মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ফল-মূলৰ ভেষজ গুণাগুণঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ফল-মূলৰ ভেষজ গুণাগুণঃ

ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ফল-মূলৰ ভেষজ গুণাগুণৰ ওপৰত আলোচনা কৰা হৈছে

আঙুৰঃ তৃষ্ণা, জ্বৰ, শ্বাস, বাত, বাতৰক্ত, মূত্ৰকৃচ্ছ্ৰ, দাহ, শোথ প্ৰভৃতি ৰোগনাশক। আঙুৰ কেতিয়াও নোধোৱাকৈ খোৱা উচিত নহয়।

আপেলঃ কেঁচা আপেল খালে তেজ বৃদ্ধি হয়। দৈনিক এটাকৈ আপেল খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী। অন্ত্ৰৰ জীৱাণু নাশ কৰিবলৈ আৰু বিষ দূৰ কৰিবলৈ আপেল বিশেষ উপকাৰী। ৰাতিপুৱা খালীপেটে বা খোৱাৰ পাছত আপেল খোৱা ভাল। মাদকদ্ৰব্য সেৱনত অভ্যস্ত লোকসকলে আপেল খালে মাদক দ্ৰব্য সেৱনৰ অভ্যাস নাশ হ’ব। আপেল গুৰুপাক, সেয়ে যিসকলৰ হজম ক্ষমতা কম তেওঁলোকে আপেল খোৱা উচিত নহয়।

নাচপতিঃ স্নিগ্ধ, তৃষ্ণা নিবাৰক আৰু যকৃতৰ ক্ৰিয়াবৰ্ধক।

ডালিমঃ মধুৰ সোৱাদযুক্ত ডালিম বায়ু, পিত্ত, কফ, তৃষ্ণা, দাহ, জ্বৰ, হৃদৰোগ, কণ্ঠৰ ৰোগ, মুখৰ ৰোগ দূৰ কাৰক, শুক্ৰবৰ্ধক, মেধা আৰু বলকাৰক। ইয়াৰ বাহিৰেও গ্ৰহণী, অতিসাৰ, অজীৰ্ণ, ৰক্তপ্ৰদৰ, গৰ্ভস্ৰাৱ, কৃমি আৰু অগ্নিমান্দ্যত উপকাৰ পোৱা যায়।

খেজুৰঃ কোষ্ঠগত বায়ু, বাতদোষ, জ্বৰ, ক্ষুধা, তৃষ্ণা, কাহ, শ্বাস, মূৰ্ছা ইত্যাদি ৰোগৰ কাৰণে উপকাৰী। খেজুৰ সহজতে হজম নহয়। সেয়ে পেটৰ ৰোগীৰ কাৰণে খেজুৰ উপকাৰী নহয়। কিন্তু সুস্থ স্বাস্থ্যৰ অধিকাৰী আৰু কোষ্ঠকাঠিন্য থকা সকলৰ কাৰণে উপকাৰী।

তিয়ঁহঃ কোমল তিয়ঁহ দাহ তথা পিত্তনাশক। তিয়ঁহৰ গুটিৰ পানী খুৱালে বমি আৰু হেকটি ৰোগ ভাল হয়। তিয়ঁহৰ গুটিয়ে পিত্তদোষ নষ্ট কৰে আৰু মূত্ৰকৃচ্ছ্ৰ প্ৰশমিত কৰে। কিন্তু পকা তিয়ঁহ পিত্ত বৃদ্ধিকাৰক।

তালঃ কোমল তালৰ পানী হেকেটিৰ অমোঘ ঔষধ আৰু বাত, পিত্তৰ কাৰণে উপকাৰী। পকা তাল অজীৰ্ণকাৰক। তালৰ গুটিৰ শাহ শীতল মূত্ৰ বৃদ্ধিকাৰক, কফনাশক কিন্তু দুষ্মপাচ্য। অজীৰ্ণ ৰোগত ভোগা ৰোগীয়ে তালৰ শাহ খোৱা অনুচিত। তেজবমি, শৌচৰ লগত তেজ পৰিলে তালৰ শাহৰ ৰস খুৱালে উপকাৰ পোৱা যায়।

তৰমুজঃ পিত্তনাশক আৰু বায়ুনাশক।

আনাৰসঃ মধুৰ তৃপ্তিদায়ক আৰু কৃমিনাশক, কিন্তু গুৰুপাক। আনাৰসৰ পাতৰ গুৰিৰ অংশৰ ৰস খুৱালে ভেদবমি বন্ধ হয় আৰু কৃমি নাশ হয়। গৰ্ভৱতী তিৰোতাই আনাৰস খোৱা উচিত নহয়। তাতে গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে।

আতলচঃ বলকাৰক, পুষ্টিকাৰক আৰু ৰক্তবৰ্ধক, কিন্তু গুৰুপাক। দাহ, তৃষ্ণা, মুখ বমি বমি লাগিলে আতলচ খালে ভাল ফল পোৱা যায়।

মধুৰীআমঃ বলকাৰক আৰু পুষ্টিকৰ, কিন্তু গুৰুপাক। কোষ্ঠবদ্ধতাগ্ৰস্থ ৰোগীক মধুৰীআম খাবলৈ দিলেও অজীৰ্ণ ৰোগীক গুটিসহ মধুৰীআম খাবলৈ দিয়া উচিত নহয়।

তামোলঃ ৰুচিকাৰক, পিত্ত আৰু মুখৰ বিৰসতা নাশক। কেঁচা তামোলত দৃষ্টিশক্তি হ্ৰাস পায়। তামোল পুৰি গুড়ি কৰি সেই গুড়িৰে দাঁত মাজিলে দাঁতৰ গুৰি টান হয়। যি তামোলৰ মাজভাগ টান সেই তামোল খোৱা ভাল।

নাৰিকলঃ নাৰিকলৰ সকলো অংশই কামত আহে। ডাব আৰু শুকান নাৰিকল উত্তম খাদ্য। পৈনত নাৰিকলত ভিটামিন-বি আছে। ডাব নাৰিকলৰ শাহত ভিটামিন- বি, চি আৰু ডি আছে। ইয়াৰ বাহিৰেও ডিচপেপচিয়া, শূল, অম্লপিত্ত, পাথৰি ৰোগ, নাকেৰে তেজ পৰিলে, কৃমি, হেকটি আৰু বমিত উপকাৰী।

কদলী (কল)ঃ শৰীৰৰ পুষ্টি সাধনত আঙুৰৰ পাছতে যি ফলৰ নাম কব পাৰি সেয়া হ’ল কল। নেমু, কমলা, আনাৰসো উপকাৰী, কিন্তু কলৰ সমান নহয়। কলত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি, চি আৰু ডি আছে। কলে মেগনেচিয়াম, লো, তাম আৰু শৰীৰৰ লৌহ কণিকা বৃদ্ধি কৰে। কলৰ প্ৰধান উপকাৰী উপাদান হ’ল শৰ্কৰা আৰু চেনি।

নেমুটেঙাঃ নেমুটেঙা কেইবাপ্ৰকাৰৰো আছে। প্ৰতিবিধেই স্বাস্থ্যৰ কাৰণে উপকাৰী। হেকটি, তৃষ্ণা, বমন ৰোগত নেমু অতি উপকাৰী। ইয়াৰ বাহিৰেও যকৃত, পিত্তদোষ, স্বৰভঙ্গ, মূৰৰ বিষ, বিষাক্ত পোক-পৰুৱাই কামোৰা, শিশুৰ কাহ, ছালৰ কলা দাগ, কেশ বন্ধনত উপকাৰী।

আমৰাঃ আমৰা গছৰ মূলৰ ছালৰ ৰস ২ চামুচৰ লগত সামান্য চেনি মিহলাই খালে শুক্ৰৰ গাঢ়তা আনে। তেজ গ্ৰহণীত আমৰা গছৰ ছালৰ ওপৰৰ কঠিন অংশ বাদ দি ভিতৰৰ কোমল অংশৰ ৫ গ্ৰাম পৰিমাণ লৈ নতুন দৈৰ সৈতে মথি কৰি ৰোগীক দিনে তিনিবাৰ খুৱালে এসপ্তাহতে ৰোগ নিৰাময় হয়।

বগৰীঃ কেঁচা বগৰীয়ে পিত্ত আৰু কফ বৃদ্ধি কৰে, পকা বগৰীয়ে ৰেচক (পেট চলা) আৰু কফ বৃদ্ধি কৰে। শুকান বগৰীয়ে তৃষ্ণা আৰু দাহ নাশ কৰে, বল বৃদ্ধি কৰে, ভোক বঢ়ায়।

তেঁতেলীঃ ভাৰতৰ সকলো প্ৰদেশতে তেঁতেলী গছ দেখিবলৈ পোৱা যায়। তেঁতেলী গছৰ ছাল, পাত, কেঁচা আৰু পকা ফলৰ বীজৰ শাহ নানা ঔষধত ব্যৱহৃত হয়। তেঁতেলী বীজৰ বাকলিও অনেক কামত ব্যৱহৃত হয়। কেঁচা অৱস্থাতে খালে কফ আৰু পিত্ত বৃদ্ধি কৰে। পকা তেতেলীয়ে ৰুচি আনে আৰু অগ্নি বৃদ্ধি কৰে। কেঁচা তেঁতেলী জুইত সিজাই প্ৰলেপ দিলে বাত আৰু বেদনাৰ স্ফীতিত (উখহা) উপকাৰ পোৱা যায়। পকা তেঁতেলী পুৰণি হ’লে গ্ৰহণীত উপকাৰ পোৱা যায়। ইয়াৰ বাহিৰেও বাত বিষ, প্ৰস্ৰাৱৰ জ্বালা, বহুদিনীয়া গ্ৰহণী, আমবাত (এলাৰ্জী), অৰ্শ, মুখৰ ঘা, হাত-ভৰি জ্বালা কৰা ইত্যাদি ৰোগৰ কাৰণে উপকাৰী।

আমঃ মৌৰ সৈতে খালে ক্ষয়ৰোগ, প্লীহা আৰু বাত, শ্লেষ্মা ৰোগ প্ৰশমিত হয়। আমৰ গুটিৰ শাহ মেহ আৰু অতিসাৰ ৰোগনাশক। শিশুৰ গ্ৰহণী ৰোগত আমৰ গুটিৰ শাহ বটি নাভিৰ চাৰিওফালে প্ৰলেপ দিলে ভাল ফল পোৱা যায়। আমৰ গুটিৰ শাহ ২৫ গ্ৰাম মাত্ৰাত মৌৰ সৈতে খালে বমি বন্ধ হয়। কেঁচা আম পুৰি খালে ‘লু’ লাগি শৰীৰ অসুস্থ হ’লে ভাল ফল দিয়ে।

অমিতাঃ স্বাস্থ্যৰ কাৰণে উপকাৰী গুণসমৃদ্ধ অমিতাৰ সমান ফল নাই। যিসকলৰ যকৃতৰ দোষ আছে, অৰ্শৰোগত নিয়মিত ভোগে, অজীৰ্ণ ৰোগ বা কোষ্ঠকাঠিন্য হয় সেইবোৰ ৰোগীৰ বাবে কেঁচা বা পকা যিকোনো অমিতাই উপকাৰী। শিশুৰ বাবেও অমিতা উপকাৰী।

জামুঃ পুৰণি অতিসাৰ (পেটচলা), গ্ৰহণী, ৰক্তাতিসাৰ, তেজ গ্ৰহণী, অৰুচি তথা অক্ষুধা, বমি, ক্ষত, দাঁতৰ

(উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী)।

2.9696969697
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top