অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অত্যাৱশ্যকীয় উদ্ভিদৰ ঔষধি গুণ

অত্যাৱশ্যকীয় উদ্ভিদৰ ঔষধি গুণ

তুলসী

তুলসী বিদ্যুৎ অপসাৰিত কৰিব পৰা জোপোহা উদ্ভিদ। ইয়াৰ প্ৰতিটো অংশ ঔষধত ব্যৱহাৰ হয়। সাধাৰণ পানীলগাৰ পৰা আৰম্ভ কৰি কাঁহ, মেলেৰিয়া, গ্ৰহণী, পেটচলা, পেটফুলা, কাণৰ বিষ, কাণ পকা, খৰ, খজুৱতি, কৃমি, হাইজা, বাতৰোগ, ৰক্তচাপ, গণোৰিয়া, চকুৰ ৰোগ, হাইফাই, ঘামচি, শালমইনা, শুক্ৰহীনতা, যকৃৎ বৃদ্ধি, এলাৰ্জি, নিউমোনিয়া, মুখৰ দুৰ্গন্ধ, হৃদৰোগ, অজীৰ্ণ, চুলিসৰা, ধাতু দুৰ্বল, চোৱা কামোৰণি, ৰক্তদোষ, পায়োৰিয়া, উন্মাদ গৰ্ভাশয়ৰ বিষ, মাতভঙা, খহু, দাঁতৰ বিষ, বহুমূত্ৰ, স্বপ্নদোষ, কৰ্কট ৰোগ আদি প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰে। অণ্ডকোষ টনটনালে তুলসীৰ পকা গুটি পিহি মৌৰ সৈতে খালে সুফল পোৱা যায়। ক’লা  তুলসীৰ পাত এইচ আই ভি নাশক।

অৰ্জুন গছ

অৰ্জুন গছ অতি মূল্যৱান ঔষধি গছ। পূৰঠ গছৰ বাকলিৰ গুড়ি হৃদৰোগৰ মহৌষধস্বৰূপ। ই হৃদযন্ত্ৰ অতি শক্তিশালী কৰে। হাড় ভাগিলে যোৰা, ৰক্তচাপ, হাইফাই, ভাগৰ লগা, আঁঠুৰ বিষ, ৰক্তহীনত, ৰাজহাড়ৰ বিষ, কঁকালৰ বিষ, বহুমূত্ৰ ৰোগ, হাড় ঠুনুকা হোৱা, যক্ষ্মাৰোগ, মেদৰোগ আদি ভাল কৰে। ই ঘা শুকুৱায়। অৰ্জুনৰ গুড়ি গাখীৰত সিজাই নিয়মীয়াকৈ খালে ভাগৰ নালাগে।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate