মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ৰক্তহীনতা আৰু পৰিপুষ্টি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰক্তহীনতা আৰু পৰিপুষ্টি

ৰক্তহীনতা আৰু পৰিপুষ্টিৰ বিষয়ে লিখা হৈছে

 

সু-স্বাস্থ্যৰ বাবে উপযুক্ত পৰিপুষ্টিৰ প্রয়োজন। সুষম আহাৰৰ পৰা পোৱা উপযুক্ত পৰিপুষ্টিৰ অভাৱত শৰীৰত নানা অভাৱজনিত ৰোগ দেখা দিব পাৰে। ৰক্তহীনতা হৈছে পৰিপুষ্টিৰ অভাৱত হোৱা এনে এটি ৰোগ৷ শৰীৰৰ পৰিপুষ্টিৰ বাবে খাদ্যত থকা পৰিপোশকবোৰৰ প্রয়োজনীয়তা মন কৰিব লগীয়া। এই পৰিপোষক বিলাক বিশেষকৈ লো, ভিটামিন-বি১২, ভিটামিন-চি, ফলিক এচিড, প্রটিন আদিৰ অভাৱত ৰক্তহীনতাই দেখা দিয়ে।

ৰক্তহীনতানো কি?

 

সাধাৰণতে এজন সুস্থ ব্যক্তিৰ প্ৰতি ১০০ মিঃ লিঃ তেজত ১৩-১৪ গ্রাম হিমগ্লোবিন থাকে। কিন্তু যেতিয়া কিবা কাৰণত এই পৰিমাণ ১১-১২ গ্ৰামতকৈ কমি যায় তেতিয়া ব্যক্তিজন ৰক্তহীনতাত ভোগে।

ৰক্তহীনতা কাৰ হয়?

 

ৰক্তহীনতা পুৰুষতকৈ মহিলাৰ বেছি হোৱা দেখা যায়। সাধাৰণতে মহিলা আৰু যুবতীৰ প্ৰত্যেক মাহেকীয়া হওঁতে আৰু গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাত কোষবিভাজনৰ বাবে প্ৰচুৰ পৰিমাণে লো তেজৰ লগত নষ্ট হয়। গতিকে এই সকল মহিলাৰ ৰক্তহীনতা হোৱা দেখা যায়।

ৰক্তহীনতাৰ কাৰণ বা ৰক্তহীনতা কিয় হয়?

 

ৰক্তহীনতা হোৱাৰ বেলেগ বেলেগ কাৰণ থাকে। তাৰ ভিতৰত তলৰ কাৰণ সমূহকে প্রধান কাৰণ বুলি ধৰা হয়।

  • আহাৰত প্ৰতিদিনে সেউজীয়া শাক-পাচলি, ফলমূলৰ নিচিনা পুষ্টিকাৰকৰ অভাৱত ৰক্তহীনতা হয়।
  • সময়তকৈ আগতে জন্ম হোৱা শিশুৰ লোৰ অভাৱত ৰক্তহীনতা হোৱা দেখা যায়। ইয়াৰ কাৰণ হৈছে গৰ্ভাৱস্থাত মহিলাগৰাকীৰ শেষৰ ফালেহে শৰীৰৰ লো আহৰণ সম্পূর্ণ হয়।
  • মেলেৰীয়া, হাকোটা পেলু আদি বেমাৰত শৰীৰৰ ৰক্ত কোষ বোৰৰ হানি হয় আৰু ফলত ৰক্তহীনতাই দেখা দিয়ে।
  • এগৰাকী মহিলাই অতি সঘনাই সন্তান জন্ম দিলে তেজত হিম'গ্লবিনৰ পৰিমাণ কমি যায় আৰু তেতিয়া ৰক্তহীনতাই দেখা দিয়ে।
  • বহুত সময়ত আকৌ দেখা যায় যে ক্ৰমাত বাঢ়ি অহা শিশুৱে বেচি আহাৰ বিচাৰে। এনেক্ষেত্ৰত মাতৃগৰাকীয়ে শিশুৰ বৰ্দ্ধিত আহাৰ যোগান ধৰোতে নিজৰ আহাৰ কমি যোৱাত মাতৃগৰাকী ৰক্তহীনতাত ভোগিব পাৰে।
  • খাদ্যনলী বা পাকস্থলীৰ কেঞ্চাৰ বা ঘাঁ হ’লে শৰীৰৰ লো গ্ৰহণৰ ক্ষমতা কমি যোৱাত সেই ব্যক্তিয়ে ৰক্তহীনতাত ভোগে। যেতিয়া এনে ঘাৰ পৰা ইমান কমকৈ তেজ যায় যে প্রথম অৱস্থাত এই কমৰ কথা গম পোৱা নাযায়। যেতিয়া হিম’গ্লোবিনৰ পৰিমাণ ১০ গ্ৰামতকৈ কমি যায় তেতিয়াহে ৰক্তহীনতাৰ লক্ষণসমূহে দেখা দিয়ে।
  • যক্ষ্মা ৰোগ হোৱা ব্যক্তি বা সঘনাই ৰক্ত দান কৰা ব্যক্তিৰো ৰক্তহীনতা হোৱা দেখা যায়।

ৰক্তহীনতা হোৱা ব্যক্তিক কেনেকৈনো চিনাক্ত কৰিব পাৰি?

  • ৰক্তহীনতাত ভোগা ৰোগীৰ অলপতে ভাগৰ লাগে, মুৰ ঘুৰাই, মুৰ বিষায়, বুকু বিষায় আৰু এনে ৰোগীয়ে উশাহ লোৱাত কষ্ট পায়।
  • ৰক্তহীনতা হ’লে, টোপনিৰ মাত্রা কমি যায়, ভোক কমে আৰু খাদ্যৰ প্রতি অনীহা জন্মে।
  • ৰক্তহীনতাত ভোগিলে, ভৰিৰ সৰু গাঁঠি উখহে আৰু ছাল শেঁতা পৰে। আঙুলীৰ গাঁঠিৰ ওচৰৰ ছালৰ ৰং আৰু নখৰ ৰং সলনি হয়। লগতে চকুৰ পতাও শেঁতা পৰে।
  • ৰক্তহীনতা বেছি দীঘলীয়া আৰু গুৰুতৰৰ ফালে গতি কৰিলে জিভা শেঁতা পৰে, মিহি আৰু পিচল হয়।
  • আঙুলিৰ নখবোৰ প্ৰথমতে শুকান হয় আৰু জোঙা হয় আৰু শেষত চামুচৰ আকৃতি লয়। এই অৱস্থাটোক ডাক্তৰীমতে “কইলনড’চিয়া” বোলে।

ৰক্তহীনতা কেনেকৈ প্রতিৰোধ কৰিব পাৰি?

 

ৰক্তহীনতা প্রতিৰোধৰ বাবে যথেষ্ট পৰিমাণৰ লো সমৃদ্ধ আহাৰ যেনে চাউল, ডাইল, সেউজীয়া শাক পাচলি, শুকান ফল, মাংস, কণী, লিভাৰ আদি আহাৰ খাদ্য তালিকাত অন্তর্ভুক্ত কৰিব লাগে।

খাদ্যত লো থাকিলেই যে সকলো খাদ্যৰ পৰা শৰীৰে সমানে লো আহৰণ কৰিব পাৰে তেনে নহয়। খাদ্য বিশেষে লোৰ গ্ৰহণীয়াতাও বেলেগ হ’ব পাৰে। মাংস, কণী আদিত থকা লোৰ তুলনাত শাক-পাচলিত থকা লোৰ গ্ৰহণীয়তা কম।

শৰীৰে লো গ্রহণীয়তা বঢ়াবৰ বাবে কেনে আহাৰ দৈনিক তালিকাত অন্তৰ্ভুক্ত কৰা উচিত ?

  • শৰীৰে লোৰ গ্ৰহণীয়তা বঢ়াবৰ বাবে ভিটামিন-চি চহকী আহাৰসমূহ যেনে টেঙা জাতীয় ফলসমূহ আমলখি, মধুৰী, নেমুটেঙা, গজালি ওলোৱা বুট, মগুমাহ আদি আহাৰৰ তালিকাত প্রতিদিনে অন্তৰ্ভুক্ত কৰা উচিত।ব
  • ফলিক এচিদ সমৃদ্ধ আহাৰ যেনে পালেং শাক, খুতুৰা শাক, মাহজাতীয় আহাৰ, তিল, আটা, লিভাৰ আদি আহাৰত থকা প্রয়োজন। বেছি সময় ৰান্ধিলে আকৌ আহাৰৰ ফলিক এচিদ নষ্ট হৈ যাব পাৰে। গতিকে আহাৰ প্ৰস্তুত কৰোঁতে এই কথা মনত ৰখাৰ প্রয়োজন|
  • কিছুমান আহাৰে শৰীৰৰ লো গ্ৰহণত বাধা প্রদান কৰে। সেইবোৰৰ ভিতৰত চাহত থকা “টেনিনে” লো গ্ৰহণত বাধা দিয়ে। গতিকে পৰিপুষ্টি বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে আহাৰৰ এঘণ্টাৰ আগত বা পাছত চাহ খালে লো গ্ৰহণত বাধা কমে।
  • গৰ্ভৱতী মহিলা আৰু শিশুৰ ৰক্তহীনতা নহ’বৰ বাবে পৰিয়ালৰ মানুহসকল বিশেষভাবে সাৱধান হোৱা প্রয়োজন। গর্ভধাৰণৰ শেষৰ তিনিমাহ যথেষ্ট পৰিমাণৰ লো সেৱন কৰিলে গর্ভস্থ শিশুটিয়ে মাকৰ শৰীৰৰ পৰা এই লো আহৰণ কৰিব পাৰে। এনে কৰিলে শিশু স্বাস্থ্যবান আৰু সৱল হয়।
  • ভূমিষ্ঠ হোৱাৰ আগতে শিশুৱে যথেষ্ট পৰিমাণৰ লো বিচাৰে, কিয়নো জন্মৰ পাছত মাকৰ গাখীৰে এটি বৰ্দ্ধিত শিশুৰ বাবে আৱশ্যকীয় লো যোগান ধৰিব নোৱাৰে। গতিকে জন্মৰ সময়তো শিশুৰ শৰীৰত যথেষ্ট লো মজুত নাৰাখিলে শিশুটি ৰক্তহীনতাত ভুগিব পাৰে আৰু নানা সংক্ৰামক ব্যাধিয়ে শিশুটিক আক্রমণ কৰিব পাৰে। ৬ মাহৰ পৰা মাকৰ গাখীৰৰ উপৰিও শিশুটিক উপৰুৱা আহাৰ দিবলৈ আৰম্ভ কৰিব লাগে। উপৰুৱা আহাৰবোৰ হৈছে শাক-পাচলি, সিজোৱা ৰস, কোমল সিজোৱা ও মোহাৰি মণ্ড কৰা পাচলি, চাউল, ডাইল আদি মিহলাই প্রস্তুত কৰা আহাৰ। এনে আহাৰত যথেষ্ট পৰিমাণৰ লো থাকে। ইয়াকে নকৰিলে শিশুটি ৰক্তহীনতাত ভুগিব পাৰে।
  • ৰক্তহীনতা প্ৰৱল হ’লে খাদ্যৰ যোগেদি তাৰ অভাৱ দূৰ নহয়; তেতিয়া ঔষধৰ যোগেদিহে দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ ৰক্তহীনতা প্ৰৱল হলে অধিক লোৰ প্রয়োজন হয়।

বিশ্বস্বাস্থ্য সংস্থাৰ মতে পৃথিৱীৰ ৩০ শতাংশ মানুহেই ৰক্তহীনতাত ভোগে আৰু ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰত ইয়াৰ প্ৰাবল্য অধিক বেছি। সাধাৰণতে ১৮ শতাংশ পুৰুষ আৰু ৩৫ শতাংশ মহিলা এই ৰোগত আক্রান্ত হয়। অসমৰ গাঁও অঞ্চলত ৭০ শতাংশতকৈও বেছি মহিলাই ৰক্তহীনতাত ভোগে। ইয়াৰ প্রধান কাৰণ হৈছে পৰিপুষ্টি জ্ঞানৰ অভাৱ। ভাৰত চৰকাৰে ৰক্তহীনতা প্ৰতিৰোধৰ এখন ৰাষ্ট্ৰীয় আঁচনি যুগুত কৰিছে। ইয়াৰ দ্বাৰা প্রাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত গৰ্ভৱতী মহিলা আৰু স্কুললৈ যোৱাৰ আগৰ বয়সৰ ল’ৰা-ছোৱালীৰ বিনামূলীয়াকৈ আইৰণ আৰু ফলিক এচিডৰ যোগান ধৰে। অগৰাকী গৰ্ভৱতী মহিলাই ৫০ মিঃ গ্ৰাঃ আইৰণ ৫০০ মাইক্ৰগ্ৰাম ফলিক এচিড দৈনিক খাব লাগে।

ৰক্তহীনতা যিটোৱে নেকি কর্মক্ষমতা কমাই দেশৰ উৎপাদন ব্যাঘাত জন্মাব পাৰে। গতিকে ৰাইজ আৰু চৰকাৰ সকলোৱে চেষ্টা কৰি এই ৰক্তহীনতা ৰোধ কৰিব পাৰিলেহে এখন সমৃদ্ধশালী ভাৰত গঢ়িব পৰা যাব।

উৎস:  অসম কৃষি বিশ্ববিদ্যালয়।

3.09090909091
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top