মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / আফুগুটি: উপাদেয় ব্যঞ্জনৰ উপকৰণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আফুগুটি: উপাদেয় ব্যঞ্জনৰ উপকৰণ :

আফুগুটি: উপাদেয় ব্যঞ্জনৰ উপকৰণৰ বিষয়ে লিখা হৈছে ।

 

ৰাগীয়াল সামগ্ৰী আফিং, ভাং আদি এসময়ত অসমীয়াই সেৱন কৰিছিল গুণে কানীয়া, ভঙুৰা আদি অভিধা লাভ কৰিছিল। চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এইবোৰৰ ব্যৱহাৰ নিষিদ্ধ কৰাত সাম্প্ৰতিক কালত এই সামগ্ৰীবোৰৰ প্ৰচলন বাৰুকৈয়ে হ্ৰাস পাইছে। আফুগছৰ আঠাৰ পৰা আফিং প্ৰস্তুত কৰা হয়।

আফিঙৰ আন নাম কানি। একেদৰে ভাং গছৰ পাতৰ পৰা প্ৰস্তুত কৰা নিচাকাৰক সামগ্ৰীয়েই হ’ল ভাং। যিকোনো কাৰণত আজিকালি ভাং সেৱন কৰা লোকৰ সংখ্যা হ্ৰাস পাইছে। শিৱ দেৱতা ভঙুৰা বুলি লোক বিশ্বাস প্ৰচলিত আছে। সেয়ে শিৱৰাত্ৰিত কেতবোৰ লোকে ভাং সেৱন কৰে। আফু গছৰ আপঁইতা বীজাত মৰফিন নামৰ উপক্ষাৰ থাকে।

এই পদাৰ্থ বিষনাশক। অথচ ই নিচাযুক্ত। কিন্তু এই বীজ পৈণত হ’লে তাত নিচেই সামান্য পৰিমাণেহে এইবিধ সামগ্ৰী মজুত থাকে বাবে ইয়াক খালে নিচা নহয়। সেইবাবে ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰিলে কোনো ধৰণৰ অসুবিধা নহয়। বৰঞ্চ এই সামগ্ৰী স্বাস্থ্যৰ বাবে উপযোগী বুলিহে প্ৰমাণ পোৱা গৈছে। বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰোতে, বিশেষকৈ মাছ-মাংসৰ আঞ্জা প্ৰস্তুত কৰিবলৈ বহুতো লোকে আফু গুটি ব্যৱহাৰ কৰে।

এশ গ্ৰাম আফুগুটিত থকা বিভিন্ন উপাদানবোৰ হ’ল -

*শক্তি- ৫২৫ কিলো কেল’ৰি,

*কাৰ্বোহাইড্ৰেট- ২৮ গ্ৰাম,

*প্ৰোটিন- ১৮ গ্ৰাম,

*চৰ্বি- ৪২ গ্ৰাম,

*আঁহ- ২০ গ্ৰাম,

*ছ’ডিয়াম- ২৬ মিলিগ্ৰাম,

*পটাছিয়াম- ৭ মিলিগ্ৰাম,

*কেলচিয়াম- ১৪ মিলিগ্ৰাম,

*লো- ১০০ মিলিগ্ৰাম,

*দস্তা- ৮ মিলিগ্ৰাম,

*ছেলেনিয়াম- ১৩.৫ গ্ৰাম।

স্বাস্থ্যৰক্ষাৰ বেলিকা আফু গুটিৰ উপকাৰিতা -

তৃষ্ণা নিবাৰণ কৰিবলৈ আফুগুটি ব্যৱহাৰ কৰা হয়। এই সামগ্ৰী খাদ্য হিচাপে গ্ৰহণ কৰিলে কোষ্ঠকাঠিন্য, বিষ-বেদনা ৰোধ হোৱাৰ উপৰিও পেটৰ অসুখো নিৰাময় হয়। যদিহে আফুগুটি খাদ্য হিচাপে গ্ৰহণ কৰা হয়, সুস্বাস্থ্য সুৰক্ষিত কৰিবলৈ সামান্য পৰিমাণে আৱশ্যক হোৱা মৌল যেনে- আয়’ডিন, মেংগানিজ, দস্তা, তাম, মেগনেছিয়াম আদি সহজে লাভ কৰিব পাৰি।

কেতবোৰ বেমাৰ নিৰাময়ৰ ক্ষেত্ৰত আফুগুটিৰ পৰা আহৰণ কৰা তেল উপকাৰী। যি তেলত যোজ্য অসংপৃক্ত স্নেহ অম্ল থাকে। আয়ুৰ্বেদ চিকিৎসা অনুসৰি আফুগছৰ বীজবোৰ গুড়ি কৰি গাখীৰেৰে সানি লুথুৰী কৰা যাক ছালত সানিলে ছালৰ আৰ্দ্ৰতা ৰক্ষা পৰে।

বেচু জাতীয় চৰ্ম ৰোগ নিৰাময় কৰিবলৈ আফুগছৰ বীজেৰে প্ৰস্তুত কৰা লুথুৰী প্ৰয়োগ কৰি সুফল পোৱা যায়। এই লুথুৰীত লিন’লেনিক অম্ল প্ৰচুৰ পৰিমাণে থাকে বাবে ইয়াক প্ৰয়োগ কৰি পোৰা ঘাৰ চেকচেকনি তথা খজুৱতিৰ তীব্ৰতা লাঘৱ কৰিব পাৰি। কলিজাৰ বিকাৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো আফুগুটি অনন্য ফলদায়ক।

লিন’লেনিক অম্ল ‘ওমেলা ৩ স্নেহ অম্ল’ৰে ভৰপূৰ।  এই সামগ্ৰী ভক্ষ্য আঁহেৰে পৰিপূৰ্ণ হোৱা হেতুকে পানী শোষণ কৰি খাদ্যৰ আয়তন বৃদ্ধি কৰে। পৰিণতিত ভুৰি ভোজনত বাধা পৰে। তাৰোপৰি এই আঁহে শৌচৰ পৰিমাণ বৃদ্ধি কৰে বাবে শৌচ খোলোচা হয়।

আফুগুটিত থকা ভক্ষ্য আঁহবোৰে পিত্ত লৱণৰ লগত যুক্ত হৈ পৰাৰ ফলত মলাশয়ত ইয়াৰ পুনঃ শোষণ হ্ৰাস কৰাত সহায় কৰে।

এই সামগ্ৰী খাদ্যপ্ৰাণ ‘বি’ৰ অতি উত্তম উৎস হোৱা হেতুকে থায়মিন, পেন্টথেনিক অম্ল, পাইৰিডক্সিন, ৰাইব’ফ্লেভিন, নিয়াচিদ ফলিক অম্ল আদি ‘বি’ ভিটামিনবোৰ দেহৰ বিপাক ক্ৰিয়া সঠিক ধৰণে সম্পাদন কৰে। আফুগুটি বিভিন্ন খনিজ দ্ৰব্য যেনে- লো, তাম, কেলছিয়াম, পটাছিয়াম, মেংগানিজ, দস্তা, মেগনেছিয়াম আদিৰে সুসমৃদ্ধ হোৱা হেতুকে এইবোৰ লোহিত ৰক্ত কণিকা গঠনত সহায় কৰে।

তদুপৰি উৎসেচক কাৰ্য নিয়ন্ত্ৰণ, শুক্ৰাণু উৎপাদন, খাদ্যৰ পৰিপাক সম্পাদন, নিউক্লীয় অম্লৰ সংশ্লেষণ আদি নিয়মীয়া কৰাৰ উপৰিও দেহসৰ নিয়ন্ত্ৰণ কৰাৰ জৰিয়তে দেহৰস নিয়ন্ত্ৰণ কৰাৰ জৰিয়তে হৃদস্পন্দন তথা নিয়ন্ত্ৰণত ৰখাতো সহায় কৰে।

আফুগছৰ বীজত কেতবোৰ উপক্ষাৰ যেনে- মৰফিন, থিবেইন, কোডেইন, পেপাভাৰেইন প্ৰচুৰ পৰিমাণে থাকে অথচ বীজবোৰ শুকালে এই উপক্ষাৰবোৰো শুকাই গৈ পৰিমাণ নিচেই সামান্য হৈ পৰে।

এনে শুকান বীজ খাদ্য হিচাপে গ্ৰহণ কৰিলে উপক্ষাৰবোৰ মানুহৰ স্নায়ুতন্ত্ৰত ন্যূনতম প্ৰভাৱ বিস্তাৰ কৰে। আনহাতে এই ৰাসায়নিকবোৰে শৰীৰৰ লগতে স্নায়ুতন্ত্ৰই বিশ্ৰাম লোৱাত সহায় কৰে।

শৰীৰত উপক্ষাৰৰ পৰিমাণ কম হ’লে কেতবোৰ বিষয়ত সহায়ক হয়। বিশেষকৈ নিদ্ৰাহীনতাত ভোগা লোকসকলে বিশেষ সুবিধা লাভ কৰে। শুকান আফুগুটি খাদ্য হিচাপে গ্ৰহণ কৰিলে স্নায়ুপেশীবোৰৰ বিষ-বেদনাৰ উপশম ঘটে আৰু শৰীৰৰ গুৰুত্বপূৰ্ণ অংগবোৰে ঠিকমতে কাৰ্য সম্পাদন কৰিব পাৰে।

আফুগছৰ বীজত প্ৰচুৰ পৰিমাণে ছেলেনিয়াম থাকে। এই পৰিমাণ এশ গ্ৰামত ১৩.৫ গ্ৰাম। এইবিধ মৌলই তেজ তথা দেহৰসত মুক্তমূলকৰ গঠন হ্ৰাস কৰে। পৰীক্ষা কৰি প্ৰমাণ পোৱা মতে এই মুক্তমূলকবোৰেই দেহৰ নানা বেমাৰৰ মূল কাৰক।

দেহৰ হাড় তথা মাংসপেশীসবল কৰাত বীজ পৰ্যাপ্ত পৰিমাণে খাদ্য হিচাপে গ্ৰহণ কৰিলে স্নায়ু প্ৰেৰকৰ কাম নিয়ন্ত্ৰণ কৰাত সহজ হয়। ফলত মগজুৰ কাৰ্যদক্ষতা বৃদ্ধি পায়। স্নায়ুকোষবোৰৰ সাধাৰণ বৃদ্ধি তথা বিকাশ স্বাভাৱিক কৰি ৰখাত আফু গুটিৰ ভূমিকা অপৰিসীম।

লেখক: আনন্দ দেৱ গোস্বামী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top