অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অমৰাৰ গুণাগুণ :

অমৰাৰ গুণাগুণৰ বিষয়ে লিখা হৈছে ।

 

শীতকাল আহিলেই অসমৰ হাবি-বননিত এবিধ খাবলৈ সোৱাদযুক্ত কেহাঁ ফলৰ গছ দেখিবলৈ পোৱা যায় । সাধাৰণতে ঘৰৰ বাৰীত ইয়াৰ গছ ৰোৱা নহয় । অৰণ্যতহে বিশেষভাবে প্ৰাপ্ত এই ফলবিধক ইংৰাজীত " wild mango" বুলি কোৱা হয় আৰু অসমীয়াত জনা যায় অমৰা বুলি ।

অমৰাৰ ফল কেচাঁ হলে টেঙা হয় আৰু ইয়াৰে চাটনি, জেলি,আচাৰ আদি বনোৱা হয় । ইয়াৰ কুমলীয়া পাত অাৰু ফুলবোৰ তৰকাৰী প্ৰস্তুত কৰাত প্ৰয়োগ কৰা হয় ।

অমৰা এবিধ ঔষধি গুণসম্পন্ন ফলৰ গছ । ইয়াৰ ফল, ফুল, বীজ, গা-গছ, ছাল আৰু শিপা বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত অতীজৰে পৰা ব্যৱহাৰ হৈ আহিছে ।

অমৰাৰ কেইটামান ঔষধীয় প্ৰয়োগ -

(১) কাণৰ ৰোগত অমৰাৰ কুমলীয়া পাতৰ ৰস কাণৰ ফুটাত দিয়া হয় ।

(২) নাকৰ ৰোগত অমৰাৰ ছাল পিহি ছাগলীৰ গাখীৰৰ লগত খাবলৈ দিয়া হয় ।

(৩) ডায়েৰিয়া আৰু ডিচেণ্ট্ৰি হলে অমৰাৰ শুকান পাতৰ চূৰ্ণ ব্যৱহাৰ কৰা হয় । গা-গছৰ ছালৰ ৰসেৰে বনোৱা ডাঠ পানীয়ও এইক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি ।

(৪) সজীৱ কোমল পাতৰ ৰস পেটৰ ৰোগ নিৰাময়ত প্ৰয়োগ কৰা হয় । বায়ুদোষ হলে সজীৱ পাতৰ ৰস মিচিৰিৰ সৈতে খাবলৈ দিয়া হয় ।

(৫) শৰীৰৰ কোনো অংশত ঘাঁ হলে ফলৰ প্ৰলেপ বাহিৰৰ পৰা লগোৱা হয় । সেইদৰে ছালৰ প্ৰলেপ শৰীৰৰ বিষ আৰু গাঠিৰ ৰোগত বাহিৰৰ পৰা লগোৱা হয় ।

(৬) মুত্ৰেন্দ্ৰিয়ৰ ৰোগ বিশেষকৈ যত ভিতৰি ভিতৰি ঘাঁ হৈ যায় অাৰু বহুত জ্বলা-পোৰা কৰে, তেনে ৰোগত ছালৰ ডাঠ ৰস প্ৰয়োগ কৰা হয় ।

লেখক : ৰিদিপৰঞ্জন চেতিয়া

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top