অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অগৰু

আপোনালোকে কেতিয়াবা চিৰিঞ্জ লগাই সুগন্ধি আহৰণ কৰা এই গছজোপা দেখিছেনে ?

হয়, পৃথিৱীৰ বিভিন্ন স্থানৰ লগতে বিশেষভাবে অসমৰ মাটিত প্ৰাপ্ত এই বহুমূল্যবান কাঠৰ উদ্ভিদ প্ৰজাতি হৈছে অগৰু। বিশাল আকৃতিৰ চিৰসেউজ বৃক্ষ অগৰু সাধাৰণতে পাহাৰীয়া ভূমিৰ ওখোৰা মোখোৰা স্থানত হয়। ইয়াৰ বৈজ্ঞানিক নাম 'Aquilaria Agallocha'। অগৰুক সংস্কৃতত 'স্বাদগুৰু' আৰু ইংৰাজীত 'Agarwood' বুলি কোৱা হয়। ইয়াৰ কাঠৰ ভিতৰছোৱা কোমল আৰু সুগন্ধিত পদাৰ্থৰে পূৰ্ণ হৈ থাকে। সেই পদাৰ্থখিনি উলিয়াই ধূপ প্ৰস্তুত কৰিবলৈ আৰু মানুহৰ গাত সানিবলৈ প্ৰয়োগ কৰা হয়।
অগৰু কলা আৰু ধোঁৱা বৰণৰ হয়। ইয়াৰ বিভিন্ন প্ৰকাৰ আছে, যদিও কলা অগৰুবিধহে সৰ্বশ্ৰেষ্ঠ। অগৰুৰ কাঠ জ্বলালে ইয়াৰ সুগন্ধি চাৰিওফালে বিয়পি যায়।

অগৰু গছ অগৰু তেল

অগৰুৰ গুণাগুণ

আয়ুৰ্ৱেদিক পদ্ধতি অনুসৰি অগৰু উষ্ণ, শুকান, ছালৰ বাবে লাভজনক, তিতা, তীক্ষ্ণ, শীত, বাত তথা কফনাশক হয় । ই মন প্ৰশান্ত কৰি ৰাখে, শৰীৰলৈ স্ফূৰ্তি আনে, স্মৃতিশক্তি বঢ়াই তোলে, মস্তিষ্ক সজীৱ কৰে আৰু গৰ্ভাশয়ৰ শীতলতা নাশ কৰে । ইয়াৰ দ্বাৰা কাহ,পানীলগা, গাঠৰ বিষ, ছালৰ ৰোগ, খৰ-খজুৱতি, পেটৰ বিভিন্ন বিকাৰ, শ্বাস-প্ৰশ্বাস সম্পর্কীয় ৰোগ ইত্যাদিৰ চিকিৎসা কৰা হয় ।

শেহতীয়া উন্নীতকৰণ: : 11/29/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate