মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ৰোগ নিৰাময়ত ভীমকল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ নিৰাময়ত ভীমকল

অসমৰ প্ৰায় মানুহৰ বাৰীত বিভিন্ন কলৰ গছ আছে। তাৰ ভিতৰত ভীমকলে অসমীয়া জনজীৱনত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

চমু বিৱৰণ

অসমৰ প্ৰায় মানুহৰ বাৰীত বিভিন্ন কলৰ গছ আছে। তাৰ ভিতৰত ভীমকলে অসমীয়া জনজীৱনত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ভীমকল এবিধ ঔষধি গছ। ইয়াৰ গা-গছৰ পৰা শিপালৈ সকলো অংশই ঔষধ হিচাপে ব্যৱহাৰ হয়। ইয়াৰ কলফুল বা কলডিল উৎকৃষ্ট পাচলি। ভীমকলৰ পচলাও খাবলৈ সোৱাদযুক্ত। পকা ভীমকলো শৰীৰৰ বাবে অতি উপকাৰী।

    ভীমকলৰ ঔষধি গুণবোৰ

  • শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভীমকল উপকাৰী। পকা ভীমকলৰ গুটি চেকি গাখীৰ, গুড়েৰে শিশুক খুৱালে স্বাস্থ্যৰ উন্নতি হোৱাৰ লগতে শৰীৰত শক্তি পায়।
  • গৰমত প্ৰস্ৰাৱ হালধীয়া হ’লে, জ্বলা-পোৰা কৰিলে পকা ভীমকল তিয়াই, খচি সেই পানী খালে উপকাৰ পোৱা যায়।
  • পিত্তৰোগীৰ বাবে কেঁচা ভীমকলৰ ৰস সুপথ্য।
  • গ্ৰহণী ৰোগত কেঁচা ভীমকল দুটা কাটি পানীত তিয়াই থৈ পাছদিনা সেই পানী খালে ৰোগ সোনকালে নিৰাময় হয়।
  • অম্লশূলত চেনি আৰু ইলাচি গুড়ি কৰি ভীমকলৰ ডিলৰ লগত খালে উপকাৰ পোৱা যায়।
  • নিদ্ৰাহীনতা ৰোগত পকা ভীমকল এটা চেকি এগিলাছ গাখীৰত মিহলাই খালে টোপনি আহে।
  • জুয়ে পুৰিলে ভীমকল পুৰি তাৰ ছাই পোৰা ঠাইত লগালে আৰাম পোৱা যায়।
  • ভীমকলৰ পচলা ভাতৰ লগত খালে শৌচ খোলোচা হয়।
  • ভীমকলৰ শিপাৰ ৰস বহুমূত্ৰ ৰোগীৰ বাবে উপকাৰী।
  • দাঁত লৰি থাকিলে ভীমকলৰ কেঁচা ঠাৰি এডাল অলপ সময় চোবাই থাকিলে দাঁত লৰা বন্ধ হয়।
  • ভীমকলৰ খাৰ কেঁচা হালধিৰ ৰসৰ লগত মিহলাই কুষ্ঠৰোগত সানিলে উপকাৰ পোৱা যায়।
  • মূৰৰ বিষত ভীমকলৰ ডিল জালুকেৰে ৰান্ধি ভাতৰ লগত খালে বিষ কমে।
  • শিশুৰ পঁয়া লগা ৰোগত গৰুৰ গাখীৰৰ লগত একেৰাহে তিনিদিন পকা ভীমকলৰ সাহ খোৱালে ৰোগ নিৰাময় হয়।

 

লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী

3.22580645161
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top