curcumin 300 mg কেপচুল বজাৰত উপলদ্ধ৷

*শৰীৰৰ যিকোনো ঘাঁ হালধিৰ প্ৰয়োগে শুকুৱাত সহায় কৰে।

*হালধি গাখীৰৰ লগত মিহলাই ৰাতিপুৱা খালে এলাৰ্জি ৰোগ আতৰোৱাত সহায় হয়।

*ছালৰ বিভিন্ন ৰোগৰ (লুপাচ, চ'ৰিয়াচিচ,একজিমা) চিকিৎসাত ব্যৱহৃত হয়৷


*বিষহাৰক, বাত, আৰ্থাইটিচ আদি ৰোগৰ চিকিৎসাত উপযোগী৷

*পেটৰ নানাবিধ পুৰণি অসুখ যেনে আলচাৰেটিভ ক'লাইটিচ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত উপযোগী৷

*কেটেৰেক্ট, ইউভিআইটিচ আদি চকুৰ অসুখ ৰোধ কৰে৷

*চকু ৰঙা পৰা অসুখ (কনজাংটিভাইটিচ)ত হালধি পিহি নাইবা গুড়ি হালধি পানী মিহলাই পেষ্ট তৈয়াৰ কৰি পৰিষ্কাৰ কাপোৰত সানি লৈ চকুত মাজে মাজে লগাই থাকিলে সকাহ পোৱা যায়৷

*লিভাৰৰ অসুখ, আভোক, জণ্ডিচ, চিৰচিচ আদিত উপযোগী৷

*কেচা মাংসত হালধি সানি কেবাদিনলৈ ভালে ৰাখিব পাৰি, গোন্ধ নোলায়৷

সতৰ্কবাণী –
*পিত্তত পাথৰ থকা লোকৰ বাবে হালধি অপকাৰী৷ হালধিয়ে পিত্তৰ সংকোচন কৰাৰ ফলত পেট বিষ হব৷

*কিডনিৰ পাথৰ থাকিলেও হালধি বেচি খালে কেলচিয়াম অক্সালেট বৃদ্ধি হোৱাৰ ফলত পাথৰৰ আকাৰ বাঢ়িব পাৰে৷

*গৰ্ভৱতী মহিলাই অতিমাত্ৰাত হালধি সেৱন কৰিলে জৰায়ুৰ সংকোচন কৰাৰ ফলত গৰ্ভপাত হব পাৰে৷

*এন্টিক'এগুলেন্ট দৰব খাই থকা ৰোগীয়ে সতৰ্কতাৰ হালধি সেৱন কৰিব৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

 

 

2.82608695652
Pranjal Handique Jan 17, 2019 01:34 AM

আপোনাৰ লিখনি পঢ়ি ভাল লাগিল। ইয়াৰ জৰিয়তে মানুহ নিশ্চয় উপকৃত হব।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top