মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ৰোজা বা উপবাস ৰখাৰ স্বাস্থ্যগত উপকাৰিতা -
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰোজা বা উপবাস ৰখাৰ স্বাস্থ্যগত উপকাৰিতা -

ৰোজা বা উপবাস ৰখাৰ স্বাস্থ্যগত উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

ইছলাম ধৰ্মৰ ৫ টা স্তম্ভৰ মাজত ৰোজা অন্যতম। বহুতৰে ধাৰণা ৰোজা ৰাখিলে স্বাস্থ্য বেয়া হৈ যায়। স্বাস্থ্যবিজ্ঞান মতে ৰোজা ৰখাৰ ফলত হোৱা কেইটামান উপকাৰিতা এনেধৰণৰঃ

 

শকত ব্যাক্তিৰ বাবে -

অতিৰিক্ত খাদ্য গ্রহণৰ বাবে বহুতেই নানা সমস্যাত ভুগে। অতিৰিক্ত খাদ্য খোৱাৰ ফলত দেহত প্রচুৰ পৰিমাণে চর্বি জমা হৈ যায়,ফলত শৰীৰ অস্বাভাৱিকভাৱে শকত হৈ যায়,যি স্বাভাৱিক জীৱন যাপন ব্যাহত কৰে।এনেধৰণৰ চর্বি বা মেদ চালৰ তলত,শিৰা উপশিৰাৰ লগতে হৃৎপিণ্ডত জমা হয়।অতিৰিক্ত চৰ্বিৰ বাবে শৰীৰে স্বাভাৱিক ৰক্ত চলাচল কৰিব নোৱাৰা হয়।সেয়ে ৰোজা বা উপবাস ৰাখিলে শৰীৰত জমা হৈ থকা অতিৰিক্ত চর্বিয়ে শৰীৰৰ অন্যান্য কামত ব্যৱহৃত হয় আৰু ৰক্ত চলাচল স্বাভাৱিক হয়।

 

উচ্চ ৰক্তচাপ,হৃদৰোগ আদিকে ধৰি হাঁপানি ৰোগীৰ উপকাৰী -

ৰোজা বা উপবাস কৰাৰ ফলত ৰক্তত থকা ক্ষতিকৰ চৰ্বি বা মেদৰ মাত্রা কমি যায়।ফলত হৃদৰোগৰ সম্ভাৱনা বহুত কমি যায়।ৰোজা ৰাখিলে স্ট্রেছ হৰমোন কম পৰিমাণে নিঃসৰণ হয় ফলত শৰীৰৰ বিপাকক্রিয়া ও শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ি যায়।ৰোজা ৰখাৰ ফলত মনৰ অশান্তি আৰু দুশ্চিন্তা কমি যায়,কামৰ প্রতি মনোযোগ বাঢ়ে।

 

ডায়েবেটিছ ৰোগীৰ বাবে -

যিসকল ডায়েবেটিছ ৰোগী চুগাৰ নিয়ন্ত্রন কৰিব বিচাৰে তেখেত সকলৰ বাবে ৰোজা বহুত উপকাৰী। অৱশ্যে লক্ষ্য ৰাখিব লাগিব যাতে ৰোগীৰ হাইপো গ্লাইচেমিয়া নহয়। যিসকলে দিনত ২ বাৰ বা তাৰো অধিক ইনচুলিন লব লগা হয় তেখেত সকলে ৰোজা ৰখাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

ৰোজা ৰাখিলে ধূমপান কমি যায়ঃ

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকৰ।ৰোজা ৰখাৰ ফলত এই বদভ্যাস বহু পৰিমাণে লাঘৱ হয়। ধূমপানৰ ফলত হৃদযন্ত্ৰত কেঞ্চাৰ হব পাৰে।

স্বাস্থ্য গৱেষকৰ মতে গোটেই বছৰটোত খোৱা অতিৰিক্ত খাদ্য,অখাদ্য,ভেজালজাতীয় তেলত ভজা খাদ্য ইত্যাদি খোৱাৰ ফলত আমাৰ শৰীৰত জৈৱ বিষ জমা হয় যি শৰীৰৰ বাবে মাৰাত্মক ক্ষতিকাৰক। ৰোজা ৰখাৰ ফলত এনেবোৰ অসুবিধা নিৰ্মূল হৈ যায়।

 

ৰোজা ৰখাৰ বাবে উপযুক্ত খাদ্য -

চেহেৰিৰ সময়ত খাদ্য তালিকাত প্ৰতিদিনে অতি চৰ্বীজাত খাদ্য নাখাব,পাৰিলে গাখীৰ নাখাবই,তাৰ ঠাইত চেহেৰিত নিৰ্দ্দিষ্ট সময়ৰ আগত একাপ চাহ খাওক। অতি চৰ্বীজাত খাদ্য হজম হবলৈ যথেষ্ট পানীৰ প্ৰয়োজন হয় বাবে শৰীৰত পানীৰ পৰিমান হ্ৰাস পায় ফলত পিয়াহৰ পৰিমাণ বৃদ্ধিৰ লগে লগে পেটৰ সমস্যা, প্ৰস্বাৱৰ জ্বলা-পোৰা আদি সমস্যা আদিত ভূগিব পাৰে।

সেয়ে চেহেৰিত শৰ্কৰা, প্ৰটিন, কাৰ্বহাইড্ৰেট জাতীয় খাদ্য বেছিকৈ খাওক।

 

ইফটাৰৰ সময়ত সদায় ফল-মূলৰ লগতে লঘু খাদ্য খাওক, ঠাণ্ডা পানীৰ পৰিৱৰ্তে নিমু পানীৰ চৰ্বত খাওক। ইয়াৰ ফলত উগাৰ,হিচকি অহা আদি সমস্যাৰ পৰা ৰেহাই পাব।ইফটাৰৰ সময়ত বহুতেই ফ্ৰিজৰ পানী, ঠাণ্ডা পনীয়,ঠাণ্ডা ফলৰ ৰস ইত্যাদি সেৱন কৰে।যি মানৱ দেহৰ বাবে অতিকৈ ক্ষতিকাৰক হ'ব পাৰে। কিয়নো দিনটো উপবাসৰ বাবে বৃক্কদুটা (kidneys)পানীৰ অভাৱত সংকুচিত হৈ থাকে।তেনে সময়ত যদিহে খুবেই ঠাণ্ডা পনীয় খায় তেনেহলে বৃক্কত থকা নেফ্ৰন সমুহ অধিক সংকুচিত হৈ বৃক্ক বিকলহৈ পৰিব পাৰে।সেয়ে খাদ্য গ্ৰহণ কৰা সময়ত আৰু এক ঘন্টা সময়লৈ সাধাৰণ পানী খোৱাটোৱেই উত্তম।

লেখক: ডাঃ শ্বাহিদুল প্ৰীতম

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top