অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰঙা আঙুৰ :

ৰঙা আঙুৰৰ বিষয়ে লিখা হৈছে ।

‘খাব নালাগে’ বুলি আমি বহু বস্তুৰ বিষয়েই জানো । কিন্তু খাব লাগে বা খোৱা উচিত বুলি যদিহে এবিধ বস্তুৰ নাম ক’বলৈ দিয়া হয়, তেন্তে কি হ’ব বাৰু ? ফল-মূল, শাক-পাচলি, মাছ-মাংস ? নিশ্চয়কৈ দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত হোৱা উচিত বুলি যদি আন এবিধ খাদ্যৰ নাম লোৱা হয়, তেন্তে ক’ব লাগিব ৰঙা আঙুৰ । হয়, এই লোমা-লোমে গছত লাগি থকা ৰঙা আঙুৰৰ পৰাই উদ্ভৱ হৈছে “The French Paradox”ৰ । কি নো এই ফ্ৰেন্স পেৰাডক্স?

আমি জানো যে খাদ্যত অতি বেছি কলেষ্টেৰল আৰু ছেছুৰেটেড চৰ্বি, হাৰ্টৰ বেমাৰ, বিশেষকৈ কৰ’নেৰী হাৰ্ট অসুখৰ বাবে অপকাৰী । গতিকে হাৰ্টৰ অসুখত ভোগা মানুহক ডায়েটৰী কলেষ্টেৰল আৰু ছেছুৰেটেড ফেট খাদ্যত কমাবলৈ বা একেবাৰে কমকৈ গ্ৰহণ কৰিবলৈ কোৱা হয় । কিন্তু এই সকলোবোৰ জোখতকৈ বহু বেছি পৰিমাণে গ্ৰহণ কৰাৰ পিছতো ফ্ৰান্সত CHD ত ভোগা বা আক্ৰান্ত মানুহৰ সংখ্যা একেবাৰে নগণ্য । ইয়াকে French Paradox বুলি কোৱা হয় । আচৰিত এই তথ্যবিধ পোন প্ৰথমবাৰৰ বাবে লক্ষ্য কৰা হৈছিল ৮০ৰ দশকত । ১৯৯২ চনত সদৰী কৰা “Lancet” নামৰ পত্ৰিকাত এই বিষয়ে বিশদ আলোচনা কৰা হৈছে । ফ্ৰান্সৰ পৰম্পৰাগত খাদ্যত প্ৰচুৰ পৰিমাণে জৈৱিক চৰ্বি আৰু ছেছুৰেটেড চৰ্বি থকা সত্ত্বেও ইয়াত হাৰ্ট এটেক (Heart attack) ৰ হাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰৰ মাত্ৰ চল্লিশ শতংশহে । ইয়াৰ কাৰণ হিচাপে ফ্ৰান্সৰ জনগণৰ খাদ্যত ৰঙা আঙুৰ আৰু ইয়াৰোপৰি প্ৰস্তুত কৰা ৰেড ৱাইনৰ অন্তৰ্ভুক্তি বুলি কোৱা হৈছে ।

ৰঙা আঙুৰত আৰু বিশেষকৈ ইয়াৰ ছালত ৰেছভাৰেট্ৰ’ল (Resveratrol)নামৰ এবিধ ফাইট’কেমিকেল (Phytochemical) প্ৰচুৰ পৰিমাণে থাকে । এই ৰেছভাৰেট্ৰ’ল হ’ল প্ৰাকৃতিকভাৱে পোৱা এবিধ যৌগ, যাৰ উৎস হ’ল গছ-গছনি, জংঘল আৰু যাৰ প্ৰচুৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা আছে ।

প্ৰতিগ্ৰাম সতেজ আঙুৰৰ ছালত প্ৰায় ৫০ ৰ পৰা ১০০ মাইক্ৰ’গ্ৰাম ‘ৰেছভাৰট্ৰ’ল থাকে । ইয়াৰ উপৰি আঙুৰত অন্য বহুতো প’লিফিন’লিক যৌগ থাকে, যিবোৰে মানুহৰ শৰীৰত এণ্টি-অক্সিডেণ্টৰ কাম কৰে । তদুপৰি ফিন’লিকৰ পৰিমাণ মাটিৰ গুণাগুণ, জলবায়ু, ভৌগালিক উৎপত্তি আৰু খেতিৰ ধৰণ ভেদে কিছু কম-বেছি হ’ব পাৰে ।

অলপতে (২০১৫, ২৮ জানুৱাৰী  Scientific Reports) টেক্সাছ এ এণ্ড এম বিশ্ববিদ্যালয়ৰ অধ্যাপক বিজ্ঞানী অশোক কে শেট্ৰীৰ নেতৃত্বত সম্পন্ন এক গৱেষণাত এই কথা প্ৰকাশ পাইছে যে আঙুৰত থকা ৰেছভাৰট্ৰ’লৰ    অথবা স্মৃতি ক্ষয়ৰ প্ৰতিৰোধ কৰাত সহায় কৰিব পৰা ক্ষমতা আছে । আঙুৰৰ উপৰি এইবিধ এণ্টি-অক্সিডেণ্ট ডাঠ চকলেট, ৰেড ৱাইন, বেৰী, কিচমিচ, চিনাবাদাম (Pea-nuts) আদিতো পোৱা যায় ।

লেখিকা :- ড: নিৰ্মলা দেৱী

উৎস :- জি এনআৰচি স্বাস্থ্য

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top