অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অশ্বগন্ধা :

 

পৰিচয় -

বনত হোৱা ঔষধি গছসমূহৰ ভিতৰত অশ্বগন্ধা অন্যতম। ই এক বন্য উদ্ভিদ; বনৌষধিৰ ভিতৰত ই এক নিত্য ব্যৱহাৰ্য ঔষধি গছ।

সংস্কৃতত ‘অশ্ব’ শব্দৰ অৰ্থ ঘোঁৰা; শুকান অৱস্থাত ইয়াৰ শিপাত ঘোঁৰাৰ মূত্ৰৰ দৰে গোন্ধ পোৱা যায় বাবে ইয়াৰ নাম ‘অশ্বগন্ধা’।

উদ্ভিদ বিজ্ঞানৰ অন্তৰ্গত ‘গুৰুচ্যাদি বৰ্গ’ৰ(Solanacae) ভিতৰত এই গছ অতি আৱশ্যকীয় ঔষধি।

এই গছ সাধাৰণতে আম, কঠাল আদি গছৰ তলত দেখা যায়। ভাৰতবৰ্ষৰ সকলো ঠাইতে আৰু অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে আৰু হাবিলতীয়া ঠাইত এই উদ্ভিদ পোৱা যায়।

এই গছ সাধাৰণতে দুই ফুটৰ পৰা চাৰি ফুট পৰ্যন্ত ওখ হয়; অৱশ্যে স্থান অনুপাতে ইয়াক তাৰতম্য দেখা যায়। পাতবোৰ দুইৰ পৰা চাৰি ইঞ্চি পৰ্যন্ত দীঘল হয়; পাতবিলাক থোপা পাতি থাকে। মূলৰ তলৰ ভাগতকৈ ওপৰৰ ভাগ আপেক্ষিকভাৱে শকত। ফলবিলাক ৰক্ত বৰ্ণৰ, কিছু ডাঙৰ। গুটি পাণ্ডুবৰ্ণৰ হয়।

ইয়াৰ পৰ্যায়বাচক নাম -

সংস্কৃতত ইয়াৰ বহুত নাম আছে, যেনে- অশ্বগন্ধা, তুৰংগজ, গোৰ্কণ(গৰুৰ কাণৰ সদৃশ পাতবোৰ) অবৰোহক, বৰাহকৰ্ণি, বৰদা, বল্যা, বলদা(বলবৰ্ধক), বাজিকৰী(বীৰ্যবৰ্ধক), বৃষ্য, কুষ্ঠগন্ধিনী আদি।

বিভিন্ন ঠাইত ইয়াৰ নাম বেলেগ বেলেগ আছে। মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত অসগন্ধ, অসংঘ, গুজৰাটত আখসংধ, কৰ্ণাটকত আসাধু, অঙ্গুৰ, তেলেগুত পিলি আংগা, ফৰাচীত মেহনবৰী আদি নামেৰে জনা যায়। ইয়াৰ লেটিন নাম Physalis somnifera আৰু আধুনিক নাম Withania somnifera।

গুণ, ধৰ্ম আৰু বিভিন্ন ৰোগত প্ৰয়োগ -

অশ্বগন্ধাত কটু, তিক্ত ৰস অধিক পৰিমাণে থাকে। ইয়াৰ বীৰ্য সদায় উষ্ণ, বলকাৰক, শুক্ৰবৰ্ধক, ৰসায়ন আৰু বাত শ্লেষ্মানাশক। ইয়াৰ বায়ু, শোথ, ক্ষয়, শ্বিত্ৰ ৰোগ নাশ কৰিব পৰা শক্তি আছে। ইয়াক ঔষধিৰূপে নিয়মিত প্ৰয়োগ কৰিলে শৰীৰৰ কাম উত্তেজনা বৃদ্ধি পায়।

ইয়াক প্ৰমেহ, নিদ্ৰাহীনতা, ধাতু, দৌৰ্বল্য, কুষ্ঠৰোগ, শ্বাস ৰোগ, হাওঁফাওঁৰ ৰোগ, স্বপ্নদোষ, উন্মাদ মৃগী, হৃদয় দৌৰ্বল্য, মনো বিভ্ৰম, ভগন্দৰ, ৰাজযক্ষ্মা, স্বপ্ন প্ৰমেহ, মস্তিষ্ক বিকাৰ, পীনস(নাকেৰে পানী ওলোৱা) গুল্ম, ব্ৰণ, চৰ্মৰোগ, খজুৱতি, নিউমোনিয়া, উপদংশ, দৃষ্টিহীনতা, নপুংসকতা, প্ৰদৰ আদি ৰোগত প্ৰয়োগ কৰিব পাৰি।

কুষ্ঠৰোগত অশ্বগন্ধাৰ প্ৰয়োগ দুই মাহ পৰ্যন্ত কৰিব লাগে। সাধাৰণতে কষায় আৰু কটু ৰস বিশিষ্ট ত্ৰিফলা(আমলখি, শিলিখা আৰু ভোমোৰা) ক্কাথৰ দ্বাৰা কৰিব লাগে। এইদৰে প্ৰয়োগ কৰিলে ক্ষয়ৰোগ, শ্বাসৰোগ, কাহ আৰু অজীৰ্ণ আদিত ভাল ফল দিয়ে। ইয়াক নিয়মিতভাৱে সেৱন কৰিলে শুক্ৰ বৃদ্ধি হয়।

অশ্বগন্ধা মূলৰ চূৰ্ণ গাখীৰৰ সৈতে মিহলাই দুমাহ পৰ্যন্ত প্ৰয়োগ কৰিলে হাওঁফাওঁৰ ৰোগ দূৰ হয়, লগতে মহিলাসকলৰ সন্তান প্ৰসৱৰ পিছত স্তনত দুগ্ধ বৃদ্ধি হয়। অশ্বগন্ধা এনে এক অপূৰ্ব ৰসায়ন, যাক জৰা, মৃত্যুনাশক বুলি মহৰ্ষিসকলে কয়।

ইয়াৰ নিয়মিত সেৱনত সৌন্দৰ্য, বল, কান্তি আৰু শক্তি আদি বৃদ্ধি হৈ দীৰ্ঘায়ুপ্ৰাপ্ত হয়। বেয়া সপোন দেখি শুক্ৰস্খলন হ’লে, হঠাতে সংজ্ঞাহীন হৈ পৰা, হৃদয় দুৰ্বলতা, শৌচৰ নাড়ীত ঘা হ’লে আৰু ৰাজযক্ষ্মাত ইয়াৰ ব্যৱহাৰ অতি উপযোগী। অশ্বগন্ধাৰ চূৰ্ণ গৰুৰ ঘিউ, চেনিসহ উপযুক্ত মাত্ৰাত সেৱন কৰিলে নিদ্ৰা ভাল হয়। ই ক্ষীণ শিশুৰ পুষ্টিকাৰক।

অশ্বগন্ধাৰ ঔষধি মাত্ৰা আধা গ্ৰাম পৰিমাণত দুই মাহ পৰ্যন্ত দিব পাৰি। নিদ্ৰাহীনতা ৰোগত ইয়াৰ মূলৰ চূৰ্ণ ডেৰ গ্ৰাম লৈ গাখীৰ বা পানীৰ লগত মিহলাই খালে বায়ু সমান হৈ সুন্দৰৰূপে নিদ্ৰা আহে। বায়ু বৃদ্ধি হোৱাৰ ফলত টোপনি কম হয়, তেনে অৱস্থাত ইয়াৰ ব্যৱহাৰে ভাল ফল দিয়ে। এইদৰে সেৱন কৰিলে বুদ্ধি বৃদ্ধি হয় লগতে প্ৰমেহ আৰু ধাতুক্ষীণতা দূৰ হয়। ইয়াক বাতনাশক আৰু অগ্নিৰ বৃদ্ধিকাৰক হিচাপে ব্যৱহাৰ কৰা যায়। ভোজনৰ পিছত অশ্বগন্ধাৰিষ্ট দুই চাহ চামুচ ঔষধ এচামুচ পানীৰে নিয়মিত খালে মস্তিষ্ক বিকাৰ আৰু স্নায়বিক দুৰ্বলতাত ভাল ফল দিয়ে। চূৰ্ণ দুই মাত্ৰা হিচাপে প্ৰয়োগ কৰি ৰাতিপুৱা মৌৰে খালে, বীৰ্য পুষ্ট হৈ স্বপ্ন প্ৰমেহ ৰোগ ভাল হয়। আনহাতে ইয়াৰ প্ৰয়োগ পুৰণা ঘিউ বা মৌৰে কৰিব লাগে।

বাজীকৰণৰ বাবে অশ্বগন্ধা শ্ৰেষ্ঠ মহৌষধ। ইয়াৰ প্ৰয়োগ মানুহৰ শৰীৰত ঘোঁৰাৰ সদৃশ বল বৰ্ধন কৰে। এক মাত্ৰা অশ্বগ্ধা ১২ গ্ৰাম মিচিৰিৰ লগত মিহলাই খালে সম্পূৰ্ণ বীৰ্য বিকাৰ দূৰ হয়।

অশ্বগন্ধা অবলেহ -

এই ঔষধ গাখীৰৰ লগত সেৱন কৰিলে ক্ষয়, শ্বাস, কফ বিকাৰ, নিউমোনিয়া, ব্ৰংকাইটিছ, পীনচ, চৰ্দি(আয়ুৰ্বেদ মতে বমি), কফ, জ্বৰ, আদি ৰোগ ভাল হয়।

অশ্বগন্ধাক মলম হিচাবেও ব্যৱহাৰ কৰিব পাৰি। দুই কেজি অশ্বগন্ধা বিছ লিটাৰ পানীত উতলাব লাগে। তাৰ পিছত ইয়াক ফোঁহা, ব্ৰণ, চৰ্মৰোগ, উপদংশ, খজুৱতি আৰু মূৰৰ বিষত ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।

অশ্বগন্ধাৰিষ্ট -

এই ঔষধ আহাৰৰ পিছত খালে অপষ্মাৰ, মূৰ্চ্ছা, ক্ষয়, তৃষ্ণা, মন্দাগ্নি(হজম নোহোৱা ৰোগ) আদিত উপকাৰ পাব পাৰি।

বৃহৎ অশ্বগন্ধাৰিষ্ট নিয়মিত ৰূপে কমেও এমাহ সেৱন কৰিলে সকলো প্ৰকাৰৰ শাৰীৰিক আৰু মানসিক দুৰ্বলতা, অৱসাদ, মস্তিষ্কৰ দুৰ্বলতা, স্নায়বিক দুৰ্বলতাজনিত ৰোগ আদি দূৰ হয়।

গতিকে অশ্বগন্ধা বনৌষধিসমূহৰ ভিতৰত এক উৎকৃষ্ট দৰবৰ গছ আৰু ইয়াক য’তেই নগজক, যত্ন সহকাৰে সংৰক্ষণ কৰিলে সকলোৰে উপকাৰ হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate