অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আনাৰসৰ ঔষধি গুণ

আমাৰ পৰিচিত সচৰাচৰ খাই থকা সুস্বাদু ফল আনাৰস প্ৰায় সকলোৰে ঘৰতে আছে। এই সু-স্বাদু ফলবিধৰ যে ঔষধি গুণ আছে তাক জানি থওঁক। আনাৰস মানুহে বহু যত্ন কৰি ৰোৱে। আনকি ব্যৱসায়িক ভিত্তিতো ইয়াক বাগান পাতি ৰোৱা হয়। আনাৰস সাধাৰণতে দুবিধ। এবিধ দেশী আৰু আনবিধ বিলাতী। দেশী আনাৰস আকাৰত সৰু হয় আৰু মিঠা কম হয়। বিলাতী আনাৰস আকাৰত ডাঙৰ আৰু খাবলৈ বেছি সু-স্বাদু। উভয় প্ৰকাৰ আনাৰসেই উপকাৰী। দৰৱৰ কাৰণে দেশী আনাৰস বেছি ভাল।

বিভিন্ন ৰোগত আনাৰসৰ উপকাৰিতা

ঠাই বিশেষে আনাৰসক মাটি কঁঠালও বোলে। কোনো কোনোৱে ইয়াক সফৰি কঁঠালো বোলে। ঔষধৰ কাৰণে প্ৰধানত: ইয়াৰ পাতৰ ব্যৱহাৰ কৰা হয়। পাতৰ কুমলীয়া গুৰি অংশ ঔষধৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাতৰ গুড়িৰ কুমলীয়া অংশ কাটি ৰস উলিয়াই এক তোলা বা দুই তোলা পৰিমাণলৈ ব্যৱহাৰ কৰিব পৰা যায়।

আনাৰসৰ ফলত মিঠা আৰু টেঙা ৰস পোৱা যায়। ই কৃমিনাশক, বলকাৰক, বাতনাশক, ৰুচিকাৰক, শ্লেষ্মাকাৰক, তৃপ্তিকাৰক, গুৰু আৰু পুষ্টিকাৰক। কেঁচা আনাৰসৰ ফলতকৈ পকা আনাৰসৰ ফলৰ ৰস বেছি উপকাৰী। ই আগ্নেয় আৰু স্নিগতা কাৰক। কুমলীয়া পাতৰ গুৰি অংশৰ ৰস বমি আৰু কৃমিনাশক। জ্বৰ উঠি বমি হ’লে আনাৰসৰ পাতৰ ৰস অতি উপকাৰী-

জ্বৰ, বমি, পেটফুলা, দাঁতৰ বিষ, কৃমিৰ পৰা হোৱা মুৰ্চ্ছা আদি উপদ্ৰৱতো আনাৰসৰ পাতৰ ৰস অতি উপকাৰী। দিনত তিনি বা চাৰিবাৰকৈ ইয়াৰ ৰস ব্যৱহাৰ কৰিলেও ভাল ফল পোৱা যায়। ল’ৰা-ছোৱালীৰ ভাল অৱস্থাতো মাজে মাজে আনাৰসৰ পাতৰ ৰস খুৱালে কৃমি কমি থাকে। পেট ফুলা, জ্বৰ আদিতো ইয়াৰ পাত থেতেলিয়াই ভৰণ দিলে ফল পোৱা যায়।

লেখিকা: সুমিত্ৰা গোস্বামী।

বিশেষ সংযোজন: ৰীতু গগৈ।

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate