মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / আমলখি খাওক, যৌৱনাৱস্থা অটুট ৰাখক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমলখি খাওক, যৌৱনাৱস্থা অটুট ৰাখক

আমলখি খাওক, যৌৱনাৱস্থা অটুট ৰাখক

মৰ্ত্যৰ অমৃত স্বৰূপ আমলখি বিভিন্ন ঔষধি গুনেৰে ভৰপূৰ। আয়ুৰ্বেদ শাস্ত্রত উল্লেখ থকা ‘ৰসায়ন ঔষধি ‘সমূহৰ ভিতৰত আমলখি অন্যতম। ৰসায়ন ঔষধি সমূহৰ কাম হৈছে শৰীৰৰ ‘যৌৱন অৱস্থা'(anti aging) অটুট ৰখাটো। আমলখিত বিভিন্ন প্ৰকাৰৰ এন্টি অক্সিডেন্ট থাকে যিয়ে ৰসায়নৰ(Rejuvenation) কাম কৰে। আয়ুৰ্বেদিক শাস্ত্ৰীয় ঔষধ ‘ত্ৰিফলা’ আৰু ‘চ্যবনপ্ৰাশ’ৰ ই অন্যতম মুখ্য উপকৰণ। এই দুয়োবিধ ৰসায়ন ঔষধিৰ গুণাগুণ সকলোৱে জানে। আমলখিয়ে শৰীৰৰ ত্ৰিদোষ সাম্য অৱস্থাত ৰাখি সুস্বাস্থ্য অটুট ৰখাত সহায় কৰে। ইয়াৰ উপৰিও শৰীৰৰ সপ্ত ধাতুৰ পৰিপুষ্টি কৰে, অগ্নি (digestive enzymes) সাম্য অৱস্থাত ৰাখে আৰু শৰীৰৰ শোধন(body detoxification) কৰে , ছাল চুলিৰ সৌন্দৰ্য্য বৰ্ধন কৰে আৰু বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰে। আমলখিত থকা ঔষধি গুণৰ বাবেই ইয়াক বিভিন্ন আয়ুৰ্বেদিক ঔষধৰ উপাদান হিচাবে ব্যৱহাৰ কৰা হয়। তলত ইয়াৰ কিছুমান উপকাৰীতা থুলমূলকৈ দিছো।

১)প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু অন্যান্য এন্টি অক্সিডেন্ট থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বাৰ্ধক্য অহাত বাধা দিয়ে(anti aging)।

২)ডায়েবেটিছ ৰোগীৰ বাবে উত্তম মহৌষধ কাৰণ ই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে। নিতৌ আমলখিৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়।

৩)এচিডিটি বা গেছৰ সমস্যাত আমলখিৰ ৰস দুই চামুচ আৰু অকণমান মৌ একেলগে মিহলাই খালে সুফল পোৱা যায়।

৪)দাঁত, ছাল ,চুলিৰ সুস্বাস্থ্যৰ বাবে আমলখি খুব উপকাৰী।কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু কেলচিয়াম থাকে। কেচা আমলখি চোৱাই খাওক মাজে মাজে।

৫)অকালপক্কতা(premature greying), উফি, চুলি সৰা আদি সমস্যাত আমলখি খুবেই উপকাৰী।

ক)কেচা আমলখি খুন্দি তাৰ ৰস চুলিৰ গুৰিত সানি আধা ঘণ্টা বা এঘণ্টা সানি থওক। তাৰ পিছত ধুই পেলাওক।

খ)কেঁচা আমলখিৰ ৰস আৰু নাৰিকল তেল উতলাই ঠাণ্ডা কৰি চুলিৰ গুৰিত মালিচ কৰি এঘণ্টাৰ পিছত ধুই দিয়ক।

৬)কৌষ্ঠ কাঠিন্যত(constipation) এচামুছ শুকান আমলখিৰ গুৰি গৰম পানীত মিহলাই ৰাতি শোৱাৰ সময়ত খাওক। সুফল পাব।

৭)ওজন কমাবলৈ ইচ্ছা কৰা সকলে নিতৌ আমলখিৰ ৰস খাওক। সোৱাদৰ বাবে অলপ মৌ বা ডালচিনিৰ গুৰি দিব পাৰে। আমলখিত থকা ফাইবাৰে শৰীৰৰ শোধন কৰে( detox) যাৰ বাবে বিপাকজনীত সমস্যাৰ বাবে হোৱা মেদবহুলতাৰ হ্ৰাস হয়। ডায়েটত থকা সকলে বিভিন্ন প্ৰকাৰৰ দিটক্স ড্ৰিংক লয়। আমলখিৰ ৰস এটা উৎকৃষ্ট দিটক্স ড্ৰিংক।

৮)লিভাৰৰ সুৰক্ষা আৰু লিভাৰ জনীত বিভিন্ন ৰোগত আমলখি উপকাৰী। ই লিভাৰৰ পৰা বিভিন্ন প্ৰকাৰৰ অলাগতিয়াল বৰ্জিত পদাৰ্থ(toxins) উলিয়াই লিভাৰৰ শোধন কৰি ইয়াক কাৰ্যক্ষম কৰি তোলে। আমলখি কেচাই চোৱাই খালে সুফল পোৱা যায়।

৯)উচ্চ ৰক্তচাপত আমলখিৰ ৰস আৰু অকনমান মৌ দৈনিক সেৱন কৰিলে সুফল পোৱা যায়। আমলখিৰ লগত গুড় সেৱন হৃদযন্ত্রৰ বহু ৰোগৰ বাবে উপকাৰী।

১০)কেঞ্চাৰ, আৰ্থ্ৰাইটিছ, চকুৰ বিভিন্ন ৰোগ,বিভিন্ন প্ৰকাৰৰ স্নায়ু জনিত ৰোগত আমলখি উপকাৰী।
ইমানবোৰ গুনেৰে বিভূষিত আমলখি আমি যিকোনো প্ৰকাৰেৰে সেৱন কৰা উচিত। কেঁচাই খাই বেয়া পোৱা সকলে চাটনি, চালাড, ৰাইতা আদিত দিও খাব পাৰে। আমলখি শুকুৱাই গুৰি কৰি থৈ বটলত ভৰাই বহুত দিন সংৰক্ষণ কৰি থব পাৰি। আমলখি নিমখৰ লগত সিজাই শুকুৱাই খোৱা পৰম্পৰা আমাৰ সমাজত এতিয়াও আছে। যিসকলে নিজৰ যৌৱন অটুট ৰাখিব খোজে, নিতৌ দুটা বা তিনিটা আমলখি খাওঁক।

লেখিকা: ডাঃ ৰেইনী দেৱী (আয়ুৰ্বেদিক চিকিৎসক)

ফোন নং 7399114617

 

2.92857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top