অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আখৰোটৰ ঔষধি গুণ

আখৰোটৰ ঔষধি গুণ

সাধাৰণতে সমতল ভুমিৰ পৰা পাহাৰীয়া অঞ্চলৰ প্ৰায় ২০০ফুট উচ্চতাতহে আখৰোট গছৰ বিশেষকৈ কেৰেলা ৰাজ্যত আখৰোটৰ গছ দেখিবলৈ পোৱা যায়। গছবোৰ বৰ ওখ হয়। পাতবোৰ গোলাকাৰ আৰু আন গছৰ তুলনাত বেছ ডাঠ। ফল পকিলে গছৰ পৰা পাৰি থ’ব লাগে। ফলৰ বাকলি বৰ টান আৰু বাকলি ভাঙিলে দুটা সমজোখৰ অংশ দেখা যায় আৰু দেখিবলৈ ঠিক আমাৰ মগজুৰ দৰে। আখৰোটৰ ৰাসায়নিক বিশ্লেষণত গৱেষকে পাইছে যে এশ গ্ৰাম আখৰোটত কাৰ্ব হাইড্ৰেট ১১ শতাংশ, প্ৰ’টিন ১৬ শতাংশ, চৰ্বি ৬৫ শতাংশ, আঁহযুক্ত পদাৰ্থ ৩ শতাংশ থাকে। সেইদৰে খনিজ পদাৰ্থৰ ভিতৰত ছডিয়াম ২ শতাংশ, পটাছিয়াম ৫ শতাংশ উপলব্ধ। এশ গ্ৰাম আখৰোটৰ কেল’ৰি শক্তিত ৬৮৫। শুকান ফলৰ ভিতৰত আখৰোটতেই কেল’ৰি শক্তি বেছি, কাৰণ অধিক পৰিমাণৰ চৰ্বি থাকে। গৱেষকৰ মতে বাদাম আৰু কাজুবাদামৰ দৰে আখৰোটো এবিধ পুষ্টিবৰ্দ্ধক আৰু ৰোগ প্ৰতিৰোধী ফল। কোনো কোনো বেমাৰত এল’পেথিক দৰৱৰ পৰিৱৰ্তে ঘৰতে আখৰোটৰ উপাদানেৰে চিকিৎসা আৰম্ভ কৰি ৰোগ নিৰাময় কৰাত সফল হ’ব পাৰি বুলি তাহানিতেই বিশেষজ্ঞই কৈ গৈছে।

বাদামৰ দৰে আখৰোটোও দেহৰ ৰক্তহীনতা, স্নায়বিক দুৰ্বলতা আৰু যৌন দুৰ্বলতা নাশ কৰে। আখৰোটে দুৰ্বল দেহক যথেষ্ট শক্তি প্ৰদান কৰিব পাৰে। দৃষ্টি ঠিকে ৰাখিবলৈ আখৰোট অতি প্ৰয়োজনীয় ফল। নিতৌ আখৰোট খাদ্য তালিকাত থাকিব লাগে। কেতিয়াবা কেতিয়াবা শুকান বতৰত ছাইনাচ ৰোগত আক্ৰান্ত লোকে নাকত বিষ অনুভৱ কৰে। তেতিয়া আখৰোট্ৰ বাকলি গুচাই কেইটামান পানীত তিয়াই থৈ পটাত বটি এটা পেষ্ট বনাব লাগে আৰু এই পেষ্ট নাকৰ ওপৰত দিব লাগে। কিছুসময়ৰ পিছত নাকৰ বিষ কমিবলৈ আৰম্ভ কৰে আৰু এটা সময়ত নাকৰ বিষ নাইকীয়া হয়।

আজিকালি মূৰৰ ওকণী মৰা দৰৱ ওলাইছে। এনে দৰৱৰ পৰিৱৰ্তে আখৰোটৰ তেল ৩-৪ দিন চুলিত লগালে ওকণী মৰে।

বৰ্তমান বহু লোকৰ দেহত বগা পৰা দাগ দেখিবলৈ পোৱা যায়, যাক কোৱা হয় শ্বেত ৰোগ। আয়ুৰ্বেদিক দৰৱে নিৰ্মূল কৰিব পাৰে বুলি মাজে সময়ে দূৰদৰ্শনৰ পৰ্দাত আলোচনা হয়। বিশেষজ্ঞৰ মতে, নিয়মিতভাৱে দেহত আখৰোট তেল ব্যৱহাৰ্ কৰিলে সুফল পাব পাৰি।

পানীলগা ৰোগ কাৰনো নহয়? কিবা ঠাণ্ডা-গৰমৰ বিজুতি ঘটিলেই মানুহৰ চৰ্দি হ’ব পাৰে। লগে লগে কোনো কোনো ৰোগীৰ মূৰৰ বিষ হয়। এল’পেথিক দৰৱ ব্যৱহাৰ নকৰি আখৰোট তেল মূৰত মালিচ কৰিব লাগে আৰু ঘৰতে জীৰণি ল’ব লাগে। সন্ধিয়া পৰলৈ মূৰৰ বিষ লাহে লাহে কমি আহে আৰু চৰ্দিৰ পৰাও সকাহ পায়। আজিকালি বহু লোক স্নায়বিক ৰোগত আক্ৰান্ত হেৱা দেখা যায়। তেনে ৰোগীৰ গাত আখৰোট তেল মালিচ কৰিলে স্নায়বিক কোষবোৰ সবল হয় আৰু কেইমাহমানৰ পিছত ৰোগীয়ে স্নায়বিক ৰোগৰ পৰা কিছু নিৰাময় পায় বুলি বিশেষজ্ঞি মত প্ৰকাশ কৰে।

পগলা কুকুৰে কামুৰিলে লগে লগে আখৰোট, পিয়াজ খুন্দি নিমখ মিহলাই পেষ্ট বনাব লাগে আৰু কোমল কাপোৰেৰে কামোৰা অংশত বান্ধি থ’লে বিষৰ পৰা উপশম পায় বুলি বিশেষজ্ঞ সকলে কয়। সেইবুলি আপুনি ভুলতো চিকিৎসকৰ ওচৰলৈ ৰোগীক নিনিয়াকৈ নাথাকিব। কাৰণ পগলা কুকুৰে কামুৰিলোএ মানুহ ৰেবিজ ৰোগত অক্ৰান্ত হ্য় আৰু চিকিৎকে এই ভয়াবহ ৰেবিজৰ পৰা ৰক্ষা পাবলৈ এক নিৰ্দিষ্ট বেজীৰ ব্যৱস্থা কৰে।

আখৰোট দন্তমঞ্জন হিচাপেও ব্যৱহাৰ কৰিব পাৰি। তাৰ বাবে আখৰোটৰ কঠিন বাকলিসহ খুন্দি গুড়ি কৰি পাউদাৰ তৈয়াৰ্কৰি ল’ব লাগে। গৱেষকৰ মতে, এনে পাউদাৰবোৰেৰে দাঁত মাজিলে দাঁতৰ উজ্জ্বলতা বাঢ়ে আৰু দাঁতৰ আলু মজবুত হয়।

এনে ঔষধি গুণসম্পন্ন ফলবিধ ঘৰত মজুত ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আখৰোট তেলৰ কথাও নাপাহৰিব।

পবিত্ৰ কুমাৰ পাটোৱাৰী, আমাৰ অসম

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate