মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ৰোগ নিৰাময়ত সৰিয়হ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ নিৰাময়ত সৰিয়হ

ৰোগ নিৰাময়ত সৰিয়হৰ কথা লিখা হৈছে

 

সৰিয়হ এবিধ শাক। ইয়াৰ গুটিৰ পৰা দৈনন্দিন জীৱনত সচৰাচৰ ব্যৱহাৰ কৰা সৰিয়হৰ তেল বা মিঠাতেল পোৱা যায়। সৰিয়হ গছৰ ফুলবোৰ হালধীয়া। ইয়াৰ গুটিবোৰ মটৰৰ দৰে আৱৰণৰ ভিতৰত থাকে। পূৰঠ হ'লে সেই আৱৰণ ফাটি যায় আৰু অসংখ্য নিচেই সৰু সৰু গুটি ওলায়। সৰিয়হ দুবিধ। হালধীয়া গুটিৰ সৰিয়হক বগা সৰিয়হ আৰু ক’লা-মুগা চানেকীয়া

সৰিয়হক ক’লা সৰিয়হ বোলা হয়। সৰিয়হক মচলা হিচাপে লৈয়ো বিবিধ ব্যঞ্জন বনোৱা হয়। সৰিয়হত থকা কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • সৰিয়হ মিহিকৈ পিহি শালমইনা হোৱা স্থানত লগালে দাগ আঁতৰে।
  • ক’লা সৰিয়হ পিহি আঞ্জা বনাই খোৱাটো কুষ্ঠ ৰোগীৰ বাবে উপকাৰী।
  • গোধা ৰোগত বগা সৰিয়হ আৰু চজিনা গছৰ ছাল মিহিকৈ পিহি লগালে ৰোগ নিৰাময় হয়।
  • কিছুমানৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ হয়। সৰিয়হ পিহি গৰম কৰি লগালে আৰাম পোৱা যায়।
  • দাঁতত হালধীয়া দাগ পৰিলে নিমখ, ছোডাখাৰ, নেমুটেঙাৰ ৰস আৰু সৰিয়হ তেল মিহলাই ঘঁহিলে পৰিষ্কাৰ হয়।
  • নহৰু আৰু সৰিয়হ তেল মিহলাই মালিচ কৰিলে বাত বিষত আৰাম পোৱা যায়।
  • টোপনি কম হ’লে নেমুৰ ৰস আৰু সৰিয়হ তেল ভৰিত ঘঁহিলে টোপনি ভাল হয়।
  • চূণে ডাকিলে, ডকা অংশত সৰিয়হ তেল লগালে আৰাম পোৱা যায়।
  • গা ধোৱাৰ সময়ত কেঁচা সৰিয়হ তেল সানি গা ধুলে ঠাণ্ডা নালাগে।
  • মাত ভাগিলে কেঁচা সৰিয়হ তেল চাহ চামুচেৰে এচামুচ খালে মাত ওলায়।
  • চর্দি বা কাহ হ’লে সৰিয়হ তেলত নহৰু, ক’লা জিৰা দি গৰম কৰি মালিচ কৰিলে আৰাম পোৱা যায়।
  • তেল পেটত সৰিয়হ তেলেৰে মালিচ কৰিলে শৌচ খোলোচা হয়।
  • সৰিয়হ তেলৰ চাকি জ্বলাই অলপ জ্বলোতেই শলিতাডাল নুমাই গৰম তেল নখত দিলে নখচুকীয়া ৰোগ ভাল হয়।

লেখিকা: ললিতা শৰ্মা লহকৰ, অসম বাণী।

2.93181818182
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top