মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু মৃগীৰোগ নিয়ন্ত্ৰণত ডালিমৰ ঔষধি গুণঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু মৃগীৰোগ নিয়ন্ত্ৰণত ডালিমৰ ঔষধি গুণঃ

ডালিমৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে

 

ডালিম পৰিপুষ্টিসমৃদ্ধ স্বাদযুক্ত এবিধ ফল। ডালিমক ইংৰাজীত পমেগ্ৰেনেট বোলে। সংস্কৃতত জাদিম, তামিল ভাষাত মাদুলাই, মাৰাঠী ভাষাত ডালিম্ব, হিন্দীত আনাৰ বোলে। কোনোৱে কোনোৱে ইয়াক বেদানা বুলি কয়। ইয়াৰ বৈজ্ঞানিক নাম পুণিকা গ্ৰেণাটাম।

ডালিমৰ ব্যৱহাৰ হোৱা অংশঃ ফল, ফলৰ বাকলি, গুটি, গছৰ ছাল, শিপা, ফুল, কলি, পাত আদি ঔষধত ব্যৱহাৰ হয়। ডালিম দুই প্ৰকাৰৰ। টেঙা আৰু মিঠা।

ঔষধি গুণ আৰু ৰোগ প্ৰতিৰোধক হিচাপে ডালিমঃ

সেমেকা জলবায়ুত বাস কৰা লোকৰ মাজত গ্ৰহণী, ডায়েৰীয়া হোৱা স্বাভাৱিক। অপৰিষ্কাৰ পানী সেৱন, ধূলি-মাকতিৰে ভৰা পৰিৱেশত থাকিলে গ্ৰহণী, ডায়েৰীয়া, টাইফয়েড বেমাৰত ভোগা মানুহৰ বাবে এইবোৰ ৰোগ আৰোগ্যত ডালিমৰ ব্যৱহাৰে ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ৰক্তহীনতা, পেটৰ ভিন্নতা ৰোগত ডালিমৰ ব্যৱহাৰ উপকাৰী।

ডালিমৰ ছালৰ ৰস ১০ চামুচ ১ চামুচ গুড়ৰ লগত দিনে দুবাৰকৈ চাৰি-পাঁচদিন খালে অজীৰ্ণ ৰোগ ভাল হয়।

শৌচত তেজ পৰিলে বা তেজগ্ৰহণী হ’লে কুমলীয়া ডালিম এটা জুইত পুৰি তাৰ ৰস দিনে দুবাৰকৈ খালে তিনিদিনৰ ভিতৰতে এই ৰোগৰ শাম কাটে। এই ৰোগত ডালিমৰ ছালৰ ৰস তিনি চামুচ দিনে দুবাৰকৈ ৩-৪ দিন খালে উপকাৰ হয়।

ডালিমৰ গছৰ শিপাত গিউনিচাইন নামৰ যি উপক্ষাৰ থাকে ই ফিটাপেলু নাশ কৰিব পাৰে। ডালিমৰ শিপাৰ ৰস দিনটোত ২০-২৫ চামুচকৈ খালেহে ফিটাপেলু মৰে। এই ব্যৱস্থাৰে ১০-১৫ দিন খাব লাগে।

হৃদৰোগত ডালিমৰ গুটিৰ ৰস অতি উপকাৰী। দিনে ২০-৩০ টা ডালিমৰ গুটিৰ ৰস দুবাৰকৈ এমাহ পৰ্যন্ত খাব লাগে। এইদৰে ১-২ মাহ পৰ্যন্ত খোৱাৰ অভ্যাস কৰিলে তেজত থকা অতিৰিক্ত কলেষ্টেৰল হ্ৰাস পায়, ফলত হৃদযন্ত্ৰৰ সমস্যা দূৰ হয়। বজাৰত ডালিম বা বেদানা পোৱা যায়। অসমীয়া ডালিমতকৈ হায়দৰাবাদ, বেংগালুৰু, মুম্বাইৰ বেদানা বৰ সুমিষ্ট। হৃদৰোগীয়ে বেদানা বা ডালিমৰ গুটিৰ ৰস নিয়মীয়াকৈ খাই থাকিলে উচ্চ ৰক্তচাপত ভোগা ৰোগীয়েও বহুতো সকাহ পাব পাৰে। হৃদৰোগীয়ে বাওঁহাতৰ তলুৱাৰ কনিষ্ঠ আঙুলিৰ ওচৰত থকা হাৰ্ট পইণ্টত দিনটোত দুইবাৰকৈ টিপি থকাৰ অভ্যাস কৰিলে এই ৰোগৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

হাৰ্টৰ একুপ্ৰেছাৰ পইণ্টৰ নম্বৰ হ’ল-

 

উচ্চ ৰক্তচাপ ৰোগত ডালিম ফলৰ গুটিৰ ৰস তিনি চামুচত হালধিৰ কেঁচাৰস ১ চামুচ মিহলাই মিশ্ৰণটো দিনে দুবাৰকৈ দুসপ্তাহ ধৰি খাব লাগে। বহুমূত্ৰত ভোগা ৰোগীয়ে ডালিমৰ শিপাৰ ৰস ২ চামুচ পৰিমাণে দিনে এবাৰকৈ ১০-১৫ দিন খালে এই ৰোগৰ উপশম ঘটে।

উচ্চ ৰক্তচাপ ৰোগত ভোগা ৰোগীয়ে তেঁতেলিৰ (পুৰণি হলে ভাল) চৰবত খালে ৰক্তচাপ নিয়মীয়া হয়। সেই ক্ষেত্ৰত ডালিমৰ চাৰি চামুচ ৰসত তেঁতেলি পাতৰ ৰস এক চামুচৰ সৈতে মিশ্ৰণ কৰি দিনে ২ বাৰকৈ এসপ্তাহকাল খালে উচ্চ ৰক্তচাপ নিয়মীয়া হয়।

ডালিমৰ ফুল ৫ টা, মৌ ১ চামুচ দুয়োকে মিহলাই খুন্দি তাৰ ৰস খালে উচ্চ ৰক্তচাপ ভাল হয়। ১০-১৫ দিন ব্যৱহাৰ কৰিব লাগে।

ডালিমৰ ফুল ৫-৬ টা খুন্দি ৰস উলিয়াই ১ চামুচ পৰিমাণে মৃগীৰোগীক খাবলৈ দিলে এই ৰোগ উপশম হয়। এই ব্যৱস্থাত সম্পূৰ্ণ এমাহ খাবলৈ দিব লাগে। দিনে দুবাৰকৈ দিব।

ডালিমৰ ফুল ৫-৬ টা পিহি তাত সামান্য মৌজল মিহলাই স্তন মালিচ কৰিলে মহিলাৰ স্তন ওলমি নপৰে আৰু দেখনীয়াৰ হয়। ইয়াৰ উপৰি মহিলাৰ গৰ্ভাৱস্থাত হোৱা বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত ডালিম ফলৰ ৰস নিয়মীয়াকৈ খাব পাৰিলে উত্তম ফল পোৱা যায়। ডালিমৰ গছৰ বাকলিত টেনিন পোৱা যায়। গছৰ শিপাৰ ছালত পুণিকো টেনিন এচিড আৰু এলকেলিও পোৱা যায়।

বুকু ধপধপোৱা, বৰকৈ ফোঁপনি ধৰা লক্ষণত পকা মিঠা ডালিমৰ ৰস আধাকাপ দৈনিক কিছুদিন খালে এই সমস্যা দূৰ হয়।

ডালিমত থকা উপাদানঃ

 

পানী- ৭৮৬

নিয়াচিন- ৩ মিঃ গ্ৰাঃ

প্ৰ’টিন- ১৬ শতাংশ

খাদ্যপ্ৰাণ- ১৬ মিঃ গ্ৰাঃ

চৰ্বি- ১ শতাংশ

কেলৰী- ৬৫ মিঃ গ্ৰাঃ

কাৰ্বোহাইড্ৰেট- ১৪.৫ শতাংশ

খনিজ পদাৰ্থ- ৭ শতাংশ

ফছফৰাছ- ৭০ মিঃ গ্ৰাঃ।

(উৎসঃ অসমীয়া খবৰ, উপেন দত্ত)।

স্বাস্থ্য বাৰ্তাঃ

 

(১) এইডছৰ নতুন চিকিৎসাঃ আমেৰিকাৰ এদল গৱেষণাকাৰীয়ে প্ৰকাশ কৰিছে যে শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰক্ৰিয়াৰ ক্ৰিয়াকলাপৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচিত এবিধ প্ৰ’টিনৰ ক্ৰিয়া ৰোধ কৰিলে এইডছৰ চিকিৎসা অধিক ফলপ্ৰসূ হ’ব পাৰে। তেওঁলোকে জন্তুৰ ওপৰত পৰীক্ষা কৰি এই সিদ্ধান্তত উপনীত হৈছে। উক্ত প্ৰ’টিনবিধ হ’ল ইণ্টাৰফেৰণ টাইপ-১। এই প্ৰ’টিনৰ ক্ৰিয়া ৰোধ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধী শক্তি পুনৰুদীপ্ত হয় আৰু এইডছৰ ত্বৰিৎ অৱদমন সম্ভৱ হয়। অৱশ্যে এইডছৰ বিৰুদ্ধে ভাইৰাছ প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰি থাকিব লাগিব। এইডছ ভাইৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰক্ৰিয়া দুৰ্বল কৰে। এই প্ৰক্ৰিয়া পুনৰুদীপ্ত কৰিবলৈ প্ৰ’টিনবিধ ৰোধ কৰা প্ৰয়োজনীয় বুলি ভবা হৈছে।

(২) উৎসৱৰ সময় আৰু হাৰ্ট এটেকঃ মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ এক গৱেষণাৰ পৰা জনা গৈছে যে উৎসৱৰ সময়ত হাৰ্ট এটেকৰ সংখ্যা আৰু হৃদজনিত মৃত্যুৰ সংখ্যা বৃদ্ধি পায়। এই সময়ত বিভিন্ন কাৰণত চিকিৎসালয়ত ভৰ্তি হোৱাটো দুৰূহ হৈ পৰে। তদুপৰি যথেষ্ট পৰিমাণৰ মদ্যপান কৰা হয় আৰু অত্যধিক চৰ্বিযুক্ত খাদ্য খোৱা হয়। ইয়াৰ ফলত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি হয়। আৰু সুচিকিৎসাৰ অভাৱত বহু লোকৰ মৃত্যু হয়।

(৩) ছচিয়েল নেটৱৰ্কিং আৰু হতাশা তথা উদ্বিগ্নতাঃ দিনে মুঠ কিমান সময় আৰু কেইপ্ৰকাৰৰ ছচিয়েল নেটৱৰ্কিং কৰে তাৰ ওপৰত হতাশা আৰু উদ্বিগ্নতা সৃষ্টিৰ মাত্ৰা নিৰ্ভৰ কৰে। যিসকলে ৮ৰ পৰা ১১ প্ৰকাৰৰ ছচিয়েল নেটৱৰ্কিং কৰে তেওঁলোকৰ হতাশা আৰু উদ্বিগ্নতা তিনিগুণ বৃদ্ধি হয়। ছচিয়েল নেটৱৰ্কিঙৰ ভিতৰত আছে ফেচবুক, ইউটিউব, গুগল প্লাছ, ইনষ্টাগ্ৰাম, ৰেডিট, টুইটাৰ, স্নেপশ্বট, টুম্বিৰ, পেণ্টাৰেষ্ট, ৱাইল আৰু লিংকোৰ্ডন। বহুতেই এই আটাইবোৰ নেটৱৰ্কিং কৰিবলৈ প্ৰয়াস কৰে আৰু তাৰ ফলত প্ৰচণ্ড হতাশা আৰু উদ্বিগ্নতাত ভোগে।

(৪) সহনক্ষমতা বৃদ্ধিকাৰী ব্যায়াম আৰু ডায়েবেটিছঃ সহনক্ষমতা বৃদ্ধিকাৰী ব্যায়াম কৰিলে মাংসপেশীয়ে গ্লুক’জতকৈ অধিক চৰ্বি দহন কৰে। ইয়াৰ ফলতে মাংসপেশীত সহনক্ষমতা বৃদ্ধি হয় ঠিকেই, কিন্তু তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি হৈ ডায়েবেটিছ ৰোগ সৃষ্টি হ’ব পাৰে। অধ্যয়নৰ পৰা দেখা গৈছে যে নিগনিয়ে সাৰে থকা সময়ত ইন্ধন হিচাপে গ্লুক’জ ব্যৱহাৰ কৰে আৰু শোৱাৰ সময়ত চৰ্বিৰ ওপৰত নিৰ্ভৰ কৰে। এয়া হ’ল প্ৰাকৃতিক প্ৰক্ৰিয়া। সহনক্ষম বৃদ্ধিকাৰী ব্যায়াম কৰি এই প্ৰাকৃতিক প্ৰক্ৰিয়া বিঘ্নিত কৰিলে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।

(৫) অ’মেগা-৩-ফেটি এচিড আৰু এজমাঃ গৰ্ভাৱস্থাত অ’মেগা-৩-ফেটি এচিড সম্পূৰক খাদ্য হিচাপে খালে সন্তানৰ এজমা হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। এই তথ্য কোপেনহেগেন আৰু কানাডাৰ ওৱাটাৰ্লু বিশ্ববিদ্যালয়ত কৰা দুটা অধ্যয়নৰ পৰা পোৱা গৈছে। দেখা গৈছে যে গৰ্ভৱতী মহিলাক দিনে ২.৪ গ্ৰাম দীৰ্ঘ শৃংখলযুক্ত অ’মেগা-৩-ফেটি এচিড সম্পূৰক খাদ্য হিচাপে খাবলৈ দিলে সন্তানৰ এজমা হোৱাৰ সম্ভাৱনা ৩১ শতাংশ হ্ৰাস পায়। দীৰ্ঘ শৃংখলযুক্ত দুবিধ অ’মেগা-৩-ফেটি এচিড হ’ল ড’ক’ছাহেক্সানাইক এচিড আৰু এইক’পেণ্টানাইক এচিড। এই দুবিধ দ্ৰব্য শীতল পানীত বসবাস কৰা মাছত যথেষ্ট পৰিমাণে পোৱা যায়। উক্ত দ্ৰব্যই শৰীৰৰ ৰোগ প্ৰতিৰোধী প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে।

(৬) উৎপৰিৱৰ্তিত জিন আৰু বোধশক্তি হ্ৰাসঃ গৱেষকসকলে একপ্ৰকাৰৰ জিনীয় উৎপৰিৱৰ্তন চিহ্নিত কৰিছে। এই প্ৰক্ৰিয়াই ক্ষেত্ৰবিশেষে উপকাৰী অথবা অপকাৰী হ’ব পাৰে। তেওঁলোকে ‘এপ’ই’ জিনৰ ওপৰত গৱেষণা কৰিছিল। এই জিনে কলেষ্টেৰ’লৰ বিপাকত সহায় কৰে আৰু মগজুৰ ক্ৰিয়াকলাপৰ বাবে প্ৰয়োজনীয় ফেটি এচিড সৰবৰাহ কৰে। ঔদ্যোগীকৃত চহৰ অঞ্চলৰ ওপৰত কৰা এক গৱেষণাত দেখা গৈছিল যে উৎপৰিৱৰ্তিত ‘এপ’ই’ জিনে এলজাইমাৰ ৰোগৰ সম্ভাৱনা চাৰিগুণ বৃদ্ধি কৰে। তদুপৰি অন্যান্য বোধশক্তিজনিত ক্ৰিয়াকলাপ হ্ৰাস কৰে আৰু হৃদপিণ্ড-ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

আন এক অধ্যয়ন কৰা হৈছিল চিচমেন নামৰ এমাজনীয় উদ্যান শস্য নিৰ্ভৰশীল জনগোষ্ঠী এটাৰ ওপৰত। এওঁলোকৰ শৰীৰত APOE 4 জিন পোৱা গৈছিল। এই জনগোষ্ঠীৰ লোকসকলৰ পৰজীৱী সংক্ৰমণৰ মাত্ৰা অধিক। জনগোষ্ঠীটোৱে আধুনিক চিকিৎসাৰ অভাৱত ভোগে। দেখা গৈছে এই জনগোষ্ঠীৰ লোকসকলৰ বোধশক্তি অতি সক্ৰিয় হৈ থাকে। পৰিৱেশৰ এই ভিন্নতাই ‘এপ’ই’ উৎপৰিৱৰ্তিত জিনেই অপকাৰ বা উপকাৰ হোৱাৰ কাৰণ বুলি ভবা হৈছে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

3.0303030303
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top