অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আনাৰস

পৰিচয়

আনাৰস বা মাটি কঠালৰ শাস্ত্ৰীয় নাম বহুনেত্ৰ। আনাৰস ফলটোৰ ওপৰিভাগত শতাধিক চকু সদৃশ চিহ্ন আছে। চক্ষুবোৰ ফলটোৰ ভালেখিনি ভিতৰলৈ বিয়পি থাকে। আনাৰস গছৰ দীঘল দীঘল পাতৰ গুৰিত ফলটোৰ অৱস্থান হয়। মূলৰ পৰা একোটা শাখা ওলাই একোটা ফলৰ জন্ম দিয়ে। আনাৰস দুবিধ-এবিধ দেশী আনবিধ বিলাতী। দেশীবিধ অসমৰ ভৈয়াম অঞ্চলত হয় আনহাতে বিলাতী বিধ চিলং, নগালেণ্ড, মণিপুৰ আদি পাৰ্ব্বত্য অঞ্চলত প্ৰচুৰ পৰিমাণে হয়। ওখ ভূমিভাগ আনাৰস খেতিৰ বাবে উপযোগী। বিলাতী বিধ বেছি ডাঙৰ আৰু সুস্বাদু হয়। উভয়বিধ দৰবৰ বাবে ভাল।

গুণাগুণ

আনাৰসৰ দীঘল পাতৰ কুমলীয় গুৰি অংশ দৰবত লগোৱা হয়। আনাৰস ফল ক্ৰিমিনাশক, ৰুচিকাৰক, বাতনাশক আৰু পুষ্টিসাধক। আনাৰসৰ পাতৰ ৰস ক্ৰিমিনাশক। ল’ৰা-ছোৱালীৰ ক্ৰিমিৰ উপদ্ৰৱত ইয়াৰ ব্যৱহাৰ কৰিলে উত্তম ফল পোৱা যায়। জ্বৰ, বমি, পেটফুলা, পেটকামোৰা আৰু ক্ৰিমিৰ বাবে মূৰ্চ্চা গ’লে আনাৰসৰ পাতৰ ৰস ব্যৱহাৰ কৰিব লাগে। দিনে ৩ বাৰকৈ প্ৰতিবাৰত এক তোলাকৈ ক্ৰিমিৰ প্ৰতিৰোধক হিচাপে ল’ৰা-ছোৱালীক খুৱাব লাগে। জ্বৰ আৰু পেটফুলাত পাত থেতেলাই পেটত ভৰণ দিলে সুফল পোৱা হয়। ভাল অৱস্থাটো ল’ৰা-ছোৱালীক মাজে মাজে পাতৰ ৰস দুই এচামুচ খুৱাই থকা ভাল।

লিখক: ধৰ্মকান্ত শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 5/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate