মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / আমলখিৰ বিশেষ গুণাগুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমলখিৰ বিশেষ গুণাগুণ

আমলখিৰ ঔষধি গুণাগুণৰ বিষয়ে আলোচনা

'Indian gooseberry'...যাৰ এটা ফলতে ৪টা নেমুৰ সমান পোষক গুণাগুণ আৰু ৩০টা কমলাৰ সমান ভিটামিন C পোৱা যায়,সেই আমলখি ধনবানৰ লগতে দৰিদ্ৰৰ ঘৰতো সহজতে উপলব্ধ তথা ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে প্ৰিয় আৰু পুষ্টিকৰ এবিধ ফল । সাধাৰণতে শীতকালত হোৱা সৰু আকাৰৰ আমলখি বহু ঔষধি গুণাগুণেৰে সমৃদ্ধ । ই আয়ুবৰ্ধক,বুদ্ধিবৰ্ধক,বলবৰ্ধক আৰু ৰোগনাশক হোৱাৰ বাবে ইয়াক মানুহৰ কাৰণে প্ৰকৃতিৰ এক বৰদান বুলি কোৱা হয় । উল্লেখযোগ্য যে আমলখি হ'ল একমাত্ৰ ফল যাক যিকোনো ৰুপত খালেও ইয়াৰ গুণসমূহ কমি নাযায় । সেয়ে ইয়াক অমৃতফল বুলিও জনা যায় । এক ধৰ্মীয় বিশ্বাস অনুসৰি যি ব্যক্তিয়ে আমলখিৰ বৃক্ষ ৰোপণ কৰে,তেওঁ ৰাজসুয় যজ্ঞৰ সমান ফল লাভ বা পুণ্য অৰ্জন কৰে ।
শৰীৰৰ পাচনতন্ত্ৰৰ প্ৰতিৰক্ষক আমলখি বিভিন্ন আয়ুৰ্ৱেদিক ঔষধ, ত্ৰিফলা চূৰ্ণ,বিবিধ তেল,আচাৰ আদি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
আমলখিৰ বিশেষ গুণাগুণ তথা প্ৰয়োগ :

(১) আমলখিয়ে এটা কণীৰ সমান বল প্ৰদান কৰে । এই ফলত ভগা হাড় যোৰা লগাব পৰা বিশেষ গুণাগুণ থাকে । ই মস্তিষ্কৰ শ্ৰীবৃদ্ধিৰ বাবেও উপযোগী ।
(২) আমলখিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে । ই লিভাৰৰ ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ বাবেও এক বিশেষ সুপথ্য ।
(৩) যিসকল ব্যক্তিৰ নাকৰ পৰা তেজ ওলাই আহে, তেওঁলোকে শুকান আমলখি কিছু সময় পানীত তিয়াই থৈ সেই পানীৰে মূৰ ধোৱা উচিত । লগতে আমলখিৰ মোৰাব্বা খোৱাৰ উপৰিও আমলখিৰ ৰস নাকত লগাব লাগে ।
(৪) আমলখিৰ ৰস মৌজোলৰ সৈতে সেৱন কৰাটো মধুমেহ ৰোগত লাভজনক । তদুপৰি আমলখিৰ ৰস সেৱন কৰিলে চকুৰ জেউতি বাঢ়ে ।
(৫) দেহজ ফল আমলখিৰ নিৰন্তৰ প্ৰয়োগৰ দ্বাৰা চুলি পকা,চুলি সৰা,চুলিত উফি হোৱা ইত্যাদি ৰোগ প্ৰতিহত কৰিব পাৰি ।
(৬) আমলখিৰ চূৰ্ণ এৰাতি পানীত তিয়াই পুৱা সেৱন কৰিলে পেট পৰিষ্কাৰ হয় । ইয়াৰ দ্বাৰা পাচন শক্তি বাঢ়ে । তদুপৰি ১-২ টা আমলখিৰ সজীৱ ৰস সমান মাত্রাত পাঁচ দিনলৈকে পুৱা সেৱন কৰিব পাৰিলে পেটৰ কৃমি নাশ হয় ।
(৭) যদি আপুনি স্বাস্থ্যবান হৈ থাকিব বিচাৰে, তেন্তে নিতৌ সজীৱ আমলখিৰ ৰসৰ লগত মৌজোল সেৱন কৰক । লগতে ইয়াৰ ওপৰে ওপৰে এগিলাচ গাখীৰ সেৱন কৰিব লাগে । ইয়াৰ দ্বাৰা দিনজুৰি প্ৰসন্নতাৰ অনুভৱ হৈ থাকে । শৰীৰত নতুন শক্তি তথা চেতনাৰ সঞ্চাৰ হয় ।

3.06329113924
নিৰঞ্জন Aug 30, 2016 12:25 PM

ভাল পৰাপৰ্শ

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top