অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিপুষ্টি আৰু স্বাস্থ্য

পৰিপুষ্টি আৰু স্বাস্থ্য

মাংসসাৰ: ইয়াৰ গুৰুত্বতা

মাংসসাৰ বা প্ৰানীজ কোষ গঠন হয় এমিন’ এচিডৰ পৰা। মাংসসাৰৰ জল-বিয়োজনৰ ফলত এমিন’ এচিদ গঠন হয়। এই এ’মিন এচিদ যিবোৰ মাংসসাৰত শুদ্ধ অনুপাতত থাকে, তাকে সম্পূৰ্ণ মাংসসাৰ বোলা হয়। এইবিধ মাংসসাৰে শৰীৰৰ গঠন, বৃদ্ধি আৰু মেৰামতি কৰাত সহায় কৰে। ই দেহৰ হাড়, মাংসপেশী, তেজ, চুলি, নখ আদি গঠনত সহায় কৰে। ইয়াৰ উপৰিও দেহৰ ক্ষয় হোৱা বা আঘাত পোৱা স্থানত নতুন কোষ সৄষ্টিৰ বাবে মাংসসাৰৰ আৱশ্যক হয়। খাদ্যত প্ৰয়োজনীয় এমিন’ এচিদৰ পৰিমাণ অনুসৰি মাংসসাৰৰ গুণাগুণ নিৰ্ণয় কৰা হয়।

মাংসসাৰৰ কাৰ্য্য

মাংসসাৰে এনজাইম আৰু হ’ৰমনৰ ৰূপত শৰীৰৰ বিপাক ক্ৰিয়াত অনুঘটক হিচাপে কাম কৰে। বিভিন্ন হ’ৰমন যেনে- ইনচুলিন, থাইৰক্সিন আদিয়ে বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় এণ্টিবডি তৈয়াৰ হোৱাত সহায় কৰে।

  • মাংসসাৰে শৰীৰৰ গঠন আৰু মেৰামতি কৰা কাৰ্য্যত সহায় কৰে আৰু শিশু অৱস্থাৰ পৰা কৈশোৰ অৱস্থালৈ শৰীৰৰ গঠন, বৃদ্ধি ইত্যাদিতো প্ৰয়োজনীয় ভুমিকা গ্ৰহণ কৰে।
  • প্ৰাপ্তবয়স্ক অৱস্থাত শৰীৰৰ অৱক্ষয় হব ধৰা অংগসমূহে উপযুক্ত মাংসসাৰৰ সহায়তেই সমতা ৰক্ষা কৰি থাকে।
  • গৰ্ভৱতী নাৰী আৰু শিশুক দুগ্দ্ধপান কৰাই থকা মাতৃয়ে নিয়মিত খাদ্যতকৈ অধিক মাংসসাৰযুক্ত খাদ্য খাব লাগে, যাতে গাখীৰ তৈয়াৰৰ বাবে মাংসসাৰ উপযুক্ত পৰিমাণত পায়। শিশু আৰু মাতৄৰ কোষ গঠন প্ৰক্ৰিয়াও নিয়মমতে হয়।
  • খাদ্যত মাংসসাৰৰ গুণাগুণ

মাংসসাৰৰ উৎকৃষ্ট উৎস হৈছে প্ৰানীজ খাদ্য যেনে- মাছ, মাংস। যিবোৰত এমিন’ এচিড সঠিক অনুপাতত থাকে।

    নিৰামিষভোজী সকলেও বিভিন্ন ধৰণৰ দাইল, বাদাম, মাহ জাতীয় শস্য, চয়াবিন আদিৰ পৰা অধিক মাংসসাৰ পাব পাৰে।

    গাখীৰ আৰু কণীতো যথেষ্ট পৰিমাণৰ মাংসসাৰ থাকে।

    অধিক মাত্ৰাত মাংসসাৰ পাব পৰা খাদ্যসমুহ হ’ল- বিভিন্ন ধৰণৰ দাইল, চয়াবিন, বাদাম, তৈলবীজ, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী (যেনে দৈ, ক্ৰীম, মাখন, চীজ, পনিৰ), মাছ, ছাগলীৰ মাংস, হাহঁ-কুকুৰাৰ মাংস।

    উদ্ভিজ খাদ্যৰ ভিতৰত চয়াবিনতেই সকলোতকৈ অধিক (শতকৰা ৪০ ভাগৰো অধিক) মাংসসাৰ থাকে।

    ১৬ৰ পৰা ১৮ বছৰ বয়সৰ এজন যুৱকৰ ওজন যদি ৫৭ কিল’গ্ৰাম হয়; তেওঁক প্ৰতিদিনে ৭৮ গ্ৰাম মাংসসাৰৰ প্ৰয়োজন হয়। অথচ একে বয়সৰ এজনী গাভৰু যাৰ ওজন ৫০ কিল’গ্ৰাম; তেওঁক প্ৰতিদিনে প্ৰয়োজন হয় ৬৩ গ্ৰাম মাংসসাৰৰ।

    এগৰাকী গৰ্ভৱতী মহিলাক প্ৰতিদিনে প্ৰয়োজন হয় ৬৫ গ্ৰাম মাংসসাৰৰ। আনহাতে, এগৰাকী দুগ্দ্ধপান কৰাই থকা মাতৄক (৬ মাহলৈ) প্ৰয়োজন হয় ৭৫ গ্ৰাম মাংসসাৰৰ।

খাদ্য

 

প্ৰতি ১০০ গ্ৰাম খাদ্যত পুষ্টিৰ পৰিমাণ

চয়াবিন

৪৩.২ গ্ৰাম

বুট, মাটি-মাহ, মচুৰ দাইল, মটৰ

২২গ্ৰাম

কাজু, কাঠ বাদাম

২৩গ্ৰাম

মাছ

২০গ্ৰাম

মাংস

২২গ্ৰাম

গাখীৰ (গৰুৰ)

৩.২গ্ৰাম

ম’হৰ গাখীৰ

৪.৩গ্ৰাম

কণী (৪৪ গ্ৰাম ওজনৰ)

১৩.৩ (প্ৰতিটো কণীত

সূক্ষ্ম পৰিপোষক (প্ৰয়োজনীয় উপাদান) প্ৰতিৰোধক খাদ্য

সূক্ষ্ম পৰিপোষক হৈছে খাদ্যত থকা খাদ্যপ্ৰান আৰু খনিজ যিবোৰ আমাৰ জীৱ্নধাৰণ আৰু সু-স্বাস্থ্যৰ বাবে অতি আৱশ্যক। বেমাৰ প্ৰতিৰোধ ক্ষমতা থকাৰ উপৰিও এইবোৰে শৰীৰৰ ৰাসায়নিক প্ৰক্ৰিয়াতো সহায় কৰে। সেইকাৰণে এটা সুস্থ আৰু দীৰ্ঘজীৱনৰ কাৰণে এইবোৰ অতি দৰকাৰী।

খাদ্যপ্ৰান ক হৈছে চৰ্বীত দ্ৰৱনীয় খাদ্যপ্ৰান। চকুৰ দৃষ্টি শক্তিৰ বাবে খাদ্যপ্ৰান ক ৰ অতি আৱশ্যক। শৰীৰৰ ছালৰ সুস্থ গঠনত ই সহায় কৰে শ্লেমা পৰ্দাকো ই স্বাভাৱিক অৱস্থাত ৰাখে। ভাৰতবৰ্ষত শতকৰা ৩ ভাগ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে খাদ্যপ্ৰান ক ৰ অভাৱত চকুত চানি পৰা (চকুৰ বগা অংশত ধোৱা সদৃশ চামনি) ৰোগত ভোগে। এই খাদ্যপ্ৰানৰ অভাৱ হ’লেই কুকুৰীকণা ৰোগ হ্য়।

খাদ্যপ্ৰান ক ৰ প্ৰয়োজনীয়তা

  • চকুৰ দৃষ্টিশক্তিৰ বাবে খাদ্যপ্ৰান ক ৰ অতি প্ৰয়োজন। ইয়াৰ অভাৱৰ ফলত কুকুৰী কণাকে ধৰি চকুৰ নানান ৰোগে দেখা দিয়ে।
  • অধ্যয়ন কৰি এইটো পোৱা গৈছে যে, গৰ্ভধাৰণৰ আগতে বা গৰ্ভধাৰণৰ সময় ছোৱাত এগৰাকী মহিলাক খাদ্যপ্ৰান ক ৰ অভাৱৰ পৰা মুক্ত কৰি ৰাখিব পাৰিলে তেওঁক ৰুগীয়াহোৱা বা মৄত্যুভয়ৰ পৰা আতঁৰাই ৰাখিব পাৰি।
  • খাদ্যপ্ৰান ক সমৄদ্ধ খাদ্য গ্ৰহণ কৰিলে খাদ্যপ্ৰান ক ৰ অভাৱত হোৱা ৰোগৰ পৰা পৰিত্ৰান পাব পাৰি।
  • খাদ্যপ্ৰান ক সমৄদ্ধ খাদ্য
  • সেউজীয়া শাক-পাচলি, হালধীয়া পাচলি আৰু ফলমূলত বিটা কেৰটিন উৎকৄষ্ট পৰিমাণে থাকে।
  • বিটা কে’ৰটিন যাক শৰীৰে ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা খাদ্যপ্ৰান ক লৈ ৰূপান্তৰিত কৰি লব পাৰে। প্ৰানীজগতৰ পৰা আহৰণ কৰা খাদ্যত খাদ্যপ্ৰান ক   সঠিক মাত্ৰাত থাকে।
  • গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী বস্তু, কণীৰ কুহুম, মাছ, কড লিভাৰ তেল আদিত ভিটামিন এ উৎকৃষ্ট পৰিমাণত থাকে।
  •  

    খাদ্যৰ নাম

    বিটা কে’ৰটিনৰ পৰিমাণ শতকৰা

    ধনীয়া পাত

    ৪৮০০

    নৰসিংহ পাত

    ৭১১০

    ছজিনাৰ পাত

    ১৯৬৯০

    মেথি পাত

    ৯১০০

    গাজৰ

    ৬৪৬০

    পকা আম

    ১৯৯০

    পকা অমিতা

    ৮৮০

    ৰঙা লাউ

    ১১৬০

    খাদ্যপ্ৰান গ

  • খাদ্যপ্ৰান গ পানীত সহজে দ্ৰৱীভূত হোৱা এক পদাৰ্থ। এই খাদ্যপ্ৰান শৰীৰৰ বাবে অতি দৰকাৰী। ই শৰীৰক যি কোনো ৰোগৰ আক্ৰমনৰ পৰা ৰক্ষা কৰে। শৰীৰত খাদ্যপ্ৰান গ ৰ অভাৱ হ’লে হাত ভৰিৰ জোৰা বিষাব ধৰে, হাড়ৰ গঠন ঠিক নহয়, দাতঁৰ বেমাৰ হয়, তেজ ওলাব ধৰে, দাতঁৰ আলু ফুলে অৰ্থাত স্কাৰ্ভি নামৰ এবিধ বেমাৰ হয়। ঘাঁ শুকুৱাত খাদ্যপ্ৰান গ য়ে সহায় কৰে। খাদ্যপ্ৰান গ য়ে কলেষ্টেৰলৰ বিপাক ক্ৰিয়াতো সহায় কৰে, কেলছিয়াম আৰু লৌহ শোষণ কৰাত সহায় কৰে। তেজৰ ৰক্তকণিকাৰ পূৰ্ণতাৰ বাবে আৰু স্বাভাৱিক অৱ্স্থাত ৰাখিবৰ বাবে খাদ্যপ্ৰান গ অতি দৰকাৰী।
  • খাদ্যপ্ৰান গ সমৃদ্ধ খাদ্য
  • বিভিন্ন ধৰণৰ সঁতেজ টেঙা বা কেহা ফলত এই খাদ্যপ্ৰান প্ৰচুৰ পৰিমাণে থাকে যেনে- কমলা, নেমু, আমলখি।
  • বিলাহী আৰু মধুৰিআমতো অধিক পৰিমাণে খাদ্যপ্ৰান গ পোৱা যায়। গজালি ওলোৱা বুটতো খাদ্যপ্ৰান গ অধিক পৰিমাণে থাকে।
  • বয়ঃসন্ধিত বৄদ্ধি বিকাশ

    ভাৰতবৰ্ষত ১/৫ শতাংশ লোক কৈশোৰ অৱস্থাৰ ভিতৰত পৰে। এডলেচেন্ট শব্দটো লেটিন ভাষাৰ এডলেচেৰি শব্দৰ পৰা অহা যাৰ অৰ্থ বাঢ়ি যোৱা, পৈনত হোৱা।

    ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেচনৰ মতে তলত দিয়া বিশেষ লক্ষণসমূহ কৈশোৰ অৱস্থাৰ লক্ষণ বুলি ধৰা হয়।

    বৃদ্ধি বিকাশ আৰু পুষ্টি

    কৈশোৰ অৱস্থাত শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে সঠিক মাত্ৰাত খাদ্য পুষ্টিৰ দৰকাৰ। খাদ্যৰ অপুষ্টিৰ ফলত ভাৰতবৰ্ষত কৈশোৰ অৱস্থা প্ৰাপ্ত ছোৱালীবোৰে সঠিক সময়ত ঋতুমতী হোৱাৰ পৰা বঞ্চিত হ’ব লগাত পৰে। এজনী কিশোৰী ছোৱালীৰ শৰীৰৰ ওজন ৩০ কেজি আৰু ১০ শতাংশ চৰ্বীৰ পৰিমাণ শৰীৰত জমা হ’লে ঋতুমতী হোৱাৰ আগজাননী পোৱা যায়।

    কিমান বয়সৰ ল’ৰা-ছোৱালীক কিমান পৰিমাণৰ শক্তি, মাংসসাৰ, চৰ্বী, লৌহ, কেলছিয়াম আৰু খাদ্যপ্ৰান ক (বিটা কে’ৰটিন)ৰ প্ৰয়োজন তাকে তলত দেখুওৱা হ’ল:

    বয়সৰ সীমা

    শক্তি
    প্ৰতিদিনে

    মাংসসাৰ
    প্ৰতিদিনে
    (গ্ৰাম)

    চৰ্বী
    মিলিগ্ৰাম
    প্ৰতিদিনে

    লৌহ
    মিলিগ্ৰাম

    প্ৰতিদিনে

    খাদ্যপ্ৰান
    বিটা কেৰ’টিন
    প্ৰতিদিনে

    কেলচিয়াম
    মিলিগ্ৰাম
    প্ৰতিদিনে

    ১০ ৰ পৰা ১২ বছৰ
    বয়সৰ লৰা

    ২১৯০

    ৫৪

    ২২

    ৩৪

    ২৪০০

    ৬০০

    ১০ ৰ পৰা ১২ বছৰ
    বয়সৰ ছোৱালী

    ১৯৭০

    ৫৭

    ২২

    ১৯

    ২৪০০

    ৬০০

    ১৩ ৰ পৰা ১৫ বছৰ
    বয়সৰ লৰা

    ২৪৫০

    ৭০

    ২২

    ৪১

    ২৪০০

    ৬০০

    ১৩ ৰ পৰা ১৫ বছৰ
    বয়সৰ ছোৱালী

    ২০৬০

    ৬৫

    ২২

    ২৮

    ২৪০০

    ৬০০

    ১৬ ৰ পৰা ১৮ বছৰ
    বয়সৰ লৰা

    ২৬৪০

    ৭৮

    ২২

    ৫০

    ২৪০০

    ৫০০

    ১৬ ৰ পৰা ১৮ বছৰ
    বয়সৰ ছোৱালী

    ২০৬০

    ৬৩

    ২২

    ৩০

    ২৪০০

    ৫০০

     

     

    সৰ্বসাধাৰণ মানুহৰ বাবে প্ৰস্তুত কৰা খাদ্য তালিকা যিখন তালিকা ১৯৮৯ চনত প্ৰস্তুত কৰা হৈছিল।

    আমাক শক্তি কিয় লাগে?

    আমাৰ শৰীৰটোক দৈনিক কাম-কাজ কৰিবলৈ, খাদ্য বস্তুক শৰীৰে গ্ৰহণ কৰিব পৰাকৈ বিভিন্ন খাদ্য উপাদানলৈ পৰিৱৰ্তন কৰিবলৈ শক্তিৰ প্ৰয়োজন হয়। তাৰোপৰি আমাৰ শৰীৰৰ উষ্ণতা স্বাভাৱিক অৱস্থাত ৰাখিবলৈ শক্তিৰ প্ৰয়োজন হয়। নেচনেল মনিটৰিং ব্যুৰৰ সমীক্ষাত দেখা গৈছে ভাৰতবৰ্ষত শতকৰা ৫০ শতাংশ পুৰুষ-মহিলাই শক্তিহীনতাত ভোগে।

  • এজন মানুহৰ দিনে শাৰিৰীক শক্তি ক্ষয় হয় যিমান সেই অনুপাতেহে শক্তি আহৰণ কৰা দৰকাৰ। বয়স, শৰীৰৰ ওজন, শাৰিৰীক কষ্টৰ মানদণ্ড, বৃদ্ধি ইত্যাদিৰ ওপৰত ভিত্তি কৰি শৰীৰৰ শক্তিৰ প্ৰয়োজনৰ মূল্যায়ন কৰিব পাৰি। ভাৰতবৰ্ষত ০ ৰ পৰা ৮০ শতাংশ কেলৰী খাদ্যৰ পৰা যেনে দাইল, মাহজাতীয় খাদ্য, আলু, গাজৰ ইত্যাদিৰ পৰা পাব পাৰি।
  • কৈশোৰ অৱস্থাপ্ৰাপ্ত ল’ৰা-ছোৱালীয়ে দৈনিক প্ৰয়োজন হোৱা ৫৫ ৰ পৰা ৬০ শতাংশ কেলৰী কাৰ্বহাইড্ৰেটৰ পৰা পাব পাৰে।
  • কৈশোৰ অৱস্থাত শৰীৰ সম্পুৰ্ণ সুস্থ ৰাখিবলৈ অধিক শক্তিৰ দৰকাৰ। উদাহৰণস্বৰূপে, ১৬ ৰ পৰা ১৮ বছৰ বয়সৰ ছোৱালীক ক্ৰমে ২০৬০ কিল’ কেলৰী আৰু ল’ৰাক ২৬৪০ কিল’ কেলৰীৰ প্ৰয়োজন হয়।
  • গৰ্ভধাৰণৰ সময়ছোৱাত গৰ্ভত থকা শিশুৰ বিকাশৰ বাবে আৰু গৰ্ভৱতী মাতৃৰ সুস্বাস্থ্য ৰক্ষাৰ বাবে অধিক মাত্ৰাত পুষ্টিৰ দৰকাৰ।
  • কম পুষ্টিকৰ খাদ্যই দেহক দূৰ্ব্বল কৰি তোলে আৰু অতিমাত্ৰা খাদ্য গ্ৰহণে মেদবহুলতা হোৱাত সহায় কৰে।
  • শক্তিবৰ্দ্ধক খাদ্যসমূহ হৈছে

  • চাউল, দাইল, ঘেঁহু, যৱ, মাকৈ, আলু, গাজৰ, সৰিয়হ আৰু চয়াবিনৰ পৰা উলিওৱা তেল, ঘি, মাখন, তৈলবীজ, বাদাম, চেনী, গুৰ ইত্যাদি।
  • যদিও আমি ধান, মাহ আদি শস্যৰ পৰা শক্তি পাওঁ তথাপি ইয়াত বিভিন্ন ধৰণৰ দাইল, বাদাম, ঘেঁহু, যৱ ইত্যাদিও জড়িত হৈ থাকে।
  • জোৱাৰ, বজৰা, ৰাগী ইত্যাদি শস্যসমূহ ব্যয়বহুল যদিও ইয়াৰ পৰা শৰীৰে অধিক শক্তি পায়।
  •  

    চৰ্বী বা স্নেহ পদাৰ্থঃ আমাৰ স্বাস্থ্য

    স্নেহ পদাৰ্থ খাদ্যৰ এটা অপৰিহাৰ্য্য অংগ আৰু ই শৰীৰৰ বহুত কাৰ্য্য সম্পাদন কৰে। প্ৰতি গ্ৰামত ৯ কিল’ কেলৰি শক্তি চৰ্বীয়ে উৎপাদন কৰে। চৰ্বীত দ্ৰবীভূত খাদ্যপ্ৰান ক, ঘ, ঙ আৰু ট ক খুব কম পৰিমাণৰ চৰ্বীৰ প্ৰয়োজন।

    খাদ্য তালিকাত অন্তৰ্ভূক্ত স্নেহপদাৰ্থ সমূহ উদ্ভিদ আৰু প্ৰাণী জগতৰ পৰা আহৰণ কৰিব পাৰি।

    • উদ্ভিদ জগতৰ পৰা পোৱা চৰ্বীয়ে শৰীৰত প্ৰয়োজনীয় স্নেহ এচিডৰ অত্যাৱশ্যকীয় ফেটি এচিড  যোগান ধৰে। যিবোৰ স্নেহপদাৰ্থত স্নেহ এচিডৰ কাৰ্বন পৰমাণুবিলাক এটাই আনটোৰ লগত মাত্ৰ এডাল তন্তুৰ দ্বাৰাই সংযুক্ত হৈ থাকে তাক একক অসংপৄক্ত স্নেহ্পদাৰ্থ বোলে আৰু এটাতকৈ বেচি তন্তুৰ দ্বাৰা সংযুক্ত হৈ থাকিলে তাক বহু অসংপৃক্ত স্নেহপদাৰ্থ বোলে।
    • চৰ্বীয়ে শৰীৰত প্ৰয়োজনীয় স্নেহ এচিডৰ যোগান ধৰে। এই এচিডবোৰ বৄদ্ধি আৰু ছালৰ বিভিন্ন কোষৰ সুগঠনৰ বাবে অতি দৰকাৰী আৰু এই বোৰ চৰ্বী পাচন আৰু শোষণ কৰাত প্ৰয়োজন হয়।
    • বয়সীয়াল মানুহে সংপৃক্ত স্নেহপদাৰ্থ যেনে ঘি, মাখন আৰু হাইড্ৰজিনেটেড স্নেহ পদাৰ্থ খোৱাৰ পৰা বিৰত থাকিব লাগে।
    • নাৰিকল তেলৰ বাহিৰে বাকী সকলো উদ্ভিদ তেলত অসংপৃক্ত স্নেহপদাৰ্থ অধিক পৰিমাণে থাকে।
    • অধিক মাত্ৰাত সংপৃক্ত স্নেহপদাৰ্থ যেনে ঘি, মাখন আৰু হাইড্ৰজিনেটেড ফেট গ্ৰহণ কৰিলে মানুহৰ শৰীৰত তেজৰ কলেষ্টেৰলৰ পৰিমাণ বৄদ্ধি পায়, ফলত হৃদপিণ্ডৰ বিভিন্ন অসুখ হোৱাৰ সম্ভাৱনা থাকে। শৰীৰত অধিক চৰ্বী থাকিলে মেদবহুলতাই দেখা দিয়ে।
    • ৰন্ধাত ব্যবহাৰ কৰা তেল যেনে উদ্ভিদ তেল, ডালডা, মাখন, ঘি ইত্যাদি হৈছে চকুৰে প্ৰত্যক্ষ কৰা চৰ্বী আৰু যিবোৰ চৰ্বী খোৱা বস্তুৰ ভিতৰত নিহিত হৈ থাকে সেইবোৰ হৈছে অদৃশ্যমান চৰ্বী।
    • জন্তুৰ খোৱা বস্তুত অধিক পৰিমাণৰ সংপৃক্ত চৰ্বী নিহিত হৈ থাকে।
    • নিৰ্দ্ধাৰিত খাদ্য তালিকা

    শিশু আৰু কৈশোৰ অৱস্থাপ্ৰাপ্ত ল’ৰা-ছোৱালীৰ খাদ্যত ২৫ গ্ৰামতকৈ বেচি সংপৃক্ত স্নেহ পদাৰ্থ থাকে।

    • এজন অলৰ অচৰ পৰিশ্ৰম নকৰা বয়সীয়াল মানুহক প্ৰতিদিনে ২০ গ্ৰাম সংপৃক্ত স্নেহ পদাৰ্থৰ দৰকাৰ।
    • গৰ্ভৱতী আৰু দুগ্ধপান কৰাই থকা এগৰাকী মাতৃক প্ৰতিদিনে ৩০ গ্ৰাম সংপৃক্ত স্নেহ্পদাৰ্থৰ প্ৰয়োজন।লি’নলেইক (এল, আই, এন) আৰু লি’নলেইনিক (এল, ই, এন) এচিড সমৃদ্ধ খোৱা তেল (গ্ৰাম/ ১০০ গ্ৰাম)

     

    তেল

    লিন

    লেন

    মুঠ প্ৰয়োজনীয় স্নেহ এচিড

    ঘি

    ১.৬

    ০.৫

    ২.১

    নাৰিকল

    ২.২

    ০.৫

    ২.২

    ডালডা

    ৩.৪

    ০.৫

    ৩.৪

    পামলিন

    ১২.০

    ০.৩

    ১২.৩

    সৰিয়হৰ তেল

    ১৩.০

    ৯.০

    ২২.০

    চীনা বাদাম

    ২৮.০

    ০.৩

    ২৮.৩

    খুদ চাউল

    ৩৩.০

    ১.৬

    ৩৪.৬

    তিল তেল

    ৪০.০

    ০.৫

    ৪০.৫

    বেলিফুলৰ তেল

    ৫২.০

    ০.৫

    ৫২.০

    চয়াবিনৰ

    ৫২.০

    ৫.০

    ৫৭.০

    চেফফ্লাৱাৰ কুহুম ফল

    ৭৪.০

    ০.৫

    ৭৪.৫

     

    খাদ্য তালিকা

    শক্তি(কিল’ কেলৰি ১০০ গ্ৰাম খাদ্য বস্তুত)

    চাউল

    ৩৪৫

    ঘেঁহু

    ৩৪১

    জোৱাৰ

    ৩৪৯

    বজৰা

    ৩৬১

    ৰাগী

    ৩২৮

    মাকৈ

    ৩৪২

    মেদবহুলতা আৰু পুষ্টি

    শৰীৰত দৰকাৰ হোৱা স্নেহ পদাৰ্থ যেতিয়া প্ৰয়োজনতকৈ অধিক পৰিমানত শৰীৰত জমা হয় আৰু প্ৰয়োজনীয় ওজনতকৈ শতকৰা ২০ ভাগ ওজন বৄদ্ধি হয় সেই অৱস্থাটোকে মেদবহুলতা বুলি কোৱা। মেদবহুলতাৰ বাবে শৰীৰত নানান ধৰণৰ শাৰিৰীক অসুস্থতাৰ সৄষ্টি হয় আনকি কেতিয়াবা অকাল মৄত্যু পৰ্য্যন্ত হব পাৰে। মেদ বহুলতাৰ বাবে সমান্তৰালভাৱে বৃদ্ধি পায় মধুমেহ, উচ্চ ৰক্তচাপ কলেষ্টেৰল, হৃদযন্ত্ৰ বিকল, গল ব্ৰাডাৰ ষ্টোন আৰু বিভিন্ন ধৰণৰ কেঞ্চাৰ।

    কাৰণসমূহ

    • মেদবহুলতাৰ অন্যতম কাৰণ হ’ল প্ৰচুৰ পৰিমানে কেলৰি গ্ৰহণ কৰা আৰু কায়িক শ্ৰম নকৰা৷
    • যেতিয়া শৰীৰে কৰিবলগীয়া কেলৰি বা শক্তি আৰু শৰীৰৰ পৰা ওলাই যাবলগীয়া শক্তিৰ মাজত সমতা স্থাপনত ব্যাঘাত জন্মে, তেতিয়া মেদবহুলতা আৰু মাত্ৰাধিক ওজনে দেখা দিয়ে ।
    • অতি মাত্ৰাত স্নেহ পদাৰ্থ গ্ৰহণ কৰিলেও মেদবহুলতাই দেখা দিয়ে।
    • অসংলগ্ন ব্যবহাৰ আৰু মানসিক ভাৰসাম্যহীনতাই খোৱা-বোৱাত অনিয়ম ঘটাই মেদ বহুলতাৰ সৄষ্টি কৰে।

    ৰাসায়নিক প্ৰক্ৰিয়াত হোৱা ভুলৰ বাবে শৰীৰৰ অধিক স্নেহ পদাৰ্থৰ সংযোজন ঘটে। শিশু অৱস্থাৰ পৰা মেদ বহুলতা আৰম্ভ হ’লে ই বয়সত গৈ জটিল ৰূপ ধাৰণ কৰে। মহিলাৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ সময়ছোৱা আৰু ঋতুস্নান বন্ধ হোৱাৰ পিছৰ সময়ছোৱাত মেদবহুলতাই দেখা দিয়ে।

    ওজন কেনেকৈ কমাব পাৰি

    ভজা খাদ্য কমাই খাব লাগে।
    সেউজীয়া শাক-পাচলি আৰু ফলমূল বেচি পৰিমাণে খাব লাগে।
    মাহজাতীয় শস্য, বুট, গজালি ওলোৱা মগু ইত্যাদি আঁহযুক্ত খাদ্য বেচি পৰিমাণে খাব লাগে।
    শৰীৰৰ ওজন শুদ্ধ মাত্ৰাত ৰাখিবলৈ সদায় নিয়মিতভাৱে কচৰৎ কৰিব লাগে।
    লাহে লাহেহে শৰীৰৰ ওজন কমাই আনিব লাগে।
    অতিৰিক্ত আনহাৰে শৰীৰৰ ক্ষতি কৰে, সেইবাবে সকলো খাদ্য জোখমতে গ্ৰহণ কৰিব লাগে। তাৰপৰা শৰীৰৰ একো অপকাৰ হোৱাৰ ভয় নাথাকে।
    সদায় কম আহাৰ সঘনাই খোৱা উচিত।
    চেনী, স্নেহ পদাৰ্থযুক্ত খাদ্য আৰু মাদক দ্ৰব্য পৰিহাৰ কৰা উচিত।
    কম চৰ্বীযুক্ত গাখীৰ খাব লাগে।

    গৰ্ভধাৰণৰ সময়ত লবলগীয়া পুষ্টি

    গৰ্ভধাৰণৰ সময়ত পুষ্টিকৰ আহাৰৰ অতি প্ৰয়োজন। গৰ্ভত থকা শিশু আৰু মাতৄৰ বাবে নিয়মতকৈ ওপৰঞ্চি আহাৰৰ দৰকাৰ হয়। ভাৰতবৰ্ষত এইটো দেখা গৈছে যে, দৰিদ্ৰ শ্ৰেনীৰ গৰ্ভৱতী মহিলাৰ খাদ্য তালিকাখন গৰ্ভৱতী নোহোৱা আৰু দুগ্ধপান নকৰোৱা মহিলা এগৰাকীৰ সৈতে একেই হ্য়।

    • গৰ্ভৱতী মাতৃৰ অপুষ্টিয়ে শাৰিৰীক আৰু মানসিক স্বাস্থ্যৰ হানি কৰে৷ লগতে গৰ্ভস্থ শিশুৰ বিকাশতো বাধা জন্মায়।
    • গৰ্ভৱতী মাতৃ গৰাকীৰ আহাৰ পুষ্টিকৰ আৰু সুষম হব লাগে যাতে তেওঁৰ আৰু গৰ্ভস্থ শিশুৰ বাবে প্ৰয়োজনীয় সকলোবোৰ উপাদান খাদ্যৰ যোগেদি পাব পাৰে।
    • দুগ্ধপান কৰাই থকা এগৰাকী মাতৄয়ে সদায় উন্নত মানৰ আহাৰ গ্ৰহণ কৰিব লাগে যাতে খাদ্যৰ উপাদানৰ যোগেদি তেওঁ শিশুটিক উপযুক্ত পৰিমাণত দুগ্ধপান কৰাব পাৰে।
    • গৰ্ভৱতী মহিলাৰ বাবে প্ৰয়োজনীয় খাদ্য তালিকা
    • জন্মৰ সময়ত শিশুটিৰ ওজন সম্পুৰ্ণৰূপে নিৰ্ভৰ কৰে গৰ্ভাৱস্থাত মাতৃগৰাকীয়ে গ্ৰহণ কৰা আহাৰৰ ওপৰত।
    • গৰ্ভধাৰণৰ সময়ত গ্ৰহণ কৰা খাদ্য যথেষ্ট পুষ্টিযুক্ত হ’ব লাগে৷ লগতে শৰীৰক যিকোনো ব্যাধিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি ৰাখিব পৰা উপাদানসমূহ খাদ্যত থাকিব লাগে।
    • এগৰাকী গৰ্ভৱতী মাতৄক গৰ্ভধাৰণৰ মাজৰ সময়ৰপৰা সাধাৰণ খাদ্যতকৈ ৩০০ কিল’ কেলৰি ওপৰঞ্চি শক্তি, ১৫ গ্ৰাম অধিক মাংসসাৰ আৰু ১০ গ্ৰাম অধিক ফেটৰ দৰকাৰ হ্য়।
    • গৰ্ভধাৰণ আৰু দুগ্ধপান কৰাই থকা সময়ত উপযুক্ত পৰিমাণৰ কেলছিয়ামৰ প্ৰয়োজন যাতে, শিশুৰ হাড় আৰু দাতঁৰ গঠন ঠিকমতে হ্য় লগতে মাতৃৰ গাখীৰৰ পৰিমাণো যথেষ্ট হ্য়।
    • গৰ্ভধাৰণ অৱ্স্থাত যদি খাদ্যত লৌহৰ পৰিমাণ কমি যায় তেতিয়া গৰ্ভৱতী মাতৃগৰাকী ৰক্তহীনতাত ভোগে আৰু ইয়াৰ প্ৰভাৱ গৰ্ভস্থ শিশুৰ ওপৰত পৰি কেতিয়াবা ৰুগ্ন শিশুৰ জন্ম হয় বা কেতিয়াবা শিশুৰ মৃত্যু পৰ্য্যন্ত হ’ব পাৰে।

    গৰ্ভধাৰণৰ সময়ত কৰিবলগীয়া/ নকৰিবলগীয়া কাম

    • গৰ্ভৱতী অৱ্স্থা আৰু শিশুৱে স্তনপান কৰি থকা সময়ত মাতৃ গৰাকীয়ে যথেষ্ট পৰিমাণে উপযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে।
    • নিয়মীয়া খাদ্যৰ উপৰিও ওপৰঞ্চি আহাৰো গ্ৰহণ কৰা বাঞ্চনীয়।
    • মাহজাতীয় শস্য, গজালি ওলোৱা বুট আৰু পগুৱা খাদ্য খাব লাগে।
    • গাখীৰ, মাংস, মাছ, কণী খাদ্যৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাতো দৰকাৰ।
    • যথেষ্ট পৰিমাণে সেউজীয়া শাক-পাচলি আৰু ফল-মূল খোৱাটো বাঞ্চনীয়।
    • ধপাত, মদ আদি ৰাগিয়াল দ্ৰব্য খোৱা অনুচিত।
    • ডাক্তৰৰ পৰামৰ্শলৈহে দৰৱ পাতি ব্যবহাৰ কৰা উচিত।
    • গৰ্ভধাৰণৰ ১৪/১৬ সপ্তাহৰ পিছৰ পৰা শিশুৱে দুগ্ধপান কৰিবলৈ এৰাৰ সময়লৈকে মাতৃগৰাকীয়ে নিতৌ লৌহ, ফলেট আৰু কেলছিয়ামযুক্ত আহাৰ খাই থাকিব লাগে।
    • দুপৰীয়া বা ৰাতিৰ আহাৰৰ ঠিক পিছতে চাহ বা কফি খোৱাতো একেবাৰে অনুচিত।
    • গৰ্ভৱতী মহিলাই নিয়মিতভাৱে খোজকাঢ়িব লাগে আৰু লঘু পৰিশ্ৰম কৰিব পাৰে কিন্তু গৰ্ভধাৰণৰ শেষৰ সময়ছোৱাত গধুৰ শাৰিৰীক কাম কৰিব নালাগে।

    উৎস: নেচনেল ইন্সটিটিউট অৱ নিউট্ৰিচন,হায়দৰাবাদ

    শেহতীয়া উন্নীতকৰণ: : 3/31/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate