মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / অজীৰ্ণতা বা বদহজম আৰু ইয়াৰ ঘৰুৱা বিধান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অজীৰ্ণতা বা বদহজম আৰু ইয়াৰ ঘৰুৱা বিধান

অজীৰ্ণতা বা বদহজম আৰু ইয়াৰ ঘৰুৱা বিধানৰ বিষয়ে লিখা হৈছে ।

 

আমি প্ৰায়েই কিছুমান খাদ্যবস্তু খোৱাৰ পিছত পেট ফুলি গৈ অজীৰ্ণতা বা বদহজমৰ সন্মুখীন হওঁ। কেতিয়াবা কিছুমান মুখৰোচক খাদ্য খাই থাকিলে গমকেই নাপাওঁ কিমাননো খালো। খাই উঠাৰ পিছতহে লাগে অথন্তৰ খন। পেট ফুলি জলা কলা অৱস্থা হয়। তেনেকুৱা অজীৰ্ণ (indidestion) যুক্ত পৰিস্থিতিত আমি ঘৰতে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰো তাৰেই কেইটামান উদাহৰণ তলত দাঙি ধৰা হ'ল।
১)কল খোৱাৰ ফলত হোৱা অজীৰ্ণতাৰ ক্ষেত্ৰত এটা বা দুটা কেঁচা ইলাচী খালে অজীৰ্ণতা আতৰ হয়।
২) আম খোৱাৰ ফলত হোৱা অজীৰ্ণতাত গাখীৰ বা ২-৩ টা জাম খালে অজীৰ্ণতা দূৰ হয়।
৩) তেতেলি খোৱাৰ পিছত হোৱা অজীৰ্ণতাৰ ক্ষেত্ৰত গুড় খালে সুফল পোৱা যায়।
৪) মটৰ মাহ খোৱাৰ ফলত হোৱা অজীৰ্ণতাত কেঁচা বা শুকান আদা খাব লাগে।
৫) তেনেদৰে নেমুৰ ৰস (juice) খোৱাৰ ফলত হোৱা অজীৰ্ণতাৰ ক্ষেত্ৰত অকনমান নিমখ বিশেষকৈ সৈন্ধৱ নিমখ খালে উপকাৰ পোৱা যায়।
৬) মাটি মাহ খোৱাৰ ফলত হোৱা অজীৰ্ণতাৰ ক্ষেত্ৰত গুড় খালে অজীৰ্ণতা আতৰ হয়।
৭) ভাত খোৱাৰ ফলত হোৱা অজীৰ্ণতা আতৰাবলৈ নাৰিকল বা দৈ বা গৰম গাখীৰ বা আজৱাইন খাব পৰা যায়।
৮) জাম খোৱাৰ ফলত হোৱা অজীৰ্ণতা আতৰাবলৈ আম বা সামান্য পৰিমাণে নিমখ খাব পৰা যায়।
৯) তৰমূজ খোৱাৰ ফলত হোৱা অজীৰ্ণতাত এটা লং বা সামান্য পৰিমাণে চেনী খালে অজীৰ্ণতা আতৰ হয়।
১০) আপেল খোৱাৰ ফলত হোৱা অজীৰ্ণতাৰ বাবে সামান্য গ্লুকণ্ড বা দালচেনী খালে সুফল পোৱা যায়।
১১) কুঁহিয়াৰ খাই উঠি হোৱা অজীৰ্ণতা আতৰাবলৈ ২বা ৩টা বগৰী খোৱা উচিত।
১২) মাকৈ খোৱাৰ ফলত হোৱা অজীৰ্ণতা আতৰাবলৈ দৈ খাব লাগে।
১৩) বেচন বেছিকৈ খোৱাৰ ফলত হোৱা অজীৰ্ণতা আতৰাবলৈ ঠাণ্ডা পানী খাব লাগে।
১৪) মূলা খোৱাৰ ফলত হোৱা অজীৰ্ণতাৰ ক্ষেত্ৰত মূলাৰ পাত খোৱা উচিত।
১৫) মিঠা আলু খোৱাৰ ফলত হোৱা অজীৰ্ণতা আতৰাবলৈ গুড় খাব লাগে।
১৬) পুৰণি ঘীঁ খোৱাৰ ফলত হোৱা অজীৰ্ণতাৰ ক্ষেত্ৰত নেমুৰ ৰস খালে অজীৰ্ণতা আতৰ হয়।
১৭) নতুন ঘীঁ খোৱাৰ পিছত হোৱা অজীৰ্ণতাৰ বাবে ক'লা জালুক আৰু গৰম পানী খাব লাগে।
১৮) বগৰী খোৱাৰ ফলত হোৱা অজীৰ্ণতাৰ বাবে কুঁহিয়াৰৰ ৰস খোৱা উচিত।
১৯) মধুৰীআম খোৱাৰ বাবে হোৱা অজীৰ্ণতা আতৰাবলৈ গুৱামুৰি বা saunf খাব পৰা যায়।

লেখক :- ডা: মুকুল শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নম্বৰ :-  9508026825

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top