মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ৰোগ নিৰাময়ত কাজি নেমু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ নিৰাময়ত কাজি নেমু

কাজি নেমু এবিধ বহু বৰ্ষজীৱী কাঁইটীয়া জোপোহা গছ। ইয়াৰ পাতৰ ৰং ডাঠ সেউজীয়া। ছিঙিলে সুগন্ধি ওলায়।

চমু বিৱৰণ

কাজি নেমু এবিধ বহু বৰ্ষজীৱী কাঁইটীয়া জোপোহা গছ। ইয়াৰ পাতৰ ৰং ডাঠ সেউজীয়া। ছিঙিলে সুগন্ধি ওলায়। ফুলৰ ৰং বগা। কাজি নেমুত ভিটামিন চি, গ্লুকাৰেজ, লিম’নিন পোৱা যায়। ইয়াৰ ফল কেঁচা অৱস্থাত ডাঠ সেউজীয়া, পকিলে হালধীয়া বৰণৰ হয়। ইয়াৰ সোৱাদ টেঙা। ইয়াৰ পৰা আচাৰ, চৰ্বত আদি তৈয়াৰ কৰা হয়।

    কাজি নেমুৰ কিছুমান ঔষধি গুণ

  • কাজি নেমুৰ লগত মিঠা আমৰ ছাল পিহি নাভিৰ চাৰিওফালে লেপ দিলে পেটৰ বিষ কমে।
  • কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ শক্তিও কাজি নেমুত আছে বুলি পৰীক্ষা-নিৰীক্ষাত প্ৰমাণিত হৈছে।
  • কাজি নেমুৰ ৰসত পানী মিহলাই পুৱা খালী পেটত খালে শৌচ খোলোচা হয়। একেদৰে ৰাতি শুবৰ সময়ত খালেও একে ফল পোৱা যায়।
  • কৃমি হ’লে কাজি নেমুৰ গুটি পাঁচ-ছটা বাকলি এৰুৱাই পিহি গৰম পানীৰে খালে কৃমি নাশ হয়।
  • কাজি নেমুৰ ৰস চেনিৰে সৈতে মিহলাই দিনে দুই-তিনিবাৰ খালে অন্ত্ৰশূল ৰোগত আৰাম পোৱা যায়।
  • হাঁপানী ৰোগত কাজি নেমুৰ ৰসৰ লগত সম পৰিমাণৰ আদাৰ ৰস মিহলাই দুই-তিনিবাৰ খালে ৰোগ নিৰাময় হয়।
  • কাজি নেমুৰ ৰস আৰু মিঠাতেল সমানে মিহলাই তিনি-চাৰিবাৰকৈ মূৰত দিলে উন্মাদ ৰোগত উপকাৰ পোৱা যায়।
  • ৰক্ত দূষিত হ’লে কাজি নেমুৰ ৰস গৰম পানীৰে খালে ভাল ফল পোৱা যায়।
  • কাজি নেমুৰ ৰসৰ লগত চেনি মিহলাই দিনে চাৰি-পাঁচবাৰমান খালে কাণ কলা ৰোগ নিৰাময় হয়।
  • মূৰৰ বিষত কাজি নেমু দুফাল কৰি মূৰত ঘঁহিলে মূৰৰ বিষ ভাল হয়।

 

লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top