অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আদাৰ ঔষধ গুণ :

আদাৰ ঔষধ গুণৰ ববিষয়ে লিখা হৈচহ

আদা আমাৰ সকলোৰে পৰিচিত এবিধ মছলজাতীয় উদ্ভিদ। এইবিধ উদ্ভিদৰ গা-গছডাল মাটিৰ ওপৰত থাকে আৰু কাণ্ড মাটিৰ তলত হয়। মছলাজাতীয় উদ্ভিদ হোৱাৰ বাবে ৰন্ধন কাৰ্যত আদা প্ৰচুৰ ব্যৱহাৰ হয়। মাংগলিক কাৰ্যতো আদা ব্যৱহাৰ হয়। আদাৰ পৰা আচাৰ, চাটনি আদিও তৈয়াৰ কৰা হয়। আদাৰ ঔষধি গুণো আছে। সেয়ে বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপেও সদায় ব্যৱহাৰ হয়।

*আদাই হজম কৰাত সহায় কৰে।

*চৰ্দি হ’লে আদা, তুলসী পাতৰ ৰস, জালুক আৰু লংৰ মিশ্ৰণেৰে চাহ খালে চৰ্দি ভাল হয়।

*কোষ্ঠকাঠিন্যত কষ্ট পোৱাসকলে সমান পৰিমাণৰ অজবাইন, আদা আৰু গুড় মিহিকৈ পিহি গৰুৰ ঘিউত ভাজিব লাগে। তাৰ পাছত মিশ্ৰণখিনিত পানী দি পগাব লাগে। নিয়মীয়াকৈ এই মিশ্ৰণ খালে কোষ্ঠকাঠিন্য কমে।

*পাতল পায়খানা হ’লে আদা পিহি পানীত উতলাই সেই পানী দিনে ২-৩ বাৰ ৰোগীক খুৱালে ৰোগ নিৰাময় হয়।

*ভোক নালাগিলে আদা কাটি নিমখ ছটিয়াই খালে ভোক লাগে। পেটত গেছ হ’লেও এনেদৰে আৰাম পোৱা যায়।

*বমি হ’লে আদাৰ আৰু পিয়াঁজৰ ৰস মিহলাই খালে বমি বন্ধ হয়।

*আদাৰ ৰস, নেমুৰ ৰস আৰু মৌ সম পৰিমাণে লৈ দিনে তিনি-চাৰিবাৰ খালে কাহত আৰাম পোৱা যায়।

*মাত বহিলে আদাৰ ৰসৰ লগত মৌ মিহলাই খালে মাত ওলায়।

*জ্বৰ হ’লে আদাৰ ৰস আৰু পদিনাৰ ৰস মিহলাই খালে উপকাৰ   পোৱা যায়।

*পেট বিষালে আদাৰ ৰস, পদিনাৰ ৰস আৰু সৈন্ধৱ লৱণ মিহলাই খালে তৎক্ষণাৎ আৰাম পোৱা যায়।

*গাঁঠিৰ বিষত আদা তিলৰ তেলত গৰম কৰি বিষ হোৱা স্থানত মালিচ কৰিলে বিষ কমে।

*পেট জ্বলা-পোৰা কৰিলে কুঁহিয়াৰৰ ৰস আৰু আদাৰ ৰস মিহলাই খালে জ্বলা-পোৰা ভাব কমে।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top