অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অদৰকাৰী গছ-বনৰ দ্ৰব্য গুণ আৰু ব্যৱহাৰ

ফুটকলা গছ

ফুটকলা এবিধ য’তে ত’তে হোৱা চাপৰ জাতীয় গছ। ইয়াৰ পাত তেজপাতৰ দৰে যদিও ৰসাল ডাঠ সেউজীয়া। ৰস টেঙা-মিঠা স্বাদযুক্ত। ফুটকলা গছৰ ফুল বেঙুনীয়া ৰঙৰ। গুটি পকিলে ক’ল ৰঙৰ হয়। খাবলৈ মিঠা।

ফুটকলা এবিধ ঔষধি গুণ থকা গছ। ইয়াৰ পাত আৰু শিপা বিভিন্ন ৰোগত ঔষধ হিচাপে ব্যৱহাৰ হয়।

(১) কেঁচুমূৰীয়া (অৰ্শ) ৰোগত তেজ্জ পৰিলে ফুটকলা গছৰ পাত ৭/৯ খিলা সমপৰিমাণৰ জালুকৰ সৈতে বটি দিনে দুপালিকৈ খালে ৰোগ নিৰাময় হয়। অৰ্শৰোগৰ অপাৰেচনৰ পাছতো নিৰাময় নহ’লে এই ঔষধ কমেও তিনিমাহ খালে আৰোগ্য হয়।

(২) শাওঁপৰা গ্ৰহণীত ইয়াৰ পাত জাৰ্মানীবনৰ পাত, গেন্ধালো বনৰ পাত, ভেডাইলতাৰ পাতৰ সৈতে বটি ৰস খালে উপকাৰ পোৱা যায়।

(৩) মহিলাৰ ৰক্তস্ৰাৱত ইয়াৰ পাত ক’লা তুলসীপাত, কেঁহৰাজবনৰ পাত, মধূৰী আগ আৰু  জালুকৰ সৈতে বটি খালে উপকাৰ পোৱা যায়। বা ফুটকলা গছৰ শিপা ওভটা বনৰ শিপাৰ সৈতে জালুক দি বটি খালে ৰক্তস্ৰাৱ বন্ধ হয়। ই গা-চলা ৰোগৰ মহৌষধ।

(৪) এৱা-ভঙাত ইয়াৰ শিপা, জেতুলী পকা শিপা, দোৰোণবনৰ শিপা, লাইজবৰি বন বটি ৰস দিব লাগে। বা ইয়াৰ পাত, লাইজাবৰি পাত, জাৰ্মানীবনৰ পাত, বনজালুকৰ পাতৰ সৈতে বটি ৰস নাকত দিব লাগে।

ধপাত তিতা গছেই গছ য’তে-ত’তে হয়। ধপাত তিতা গছৰ [পাত বহল আৰু খাহতা। ইয়াৰ পাত ঔষধত ব্যৱহাৰ কৰা হয়। পাতৰ ৰস অতি তিক্ত স্বাদযুক্ত। গ্ৰহণী, ডায়েৰিয়া, পেটবিষ, জ্বৰ, উচ্চৰক্তচাপ আদিত ধপাততিতা ব্যৱহাৰ কৰা হয়।

(ক) ধপাততিতা গছৰ তিনিটা কোঁহ বা কোমল পাত ৫/৭ টামান জালুকৰ সৈতে বটি খালে ঋতুবেদনা বা মহিলাৰ চোৱা-কামোৰণি ততক্ষণাত ভাল হয়। ৫/৬ দিন খাব লাগে।

(খ) ইয়াৰ পাতৰ ৰস খালে গ্ৰহণী, পেটচলা আদি ভাল হয়। টেঙা ডালিমৰ পাত, মধুৰীকোঁহৰ সৈতে ধপাততিতা পত বটি খালে বেছি উপকাৰ পোৱা যায়।

(গ) জ্বৰ, উচ্চৰক্তচাপতো ইয়াৰ পাত কঠন গছৰ চালৰ সৈতে ব্যৱহাৰ কৰা হয়।

মাটিকঠলুৱা গছ

মাটিকঠলুৱা এবিধ নিচেই চাপৰ জাতীয় গছ। ই এফুট/ডেৰফুট মানহে ওখ হয়। ইয়াৰ পাত বৰ বহল আৰু গা-গছতেই চাৰিওফালে ঘনঘনকৈ ওলায়। ইয়াৰ গছৰ মূৰত থোপাকৈ বগা ফুল ফুলে। এই গছৰ পাত, শিপা বিভিন্ন ৰোগত ব্যৱহাৰ কৰা হয়।

(১) মহিলাৰ ঋতু বেদনা বা চোৱা-কামোৰণিত ইয়াৰ শিপাৰ চাল জলুকৰ সৈতে বটি সিতাখিনি পানিৰ সৈতে খাব লাগে। ঋতুবেদনাৰ ই মহৌষধ। এই ৰোগত ভোগা সন্তানহীন মহিলাৰ সন্তান হ্য়।

(২) মহিলাৰ ৰক্তস্ৰাৱত(গা-চলা) ইয়াৰ শিপাৰ ছাল ওভটাবনৰ শিপাৰ চাল, জালুকৰ সৈতে বটি খাব লাগে। দিনে ২ পালিকৈ।

(৩) নিমোনিয়াত ইয়াৰ শিপাৰ, কঠনাৰ শিপা চিকামৰলীয়া শিপা, তেজমুইৰ শিপা, জালুকৰ সৈতে বটি খালে ৰোগ নিৰাময় হয়।

গছবন জালুক

গছবন জালুক গছ সাধাৰণতে এফুট/ডেৰফুট ওখ হয়। পলসুৱা বা সাৰুৱা ঠাইত তিনিফুটমান ওখ হয়। ইয়াৰ পাতবোৰ মিহি, খাজকটা। পাতৰ ৰস মধুৰ স্বাদযুক্ত। ইয়াৰ শিপা, পাত বিভিন্ন ৰোগত ব্যৱহাৰ কৰা হয়।

জাৰ্মানী বন

ধাতু, বগাস্ৰাৱ, শিশুৰ পেচাৱত প্ৰোটিন যোৱা, স্বপ্নদোষ, মাহেকীয়া অনিয়মীয়া, কন্যাকাল নোহোৱা আদিত গছবন জালুক গছৰ পাত এমুঠি বটি তাল্মিচিৰি দি পুৱা খালী পেটত খাব লাগে। ৰোগ বেছি হ’লে এমাহমান এই দৰৱ খাব লাগে। ইয়াক বৰ কণাশিমলা বনৰ সৈতে বটি খালে মহৌষধ হিচাপে কাম দিয়ে। কিডনিৰ পাথৰ ওলোৱাত ই সহায় কৰে।

(২) ইয়াৰ শিপা জালুকৰ সৈতে বটি খালে বমি বন্ধ হয়। গেষ্ট্ৰিক ৰোগতো এই ঔষধ খাব পাৰি। ওভটা বনৰ শিপাৰ সৈতে ইয়াৰ শিপা জালুক দি বটি খালে মূৰ, শৌচ-বমি ভাল হয়।

(৩) গেষ্ট্ৰিক বা পিত্ত ৰোগত বনজালুক গছৰ শিপা, জাৰ্মানী বা গেন্ধালি বনৰ শিপাৰ সৈতে জালুক দি বটি ৰস খালে ৰোগ নিৰাময় হয়।

বিয়নী সাবটাবন

এই গছ মাটিত বগাই পোখামেলি বাঢ়ি যায়। এই গছৰ এডাল ঠাৰিত তিনিখনকৈ পাত যুক্ত হৈ থাকে। গুটিবোৰ চিৰাকৈ লগা আঠাযুক্ত। ইয়াৰ পাত, শিপা ঔষধত ব্যৱহাৰ কৰা হয়।

(১) ইয়াৰ পাত এমুঠি তালমিচিৰিৰ সৈতে বটি খালে হেপাটাইটিছ, জণ্ডিছ ৰোগ নিৰাময় হয়। দিনে ২/৩ বাৰ খাব লাগে। লগত বৰকণা শিমলাবন, কলাতুলসী, কেঁহৰাজবন, মধুৰীৰ আগ দিলে ভাল। কমেও দহদিন খাব লাগে।

(২) ইয়াৰ শিপা পকা ভীমকলৰ সৈতে খালে পিত্ত ৰোগ ভাল হয়।

(৩) নাকৰ তেজ যোৱাত ইয়াৰ পাত, নাৰ্জিফুলৰ পাত, বিশল্যকৰণিৰ পাত, ক’লাতুলসীপাত, দোৰণবনৰ পাত, লাইজাবৰি পাত, বনজালুকৰ পাতৰ সৈতে বটি নাকত ৰস লগালে ৰোগ ভাল হয়। ই চাইনাচাইটিছ ৰোগতো উপকাৰ কৰে।

(৪) ইয়াৰ পাতৰ ৰস চেনিৰ সৈতে খালে পেলু ক্ৰিমি নিবাৰণ হয়।

লাহৰীলতা

ই এবিধ পৰাশ্ৰয়ী উদ্ভিদ। আমগছ, কঁঠালগছ আদিৰ ফেৰেঙণিত এই লতাজাতীয় উঅদ্ভিদবিধ হয়। লতাৰ গা অংশ সেউজীয়া। পাতবোৰ ঠেক, দীঘল, মঙহহাল আৰু ৰসযুক্ত। ইয়ৰ পাত আৰু গা অংশ বৰসোণোবৰিয়াল আৰু সৰু সোণবৰিয়ালৰ শিপাৰ সৈতে বটি তালমিচিৰি দি খালে জণ্ডিছ, হেপাটাইটিছ ৰোগ নিৰাময় হয়।

সুন্দৰ পখলা

এবিধ চাপৰ জাতীয় গছ। ১/২ ফুট ওখ হয়। ইয়াৰ শিপা আহুদি উলিওৱা, শৌচ কঠিন আদিত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।

(১) এক বা ডেৰ ইঞ্চিমান শিপা বটি গৰু গাখীৰৰ সৈতে খালে পেট চলি আহুদি ওলায়। শৌচ বৱন্ধ কৰিবলৈ কৰ্কৰ ন্ভাত, পকাভীমকল খাব লাগে।

শ্ৰী বিশ্বেশ্বৰ চুতীয়া, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate