মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / অনন্তমূলৰ ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অনন্তমূলৰ ঔষধি গুণ :

অনন্তমূলৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ হাবি-বননি, ঘৰে-বাৰীয়ে পোৱা বিভিন্ন তৰু-তৃণ, গছ-বনৰ প্ৰায় ভাগৰে ঔষধি গুণ আছে। ই ৫-১০ ছেন্টিমিটাৰ দীঘল হয়। পাতবোৰ পাতল সেউজীয়া-হালধীয়া বৰণৰ আৰু ওপৰত বগা দাগ থকা। ফুলবোৰ তেনেই সৰু আৰু থুপা-থুপিকৈ লাগে। ইয়াৰ ফল ১০-১৪ ছেন্টিমিটাৰ দীঘল, সেউজীয়া ৰঙৰ আৰু দুটা ফল একেলগে লাগে। ফলত ভিতৰৰ গুটি নিচেই সৰু আৰু ক’লা ৰঙৰ। এইবিধ গছৰ সকলো অংশৰে পৰা গাখীৰৰ দৰে বগা ৰস ওলায়।

*অনন্তমূলৰ সতেজ কোমল পাত চোবালে শৰীৰলৈ সতেজ ভাব আহে।

*তেজ পৰিষ্কাৰ কৰাত সহায় কৰে।

*ভোক নালাগিলে অনন্তমূলৰ শিপাৰ গুড়ি খালে হজম হয় আৰু ভোক লাগে।

*প্ৰস্ৰাৱ কল হ’লে বা একেবাৰে নহ’লে, অনন্তমূলৰ শিপাৰ গুড়ি পানীত মিহলাই খালে প্ৰস্ৰাৱ নিয়মীয়া হয়।

*অনন্তমূলৰ পৰা তৈয়াৰ কৰা ‘চালচা’ ঔষধ হতাশাত ভোগা ৰোগীৰ বাবে উপকাৰী।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top