অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অনন্তমূল

অনন্তমূল

পৰিচয়

ই এবিধ সচৰাচৰ সকলো ঠাইতে জন্মা লতা গছ। ডাঙৰ ডাঙৰ গছৰ ঠাল-ঠেঙুলি মেলি বিস্তৃত হৈ থাকে। পাতবোৰ জামু পাতৰ দৰে দেখি। অনন্তমূল দুবিধ।

এবিধৰ পাতবোৰ বগা। এবিধৰ কলা। বগাবিধক শ্বেতলতা আৰু কলাবিধক শ্যামেলতা বোলা হয়। দুয়োবিধ লতা আয়ুৰ্বেদীয় চিকিৎসাত সমানে ব্যৱহাৰ হয়। অনন্তমূলৰ আন এটি নাম সাৰিবা। পাত চিঙিলে গাখীৰৰ দৰে ৰস ওলাই কাৰণে দুধেলতা বুলি জনাজাত। উজনি অসমৰ ঠায়ে ঠায়ে ইয়াক নাহৰপতীয়া লতা বুলিও কোৱা হয়।

গুণাগুণ

অনন্তমূলৰ শিপা দৰবত ব্যৱহাৰ হয়। অৱশ্যে শিপা নাপালে গছ বা পাতো ব্যৱহৃত হয়। শিপা থেতেলাই কহ কৰি নিতৌ ৰাতিপুৱা দুই, চামুচকৈ ৰক্ত পৰিষ্কাৰক আৰু বলকাৰক হিচাপে কাম কৰে। ফলত চৰ্মৰোগ, দুৰ্বলতা, নিদ্ৰাহীনতা, পুৰণি বাত বেমাৰ, জ্বৰ, কাঁহ, অৰুচি, আমবাত, ধাতুদুৰ্বলতা আদি নিৰাময় হয়। ৰক্ত পৰিষ্কাৰক হিচাপে অনন্তমূলৰ কহ বিশেষভাৱে ব্যৱহাৰ হয়। এইটো ইয়াৰ প্ৰধান গুণ। আয়ুৰ্বেদীয় ৰক্ত পৰিষ্কাৰক ‘সালসা’ ইয়াৰ পৰা প্ৰস্তুত হয়। ৰক্ত পৰিষ্কাৰ থাকিলে চৰ্মৰোগ সাধাৰণতে নহয় সেয়ে অনন্তমূলৰ ব্যৱহাৰ চৰ্মৰোগীৰ মহৌষধ। শৰীৰত ব্ৰণ উঠিলে খৰ, খজুৱতি বা কেঁচু হ’লেও অনন্তমূলৰ কহ খাব লাগে। তদুপৰি সেই কহেৰে গা ধুলেও সোনকালে শুকায়। অসংযত যৌন সংগমৰ ফলত স্ত্ৰী তথা পুৰুষ যৌনাংগত এবিধ ঘাঁ হোৱা দেখা যায়। অনন্তমূলৰ কহেৰে এই ঘাঁ ধুলে সুফল পোৱা যায়। কেঁচা ৰস দিনে দুচামুচকৈ খালে বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ লগতে শৰীৰৰ পৰ্য্যৰোষন হয়। অৰুচি চাহ, কাঁহ তথা বাটৰ যিকোনো ৰোগত অনন্তমূলৰ শিপা তথা গা-গছ বা পাতৰ ৰস ব্যৱহাৰ কৰিব পাৰি। কেঁচাই ব্যৱহাৰ নকৰাই উত্তম। পেচাৱ জ্বলা-পোৰা, পেচাব বন্ধ তথা পেচাৱ হালধীয়া হ’লেও এইবিধ দ্ৰব্যৰ ব্যৱহাৰ সুফলদায়ক। হাত-ভৰিৰ গাঁঠিৰ বিষ, কঁকালৰ বিষ জৰায়ুৰ বিষ আদিতো অনন্তমূল উপকাৰী। মৃগী ৰোগীয়ে নিয়মিত ৰূপে অনন্তমূলৰ শিপা শৰীৰত ধাৰণ কৰিলে ৰোগ নিয়ন্ত্ৰণত থাকে। শিশুৰ ক্ষেত্ৰত এনেকুৱা কৰিলে আৰোগ্য দেখা যায়। অনন্তমূলৰ গছ-পাত বটি লেপ দিলে সকলো ৰকমৰ ঘাঁ-ফোহা আদি শুকাবলৈ লয়। কটকী তিতা, আদা আৰু অনন্তমূলৰ শিপা ভালকৈ বটি কহ বনাই খুৱালে যিকোনো জ্বৰ ভালকৈ উপশম হয়। মূত্ৰাশয় মূত্ৰাশয়ত পাথৰ হ’লে অনন্তমূলৰ ৰস দুচামুচকৈ খালে পাথৰ গলি নাইকিয়া হৈ যায়। তিৰোতাৰ ৰক্তচাপ বেমাৰৰ পৰা উৎপন্ন হোৱা কঁকালৰ বিষ, পেট জ্বলা-পোৰা কৰা বা মূৰৰ বিষ আদিতো অনন্তমূলৰ ৰস মহৌষধ।

লিখক: কবিৰাজ ধৰ্মকান্ত শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate