মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ৰঙালাউৰ আগৰো আছে অনেক উপযোগিতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰঙালাউৰ আগৰো আছে অনেক উপযোগিতা

ৰঙালাউৰ উপযোগিতাৰ বিষয়ে লিখা হৈছে ।

সাধাৰণতে ৰঙালাউ গছৰ তথা ডালবোৰৰ আগলি খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় যদিও পানীলাউ তথা কোমোৰাৰ আগো এই ক্ষেত্ৰ্ত বাদ নপৰে। এই গছৰ আগলিবোৰ খাৰ দি ৰন্ধা আঞ্জা খাই পৰম তৃপ্তি লাভ কৰে। আন কেতবোৰ লোকে সৰিয়হ বটা দি ৰন্ধা চৰচৰী খাই বৰ জুতি পায়। লাউৰ আগ মিহিকৈ কাটি শাকৰ দৰে ভাজিও নোখোৱা নহয়। এই খাদ্য সামগ্ৰীৰ উপকাৰিতা বা কি? ই স্বাস্থ্য সুৰক্ষিত কৰে নে বেমাৰ প্ৰতিৰোধ কৰে বাৰু? চিন্তা কৰি যাওঁতে বজাৰ কেনেকৈ পালোঁ গমকে নাপালোঁ।

জনা মতে, লাউৰ আগৰ অধিক পৰিমাণে খাদ্যপ্ৰাণ, খনিজ লৱণ তথা প্ৰতিজাৰক পদাৰ্থ থাকে যদিও ইয়াৰপৰা সামান্য পৰিমাণেহে শক্তি লাভ কৰা যায়।

এশ গ্ৰাম লাউৰ আগত থকা উপদানবোৰ হ’ল -

১)শক্তি ১৯ কিলো কেল’ৰি,

২)কাৰ্বহাইড্ৰেট ২.৩ গ্ৰাম,

৩)প্ৰ’টিন ৩.২ গ্ৰাম,

৪)চৰ্বি ০.৪ গ্ৰাম,

৫)খাদ্যপ্ৰাণ ‘ক’ ১৯৪২ আন্তঃৰাষ্ট্ৰীয় একক,

৬)খাদ্যপ্ৰাণ গ ১১ মিঃ গ্ৰাম,

৭)কেলছিয়াম ৩৯ মিঃ গ্ৰাম,

৮)লো ২.২২ মিঃ গ্ৰাম,

৯)ছডিয়াম ১১ মিঃ গ্ৰাম,

১০)দস্তা ০.২ মিঃ গ্ৰাম।

আদিম কালৰপৰাই ৰঙালাউৰ আগ দৰব হিচাপে ব্যৱহৃত হৈ আহিছে। ইয়াৰ কুমলীয়া পাতৰ টুকুৰা কৰি নাৰিকলৰ পানী তথা নিমখৰ লগত মিহলোৱা হয়। এই মিশ্ৰণটো বটলত ভৰাই সংৰক্ষণ কৰা হয়, যাক দেহৰ ভয়ংকৰ কঁপনি গুচাবলৈ কঁপনি গুচাবলৈ সেৱন কৰা হয়। বহু গৱেষকৰ মতে, লউৰ সেউজীয়া পাতত প্ৰচুৰ পৰিমাণে খাদ্যপ্ৰাণ তথা খনিজ লৱণ থাকে অথচ বহু লোক ইয়াৰ পুষ্টিমূল্যৰ বিষয়ে অৱগত নহয়। এই শাকজাতীয় সামগ্ৰী অকল অসমীয়া তথা বাঙালী লোকসকলেহে খাদ্য হিচাপে গ্ৰহণ কৰে তেনে নহয়, নাইজেৰিয়াৰ লোকসকলে ইয়াক প্ৰচুৰ পৰিমাণে খাদ্য হিচাপে গ্ৰহণ কৰে। তেওঁলোকে সিজোৱা শাক, চালাড অথবা চুৰুহা হিচাপে এই সামগ্ৰী ব্যৱহাৰ কৰে আনকি আন সামগ্ৰীৰ লগত মিহলাই লাউৰ আগ যন্ত্ৰৰ জৰিয়তে বৰকৈ ঘুটি প্ৰস্তুত কৰা পানীয় খাই বৰ তৃপ্তি লাভ কৰে।

ভিটামিন ‘এ’ত চহকী হোৱা বাবে ৰঙালাউৰ আগ দেহৰ ছাল তথা চকুৰ বাবে অতিশয় উপকাৰী আৰু ইয়াক খালে শিশুসকল ভিটামিন ‘এ’ৰ অভাৱৰপৰা ৰক্ষা পৰে। বয়স বাঢ়ি অহাৰ লগে লগে কেতবোৰ লোকৰ চকুৰ স্বাস্থ্যৰ অৱনতি ঘটে অথচ লাউৰ আগ খালে ইয়াত থকা ‘ক’ খাদ্যপ্ৰাণে তেনে হোৱাত বাধা প্ৰদান কৰে। লাউৰ আগত থকা ‘গ’ খাদ্যপ্ৰাণ পৰ্যাপ্ত পৰিমাণে থাকে বাবে দাঁত, হাড় তথা ছালৰ গঠন শক্তিশালী কৰি নিৰোগী কৰি ৰখাৰ উপৰি ক্ষতস্থান শুকুৱাত সহয় কৰে আৰু ক্ষতি চিহ্নৰ কলা মেৰামতি কৰে। লাউৰ আগ শিশু তথা প্ৰাপ্তবয়স্ক উভয়ে খাদ্য হিচাপে খাব পাৰে। কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে যি উপাদান শিশুৰ দাঁত তথা হাড়ৰ গঠনৰ বাবে অপৰিহাৰ্য আৰু ই বয়সীয়া লোকৰ দেহ আক্ৰান্ত কৰা অষ্টিঅ’পৰ’ছিছ নামৰ বিকাৰ প্ৰতিৰোধ কৰে। লাউৰ আগ নিয়মীয়াকৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো ভাল অভ্যাস, কিয়নো এই খাদ্যই কলিজাৰ মাংসপেশীৰ বিকলতাৰ সম্ভাৱনা হ্ৰাস কৰে। ৰঙালাউৰ আগত পৰ্যাপ্ত পৰিমাণে লো থাকে। সেয়ে ইয়ক খাদ্য হিচাপে গ্ৰহণ কৰিলে ৰক্তহীনতা প্ৰতিৰোধ কৰাটো সহজসাধ্য। গৱেষকসকলৰ অধ্যয়নে প্ৰকাশ কৰা মতে, ৰঙালাউ তথা ইয়াৰ আগ খাদ্য হিচাপে গ্ৰহণ কৰিলে অণ্ডকোষৰ ক্ষতিপূৰণ কৰাৰ সম্ভাৱনা বাঢ়ে আৰু শুক্ৰাণু উৎপন্ন কৰাৰ ক্ষমতা বৃদ্ধি পায়।

ৰঙালাউৰ পাতে শৰ্কৰা হ্ৰাস কৰে বাবে মধুমেহ ৰোগত ভোগা লোকৰ বাবে ৰঙালাউৰ আগ এবিধ পৰম উপযোগী খাদ্য। ইয়াৰ পাতত উচ্চহাৰত লো থকা বাবে এইবোৰ খাদ্য হিচাপে গ্ৰহণ কৰিলে শৰীৰত তেজৰ আয়তন বাঢ়ে আৰু দেহৰ বেমৰ প্ৰতিৰোধ ক্ষমতাৰ উন্নতি সাধন হয়। প্ৰতিজাৰক পদাৰ্থৰে ভৰপূৰ হৈ থকা বাবে লাউৰ পাত খাদ্য হিচাপে গ্ৰহণ কৰ লোকৰ বৃদ্ধত্বপ্ৰাপ্তি প্ৰক্ৰিয়া লেহেম হয়। ৰঙালাউৰ আগত থকা উচ্চ মাত্ৰাত আঁহবোৰে দেহত ক’লেষ্টেৰ’লৰ পৰিমাণ হ্ৰাস কৰে। এই আঁহবোৰে খাদ্যত পাচন ক্ৰিয়াৰ উন্নতি সাধন কৰে যাৰ লগে লগে কোষ্ঠকাঠিন্য হ্ৰাস পায়। লাউৰ আগ বেক্টেৰিয়া প্ৰতিৰোধী গুণ সম্পন্ন হোৱা হেতুকে ইয়াৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰাটো সহজসাধ্য হৈ পৰে।

সাম্প্ৰতিক কালৰ স্বাস্থ্য সচেতন লোকসকলে লাহি দেহ পছন্দ কৰে। লাউৰ আগ খাদ্য হিচাপে গ্ৰহণ কৰিলে এইক্ষেত্ৰত ঈপসিত ফল লাভ কৰিব পাৰি। কিয়নো ইয়াত অধিক পৰিমাণে আঁহ থকাৰ বিপৰীতে কম পৰিমাণে শক্তি থাকে। এই খাদ্যই দেহৰ ভাৰ বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে।

লেখক: আনন্দ দেৱগোস্বামী

3.21052631579
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top