অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অমৰাৰো আছে ভাল গুণ

অমৰাৰো আছে ভাল গুণ

অসমৰ হাবিত প্ৰাকৃতিক অৱস্থাত পোৱা ফল সমূহৰ অন্যতম অমৰা। পিছে ই উপেক্ষিত। এইবিধ ফল পকি মাটিত সৰি থাকিলেও খাওঁতাৰ অভাৱ ঘটিছিল। হয়তো টেঙা-কেহা মিশ্ৰিত সোৱাদ আৰু ডাঙৰ গুটিটোৰ বাবেই ই অনাদৃত হৈ আহিছে আমাৰ মাজত। ফল আৰু পাতৰ গন্ধ আমৰ গছ ফলৰ লগত মিল পোৱা যায়। হয়তো সেয়ে ইয়াক ‘বনৰীয়া আম’ আখ্যা দিয়া হয়। সেই ভাব অক্ষুণ্ণ ৰখা হৈছে ইংৰাজীৰ ক্ষেত্ৰতো wild mango কৰি। তেনেকৈ বৈজ্ঞানিক নামৰ দিশতো উভয়ৰ ক্ষেত্ৰত কিছু সাদৃশ্য আছে। আমৰ বৈজ্ঞানিক নাম হৈছে মেংগিফেৰা ইণ্ডিকা আৰু অমৰাৰ হৈছে স্পণ্ডিয়াছ মেংগিফেৰা। দেখাতো আমাৰ টিলিকা আমৰ লগত অমৰাৰ কিছু মিল আছে। দেখাত ই ডিম্বাকৃতিৰ। উদ্ভিদ বিজ্ঞানৰ দৃষ্টিত ই পৰ্ণপাতী, মধ্যমীয়া আকাৰৰ গছ। ১০-১৫ মিটাৰ ওখ হয়। ৩-৫ ছেণ্টিমিটাৰ দীঘল, প্ৰায় ৩ ছেণ্টিমিটৰ ব্যাসৰ; ভিতৰৰ গুটিটো সোপোকা আৰু গাটো ছিদ্ৰযুক্ত।

ইয়াৰ গছত জেঠ মাহৰ ফুল ওলাই যি গুটি ধৰে সি কাতি-আঘোণত পকিব ধৰে। পকা অমৰাৰ আকৰ্ষণীয় মলমলীয়া গোন্ধ থাকে। ইয়াৰ ফল খাই থকাৰ সময়ত উপলব্ধ হোৱা টেঙা-তিতা সোৱাদৰ বাবে আমেজ পোৱা নাযায়। কিন্ত খায় উঠি পানী খালে শিলিখাৰ দৰে মিঠা। কেঁচা অমৰাৰ জোল আৰু আচাৰ কৰি খালে যথেষ্ট তৃপ্তি পোৱা যায়। পকা অমৰা আকৌ জোল আৰু চাটনি(পিটিকা) কৰি খোৱাৰ বাবে অতি উপযোগী। উল্লেখযোগ্য, অমৰা আমাৰ থলুৱা হোৱা হেতুকে ইয়াৰ পুষ্টি উপাদানৰ দিশত তেনে তথ্য অদ্যাপী সদৰি হোৱা নাই। অৱশ্যে ঔষধি গুণৰ ক্ষেত্ৰত, বিশেষকৈ আন্ত্ৰিক অসুখ নিৰাময়ৰ বাবেই উপযোগী বুলি কোৱা হৈছে। এই অসুখবোৰ মূলতঃ পিত্ত, হজম আৰু ৰেচম জাতীয়। লগতে ইয়াক স্কাৰ্ভি ৰোগ নিয়ন্ত্ৰণৰ অধিকাৰী হিচাপে গণ্য কৰা হৈছে। এই ৰোগৰ হেতুকে দাঁতৰ গুৰি ফুলা আৰু তাৰ পৰা তেজ ওলোৱা আদিৰ উদ্ৰেক ঘটে। ইয়াৰ বাহিৰেও অমৰা গছৰ ছাল, পাত আৰু ফলৰ ঔষধি গুণ সম্পৰ্কে কিছু তথ্য পোৱা গৈছে। তাৰে কিছু এনেধৰণৰ- ইয়াৰ কোমল পাতৰ ৰস ১০ মিলি লিটাৰ,মিচিৰিৰ গুড়ি ৫০ গ্ৰাম আৰু জালুকৰ গুড়িত ৫০০ মিলিগ্ৰামৰ লগত মিহলাই অলপ অলপকৈ সাত দিন খালে বুকু জ্বলা-পোৰা কৰা, টেঙা উগাৰ অহা আদি অম্ল-পিত্ত জনিত ৰোগ উপশম হয়। ইয়াৰ গছৰ বাকলিৰ গুড়ি ১-৩ গ্ৰামৰ লগত সমভাৱে চেনি মিহলাই ২৫০ মিঃ লিটাৰ কুহুমীয়া গৰম গৰুৰ গাখীৰৰ লগত দিনে দুবাৰকৈ কিছুদিন খালে বল আৰু বীৰ্য বৃদ্ধি পায়। আম্ল-পিত্তৰ বাবে বমি হ’লেঅমৰা গছৰ বাকলিৰ ৰস ৫- ১০ মিলি লিটাৰকৈ লৈ দিনে দুবাৰকৈ কিছুদিন খালে এই বিকাৰ ভাল হয়। ইয়াৰ ফল (কেচাঁ) চকলিয়াই উঠি সেই খিনি ২৫ মিলি লিটাৰ পানীত তিয়াই ৰাখি তাত অলপ নিমখ আৰু চেনি মিহলাই একেৰাহে দিনে ২-৩ বাৰকৈ ৪-৫ দিন খালে গ্ৰহণী ৰোগ ভাল হয়। পকা অমৰাৰ মজ্জা ভাগ এৰুৱাই চাটনি কৰি কেইদিন মান খালে আভোক আৰু বদ হজমী আদি ভাব নাইকিয়া হোৱাৰ লজতে শৰীৰৰ বল বৃদ্ধিও হয়। অমৰা গছৰ গুৰিৰ বাকলিৰ ৰস ৫-১০ মিলি লিটাৰৰ লগত অলপ চেনি মিহলাই প্ৰতিদিনে এবাৰকৈ খালে দ্ৰুত বীৰ্য স্খলনৰ সমস্যাত ভোগা লোকে সুফল আশা কৰিব পাৰে। ইয়াৰে কোমল পাতৰ ৰস ১০-১২ মিলি লিটাৰ পৰিমাণ লৈ তাৰ লগত ৫-১০ গ্ৰাম মান মিচিৰি গুড়ি মিহলাই প্ৰতিদিনে দুপৰীয়া কিছুদিন গ্ৰহণ কৰিলে যক্ষ্মা ৰোগঅৰ পৰা উৎপত্তি হোৱা শৰীৰৰ পোৰণি আৰু পিত্ত বিকাৰ ভাল হয়।

উল্লিখিত ধৰণৰ ঔষধি গুণে দেখুৱাই দিয়ে যে অমৰাৰ উপকাৰ ভালে খিনি আছে। কিন্ত্ত ইয়াক বছৰৰ এক নিৰ্দিষ্ট সময়তহে পোৱাৰ হেতুকে এই সময়তে খোৱাত আমি গুৰুত্ব দিয়াৰ প্ৰাসংগিকতা আছে। এতিয়া অমৰা পকি সৰাৰ সময়। এতেকে ইয়াকে পালেই খোৱাহে কথা।

লেখক: অৰ্পণ দত্ত

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate