অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ কাঠ আলুৰ ঔষধি গুণ :

অসমৰ কাঠ আলুৰ ঔষধি গুণ :

 

আমি মাঘ বিহুত সৰহভাগেই কাঠ আলু বজাৰৰ পৰা কিনি আনো। নিজে ভাল পোৱা ধৰণে সকলোৱে এটুকুৰা হ’লেও কাঠ আলু খাওঁ। কাঠ আলু জুইত পুৰি, দাইলত দি আৰু তেলত পাতল পাতলকৈ কাটি ভাজি খাব পাৰি। অৰ্থাৎ বছৰটোৰ অন্য সময়ত নাপালেও মাঘ বিহুৰ আগে-পিছে আমি কাঠ আলু বজাৰত দেখিবলৈ পাওঁ। কাৰণ চ’ত, ব’হাগ মাহত বৰষুণ পৰিলে কাঠ আলুৰ পোখা ওলায়। কাঠ আলু এবিধ সিৰ থকা লতাজাতীয় গছ। পাতবোৰ অলপ ডাঙৰ পাণ বা জালুকৰ পাতৰ দৰে। জাবৰ-জোঁথৰ পেলাই থোৱা পুৰণি গাঁত নাইবা বালিয়া কোমল মাটিত কাঠ আলুৰ আকাৰ যথেষ্ট ডাঙৰ হয়। এজোপা গছৰ পৰা প্ৰায় ৩০-৪০ কিলোগ্ৰাম পৰ্যন্ত কাঠ আলু পোৱা যায়। মাটিৰ তলৰ পৰা খান্দি উলিয়াই অনা কাঠ আলুৰ বৰণ পাতল ক’লা ৰঙা বৰণৰ, খহটা আৰু চুটি চুটি টান শিপাযুক্ত। কাঠ আলু কাটিলে ভিতৰখন বগা ৰঙৰ। ইয়াৰ পৰা বগা বিজলুৱা পিছল জুলীয়া পদাৰ্থ ওলায়। এই আলুবোৰ হৈছে শক্তিৰ ভাণ্ডাৰ। আমি পৰম্পৰাগতভাৱে খাব লাগে বাবে কাঠ আলু মাঘ বিহুৰ সময়ত খাই আহিছোঁ। কিন্তু ঔষধি কি গুণৰ কাৰণে আমাৰ পূৰ্বপুৰুষসকলে খোৱাৰ নিয়ম কৰিছিল সেই কথা আমি সঠিককৈ নাজানো।

এটা কথা ঠিক যে আঠু আলুত কিবা ঔষধ গুণ থাকিবই লাগিব। কাৰণ কাঠ আলুটোৱে মাটিৰ তলত খাদ্য সঞ্চয় কৰি নিজৰ আকাৰ ডাঙৰ কৰিবলৈ কাষৰ মাটি ঠেলি যথেষ্ট শক্তি প্ৰয়োগ কৰিব লগা হয়। গতিকে কাঠ আলুৰ বিশেষ গুণ থকাটো স্বাভাৱিক। কাঠ আলু মূলতঃ দক্ষিণ-পূব এছিয়াত পোৱা এবিধ লতাজাতীয় উদ্ভিদ। ইংৰাজসকলে পোনপ্ৰথম ম্যানমাৰতে এই আলু দেখা পাইছিল। তাৰ পিছত ইয়াক উত্তৰ-পূব ভাৰত, থাইলেণ্ড, ভিয়েটনাম, ইণ্ডোনেছিয়া, ফিলিপাইনছ, আদি দেশত ইয়াৰ সম্ভেদ পোৱা গ’ল। বিশ্বযুদ্ধৰ সময়ত কাঠ আলুৰ খেতি আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকা মহাদেশত বিয়পি পৰিল। এতিয়ালৈকে বিভিন্ন ধৰণৰ কাঠ আলু পোৱা গৈছে। বৰ্তমান বিভিন্ন ঠাইত পোৱা কাঠ আলুবোৰক-

*DIOSCOREA ALATA,

*DIOSCOREA BULBIFERA,

*DIOSCOREA VILLOSA,

*DIOSCOREA DELTOIDEA আৰু

*DIOSCOREA FLORIBUNDA আদি।

এই কাঠ আলুবোৰৰ ৰাসায়নিক সংগঠনত মৌলবোৰৰ পৰিমাণৰ তালিকা মতে শৰ্কৰাৰ পৰিমাণে একেবাৰে(০-০.৫ শতাংশ) কম। ইয়াত ভিটামিন-চি প্ৰতি ১০০ গ্ৰামত ৫ৰ পৰা ৮ শতাংশ থাকে। কিন্তু ভিটামিন বি১, বি২ আৰু এ একেবাৰে কম পৰিমাণ থাকে। প্ৰটিন আৰু আঁহ জাতীয় পদাৰ্থও ২ শতাংশৰ বেছি নাথাকে। দক্ষিণ-পূব এছিয়াত কাঠ আলু এটা দৰকাৰী সাধাৰণ জনসাধাৰণৰ পুৰণি(FOLK MEDICINE) ঔষধ। বেছিভাগ লোকে ইয়াম(YAM) বুলি কয়। বিভিন্ন ধৰণে তেওঁলোকে কাঠ আলু খায়। জাপান, ইণ্ডোনেছিয়া, ফিলিপাইনছ, ভিয়েটনাম আদিৰ কাঠ আলুৰ ঔষধি গুণ চিকিৎসা বিজ্ঞানীসকলে বিচাৰি উলিয়াইছে। কোনোবা এবিধ কাঠ আলু থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট মধুমেহ ৰোগীৰ বাবে উত্তম। আন এবিধ কাঠ আলু খালে কলেষ্টেৰ’লৰ পৰিমাণ মানুহৰ দেহত নিয়ন্ত্ৰণ কৰে। প্ৰতি ২০০ গ্ৰাম কাঠ আলুত ১১৮ কিলো কেল’ৰি শক্তি পোৱা যায়। তদুপৰি কাঠ আলু খালে টেমুনা, ক্ষয়ৰোগ, খাদ্যতন্ত্ৰ, তেজ পৰা, স্নায়ুতন্ত্ৰ আৰু গৰ্ভৱতী সময়ত হোৱা কিছুমান অসুবিধাৰ পৰা উপশম পাব পৰা যায় বুলি জনা গৈছে। কোনোবা এবিধ কাঠ আলুত এষ্ট্ৰজেন্ট কিছু পৰিমাণে থকাৰো ৰাসায়নিক বিশ্লেষণত ধৰা পৰিছে। কাঠ আলুৰ পৰা এবিধ ষ্টেৰড প্ৰস্তুত কৰা হয়। মহিলাৰ বহু ৰোগত কাঠ আলুৰ প্ৰস্তুত কৰা খাদ্য ব্যৱহাৰ কৰা হয়।

মাটিৰ গুণগত অনুযায়ী কাঠ আলুৰ ৰাসায়নিক সংগঠন কিছু পৰিমাণে বেলেগ বেলেগ হয়। আমাৰ অসমত হোৱা কাঠ আলুৰ খেতি কিছু ওখ পানী ৰৈ নথকা ঠাইত বেছিকৈ হয়। আমাৰ অসমত চ’ত-ব’হাগ মাহত কাঠ আলু গছ ৰোৱা হয়। এই কাঠ আলু গছবোৰ পুহ-মাঘ মাহত মাটিৰ পৰা খান্দি উলিওৱা হয়। এতিয়ালৈকে অসমত হোৱা কাঠ আলুৰ প্ৰকৃত গুণগত নিৰূপণ হোৱা নাই। বোধকৰো কাঠ আলুৰ ওপৰত গৱেষণাও চাগে হোৱা নাই। এটা কথা ঠিক যে আমাৰ কাঠ আলুৰো বিশেষ ঔষধি গুণ আছে। কাৰণ মই নিজে এজন বৃক্ক সংৰোপিত(KIDNEY TRANSPLANT) ৰোগী। ২০১৩ চনৰ ডিচেম্বৰ মাহত অপাৰেচন কৰাৰ পাছৰে পৰা যোৱা ২০১৮ চনৰ জানুৱাৰী মাহলৈ শৰীৰত বিশেষ বল বা শক্তি পোৱা নাছিলো। কিন্তু যোৱা জানুৱাৰী মাহত প্ৰায় এক কেজিমান কাঠ আলু মাজে মাজে দাইলত দি খালো। এতিয়া কিন্তু পাহাৰৰ ওপৰলৈ ভাগৰ নলগাকৈ খোজকাঢ়ি ঘৰলৈ বুলি অনায়াসে যাব পাৰোঁ। যদি সঁচাকৈয়ে ঔষধি গুণ আছে তেনেহ’লে ব্যৱসায়িক ভিত্তিত কাঠ আলুৱেও বাহিৰত বজাৰ দখল কৰাৰ সম্ভাৱনা আছে। বোধকৰো অসমৰ কাঠ আলুৰ বৈজ্ঞানিক নামকৰণো হোৱা নাই যেন লাগে। মুঠতে কাঠ আলুৰ পৰা বিভিন্ন খাদ্য আৰু ঔষধ প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে।

লেখক: হেমন্ত বৰগোহাঁই(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 3/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate