মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ৰ্পঁইতা ভাতৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰ্পঁইতা ভাতৰ উপকাৰিতা :

ৰ্পঁইতা ভাতৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

পঁইতা ভাতৰ কথা ক’লেই গাঁৱত থকা দিনবোৰলৈ মন পৰে। সকলোবোৰ যেন বিশুদ্ধ আৰু প্ৰাকৃতিক আছিল। ঘৰৰ পাছফালৰ মাটি ডৰাত ঢাপে ঢাপে সাৰ বা কীটনাশক প্ৰয়োগ নকৰা শাক-পাচলিৰ খেতি। খুৰাহঁতৰ ঘৰত খোৱা পঁইতা ভাত, শুকানকৈ পতাত বটা মচুৰ দাইল, নিজৰ গছৰ পৰা ছিঙি অনা ভোট জলকীয়াৰ তুলনাত কোনো ফাষ্টফুড বা অতি বিলাসী হোটেলৰ খাদ্যৰ লগত কৰিব পৰা নাযায়। পঁইতা ভাত, কেঁচা পিয়াঁজ, দাইল বটা, পালেং শাকৰ চাটনি আদিৰ প্ৰাকৃতিক সোৱাদেই বেলেগ। বেছ জুতিলগা হোৱাৰ উপৰিও ই স্বাস্থ্যসন্মত আৰু শক্তিশালীও।

ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্যৰ মানুহ ভাতৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকে প্ৰায় সকলোৱেগ পঁইতা ভাতৰ কথা জানে। বিশ্ববাসীৰ আগত ‘কোজি ৰাইচ’()নামেৰে পৰিচিত এইবিধ ভাতক পশ্চিম বংগত ‘পান্টা’ ভাত বুলি জনা যায়। নামনি অসমত ‘পন্টা’ ভাত আৰু উজনিত ‘পঁইতা’ ভাত বুলি কয়। ইয়াক তামিলনাডুত পাজহায়া চৰু, কেৰেলাত পাজহাম কাঞ্জি, চত্তিছগড়ত পাখালা ভাত আৰু উৰিষ্যাত পোখালো বুলি কয়।

বিভিন্ন ৰাজ্যত জনাজাত এই পঁইতা ভাত দৰাচলতে উখুৱা চাউলৰ ভাতক ১২ ঘন্টালৈ পানীত তিয়াই ৰাখি অৰ্থাৎ ফাৰ্মেন্টেড কৰি ৰাখি থৈ এই ভাত প্ৰস্তুত কৰা হয়। অৱশ্যে উখুৱা চাউলৰ বাহিৰে আন চাউলৰো পঁইতা ভাত বনোৱা হয়।

প্ৰাচীন কালৰ পৰা চলি অহা পঁইতা ভাত খোৱা প্ৰথা বৰ্তমানো অসমত প্ৰচলিত হৈ আছে। অসমীয়া সমজাত গৰমৰ দিনত আজিও পঁইতা ভাত যথেষ্ট জনপ্ৰিয় হৈ আছে। এচিয়াৰ বহুকেইখন দেশত ইয়াক ‘চুইট ডেজাৰ্ট’ হিচাপেও ব্যৱহাৰ কৰা হয়। দাক্ষিণাত্যৰ আটাইকেইখন ৰাজ্যতে এনেদৰে দীৰ্ঘসময় পানীত তিয়াই থোৱা টেঙা ভাতৰ লগত দৈ আৰু চেনি মিহলাই একপ্ৰকাৰৰ খাদ্য দ্ৰব্য প্ৰস্তুত কৰা হয় আৰু এইবিধ খাদ্য তেওঁলোকৰ মাজত যথেষ্ট জনপ্ৰিয়। চীনত দেশত ইয়াক ‘জিউ নিয়াং’ নামেৰে জনা যায়। প্ৰায় ২ গ্ৰাম ওজনৰ জিউ নিয়াং লাডু চাইনাত বিখ্যাত। এচিয়াৰ জনজাতীয় লোকসকলৰ ছালৰ চমক বিশ্ব প্ৰসিদ্ধ। ইয়াৰ কাৰণ হয়তো ‘কোজি ৰাইচ’ হ’ব পাৰে।

প্ৰাকৃতিক সামগ্ৰীৰ আৰু পদ্ধতিৰ যিমানে বিকল্প আৱিষ্কাৰ নহওঁক লাগে, প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা, কোনো ধৰণৰ মা-মছলা ব্যৱহাৰ নকৰা খাদ্যৰ জুতিয়েই বেলেগ।

এই পঁইতা ভাতো এক প্ৰাকৃতিক ভাৱে তৈয়াৰী উপকাৰী খাদ্য। ইয়াৰ উপকাৰিতাৰ কথা পুৰণি মানুহবোৰৰ মুখত শুনিয়ে হয়তো বহুতো বিজ্ঞানীয়ে গৱেষণা কৰি ইয়াৰ উপকাৰিতাৰ সত্যতা প্ৰমাণ কৰিছে। পঁইতা ভাতৰ বিজ্ঞান ভিত্তিক উপকাৰীতাবোৰ এনে ধৰণৰ-

*ভাত সম্পূৰ্ণৰূপে কাৰ্বোহাইড্ৰেটেৰে তৈয়াৰী বাবে ই শক্তিৰ প্ৰধান উৎস। দেহত বিভিন্ন পাচন প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বোহাইড্ৰেট  সৰল শৰ্কৰালৈ ৰূপান্তৰিত হয়। সৰল শৰ্কৰাই গ্লুকোজ হিচাপে শৰীৰত শক্তিৰ যোগান ধৰে আৰু গ্লুকোজৰ পৰিমাণ অধিক হ’লে চৰ্বি হিচাপে সঞ্চিত কৰে। কিন্তু পঁইতাভাতৰ দ্বাৰা শৰীৰত অধিক কেলৰি অথবা চৰ্বি সঞ্চিত নহয়।

*ভাতক ১২ ঘন্টালৈ পানীত তিয়াই থ’লে তাত বহুতো উপকাৰী বেক্টেৰিয়া সংশ্লেষিত হয়। তাৰোপৰি লেকটিক এচিডআৰু ভিটামিন-‘বি’ উৎপন্ন হয়। পানীত তিয়াই থোৱা ভাতত পটাচিয়াম আৰু আয়ৰণৰ মাত্ৰা দুগুণ হয়।

*বিজ্ঞানীসকলৰ মতে ১০০ গ্ৰাম গৰম ভাতত ৩.৪ মিলিগ্ৰাম আয়ৰণ থাকে। আনহাতে এৰাতি তিয়াই থোৱা পঁইতা ভাতত আয়ৰণৰ মাত্ৰা ৭৩.৯১ মিলিগ্ৰাম পোৱা যায়।

*উখুৱা চাউলৰ পঁইতা ভাতত পোৱা ভিটামিন ‘বি-১২’ৰ দ্বাৰা শৰীৰ মজবুত হয় তথা ভাগৰ দূৰ কৰে আৰু কৰ্ম শক্তি বঢ়ায়।

*মাতৃদুগ্ধ শিশুৰ কাৰণে অতি উপযোগী বুলি সকলোৱে জানে। পঁইতা ভাতত লেক্টিক এচিড অধিক মাত্ৰাত পোৱা যায় বাবে ই মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায়ক হয়।

*কোষ্ঠকাঠিন্য এবিধ মানৱ শৰীৰৰ গুৰুতৰ সমস্যা। তিনিদিনতকৈ অধিক সময় পেটত মল সঞ্চিত হৈ থাকিলে, উদৰ ৰোগ হোৱাটো নিশ্চিত। আনহাতে কোষ্ঠকাঠিন্যৰ দৰব ব্যৱহাৰ কৰিলে পাৰ্শ্বক্ৰিয়া বা আন ৰাসায়নিক ক্ৰিয়াৰ ফলত বৃহদান্ত্ৰত মলৰ গতি অনিয়মীয়া হৈ পৰে। এনে ক্ষেত্ৰত পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰে পেটৰ আন ৰোগ দূৰ কৰাতো সহায়ক হয়।

*পঁইতা ভাতত উৎপন্ন হোৱা ভিটামিন-‘বি’ আৰু আন মাইক্ৰো-অৰ্গেনিজমবিলাকৰ বাবে পাকস্থলীত হোৱা ঘা নিৰাময়তো সহায়ক হয়। ই পাকস্থলীৰ pH লেভেলৰো সমতা ৰক্ষা কৰে।

*পঁইতা ভাতে ছাল গঠনৰ প্ৰাথমিক প্ৰোটিন কোলাজনে তৈয়াৰ কৰাত সহায় কৰে। কোলাজনে ছালৰ সংকুচন, সম্প্ৰসাৰণ প্ৰক্ৰিয়াত সহায় কৰে। সেইবাবেই হয়তো এচিয়াৰ ন্ন লোক প্ৰকৃত বয়সতকৈ কম বয়সৰ যেন দেখা যায়।

*পঁইতা ভাতে ভিটামিন-‘ই’ সংশ্লেষণেৰে ছালৰ মৃত কোষিকাবোৰ পুনৰ গঠনত সহায় কৰে, যাৰ বাবে মানুহৰ শৰীৰত সোনকালে বয়সৰ চাপ নপৰে।

*ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে। পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।

*পঁইতা ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰোবায়োটিকৰ কাম কৰে আৰু আন খাদ্য অৱশোষণত সহায় কৰে। ই সহজে হজম হোৱা খাদ্য বাবে লিভাৰক সকাহ দিয়ে। দৈনন্দিত বিভিন্ন খাদ্যশৈলীৰ দ্বাৰা নিঃসৰণ হোৱা অক্সিডেন্টবোৰক নিষ্কাশন কৰাত সহায় কৰে।

ইষ্টানবুল ভ্ৰমণ কালত পঁইতা ভাতৰ নিচিনা ভাত পালেং শাক ক্ৰীমৰ লগত বনোৱা আঞ্জাৰে খাবলৈ দিয়া কেতিয়াও পাহৰিব নোৱাৰো। তাৰ স্থানীয় লোকৰ ই প্ৰিয় খাদ্য। চীন দেশৰ এক কেম্প পৰিভ্ৰমণৰ সময়তো খাবলৈ পাইছিলো পঁইতা ভাতৰ লগত কণী ভাজি মিহলি কৰি থোৱা মিহলি কৰি থোৱা খাদ্য। বিশ্বৰ বেছিভাগ দেশতে পঁইতা ভাত ব্যৱহাৰ কৰে আৰু যিবোৰ লোকে পঁইতা ভাত খায় তেওঁলোকৰ ছালৰ সম্প্ৰসাৰণশীলতা আৰু দেহৰ শক্তি অধিক।

পঁইতা ভাত বনাওঁতে চাফ চিকুণতাৰ প্ৰতি অধিক লক্ষ্য কৰিব লাগে। ভাত পঁইতা কৰিবলৈ ১২ ঘন্টাতকৈ অধিক সময় পানীত তিয়াই থব নালাগে। টেঙা হোৱা পঁইতা ভাত স্বাস্থ্যৰ পক্ষে হানিকাৰকো হ’ব পাৰে। এইদৰে বহুদিনলৈ ভাত ফাৰমেন্টেড কৰি থৈ স্থানীয়ভাৱে মদ প্ৰস্তুত কৰাটো কিছুমান জাতি-জনজাতিৰ পৰম্পৰাগত প্ৰথা। এই ধৰণৰ মদ সীমিত পৰিমাণে গ্ৰহণ কৰাটো হেনো স্বাস্থ্যৰ পক্ষে লাভদায়ক।

প্ৰত্যেক বিষেই নিৰ্দিষ্ট পৰিমাণে ব্যৱহাৰ কৰিলে ই দৰব হৈ পৰে, আনহাতে অধিক পৰিমাণে ব্যৱহাৰ কৰা দৰবেও বিষক্ৰিয়া কৰে। বিজ্ঞানসন্মতভাৱে কৰা বহুতো গৱেষণাৰ পৰাও প্ৰমাণ পোৱা গৈছে যে শৰীৰত পঁইতা ভাতৰ নানান উপকাৰিতা আছে। যিমানেই উপকাৰী অথবা জুতি লগা নহওক কিয়, ঠাণ্ডাৰ দিনৰ এই ভাত খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক হ’ব পাৰে। অসমত এই ভাত খোৱাৰ পৰম্পৰা কেৱল ৰঙালী বিহুৰ দিনাৰ পৰাই আৰম্ভ হয় আৰু ভাদ মাহৰ পিছৰ পৰা কোনেও পঁইতা ভাত নাখায়। গৰমৰ দিনত বিশেষভাৱে পঁইতা ভাত বা পঁইতা ভাতৰ পানী সুস্বাদু চৰ্বতৰূপে প্ৰায় সকলো কৃষিজীৱী লোকে ব্যৱহাৰ কৰা দেখা যায়।

লেখক: মুনিন হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

2.93333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top