অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আজোৱাইনৰ ঔষধি গুণ :

আজোৱাইনৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ খাদ্যবোৰ জুতি লগাওঁতে মচলাজাতীয় শস্যৰ গুটিবোৰ ব্যৱহাৰ কৰো।

মচলাবোৰৰ ভিতৰত আজোৱাইনো এবিধ ক্ষুদ্ৰ মচলা। ইয়াৰ এটা সুন্দৰ গোন্ধ আছে।

তদুপৰি ইয়াৰ উপকাৰিতা অনেক আছে।

আজোৱাইন দুফুটমান ওখ জোপোহা উদ্ভিদ। পাতবোৰ ডিম্বাকৃতিৰ আৰু ডাঠ। কাষটো খাজকটা, ইয়াৰ ফুল, ফল আছে।

*আজোৱাইনৰ পাত কেঁচাকৈ চাটনি কৰি খাব পাৰি। নিমখ, জলকীয়া আৰু নহৰুৰ লগত বটি খাবলৈ বৰ ভাল লাগে। বেচনৰ লগত পাতবোৰ লেটিয়াই ভাজি খাব পাৰি।

আজোৱাইনৰ গুটি চোবাই খালে বহু ৰোগৰ পৰা আৰোগ্য পাব পাৰি।

*পেটৰ বিষ হ’লে আজোৱাইনৰ গুটি চোবাই খালে বিষ কমে।

*পেটত গেছ বা বদহজম হ’লে গুটি খালে আৰোগ্য হয়।

*আজোৱাইনৰ পৰা উলিওৱা এবিধ তেল আছে যি তেল খালে বা ঘঁহিলে ভেঁকুৰজনিত বা বেক্টেৰিয়াজনিত ৰোগৰ পৰা উপশম পাব পাৰি।

*পানী লগা কফ বা এজমা হ’লে আজোৱাইনৰ গুটি খালে উপকাৰ পাব পাৰি।

*শৰীৰত হোৱা হাত, ভৰি আদিৰ গাঁঠিৰ বিষ হ’লে আজোৱাইনৰ গুৰুত্ব আছে।

*কৌষ্ঠকাঠিন্য হ’লে আজোৱাইনৰ গুটি খালে আৰোগ্য হয়।

*মুখত হোৱা ঘা আদি আজোৱাইনে উপশম কৰাত সহায় কৰে।

*ঠাণ্ডা লাগিলে শৰীৰটো গৰম কৰি ৰখাত সহায় কৰে।

*আজোৱাইন বেছিকৈ খালে ইয়াৰ দ্বাৰা মূৰৰ বিষ, এলাৰ্জী, বমি আদি হ’ব পাৰে। গতিকে কম পৰিমাণে খোৱা উচিত।

লেখিকা: কবিতা ফুকন(অসম বাণী)

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top