অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আঁহত গছৰ ঔষধি গুণ

তেজ হাগনি

অত্যধিক তেল-মছলা থকা আহাৰ খালে তীব্ৰ গৰমত ঘুৰি ফুৰিলে বা বহু নিশালৈ উজাগৰে থাকিলে শৌচ কৰাৰ সময়ত মলৰ সৈতে তেজ পৰিব পাৰে। এই অসুখ হ’লে আঁহতৰ চালৰ আঢ়ৈ গ্ৰাম চূৰ্ণৰ আধাগ্ৰাম কামদুগ্ধাৰ ৰস মিহলাই দুঘণ্টাৰ অন্তৰে অন্তৰে খাব। ৰোগীয়ে নিয়ম মানি এইদৰে খালে অসুখ ভাল হয়।

কিডনিৰ বিষ

কিডনিৰ বিষ হ’লে ৰোগীয়ে সাংঘাটিক কষ্ট অনুভৱ কৰে। ৰোগীৰ বমি পৰ্যন্ত হয়। কিডনিৰ বিষ হ’লে আঁহতৰ চাল, শিপা, গছৰ পৰা ওলোৱা আঠা, বাৰ্লি আদি মিহিকৈ কুটি চিলিমত ভৰাই ওপৰত আঙঠা দি হুপিব। ইয়াৰ ধোঁৱাৰ ফলত কাহ হ’লে কিডনিৰ বিষ কমি যায়। নাইবা আঁহত গছৰ চালৰ চূৰ্ণ একগ্ৰাম দুই গ্ৰাম গুড়ৰ সৈতে মিহলাই খালে বিষ কমে।

গৰ্ভধাৰণৰ সমস্যা

বিয়াৰ কেইবাবছৰ পিছত বহু দম্পতিৰ কোনো সন্তান নহয়। চিকিৎসকৰ ওচৰত পৰীক্ষা কৰালে কোনোধৰণৰ শাৰীৰিক সমস্যাও ধৰা নপৰে। স্বামীৰ শুক্ৰাণু দুৰ্বল হ’লে স্ত্ৰীৰ ডিম্বানুৰ সৈতে নিষিক্ত হোৱাৰ পূৰ্বেই শুক্ৰাণুৰ মৃত্যু ঘটে। নাইবা ডিম্বাণুৰ কাষ পোৱাৰ পিছতো নিষিক্ত হোৱাৰ আগে আগে তেনে শুক্ৰাণুৰ মৃত্যু ঘটে। কেতিয়াবা আকৌ স্ত্ৰীৰ ডিম্বাণু অধিক শক্তিশালী হোৱা বাবে স্ংস্পৰ্শলৈ আহিলেই শুক্ৰাণুৰ মৃত্যু ঘটে।

আয়ুৰ্বেদ শাস্ত্ৰত আঁহত গছক ‘পুত্ৰদা’ বুলি চিহ্নিত কৰা হৈছে। সন্তান লাভৰ বাবেই মহিলাসকলে এই গছৰ পূজা কৰে। আচলতে আহত গছৰ স্ত্ৰী-পুৰুষৰ সন্তান উত্পাদনজনিত অক্ষমতা দূৰ কৰাৰ ক্ষমতা আছে। গৰ্ভধাৰণৰ ক্ষেত্ৰত আঁহত গছে সহায়ক ভূমিকা পালন কৰিব পাৰে। আপোনাৰ বাবে সুবিধাজনক উপায়টো গ্ৰহণ কৰিব পাৰে।

  • আঁহত গছৰ জঁটা, আঁহতৰ পঞ্চাংগ(শিপা, চাল, পাত, ফুল আৰু ফল) চূৰ্ণ, আঁহত নাগৌৰী, গোখৰু, বান্দৰ কেকোৱাৰ বীজ, ধতুৰা গুটি, শতমূল প্ৰত্যেকৰে দহ গ্ৰামকৈ লৈ একেলগে মিহলাই চূৰ্ণ কৰিব। এই চূৰ্ণ মাহেকীয়া আৰম্ভ হোৱাৰ পৰা এঘাৰ দিনলৈ স্বামী-স্ত্ৰী উভয়ে তিনি গ্ৰামকৈ পুৱাভাগত গৰম গাখীৰত মিহলাই খাব। দুই তিনিমাহ এইদৰে খালে নিশ্চয়কৈ গৰ্ভধাৰণ কৰিব।
  • আঁহতৰ জঁটা চূৰ্ণ দহগ্ৰামকৈ দালচেনি মিহলাই পতি-পত্নী দুয়ো ৰাতিপুৱা খাব। ইয়াৰ পিছত গাখীৰ খাব। মাহেকীয়া হোৱাৰ দিনাৰ পৰা এঘাৰ দিনলৈ এইদৰে খাব আৰু বাৰ দিনৰ দিনা গৰ্ভধাৰণৰ চেষ্টা কৰিব।
  • আঁহতৰ জঁটা ৫০ গ্ৰাম আৰু হাঁতীৰ দাঁত ৫০ গ্ৰাম একেলগে পিহি চূৰ্ণ কৰিব। মাহেকীয়া আৰম্ভ হ’লে স্বামী-স্ত্ৰী দুয়ো পাঁচ গ্ৰামকৈ এই চূৰ্ণ খোৱাৰ পিছত গাখীৰ খাব।
  • ২৫০ গ্ৰাম আঁহতৰ জঁটা আৰু ২৫০ গ্ৰাম বাতাচা একেলগে পিহি লৈ দহ গ্ৰাম চূৰ্ণৰ সৈতে গৰুৰ গাখীৰ মিহলাই স্বামী-স্ত্ৰী দুয়োজনে খাব। মাহেকীয়া অন্ত পৰাৰ এসপ্তাহ পিছত গৰ্ভধাৰণৰ চেষ্টা কৰিব। আঁহতৰ পকা ফল পিহি দহ গ্ৰামকৈ স্বামী-স্ত্ৰী দুয়ো খালে সন্তান লাভৰ আশা পূৰণ হয়। মাহেকীয়া অন্ত পৰাৰ পিছতে দুসপ্তাহ ধৰি আঁহতৰ ফল ১০ গ্ৰাম পৰিমাণত মহিলাগৰাকীয়ে প্ৰতিদিনে খালে গৰ্ভধাৰণৰ সম্ভাৱনা প্ৰবল হয়।
  • এশগ্ৰাম আঁহতৰ জঁটা আৰু অশ্বগন্ধা, ২০০ গ্ৰাম বাতাচা বা চেনি মিহলাই চূৰ্ণ কৰি স্বামী-স্ত্ৰী দুয়ো খালে গৰ্ভধাৰণৰ সমস্যা দূৰ হয়।

কাঠআচিনাই

একেঠাইতে বাৰে বাৰে আঘাট পাই থাকিলে হাতৰ তলুৱা আদিত কৰ বান্ধে অৰ্থাৎ নিৰ্দিষ্ট ঠাইডোখৰত ছালখন কঠিন আৰু ডাঠ হৈ উঠে। এইদৰে ছাল ডাঠ হ’লে আঁহতৰ পাত গৰম কৰি ডাঠ হোৱা ঠাইত বান্ধি ৰাখিব। এইদৰে দিনত তিনিবাৰকৈ বান্ধিলে ছাল ডাঠ হোৱা অংশ কোমল হৈ স্বাভাৱিক আকাৰলৈ ঘূৰি আহে।

একেদৰে ক’ৰবাত ফোঁহা উঠিলে আঁহতৰ পাত গৰম কৰি লগালে ফোঁহা বহি যায় বা পকি ফাটি যায়। দিনত তিনিবাৰকৈ এইদৰে গৰম পাত লগাব। ফোঁহা ফুটাবলৈ আন এক উপায় আছে। আঁহতৰ পাত পুৰি ছাইখিনি সৰিয়হ তেলৰ সৈতে মিহলাই ফোঁহাত লগাব। লগে লগে ফোঁহা পকি ফাটি যাব।

মুখত চূণে ডাকিলে

সাধাৰণতে পাণত চূণৰ পৰিমাণ বেছি হ’লে মুখত ডাকি যায়। জিভাত ঘা হয়। ফলত খোৱা-বোৱা কৰাত বৰ কষ্ট হয়। এইধৰণৰ সমস্যাৰ সৃষ্টি হ’লে আঁহতৰ চাল পিহি চূৰ্ণ বনাই ডকা অংশত লগাব। ঘা শুকাই যাব।

ঘা নুশুকালে

দেহত হোৱা কোনো ঘা বহুদিনলৈ নুশুকালে আঁহতৰ চাল পুৰি সেই ভস্ম ঘা টুকুৰাত লগাব। পুৰণি ঘা হোলেও সোনকালে শুকাব।

একজিমা

একজিমা হ’লে আঁহতৰ চাল মিহিকৈ পিহি লগালে সোনকালে ভাল হৈ যায়। একেদৰে আঁহতৰ চাল সিজাই সেই পানী লগালেও একজিমা ভাল হয়। আঁহতৰ চাল পুৰি সেই ভস্ম লগালেও একজিমা ভাল হয়।

আঘাত পালে

খেলা-ধূলা কৰিলে দেহত আঘাত পাব পাৰে। বাহিৰৰ পৰা আঘাট গুৰুতৰ যেন নালাগিলেও আঘাতপ্ৰাপ্ত অংশৰ ভিতৰত বিষ হৈ সাংঘাটিক কষ্ট পোৱা যায়। এইধৰণৰ আঘাত পালে আঁহতৰ এঘাৰটা কুমলীয়া আগ পিহি দহ গ্ৰাম গুড়ৰ সৈতে মিহলাই সৰু সৰুকৈ বড়ি বনাব। গৰম গাখীৰৰ সৈতে এই বড়ি দিনে দুটাকৈ খাব। আঘাত বা বিষ থকালৈকে এই বড়ি খাই থাখিব।

হাঁচি পানীলগা

সাধাৰণতে ঋতু পৰিৱৰ্তনৰ সময়ত পানী লাগিলে হাঁচি আহে। বহু সময়ত ঠাণ্ডা গৰম বস্তু একেলগে খালেও পানীলগা, হাঁচি হয়। এইদৰে পানীলগা, হাঁচি হ’লে আঁহতৰ পাত, শিপাৰ চাল, আঁহতৰ গুটি, জঁটা আৰু আগ সমপৰিমাণে লৈ পিহি পানীত তিয়াই থ’ব। ২৪ ঘণ্টাৰ পিছত পানীত তিয়াই থোৱা দ্ৰব্যখিনি সিদ্ধ কৰিব। পানীৰ পৰিমাণ চাৰি ভাগৰ এভাগ থাকিলে নমাই থ’ব। পুনৰই পাত্ৰটো জুইত বহুৱাই ৰৈ যোৱা মিশ্ৰণখিনিৰে সৰু সৰু বড়ি বনাই ছাঁত শুকুৱাই বটলত ভৰাই ৰাখিব। পানী লগা, হাঁচি হ’লে এই বড়ি খাব।

যকৃতৰ বিষ

যকৃতৰ বিষ হ’লে সৰু আঁহত গছৰ পঞ্চাংগ চূৰ্ণ তৈয়াৰ কৰিব। এতিয়া এই চূৰ্ণৰ একগ্ৰামৰ সৈতে সম পৰিমাণৰ নাৰিকল আৰু নিমখ মিহলাই ঠাণ্ডা পানীৰে খাব। এইদৰে খোৱাৰ কিছুসময় পিছতে যকৃতৰ বিষ ভাল হয়।

প্লীহা ফুলি উঠিলে

প্লীহা ফুলি উঠিলে বা প্লীহা বাঢ়িলে তিনিটা উপায়েৰে প্লীহাৰ আকাৰ কমাব পাৰি।

  • প্ৰথম উপায় হৈছে, আঁহতৰ চাল পুৰি ছাইখিনি আঠ লিটাৰ পানীত ৪৮ ঘণ্টা সময় তিয়াই ৰাখিব। এতিয়া পানীখিনি চেকি গৰম কৰিব। দেখিব যে পাত্ৰটোৰ তলত বগা ভস্ম পৰি আছে। এই ভস্মৰ সৈতে সমপৰিমাণৰ গুড় মিহলাই সৰু সৰু বড়ি বনাব। পুৱা আৰু সন্ধিয়া এটাকৈ বড়ি দৈৰ ঘোলৰ সৈতে খালে প্লীহাৰ ফুলি উঠা ৰোগ কমি যাব।
  • দ্বিতীয় উপায় হ’ল, আঁহতৰ কুমলীয়া আগ দহটামান ছাঁত শুকুৱাই চূৰ্ণ বনাই ল’ব। ৫০ গ্ৰাম চূৰ্ণৰ সৈতে ৫০ গ্ৰাম গুড় মিহলাই সৰু সৰু বড়ি বনাব। এই বড়ি দিনে তিনিবাৰকৈ চফগুটিৰ ৰসৰ সৈতে মিহলাই খালে ৰোগৰ উপশম হয়। কল বা মূলা ফালি লৈ তাত আঁহতৰ চাল পুৰি লোৱা ছাই সুমুৱাই দি খাব। এইদৰে এটা কল বা মূলা খালেই প্লীহাৰ সমস্যা আঁতৰে।

ঘনাই হোৱা জ্বৰ

শৰীৰত হোৱা একপ্ৰকাৰৰ জ্বৰ মাত্ৰ তিনিদিনৰ পিছত নিজে নিজে ভাল হৈ যায়। আকৌ তিনিদিনৰ পিছত জ্বৰ উঠে। এনেদৰে তিনিদিনৰ মূৰে মূৰে সঘনাই জ্বৰ উঠাৰ পূৰ্বেই আঁহতৰ কুমলীয়া ডাল্ দাঁতোন হিচাপে লৈ ভালকৈ এটা মূৰ চোবাব। ৰসখিনি পেলাই নিদি গিলি থ’ব। এইদৰে কেইদিনমান কৰিলে জ্বৰ ভাল হৈ যায়।

ক্ষয়ৰোগ

যক্ষ্মা বা টিবি হ’লে ওপৰত উল্লেখ কৰা পানী লগা, হাঁচিৰ চিকিত্সা পদ্ধতিটোকে মানি চলিব লগতে পুষ্টিকৰ আহাৰ খাব। এই ৰোগ হ’লে সম্পূৰ্ণ বিশ্ৰাম লোৱা প্ৰয়োজন।

দাঁতৰ বিষ

দাঁতৰ বিষ বৰ যন্ত্ৰণাদায়ক। দাঁতৰ বিষৰ ফলত কেতিয়াবা চকুও বিষায়। মূৰলৈকে বিষ হয়। দাঁত বিষালে আঁহতৰ ফল বা গুটি আৰূ জালুক সমপৰিমাণত পিহি লৈ সৰু সৰু বড়ি বনাই দাঁতৰ কাষত ৰাখি লাহে লাহে চুহি খাব। ফলত দাঁতৰ বিষ লাহে লাহে কমি যাব।

দাঁতৰ অসুখ

দাঁত দেহৰ গুৰুত্বপূৰ্ণ অংগ। সময়ৰ আগতে দাঁত সৰি গ’লে বা নষ্ট হ’লে খোৱা-বোৱাত অসুবিধা হোৱাৰ লগতে আন শাৰীৰিক সমস্যায়ো দেখা দিয়ে। দাঁতৰ সমস্যাই দেখা দিলে আঁহত আৰু বট গছৰ চাল সমপৰিমাণত লৈ পানীত সিজাব। এই পানীৰে পুৱা আৰু সন্ধিয়া কুলকুলি কৰিব। নিয়মীতভাৱে এইদৰে কুলকুলি কৰিলে দাঁত সুস্থ আৰু সবল হৈ থাকে।

মনত ৰাখিব যে চেনি হৈছে দাঁতৰ শত্ৰু। চেনিৰ সলনি গুড় ব্যৱহাৰ কৰিব।

উল্লেখ্য যে দাঁত পোকে খালে নিয়মিতৰুপে আঁহতৰ ডালেৰে দাঁত ঘহিব। ইয়াৰ উপৰি নিম তেলত কঁপাহ তিয়াই দাঁতৰ গুৰিত লগাব। এইদৰে লগোৱাৰ সময়ত মুখেৰে লেলাউতি ওলাই থাকিবলৈ দিব। তেতিয়া লেলাউতিৰ সৈতে দাঁতৰ বিষ সৃষ্টি কৰা বীজাণু বাহিৰলৈ ওলায় যাব আৰু কিছু সময়ৰ পিছতে দাঁতৰ বিষ সম্পূৰ্ণ নিৰাময় হ’ব।

যদি মাজে মাজে দাঁতৰ গুৰিৰ পৰা তেজ ওলায়, তেতিয়া আঁহতৰ চাল পাতল পাতলকৈ কাটি ছাঁত শুকুৱাই মিহিকৈ চূৰ্ণ বনাব। এই চূৰ্ণত নিম তেল আৰু নিমখ মিহলাই দাঁত ঘহিব। এই মিশ্ৰণ লগাই দাঁত খুব লাহে লাহে ঘঁহিব। এইদৰে দাঁত ঘহিলে দাঁতৰ গুৰিৰ পৰা তেজ্ ওলোৱা বন্ধ হয়। দাঁত লৰিলে আঁহতৰ চালৰ চূৰ্নৰে দাঁত ঘঁহি গৰম আৰু ঠাণ্ডা পানীৰে অগাপিছাকৈ কুলকুলি কৰিব। তিনি চাৰিটা পকা আঁহতৰ গুটি খাব। ফলত দাঁতৰ গুৰি মজবুট হ’ব।

হৃদযন্ত্ৰৰ দূৰ্বলতা

কেতিয়াবা হঠাতে হৃদযন্ত্ৰই স্বাভাৱিকভাবে কাম নকৰা হয়। তেতিয়া ঘাম ওলায়, ৰোগী অস্থিৰ হৈ পৰে আৰু চকু ৰঙা পৰে। এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে চিকিত্সা আৰম্ভ্ কৰা উচিত। হৃদযন্ত্ৰৰ দুৰ্বলতা এনে লক্ষণৰ মূল কাৰণ। সোনকালে চিকিত্সা নকৰিলে ৰোগীৰ অৱস্থাৰ অৱনতি ঘটে। এইবোৰ সমস্যাই দেখা দিলে আঁহতৰ কুমলীয়া আগৰ চূৰ্ণ ৫ গ্ৰামৰ পৰা ১০ গ্ৰামলৈ গাখীৰৰ সৈতে খালে হৃদযন্ত্ৰৰ সমস্যা নোহোৱা হয়।

মানসিক দুৰ্বলতা

উপযুক্ত আহাৰ নাখাই অত্যধিক চিন্তা কৰি থাকিলে মানসিক দুৰ্বলতাই দেখা দিয়ে। মানসিক দুৰ্বলতাত ভুগিলে লাহে লাহে স্মৃতি আৰু বুদ্ধি দুয়োটাই কমি আহে। মানসিক দুৰ্বলতাই দেখা দিলে আঁহতৰ শিপা ২ গ্ৰাম, শ্ংখ আৰু ব্ৰাহ্মীলতা ভস্ম দহ গ্ৰামকৈ লৈ ৩০ গ্ৰাম মিচিৰিৰ সৈতে খাব। এই অসুখত ভুগি থকা লোকক উত্তেজনাময় পৰিৱেশৰ পৰা আঁতৰাই ৰাখিব।

সাংঘাতিক ধৰণে পানী লাগিলে

সাংঘাতিক ধৰণে পানী লাগিলে ৰোগীৰ বৰ অস্বস্তি হয়। নাকেৰে অনবৰত শেঙুণ ওলাই থাকে। পানীলগা বেছি হ’লে অবহেলা কৰিব নালাগে। কাৰণ ইয়াৰ ফলত চকু আৰু দাঁতৰ সমস্যাই দেখা দিব পাৰে। এই ৰোগ হ’লে আঁহতৰ পঞ্চাংগৰ ৰস ১০০ গ্ৰাম, ৪০০গ্ৰাম মিচিৰিৰ সৈতে মিহলাই চাটনি বনাই ল’ব। এই চাটনি পুৱা আৰু সন্ধিয়া ভাগত পাঁচ গ্ৰামকৈ খালে পানীলগা ভাল হয়।

নপুংসকতা

অত্যধিক যৌনবাসন আৰু অস্বাস্থ্যকৰ জীৱন যাপনৰ ফলতেই নপুংসকতাৰ সৃষ্টি হয়। নপুংসকতাই দেখা দিলে আঁহতৰ গুটি ছাঁত শুকুৱাই চূৰ্ণ বনাই ইয়াৰ সৈতে সমপৰিমাণৰ বাতাচা মিহলাই ল’ব। এই চূৰ্ণ পাঁচ গ্ৰামকৈ পুৱা আৰু সন্ধিয়া গৰম গাখীৰৰ সৈতে ৰোগীক খাবলৈ দিব। ইয়াৰ ফলত পুৰুষত্বহীনতা দূৰ হ্য়।

নপুংসকতা আতৰ কৰিবলৈ আন এটা উপায় গ্ৰহণ কৰিব পাৰে। ১০০ গ্ৰাম আকনৰ আঠা, ১৫ গ্ৰাম শিলিখাৰ গুৰি পাঁচদিন ধৰি সিজাব। পানী শুকাই গৈ তলত ৰৈ যোৱা অদ্ৰৱণীয় মিশ্ৰণটোৰে সৰু সৰু বড়ি বনাই টান ৰ’দত শুকুৱাব। এইবোৰ আঁহতৰ ২ কেজি ছাঁইত এই বড়িবোৰ পুৰিব। এই বড়িকেইটা পুৰি বগা ভস্ম হ’লে উলিয়াই আনি মাখন আৰু গাখীৰৰ সৰৰ সৈতে এমাহ খাব। মনত ৰাখিব ছাইখিনি কিন্তু আঁহতৰ পঞ্চাংগৰ হোৱা উচিত। আৰু ঔষধ খাই থকা কেইদিন গৰম মছলা, জ্বলা আদি খাব নালাগে।

পঞ্চমুখী ঘা

এইবিধ ঘা বা ফোঁহা চিকিত্সা নকৰিলে ফোহাবোৰ ফাটি তেজ ওলায়। এইবিধ ঘাৰ পাঁচখন মুখ থাকে। দেহৰ গভীৰলৈ এই ঘা বিয়পি পৰে। সাংঘাটিক বিষ হয়। এইবিধ ফোঁহা হ’লে আঁহতৰ চালৰ চূৰ্ণ নিম তেলৰ সৈতে মিহলাই ঘা হোৱা ঠাইখিনিতে লগাব। এইদৰে কেইদিনমান লগালে ঘা ভাল হৈ আহে।

নিউমোনিয়া

অত্যন্ত ঠাণ্ডা লগাৰ বাবে নিউমোনি্যা জ্বৰ হয়। হাওঁফাওঁ পৰ্যন্ত আক্ৰান্ত হয়। নিউমোনিয়া হ’লে ৫০ টা শিলিখা ৫০ গ্ৰাম গাখীৰত তিয়াই ৰাখিব। লগতে এককিলো আঁহতৰ চাল পুৰি ভস্ম বনাই ল’ব। এতিয়া গৰুৰ গোবৰ অকণমান লৈ তাত গাত কৰি ভিতৰত শিলিখাকেইটা সুমুৱাই দি ওপৰত আঁহতৰ চালৰ ভস্মৰে ঢাকি দিব। আকৌ দুই-তিনি কেজি শুকান গৰুৰ গোবৰ লৈ তাৰ মাজত এইখিনি গোবৰ সুমুৱাই পুৰিব। সাত-আঠ ঘন্টামান পিছত গোবৰখিনি জ্বলি ছাই হোৱাৰ পিছত শিলিখাকেইটাও জ্বলি ভস্ম হ’ব। এতিয়া এই ভস্ম নিউমোনিয়া ৰোগীক খাবলৈ দিলে অসুখ সোনকালে ভাল হয়। ৰোগীয়ে যাতে ঠাণ্ডা নাপায় তালৈ মন দিব। লগতে পুৰণি ঘিউ থাকিলে ৰোগীৰ বুকু মালিচ কৰি দিব। নিউমোনিয়া হ’লে চিকিৎসকৰ ক্ষেত্ৰত অৱহেলা নকৰিব।

ছালৰ অসুখ

ছালৰ এইবিধ ৰোগ বিশেষকৈ সৰিয়হ খেতি কৰা লোকসকলৰ হয়। হাত ভৰিৰ ছাল ফুলি উঠে। কিন্তু ক’তো ফোঁহা নহয়। ফুলি উঠা ঠাইখিনিৰ ছাল কোচ খাই যায়। হিন্দীত এই ৰোগক ‘নৰুৱা’ বুলি কয়। এই ৰোগ হ’লে আঁহতৰ পাত গৰম কৰি ফুলি উঠা অংশখিনিত লগাব। ছালৰ তলত থকা বীজাণু পাতৰ তাপত মৰি যায়। ফলত খজুৱতি আৰু ফুলি উঠা কমি যায়।

প্ৰদৰ

প্ৰদৰ ৰোগ মহিলাসকলৰ হয়। এই ৰোগ হোৱা মহিলাসকল দুৰ্বল আৰু শেতাবৰণৰ হয়। প্ৰদৰ দুই প্ৰকাৰৰ- শ্বেত ৰদৰ আৰু ৰক্ত প্ৰদৰ। শ্বেত প্ৰদৰ হ’লে আঁহতৰ পাত ফালিলে ওলোৱা বগা আঠা দহ ফোটা বাতাচাৰ ভিতৰত ভৰাই খাবলৈ দিব। ইয়াৰ পিছত গাখীৰ খাব। এমাহ পুৱা সন্ধিয়া এইদৰে খালে শ্বেত প্ৰদৰ ভাল হয়। ৰক্ত প্ৰদৰ হ’লে আঁহতৰ আঠা ৫০ গ্ৰামৰ সৈতে মিহলাই পুৱা-গধুলি পানীৰে ৩ গ্ৰামকৈ খালে প্ৰদৰ ৰোগ্ভাল হয়।

প্ৰমেহ

মহিলাসকলৰ প্ৰদৰ ৰোগৰ দৰে প্ৰমেহ ৰোগ হ’লে আঁহতৰ চাল সিজাই মণ্ড বনাই খুৱালে অসুখ সোনকালে ভাল হয়। একেদৰে পাঁচ গ্ৰামকৈ আঁহতৰ চালৰ গুৰি সন্ধিয়া গাখীৰৰ সৈতে খাবলৈ দিব লাগে। এই ৰোগ হ’লে যৌন সম্পৰ্কৰ পৰা বিৰত থাকিব লাগে। সহজে হজম হোৱা পাতলীয়া আহাৰ খাব লাগে।

দেৱজিত বাৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate