মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ৰন্ধনশালাত ৰসায়ন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰন্ধনশালাত ৰসায়ন

ৰন্ধনশালাত ৰসায়ন

ৰস লগা ৰসায়নৰ কথা ওলালেই আমাৰ চকুৰ আগত ভাহি উঠে এটা আধুনিক ৰসায়নাগাৰ য’ত শতাধিক ৰাসায়নিক পদাৰ্থৰ ক্ৰিয়া-বিক্ৰিয়াৰে ভৰপূৰ। পিছে আমাৰ ৰন্ধনআমি খোৱাশালাত নিতৌ ব্যৱহৃত হৈ থকা অলেখ দ্ৰৱ্য বা বস্তুৰ ৰাসায়নিক গুণ আধুনিক ৰসায়নাগাৰতকৈ কোনো গুণে কম নহয়। যদিওবা ৰন্ধনশালাৰ সামগ্ৰীসমুহৰ ৰাসায়নিক গুণসমুহক আমি বৰ বেছি গুৰুত্ব নিদিও(হয়তো আমাৰ অজ্ঞতাৰ বাবে!), তথাপি আমাৰ দৈনন্দিন জীৱনত এই সামগ্ৰীসমুহে যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা বহণ কৰি আহিছে।

 

আমি খোৱা চাহকাপৰপৰা আৰম্ভ কৰি ভাতৰ সৈতে টেঙাৰ আঞ্জাখনত ব্যৱহাৰ কৰা প্ৰায় প্ৰত্যেকবিধ সামগ্ৰীতে ৰস বিজ্ঞানৰ অতি ৰসাল কথা কিছুমান সোমাই আছে। আমি টেঙাৰ আঞ্জা, যেনে টেঙাৰে ৰন্ধা মাছৰ জোল, খাবলৈ সাধাৰণতে ঔ-টেঙা বা থেকেৰা টেঙা ব্যৱহাৰ কৰোঁ। আজি-কালি চহৰৰ প্ৰায় প্ৰত্যেক ঘৰৰে ৰন্ধনশালাত আৰু এবিধ টেঙা অৰ্থাৎ এচিড দেখিবলৈ পোৱা যায়। অৱশ্যে এইবিধ এচিড বজাৰৰপৰা কিনি অনা হয়। যিবোৰ অত্যাধুনিক মহানগৰত ঔ-টেঙা বা থেকেৰা টেঙাৰ অভাৱ,তাত এইবিধ এচিডেৰেই মাছৰ জোল খোৱা হয়। আমাৰ পাকঘৰবোৰত আজি-কালি সততে উপলব্ধ হোৱা এইবিধ এচিডৰ নাম হৈছে-ভিনেগাৰ বা এছেটিক এচিড। আকৌ এচিড বুলিলেই কেতবোৰ ক্ষয়কাৰী মাৰাত্মক ৰাসায়নিক পদাৰ্থলৈ মনত পৰে। এইবিধ এচিড ছালফিউৰিক বা নাইট্ৰিকৰ দৰে মাৰাত্মক নহয়। ই তেনেই সাধাৰণ লঘু জৈৱ এচিড। অৱশ্যে এচিডৰ সকলোধৰণৰ গুণ এছেটিক এছিডত বিদ্যমান। সেইবাবেই ইয়াৰ দ্বাৰা পিঁয়াজকে ধৰি অন্যান্য ফল বা পাচলিৰ জাৰণ ঘটাব পাৰি বা অন্য ঋতুত ব্যৱহাৰ কৰিবলৈ সংৰক্ষণ কৰিব পাৰি। এনেধৰণৰ লঘু অথচ নিৰাপদ আৰু কেতবোৰ জৈৱ এচিডৰ বিষয়ে আমাৰ ঘৰৰ চৌহদৰপৰাই জ্ঞান আহৰণ কৰিব পাৰোঁ। যেনে- নেমু আৰু কমলাৰ ৰসত আছে চাইট্ৰিক এচিড আৰু গাখীৰত আছে লেক্টিক এচিড ।এই কেউবিধতে যে এচিড আছে সেয়া অনুভৱ কৰিব পাৰি মুখত লৈ পোৱা টেঙা স্বাদত। তদুপৰি ইহঁতৰ ৰসে নীলা লিটমাছৰ ৰ্ং ৰঙালৈ পৰিবৰ্তিত কৰে।

 

আমাৰ সকলোৰে ঘৰত থকা অতি দৰকাৰী, যাৰ অবিহনে কোনো খাদ্য দ্ৰব্য প্ৰস্তুত কৰিব নোৱাৰি, সেইবিধ ৰাসায়নিক দ্ৰৱ্য হৈছে-নিমখ। ইয়াক আন কিছুমানে লৱণ বুলিও কয় ।অৱশ্যে ৰসায়ণ বিজ্ঞানৰ ভাষাত ‘লৱণ’ বুলিলে অলেখ দ্ৰৱ্যক একেলগে সাঙুৰি লয়। কাৰণ, এচিড আৰু ক্ষাৰৰ বিক্ৰিয়াত যি সৃষ্টি হয় সেয়াই হৈছে লৱণ। আমাৰ ৰন্ধনশালাত থকা লৱণবিধ হৈছে এবিধ ছডিয়াম যৌগ। ইয়াৰ ৰাসায়নিক নাম-ছডিয়াম ক্ল’ৰাইড। পৃথিৱীৰ উপৰিভাগত যথেষ্ট পৰিমানে নিমখ পোৱা যায়। আমাৰ দেশত ব্যৱহাৰ কৰা সমস্ত নিমখ উপকূল অঞ্চলত পোৱা। উপকূল অঞ্চলত সাগৰৰ পানী সোমায়। পাছত সূৰ্য্যৰ তাপত পানী বাষ্পীভূত হৈ কেৱল লৱণভাগ ৰৈ যায়। সেই লৱণ পৰিশোধিত কৰি আমাৰ মাজত বিতৰণ কৰা হয়। নিমখ আৰু ভিনেগাৰ-এই দুয়োবিধ দ্ৰৱ্যৰে আছে খাদ্য স্ংৰক্ষণকাৰী আৰু স্বাদ সৃষ্টিকাৰী গুণ। এই দুয়োটা গুণৰ বাবেই এই দুয়োবিধ দ্ৰৱ্যক অতি প্ৰাচীনকালৰপৰাই পৃথিৱীৰ প্ৰায় সকলো দেশেই ব্যৱহাৰ কৰি আহিছে। ছডিয়াম ঘটিত ৰাসায়নিক যৌগ কেবাবিধো আমাৰ ঘৰত প্ৰায়েই ব্যৱহাৰ কৰা হয়। তাৰে এবিধ হৈছে- কাপোৰ ধোৱা চ’ডা ।সাধাৰণতে ধুবলৈ বা মচিবলৈ ব্যৱহাৰ কৰা এই গুড়ি পদাৰ্থবিধ হৈছে-ছডিয়াম কাৰ্ব’নেট।

ছডিয়াম কাৰ্ব’নেটে খৰপানীক কোমল কৰে। এনে পানীয়ে কোনো বস্তুৰ উপৰিভাগত কদাকাৰ মলি গেদ হিচাপে জমা হৈ থাকিবলৈ নিদিয়ে। সেইবাবে অতি লেতেৰা কাপোৰ, মজিয়া আদি ধুবলৈ এনে চ’ডা ব্যৱহাৰ কৰা হয়। আমাৰ ভিতৰুৱা গাঁওবোৰত আজিও কদাকাৰ লেতেৰা কাপোৰ ধুবলৈ এনে চ’ডাৰে সিজাই দিয়া প্ৰথা প্ৰচলিত আছে। আৰু এবিধ চ’ডা আছে। সেইবিধ চ’ডা হৈছে-খোৱা চ’ডা। বেকিং চ’ডাও বোলা হয়। ইয়াৰ ৰাসায়নিক নাম- ছডিয়াম-বাই-কাৰ্ব’নেট। ৰুটি, বিস্কুট, কেক আদি সাজিবলৈ এইবিধ চ’ডা ব্যৱহাৰ কৰা হয়। ৰুটি বা বিস্কুট সাজিবলৈ ব্যৱহাৰ কৰা আটা, ময়দা বা বেচনৰ ঘোলটো যেটিয়া উত্তপ্ত কৰা হয় তেতিয়া ছডিয়াম-বাই-কাৰ্ব’নেটৰ যৌগ ভাঙি কাৰ্বন-ডাই-অক্সাইড গেছ নিৰ্গত হয়। এই গেছ বুৰ্বুৰণিৰ আকাৰত ঘোলটোৰ মাজত আৱদ্ধ হৈ পৰাৰ ফলত ঘোলটো ফুলি উঠে। অ’ ৰ’ৱ, ৰ’ৱ! কাৰ্বন-ডাই-অক্সাইড গেছৰ কথা কোৱাৰ লগে লগে মনত পৰিছে আৰু দুবিধমান পানীয়ৰ নাম য’ত কাৰ্বন-ডাই-অক্সাইড গেছ আছে। তেনে পানীয়ৰ ভিতৰত কোকা-কোলা, ফেণ্টা, থাম্চ আপ, পেপচিৰ দৰেই কোমল পানীবোৰেই প্ৰধান।ছডিয়ামযুক্ত আৰু এবিধ দ্ৰৱ্য আমি সদায় ব্যৱহাৰ কৰোঁ। সেয়া হৈছে-চাবোন। চাবোন হৈছে ছডিয়াম ষ্টিয়েৰেট। সাধাৰণভাবে ক’বলৈ হ’লে চৰ্বিক কষ্টিক চ’ডা বা ছডিয়াম হাইড্ৰ’ক্সাইডৰ সৈতে উতলাই চাবোন প্ৰস্তুত কৰা হয়। আকৌ চৰ্বি হৈছে-গ্লিছেৰাইল ষ্টিয়েৰেট। কষ্টিক চ’ডা আৰু চৰ্বিৰ মাজত বিক্ৰিয়া ঘটি গ্লিছেৰাইল ষ্টিয়েৰেট ভাঙি গ্লিছাৰিন আৰু চাবোন প্ৰস্তুত হয়। এই গ্লিছাৰিন আকৌ আমাৰ বাবে বৰ উপাদেয়। শীতকালত শুকান বতাহ লাগি ওঁঠ-মুখ আদিৰ ছাল ফাটিলে গ্লিছাৰিন সানি নিৰাময় কৰিব পাৰি। আকৌ চাবোন হৈছে হাইড্ৰ’কাৰ্বন অণুৰ এক দীঘল শৃংখল। ইয়াৰ এটা মূৰ পানীত দ্ৰৱনীয় আৰু আনটো মূৰ তৈলজাতপদাৰ্থত দ্ৰ্ৱণীয়। সেইবাবে হাতত তেল লাগিলে, বা মাংসৰে ভাত খাওতে হাতত চৰ্বি লাগিলে চাবোনেৰে ধুলে এৰাই যায়। মল-মলি আদি সাধাৰণতে তেল-গ্ৰিজজাতীয় পদাৰ্থ্ৰ অৱলম্বনত খামুচ খাই থাকে। গতিকে মল-মলি পৰিষ্কাৰ কৰিবলৈ হ’লে চাবোন ব্যৱহাৰৰ বিকল্প নাথাকে। আজি-কালি কাপোৰ আদি ধুবলৈ চাবোনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হয় আৱৰ্জনা-নাশক গুড়ি বা ডিটাৰজেণ্ট। ডিটাৰজেণ্টৰ গঠন চাবোনতকৈও জটিল যদিও কাৰ্যপদ্ধতি কিন্তু একেই।

মানুহে অতি প্ৰাচীন কালৰেপৰা খোৱা খাদ্যৰ তালিকাতে হওঁক বা অন্যান্য ঘৰুৱা কামতেই হওঁক, বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰৱ্য নিজৰ অজ্ঞাতেই ব্যৱহাৰ কৰি আহিছে। তাৰ ভিতৰত চাবোন অন্যতম। সেইবাবেই চাবোনৰ আৱিষ্কাৰক বুলিবলৈ নিৰ্দিষ্টকৈ কাৰো নাম ল’ব নোৱাৰি। মানুহৰ দীৰ্ঘদিনৰ অভিজ্ঞতাৰ ফলত আৱিষ্কৃত চাবোনে ভিন ভিন সময়ত ভিন্নৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে। আৰু এইবোৰৰ ব্যৱহাৰ মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ইয়াৰ বিপৰীতে কেতবোৰ অত্যাধুনিক ৰাসায়নিক দ্ৰৱ্যও আমাৰ ঘৰত স্থান পাইছে-যিবোৰ দ্ৰৱ্য জনদিয়েক বিজ্ঞানীৰ শ্ৰমলব্ধ ফল, গৱেষণাগাৰৰ জড়িয়তেহে আমাৰ মাজলৈ আহে। আজি-কালি বজাৰত উপলব্ধ ডিটাৰাজেণ্টবিলাক তেনেধৰণৰ দ্ৰৱ্য। ৰাসায়নিকভাবে এই দ্ৰৱ্যসমূহৰ গঠন আৰু কাৰ্য্য অতি জটিল। তাহানিৰ ‘কলা-খাৰ’ৰ দৰে সৰল নহয়।

চাবোন মানেই হৈছে ছডিয়াম ষ্টিয়েৰেট। কিন্তু ইয়াক প্ৰস্তুত কৰাৰ সময়ত ছডিয়াম যৌগৰ সলনি পটেছিয়াম যৌগ ব্যৱহাৰ কৰি, আৰু কেতিয়াবা বিভিন্নধৰণৰ চৰ্বি ব্যৱহাৰ কৰি সচৰাচৰ আমি ব্যৱহাৰ কৰা কঠিন চাবোনৰ পৰিবৰ্তে কোমল, জেলিৰ দৰে তৰল বা মণ্ডাকাৰৰ চাবোন প্ৰস্তুত কৰা হয়। আমাৰ প্ৰসাধন দ্ৰৱ্যৰ তালিকাত এনেধৰণৰ অলেখ কোমল চাবোনে স্থান পাইছে। উদাহৰণস্বৰূপে, চেম্পুৰ নিমিত্তে ব্যৱহাৰ কৰা হয় জেলিৰ দৰে চাবোন। মুখত সানিবলৈ ব্যৱহাৰ কৰা ফেচ ক্ৰিমত বিশেষধৰণৰ কোমল চাবোনৰ সৈতে তেল বা চৰ্বিজাতীয় পদাৰ্থ ঘুটি মিহলাই থোৱা হয়।

 

তৰল বা কোমল চাবোনৰ উপৰিও কঠিন সুগন্ধি দ্ৰৱ্য প্ৰস্তুত কৰোতেও চৰ্বি বা তেল ব্যৱহাৰ কৰা হয়। ওঁঠত সনা লিপ্ষ্টিক তেনেধৰণৰ এবিধ জৈৱ ৰাসায়নিক পদাৰ্থ। ইয়াত তেল আৰু চৰ্বিজাতীয় পদাৰ্থৰ সৈতে ৰঞ্জকপদাৰ্থ মিহলোৱা থাকে। তেলজাতীয় পদাৰ্থখিনিয়ে ৰঞ্জকপদাৰ্থখিনিক ওঁঠৰ সৈতে সংযুক্ত কৰায় আৰু চৰ্বিজাতীয় পদাৰ্থখিনিয়ে ৰঞ্জকপদাৰ্থখিনিৰ ওপৰত এখন পাতল আৱৰণীৰ সৃষ্টি কৰে। মাখন শীতত গোট মাৰে আৰু গৰমত গলিবলৈ ধৰে। মাখনৰ দৰে লিপ্ষ্টিকৰো গৰমত গলিবলৈ ধৰাৰ প্ৰৱণতা পৰিলক্ষিত হয়। আকৌ গাত বা মুখমণ্ডলত সানিবলৈ ব্যৱহাৰ কৰা টেলকম পাউডাৰ হৈছে যিংক অক্সাইড, মেগ্নেছিয়াম কাৰ্ব’নেট আৰু হেক্সাক্ল’ৰ’ফিনৰ মিশ্ৰণ। ইও এবিধ জৈৱ পদাৰ্থ।

প্ৰসাধন সামগ্ৰীসমূহৰ ভিতৰত আৰু এবিধ সামগ্ৰী আমাৰ অতিকৈ প্ৰিয়। আমি প্ৰায়ে নখত ৰং সানিবলৈ আৰু কেতিয়াবা সনা ৰঙবোৰ মচিবলৈ বা গুচাবলৈ এবিধ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰোঁ। এইবিধ জৈৱপদাৰ্থৰ নাম হৈছে-এচিট’ন। সাধাৰণতে পেট্ৰ’লিয়ামৰপৰাই এচিট’ন প্ৰস্তুত কৰা হয় ।দ্ৰাৱক হিচাপে ইয়াৰ উপযোগিতা অতি চমৎকাৰ। এচিট’ন এবিধ বিশেষ গোন্ধ থকা অতি উদ্বায়ী জুলীয়া পদাৰ্থ। সেইবাবে নখত ‘নখ পলিচ’ বা বিশেষ ৰংবিধৰ লেপ দিয়াৰ খন্তেক পাছতে শুকাই যায়। অৰ্থাৎ নখত সানিবলৈ ব্যৱহাৰ কৰা ৰংবিধৰ সৈতে এচিট’ন সংযুক্ত কৰা হয়। আন এবিধ এচিট’নে আকৌ এনেকুৱা ৰংবোৰ নখৰপৰা মচা বা উঠোৱাত সহায় কৰে। এচিট’নৰ ঠাইত কিট’নজাতীয় তৰলো ব্যৱহাৰ কৰা হয়। কিট’নো এচিট’নৰ দৰে বিশেষ গন্ধ থকা জৈৱপদাৰ্থ ৰ্ঘৰত ব্যৱহাৰ কৰা ‘নখ ৰিম’ভাৰ’ দ্ৰাৱকৰ দ্বাৰা কেৱৱল নখৰ ৰঙেই নহয়, অন্যান্য দাগো মচিব পাৰি।

 

মহ, পঁইতাচোৰা আদিৰ দৰে কীট-পতংগৰ আক্ৰমণৰপৰা ঘৰখনক ৰক্ষা কৰিবলৈ আন কিছুমান ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। এনে ৰাসায়নিক পদাৰ্থসমূহৰ ক্ৰিয়া ধ্বংসাত্মক। আলমাৰি বা ট্ৰাংকত সযতনে ৰখা কাপোৰ আদিত পঁইতাচোৰা বা নিগনিৰ উপদ্ৰৱৰপৰা হাত সাৰিবলৈ কৰ্পূৰ বা নেপ্থেলিন পেলাই থওঁ। আলকাতৰা প্ৰস্তুত কৰাৰ সময়ত উৎপন্ন হোৱা এবিধ বিশেষ উপজাত উদ্বায়ী দ্ৰৱ্য। মজাৰ কথা এই যে এইবিধ দ্ৰৱ্য গোটা অৱস্থাৰপৰাই পোনে পোনে বায়বীয় অৱস্থালৈ যাব পাৰে। সু-গন্ধিৰ বাবেও আমি বহুতেই কৰ্পূৰ ব্যৱহাৰ কৰোঁ। মহ, মাখি, পঁইতাচোৰা আদি খেদিবলৈ আৰু অলেখ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰোঁ। তাৰে বেছিভাগ পদাৰ্থই ডি.ডি.টি.ৰে প্ৰস্তুত কৰা। ডি.ডি.টি.ৰ সম্পূৰ্ণ নাম হৈছে ডাই-ক্ল’ৰ’, ডাই ফিনাইল, ট্ৰাইক্ল’ৰ’ ইথেন। ই অতি বিষাক্ত কীটনাশক হোৱা হেতুকে ইয়াৰ প্ৰভাৱ মানুহৰ ওপৰতো পৰিব ধৰিছে। সেইবাবে সম্প্ৰতি ইয়াৰ ব্যৱহাৰ ক্ৰমান্বয়ে হ্ৰাস কৰা হৈছে। ঘৰত এনে ডি.ডি.টি. থকা পদাৰ্থসমূহ ব্যৱহাৰ কৰোঁতে সদায় সাৱধান হ’ৱ লাগে যাতে কোনোপধ্যে আমাৰ খাদ্য আৰু উশাহত লোৱা বায়ুৰ সংস্পৰ্শলৈ নাহে।

বিজ্ঞানৰ উন্নতিৰ লগে লগে মানুহৰ দেহত প্ৰয়োগ কৰা সুগন্ধি দ্ৰৱ্য আৰু কীট-পতংগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা কীটনাশকৰ প্ৰয়োগবিধিত যথেষ্ট উন্নতি সাধন কৰা হৈছে। আজি-কালি এইবোৰ দ্ৰৱ্য স্প্ৰে’ৰদ্বাৰা ‘এৰ’ছল’ হিচাপে চটিয়াবপৰাকৈ উপযোগী কৰি বজাৰত বিক্ৰী কৰা হয়। এৰ’ছলৰ অৰ্থ হৈছে পদাৰ্থৰ কুঁৱলীসদৃশ অৱস্থা যাক স্প্ৰে কৰিবপৰা অন্তৰ্ব্যৱস্থা থকা চাপযুক্ত পাত্ৰত ৰখা হয়। বন্ধ টিনৰ পাত্ৰত এই তৰলবিধক গতি প্ৰদান কৰিবপৰা আন এবিধ তৰলৰ সৈতে মিহলাই প্ৰচুৰ চাপত সুমুৱাই ৰখা হয়। বুটাম হেঁচি চাপ কমাই দিয়াৰ লগে লগে তৰলবিধ অতি দ্ৰুততৰে বাষ্পলৈ পৰিণত হয় আৰু মিহলি হৈ থকা কীটনাশক বা সুগন্ধি দ্ৰৱ্যক ‘এৰ’ছল’ আকাৰত বাহিৰলৈ উলিয়াই আনে। সাধাৰণতে ক্ল’ৰ’ ডাই ফ্ল’ৰ’ মিথেন নামৰ এবিধ জৈৱযৌগক এনে গতি প্ৰদানকাৰী তৰল হিচাপে ব্যৱহাৰ কৰা হয়। এইবিধ পদাৰ্থ প্ৰচুৰ চাপত সহজে তৰল হয় আৰু চাপ কমিলে গেছলৈ ৰূপান্তৰিত হয়। আমাৰ ৰন্ধনশালাত ব্যৱহাৰ কৰা এল,পি,জি,ৰ ছিলিণ্ডাৰৰ ভিতৰত থকা তৰলবিধো এনে প্ৰকৃতিৰেই !

লিখকঃ ডা০ ৰফিক আলী,

9864042151, drrafiqueali@yahoo.com,

2.95652173913
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top